প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পণ্ডৱানী কণ্ঠশিল্পী তীজান বাইজীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
05 JUL 2026 12:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত পণ্ডৱানী কণ্ঠশ্ল্পী তীজান বাইজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে তীজন বাইজীয়ে তেওঁৰ অসামান্য পৰিৱেশনৰ জৰিয়তে ছত্তীশগড়ৰ পণ্ডৱানী লোকশিল্পক বিশ্বজুৰি এক বিশেষ স্বীকৃতি প্ৰদান কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে :
পণ্ডৱানীৰ প্ৰখ্যাত কণ্ঠশিল্পী তীজন বাইজীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ অসামান্য পৰিৱেশনে ছত্তীশগড়ৰ লোকশিল্পক বিশ্বজুৰি এক বিশেষ স্বীকৃতি প্ৰদান কৰে। তেওঁৰ মৃত্যু শিল্প আৰু সংস্কৃতিৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুখৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি!
***
MJPS/SS/VJ/KD
(रिलीज़ आईडी: 2281280)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam