যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ট্ৰাই (TRAI)-এ পশ্চিম বংগ এল.এচ.এ. (LSA) ৰ অধীনত ছিকিম ৰাজ্যৰ গেংটক আৰু পাকিয়ং জিলাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ ৩১০ (NH 310) হৈ গেংটকৰ দেওৰালী বজাৰৰ পৰা নাথু লা পাচলৈকে ম’বাইল নেটৱৰ্কৰ মানদণ্ড মূল্যায়ন কৰিছে

प्रविष्टि तिथि: 03 JUL 2026 12:32PM by PIB Guwahati

ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ প্ৰাধিকৰণ (TRAI)-এ সাধাৰণ দূৰসংযোগ গ্ৰাহকসকলৰ অৱগতিৰ বাবে, পশ্চিম বংগ এল.এচ.এ. (LSA) ৰ অধীনত ছিকিম ৰাজ্যৰ গেংটক আৰু পাকিয়ং জিলাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ ৩১০ (NH 310) হৈ গেংটকৰ দেоৰালী বজাৰৰ পৰা নাথু লা পাচলৈকে ২০২৬ চনৰ মে’ মাহত চলোৱা স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (IDT)-ৰ ফলাফলসমূহ প্ৰকাশ কৰিছে। এই ড্ৰাইভ টেষ্টৰ উদ্দেশ্য হৈছে দূৰসংযোগ সেৱা প্ৰদানকাৰী (TSP) সমূহে আগবঢ়োৱা ম’বাইল নেটৱৰ্ক সেৱাৰ (ভইচ আৰু ডাটা দুয়োটাৰে) প্ৰকৃত সময়ৰ মানদণ্ড মূল্যায়ন আৰু সত্যতা নিৰূপণ কৰা। এই স্বতন্ত্ৰ ড্ৰাইভ টেষ্টৰ সময়ত, ট্ৰাই (TRAI)-এ সেৱাৰ মানদণ্ড (QoS) সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পেৰামিটাৰসমূহ যেনে—নেটৱৰ্ক ক’ভাৰেজ, কল ড্ৰপৰ হাৰ (CDR), কল ছেটআপ চাবমিচনৰ সফলতাৰ হাৰ (CSSR), ডাটা ডাউনলোড (DL) আৰু আপলোড (UL) থ্ৰুপুট আদিৰ ক্ষেত্ৰত দূৰসংযোগ সেৱা প্ৰদানকাৰীসমূহৰ কাৰ্যক্ষমতা লিপিবদ্ধ কৰে, যিবোৰ পৰৱৰ্তী সময়ত গ্ৰাহকসকলক অৱগত কৰিবলৈ আৰু দূৰসংযোগ সেৱা প্ৰদানকাৰীসমূহক তেওঁলোকৰ সেৱা উন্নত কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰকাশ কৰা হয়।

এই ড্ৰাইভ টেষ্ট (IDT) সমূহ বিভিন্ন ব্যৱহাৰিক পৰিৱেশ যেনে—চহৰ, হটস্পট, ৰাজহুৱা পৰিবহন কেন্দ্ৰ আদিৰ সকলো দূৰসংযোগ সেৱা প্ৰদানকাৰী (TSP)-ৰ ভূ-স্তৰৰ ম’বাইল নেটৱৰ্কৰ কাৰ্যক্ষমতা লিপিবদ্ধ কৰাকৈ প্ৰস্তুত কৰা হৈছে। এই প্ৰকাৰৰ ড্ৰাইভ টেষ্টিঙত, সকলো দূৰসংযোগ সেৱা প্ৰদানকাৰীৰ চিম কাৰ্ড (SIM cards) ব্যৱহাৰ কৰি ২জি (2G), ৩জি (3G), ৪জি (4G), আৰু ৫জি (5G) নেটৱৰ্কৰ জৰিয়তে সজীৱ ডাটা আৰু ভইচ চেশ্যন (live data and voice sessions) স্থাপন কৰা হয়। ইয়াত একাধিক অত্যাধুনিক পৰীক্ষামূলক হেণ্ডছেট ব্যৱহাৰ কৰা হয়, আৰু উন্নত ছফ্টৱেৰ চিষ্টেমৰ সহায়ত এই চেশ্যনসমূহ বাস্তৱ সময়ত (real-time) নিৰীক্ষণ তথা বিশ্লেষণ কৰা হয়।

