অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav

উড়ানৰ পৰৱৰ্তী পৰ্যায় – বিকশিত উড়ানৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 04 JUL 2026 3:57PM by PIB Guwahati

ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডত এক বৃহৎ উত্থানৰ পথ মুকলি কৰি  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উড়ান (উডে দেশ কা আম নাগৰিক)ৰ পৰৱৰ্তী পৰ্যায়ৰ শুভাৰম্ভ কৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং (এন টি বি) উদ্বোধন কৰি আঞ্চলিক বিমান সংযোগ সম্প্ৰসাৰণ আৰু বিশ্বমানৰ বিমান আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

অনুষ্ঠানত উপস্থিত থাকে ৰাজস্থানৰ ৰাজ্যপাল শ্ৰীযুত হৰিভাউ কিষাণৰাও বাগড়ে; ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা; কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু; কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত; কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মোহল আৰু অন্যান্য বিশিষ্ট ব্যক্তি।

২০১৬ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা উড়ান আঁচনিখনে ৬৬৯টা পথ কাৰ্যক্ষম কৰি আঞ্চলিক সংযোগৰ ৰূপান্তৰ ঘটাইছে আৰু ৯৫টা বিমানবন্দৰ, হেলিপৰ্ট তথা  জল বিমানবন্দৰ সংযোগ কৰি ১.৬৬ কোটিতকৈ অধিক যাত্ৰীক উপকৃত কৰিছে। এই সফলতাৰ ওপৰত নিৰ্ভৰ কৰি মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ২০২৬ চনৰ ২৫ মাৰ্চত বিমান পৰিবহণ নেতৃত্বাধীন উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ অৰ্থে  অহা দহ বছৰত প্ৰায় ২৯,০০০ কোটি টকা ব্যয়ৰে পৰিৱৰ্তিত উড়ান আঁচনিখনত অনুমোদন জনায়।

সংশোধিত উড়ান  আঁচনিখনে ১২,১৫৯ কোটি টকাৰ বিনিয়োগেৰে বৰ্তমানৰ সেৱাহীন বিমানপথৰ লগতে  ১০০টা বিমানবন্দৰ উন্নয়নৰ জৰিয়তে আঞ্চলিক বিমান আন্তঃগাঁথনি সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰি  আঞ্চলিক বিমানবন্দৰৰ বাবে অপাৰেচন তথা মেইণ্টেনেন্স সহায়ৰ অৰ্থে ২,৫৭৭ কোটি টকা প্ৰদান কৰিছে, ৩,৬৬১ কোটি টকাৰ বিনিয়োগেৰে ২০০ টা আধুনিক হেলিপেড প্ৰস্তুত কৰা আৰু আঞ্চলিক বিমান সংস্থাৰ কাৰ্য্যকলাপ বজাই ৰাখিবলৈ ১০,০৪৩ কোটি টকাৰ ভিয়েবিলিটি গেপ ফাণ্ডিং অব্যাহত ৰখা হৈছে । আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আৰু অধিক শক্তিশালী কৰি এই আঁচনিখনে এইচ এ এল ধ্ৰুৱ আৰু ডৰ্নিয়ৰ প্লেটফৰ্মকে ধৰি থলুৱা বিমান আৰু হেলিকপ্টাৰক অনগ্ৰসৰ তথা  দুৰ্গম অঞ্চলত কাৰ্য্য পৰিচালনা প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰিছে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুয়ে এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  ভাষণ আগবঢ়াই কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত প্ৰায় ২৯,০০০ কোটি টকাৰ ঐতিহাসিক ব্যয়ৰে সংশোধিত উড়ান আঁচনিৰ আৰম্ভণি কৰাটো ভাৰতৰ বিমান যাত্ৰাৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। ২০১৬ চনৰ পৰা প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী  'হাৱাই চপ্পল ছে হাৱাই জাহাজ'ক ই বাস্তৱায়িত কৰিছে।  প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ আৰু আকাংক্ষিত উৰণৰ সুবিধা প্ৰদান  কৰি ইয়াক এক  ৰাষ্ট্ৰীয় আন্দোলনত পৰিণত কৰিছে। উড়ান আঁচনি কেৱল ভাৰতৰ  ছাত্ৰ-ছাত্ৰী, শিল্পী আৰু ব্যৱসায়ীসকলৰ উদযাপন নহয়, ই বিকাশৰ  নতুন সুযোগৰ সৃষ্টি কৰিছে । পৰ্যটন, নিয়োগ আৰু সামাজিক অন্তৰ্ভুক্তিৰ বাবে ২০৪৭ চনত উড়ানৰ পৰৱৰ্তী পৰ্যায়ে সমাজৰ শেষ মাইললৈকে  সংযোগ স্থাপনকে ধৰি  এই সংযোগক অধিক শক্তিশালী কৰিব তথা দেশৰ প্ৰতিটো কোণতে ‘সবকী উড়ান, সবকা বিকাশ’ৰ দৃষ্টিভংগী বাস্তৱত পৰিণত কৰাটো  নিশ্চিত কৰিব।’

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি   প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনো  উদ্বোধন কৰে, যিটো ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই ৪৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছে। নতুন টাৰ্মিনেল ভৱনটোৱে যোধপুৰ—ৰাজস্থানৰ বিখ্যাত "নীলা চহৰ" আৰু থৰ মৰুভূমিৰ প্ৰৱেশদ্বাৰৰ বাবে সংযোগ শক্তিশালী কৰিব, লগতে অঞ্চলটোৰ ক্ৰমবৰ্ধমান পৰ্যটন, বাণিজ্য আৰু অৰ্থনৈতিক সম্ভাৱনাক অধিক আগুৱাই নিব।

২৩,৩৪২ বৰ্গমিটাৰত বিস্তৃত এই টাৰ্মিনেলটো  ভিৰৰ সময়ত ১৫০০ যাত্ৰী আৰু বছৰি ২০ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াত ২০টা চেক-ইন কাউণ্টাৰ, উন্নত নিৰাপত্তা স্ক্ৰীনিং চিষ্টেম, আধুনিক বেগেজ হেণ্ডলিং সুবিধা আৰু ছটা এৰ’ব্ৰিজৰ সুবিধা আছে, যাৰ ফলত যাত্ৰীসকলে ভ্ৰমণৰ সুন্দৰ  অভিজ্ঞতা লাভ কৰিব । নতুনকৈ নিৰ্মাণ কৰা এই এপ্ৰ’নত ১১খন এ-৩২১ বিমান আৰু এখন এটিআৰ-৭২ বিমান ৰখাব পৰা যাব, আনহাতে ইয়াত প্ৰায় ৩২০খন গাড়ীৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। নতুন টাৰ্মিনেল ভৱনৰ উদ্বোধন সন্দৰ্ভত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপুয়ে কয়, "মাৰৱাৰৰ চহকী সাংস্কৃতিক আৰু স্থাপত্য ঐতিহ্যক সুন্দৰভাৱে প্ৰতিফলিত কৰা এই সুন্দৰ নতুন টাৰ্মিনেলৰ বাবে যোধপুৰ আৰু সমগ্ৰ পশ্চিম ৰাজস্থান অঞ্চলৰ জনসাধাৰণক অভিনন্দন জনাইছো। ইয়াৰ ৰাজকীয় ৰাজস্থানী মুখাৱয়বৰ পৰা আৰম্ভ কৰি অঞ্চলটোৰ সজীৱতাৰ পৰা অনুপ্ৰাণিত সমলসমূহ ইয়াত আছে।" এই টাৰ্মিনেলটোৱে প্ৰতিজন যাত্ৰীক, বিশেষকৈ সমগ্ৰ বিশ্বৰ পৰা অহা দৰ্শনাৰ্থীক ৰাজস্থানৰ উষ্ণতা আৰু ‘পাধাৰো হাৰে দেশ’ ('Padharo Mhare Desh' )ৰ মনোভাৱৰ অভিজ্ঞতা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত আমি এনে বিমানবন্দৰ নিৰ্মাণ কৰিছো,  যিয়ে ভাৰতৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে বিশ্বমানৰ আন্তঃগাঁথনিক নিৰৱচ্ছিন্নভাৱে সংযুক্ত কৰিছে।  বাৰ্ষিক প্ৰায় ৪ লাখ যাত্ৰীৰ ক্ষমতা থকা বৰ্তমানৰ টাৰ্মিনেলটোৱে  যাতায়তৰ  বিকাশত সহায় কৰিব। । নতুন ভৱনটোত  ভৱিষ্যতৰ চাহিদা পূৰণ কৰাৰ লগতে শক্তি-দক্ষ ব্যৱস্থা, পানী সংৰক্ষণ ব্যৱস্থা আৰু ৫ তাৰকা গ্ৰীহা ৰেটিং লাভ কৰাৰ লক্ষ্যৰে সেউজ নিৰ্মাণ পদ্ধতিৰ দৰে বহনক্ষম বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰে। ৰাজস্থানৰ ৰাজকীয় ঐতিহ্যৰ পৰা স্থাপত্যৰ দ্বাৰা অনুপ্ৰাণিত এই টাৰ্মিনেলত তোৰণ আৰু ঝাৰোখাৰ দৰে পৰম্পৰাগত উপাদানসমূহ সমসাময়িক ডিজাইনৰ সৈতে সম্পৃক্ত  কৰা হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মোহলে কয়, "যোধপুৰ বিমানবন্দৰত সুন্দৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ বাবে ৰাজস্থানৰ জনসাধাৰণক অভিনন্দন জনাইছো। এই টাৰ্মিনেলটোৱে মাৰৱাৰৰ চহকী সাংস্কৃতিক ঐতিহ্যক সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু দৰ্শনাৰ্থীসকলক ৰাজস্থানৰ ঐতিহ্যৰ স্মৰণীয়  আভাস প্ৰদান কৰিব। লগতে, প্ৰধানমন্ত্ৰীৰ দ্বাৰা আন এটা দশকৰ বাবে উড়ানৰ  সম্প্ৰসাৰণো সম্ভৱ হৈছে।" যোধপুৰ মডিফাইড উড়ান  আঁচনিখনে প্ৰতিটো অঞ্চলকে ভাৰতৰ বিকাশৰ কাহিনীৰ সৈতে  একত্ৰিত কৰি দেশৰ বিমান পৰিবহণক আৰু অধিক শক্তিশালী কৰি তুলিব।

সংশোধিত উড়ান  আঁচনিৰ আৰম্ভণি আৰু যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিঙৰ উদ্বোধন ভাৰতৰ বিমান যাত্ৰাৰ আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই পদক্ষেপসমূহে চৰকাৰৰ এক সংহত, সুলভ আৰু ভৱিষ্যতৰ বাবে সাজু বিমান পৰিৱেশতন্ত্ৰ সৃষ্টিৰ দৃষ্টিভংগীক শক্তিশালী কৰিছে।  যিয়ে আঞ্চলিক সংযোগ বৃদ্ধি কৰিছে, বিমানবন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰিছে, পৰ্যটন আৰু বাণিজ্যক প্ৰসাৰিত কৰিছে আৰু সমগ্ৰ দেশতে সৰ্বাংগীন আৰ্থ-সামাজিক উন্নয়নক আগুৱাই লৈ গৈছে।

 

 

***

Divyanshu Kumar/DM


(रिलीज़ आईडी: 2281283) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Malayalam