ট্ৰাই (TRAI)-এ ইয়াৰ নিযুক্ত সংস্থাৰ জৰিয়তে, পশ্চিম বংগ এল.এচ.এ. (LSA) ৰ অধীনত ছিকিম ৰাজ্যত ২০২৬ চনৰ ৮ মে’ৰ পৰা ২০২৬ চনৰ ৯ মে’লৈকে চহৰাঞ্চলৰ পথত ১০২.৮ কিলোমিটাৰ, ঘাইপথত ৬৬.৫ কিলোমিটাৰ  আৰু ৫ টা হটস্পট স্থানত ড্ৰাইভ টেষ্ট চলাইছিল। ট্ৰাই (TRAI) ৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ তত্ত্বাৱধানত এই পৰীক্ষাসমূহ সম্পন্ন কৰা হৈছিল। ড্ৰাইভ টেষ্টৰ প্ৰতিবেদনত উল্লেখ কৰা পৰ্যবেক্ষণসমূহে কেৱল সেই নিৰ্দিষ্ট পৰীক্ষণৰ দিনা/সময়ত সংশ্লিষ্ট এলেকা বা পথত দূৰসংযোগ সেৱা প্ৰদানকাৰী (TSP) সমূহৰ কাৰ্যক্ষমতাহে প্ৰতিফলিত কৰে।

ড্ৰাইভ টেষ্ট ৰুট মেপ: তলত প্ৰদান কৰা মেপখনে মেপত দেখুওৱা সূচী অনুসৰি চহৰৰ ড্ৰাইভ, আন্তঃ-অপাৰেটৰ কলিং, হটস্পট আৰু ৱাক টেষ্টসমূহ প্ৰদৰ্শন কৰি ড্ৰাইভ টেষ্ট ৰুটসমূহৰ এক সামগ্ৰিক আভাস দাঙি ধৰিছে: -

মূল্যায়ন কৰা গুৰুত্বপূৰ্ণ পেৰামিটাৰসমূহ

  1. ক’ভাৰেজ গেপ: শতাংশৰ আধাৰত নমুনা, য’ত সংশ্লিষ্ট প্ৰযুক্তিৰ (2G/ 3G/ 4G/ 5G) বাবে নিৰ্ধাৰিত নূন্যতম সংকেত শক্তিতকৈ কম সংকেত শক্তি পোৱা গৈছে।
  2. ভইচ সেৱা: ক’ল ছেটআপ সফলতাৰ হাৰ (CSSR), ক’ল ড্ৰপৰ হাৰ (DCR), ক’ল ছেটআপৰ সময়, ক’ল ছাইলেঞ্চৰ হাৰ, কথা-বতৰাৰ মানদণ্ড (MOS)।
  3. ক’ল ছাইলেঞ্চৰ ঘটনা: ক’ল চলি থকাৰ সময়ত হোৱা ক’ল ছাইলেঞ্চৰ (কথাবাৰ্তা স্তব্ধ হোৱা) মুঠ সংখ্যা।
  4. ডাটা সেৱা: ডাউনলোড/আপলোড থ্ৰুপুট, লেটেন্সী (Latency), জিটাৰ (Jitter), পেকেট ড্ৰপৰ হাৰ।

গেংটক আৰু পাকিয়ং জিলাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ ৩১০ (NH 310) হৈ গেংটকৰ দেওৰালী বজাৰৰ পৰা নাথু লা পাচলৈকে মূল পেৰামিটাৰসমূহৰ ভিত্তিত সামগ্ৰিক ম’বাইল নেটৱৰ্কৰ কাৰ্যক্ষমতা তলত চমুকৈ দাঙি ধৰা হ’ল: -

ক) ক’ভাৰেজ গেপ - চহৰৰ ড্ৰাইভ টেষ্ট পথ আৰু ঘাইপথৰ ড্ৰাইভ টেষ্ট পথত অটো-চিলেকচন ম’ডত (5G/4G/3G/2G) ভইচ টেষ্টিঙৰ সময়ত পৰ্যবেক্ষণ কৰা সংকেত শক্তি (সংগ্ৰহ কৰা মুঠ নমুনাৰ ভিতৰত দুৰ্বল সংকেত শক্তি থকা নমুনাৰ সংখ্যা হিচাপে জুখিলে) চহৰৰ ড্ৰাইভ টেষ্টত আছিল এয়াৰটেলৰ বাবে ১৩৪৮/১৮৮৮৭, বিএছএনএলৰ বাবে ৬৩৮৮/১৬৩৩৩, আৰজেআইএল (Jio) ৰ বাবে ৪৭৬/১৮৭৯০ আৰু ভিআইএল (Vi) ৰ বাবে ৩৫০৪/১৮৬৫৩। আনহাতে, ঘাইপথৰ ড্ৰাইভ টেষ্টত এই সংখ্যা আছিল এয়াৰটেলৰ বাবে ৪৫৮৪/১৩০৮৯, বিএছএনএলৰ বাবে ৬০৮৭/১৪৭৯৭, আৰজেআইএলৰ বাবে ১৭১১/৮৮০২ আৰু ভিআইএলৰ বাবে ৩৫৯৭/৭৫৬৩। ক’ভাৰেজ গেপৰ সবিশেষ সংলগ্ন মেপত প্ৰদান কৰা হৈছে।

খ) ক’ল ড্ৰপ - সফলতাৰে স্থাপিত হোৱা মুঠ ক’লৰ ভিতৰত ক’ল ড্ৰপ হোৱা সংখ্যাৰ ভিত্তিত জুখিলে, চহৰৰ ড্ৰাইভ টেষ্টত ক’ল ড্ৰপৰ পৰিমাণ আছিল এয়াৰটেলৰ বাবে ০/১৩১, বিএছএনএলৰ বাবে ১৮/১১৭, আৰজেআইএল (Jio) ৰ বাবে ৩/১৩৪ আৰু ভিআইএল (Vi) ৰ বাবে ০/১৩০। আনহাতে, ঘাইপথৰ ড্ৰাইভ টেষ্টত এই সংখ্যা আছিল এয়াৰটেলৰ বাবে ৩/৬৬, বিএছএনএলৰ বাবে ১৪/৭২, আৰজেআইএলৰ বাবে ১১/৪৯ আৰু ভিআইএলৰ বাবে ৪/৩৬। ক’ল ড্ৰপ হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মেপত প্ৰদান কৰা হৈছে।

 

গ) ক’ল ছাইলেঞ্চৰ ঘটনা - সফলতাৰে স্থাপিত হোৱা মুঠ ক’লৰ ভিতৰত ৩ ছেকেণ্ডতকৈ অধিক সময় ধৰি হোৱা ক’ল ছাইলেঞ্চৰ (কথাবাৰ্তা স্তব্ধ হোৱা) মুঠ সংখ্যাৰ ভিত্তিত জুখিলে, চহৰৰ ড্ৰাইভ টেষ্টত ইয়াৰ পৰিমাণ আছিল এয়াৰটেলৰ বাবে ৮/১২৯, বিএছএনএলৰ বাবে ৫/১০৪, আৰজেআইএল (Jio) ৰ বাবে ৪/১২৫ আৰু ভিআইএল (Vi) ৰ বাবে ৭/১২২। আনহাতে, ঘাইপথৰ ড্ৰাইভ টেষ্টত এই সংখ্যা আছিল এয়াৰটেলৰ বাবে ৯/৪৮, বিএছএনএলৰ বাবে ৭/৬৩, আৰজেআইএলৰ বাবে ৫/৩৬ আৰু ভিআইএলৰ বাবে ৭/৩১। ক’ল ড্ৰপ হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মেপত প্ৰদান কৰা হৈছে।

 

ঘ) ডাটা ডাউনলোড আৰু আপলোড থ্ৰুপুট:

i) ডাটা ডাউনলোডৰ কাৰ্যক্ষমতা (সামগ্ৰিক): চহৰৰ ড্ৰাইভ টেষ্টত গড় ডাউনলোড স্পীড পৰ্যবেক্ষণ কৰা হৈছিল এয়াৰটেলৰ বাবে ৫০.৯৩ Mbps (5G/4G), বিএছএনএলৰ বাবে ১০.৮৮ Mbps (2G/4G), আৰজেআইএল (Jio) ৰ বাবে ৬৩.৮৯ Mbps (5G/4G) আৰু ভিআইএল (Vi) ৰ বাবে ২২.১২ Mbps (5G/4G/2G)। আনহাতে, ঘাইপথৰ ড্ৰাইভ টেষ্টত এই স্পীড আছিল এয়াৰটেলৰ বাবে ৪১.৬০ Mbps (5G/4G), বিএছএনএলৰ বাবে ৬.৬৮ Mbps (2G/4G), আৰজেআইএলৰ বাবে ৬০.২৬ Mbps (5G/4G) আৰু ভিআইএলৰ বাবে ১৩.৭৯ Mbps (5G/4G/2G)। ডাউনলোড থ্ৰুপুটৰ সবিশেষ সংলগ্ন মেপত প্ৰদান কৰা হৈছে।

ii) ডাটা আপলোডৰ কাৰ্যক্ষমতা (সামগ্ৰিক): চহৰৰ ড্ৰাইভ টেষ্টত গড় আপলোড স্পীড পৰ্যবেক্ষণ কৰা হৈছিল এয়াৰটেলৰ বাবে ১৩.২৯ Mbps (5G/4G), বিএছএনএলৰ বাবে ৪.১০ Mbps (2G/4G), আৰজেআইএল (Jio) ৰ বাবে ১৩.৮০ Mbps (5G/4G) আৰু ভিআইএল (Vi) ৰ বাবে ১০.৪৭ Mbps (5G/4G/2G)। আনহাতে, ঘাইপথৰ ড্ৰাইভ টেষ্টত এই স্পীড আছিল এয়াৰটেলৰ বাবে ৭.৫১ Mbps (5G/4G), বিএছএনএলৰ বাবে ৩.৩৪ Mbps (2G/4G), আৰজেআইএলৰ বাবে ৭.৫০ Mbps (5G/4G) আৰু ভিআইএলৰ বাবে ৪.৮৬ Mbps (5G/4G/2G)। আপলোড থ্ৰুপুটৰ সবিশেষ সংলগ্ন মেপত প্ৰদান কৰা হৈছে।

সংলগ্ন মেপত থকা ৰঙা ফুট (red dot) টোত ক্লিক কৰি ক’ল ড্ৰপ (Dropped Calls) আৰু ক’ল ছাইলেঞ্চ (Call Silence) ঘটা স্থানসমূহ চাব পাৰিব।

এই স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (IDT) ৰ সময়ত সামৰি লোৱা ড্ৰাইভ টেষ্ট পথ আৰু এলেকাৰ সবিশেষ তলত উল্লেখ কৰা হ’ল: -

ক) চহৰ (City) - চহৰৰ ড্ৰাইভ টেষ্টত সামৰি লোৱা এলেকাসমূহ হৈছে—গেংটক, ৰানীপুল, পাকিয়ং, ৰোৰাথাং, কুমৰেক, ৰংপো, মাজিটাৰ, চিংটাম আৰু মাংথাং আদি।

খ) ঘাইপথ (Highway) - ঘাইপথৰ ড্ৰাইভ টেষ্টত সামৰি লোৱা এলেকাসমূহ হৈছে—ৰাষ্ট্ৰীয় ঘাইপথ ৩১০ (NH 310) হৈ দেওৰালী বজাৰৰ পৰা নাথু লা পাচলৈকে, যিটো পথ গেংটক, তাথাংচেন, হনুমান টোক, ৰংয়েক, ছংমো হ্ৰদ (Tsomgo Lake) আৰু শ্বেৰাথাং আদিৰ মাজেৰে পাৰ হৈ গৈছে।

গ) হটস্পট (Hotspot) - স্থবিৰ গ্ৰাহকৰ অভিজ্ঞতা লিপিবদ্ধ কৰা হটস্পট স্থানসমূহ হৈছে:

  • (i) জিলা আদালত, ছুহিম কলনীৰ সমীপত, জিলা আদালত গেংটক, ছিকিম;
  • (ii) নাথু লা পাচ ভিউ পইণ্ট, কুপুপ, ছিকিম;
  • (iii) এছ.ডি.এম. কাৰ্যালয়, পাকিয়ং, পূব ছিকিম;
  • (iv) এছ.টি.এন.এম. হাস্পতাল, চোচাকগাং চিচেই, গেংটক, ছিকিম;
  • (v) ছংমো হ্ৰদ ভিউ পইণ্ট, জৱাহৰলাল নেহৰু ৰোড, ছিকিম।

এই স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (IDT) প্ৰতিবেদনৰ ফলাফলসমূহ সংশ্লিষ্ট দূৰসংযোগ সেৱা প্ৰদানকাৰী (TSP) সমূহৰ সৈতে অংশীদাৰ কৰা হৈছে, যাতে তেওঁলোকে নিজৰ ফালৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই ড্ৰাইভ টেষ্টৰ সবিশেষ প্ৰতিবেদন ট্ৰাই (TRAI)-ৰ ৱেবছাইট www.trai.gov.in-ত উপলব্ধ কৰা হৈছে। যিকোনো ধৰণৰ স্পষ্টীকৰণ বা অতিৰিক্ত তথ্যৰ বাবে adv.kolkata@trai.gov.in ইমেইল ঠিকনাত যোগাযোগ কৰিব পাৰে অথবা কলকাতা স্থিত ট্ৰাই (TRAI)-ৰ আঞ্চলিক কাৰ্যালয়ৰ সৈতে +91-33-22361401 দূৰভাষ নম্বৰত যোগাযোগ কৰিব পাৰে।

Click here to see Annexure

****

NJ/ARJ/RD


(रिलीज़ आईडी: 2281085) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Nepali , Bengali , Tamil