ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ইউ আই ডি এ আয়ে প্ৰদান কৰিলে আধাৰ এপৰ জৰিয়তে আধাৰত বিনামূলীয়া ইমেইল আপডেট কৰাৰ সুবিধা
প্ৰথম দুদিনত ২.৫ লাখতকৈও অধিক ই-মেইল আপডেট কৰাৰ তথ্য লাভ
प्रविष्टि तिथि:
03 JUL 2026 12:45PM by PIB Guwahati
জনসাধাৰণৰ সুবিধা ত্বৰান্বিত কৰাৰ অন্যতম পদক্ষেপ হিচাপে ভাৰতীয় অনন্য পৰিচয় প্ৰাধিকৰণে (ইউ আই ডি এ আই) এতিয়া জনসাধাৰণক আধাৰ এপৰ জৰিয়তে পোনপটীয়াকৈ আধাৰত তেওঁলোকৰ ইমেইল আই ডি সংলগ্ন কৰাৰ সুবিধা প্ৰদান কৰাৰ ফলত আধাৰ কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজনীয়তা আঁতৰ হৈছে।
এয়া কেৱল আধাৰ এপৰ জৰিয়তে উপলব্ধ এটা বিনামূলীয়া সেৱা। এই সেৱা ২০২৬ চনৰ ১ জুলাইৰ পৰা ছমাহৰ বাবে কাৰ্যকৰী হোৱাৰ ফলত বাসিন্দাসকলৰ বাবে তেওঁলোকৰ আধাৰৰ শেহতীয়া তথ্য উপলব্ধ কৰি ৰখাটো পূৰ্বতকৈ সহজ হৈ পৰিছে। শাৰীৰিকভাৱে উপস্থিত থকাৰ প্ৰয়োজনীয়তা আঁতৰাই এই পদক্ষেপটোৱে বিকশিত ভাৰতৰ দিশত ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ অংশ হিচাপে জনসাধাৰণৰ বাবে অনুকূল ডিজিটেল সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ইউ আই ডি এ আইৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।
আধাৰ এপত নতুন সেৱা উপলব্ধ হোৱাৰ দুদিনৰ ভিতৰত ২,৫০,০০০ৰো অধিক লোকে তেওঁলোকৰ ইমেইল ঠিকনা আপডেট কৰিছে। আধাৰৰ সৈতে ইমেইল সংযোগ কৰাৰ ফলত আধাৰ প্ৰমাণীকৰণৰ অনুৰোধ কাৰ্যকৰী কৰিলে বাস্তৱ-সময়ৰ ইমেইল জাননী লাভ কৰাত সহায় হয়।
ইয়াৰ জৰিয়তে স্বচ্ছতা বৃদ্ধি হোৱাৰ লগতে আধাৰ নম্বৰ ধাৰকসকলক যিকোনো উদ্দেশ্যৰ বাবে তেওঁলোকৰ আধাৰৰ ব্যৱহাৰৰ বিষয়ে অৱগত হৈ থকা সুবিধা প্ৰদান কৰি সুৰক্ষাৰ এক অতিৰিক্ত স্তৰ প্ৰদান কৰে।
জীৱন ধাৰণৰ সূচলতা উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা নতুন আধাৰ এপটোৱে মানুহক ম’বাইল নম্বৰ আপডেট আৰু স্মাৰ্ট ফোনৰ পৰা পোনপটীয়াকৈ ঠিকনা আপডেটকে ধৰি একাধিক সেৱা লাভ কৰিবলৈ সক্ষম কৰি তুলিছে।
এতিয়ালৈকে ৪ নিযুতৰো অধিক লোকে নতুন আধাৰ এপ ব্যৱহাৰ কৰি তেওঁলোকৰ ম’বাইল নম্বৰ আপডেট কৰিছে। একে সময়তে প্ৰায় এক নিযুত লোকে তেওঁলোকৰ ঠিকনা আপডেট কৰাৰ বাবে এপটো ব্যৱহাৰ কৰিছে।
ইউ আই ডি এ আয়ে জনসাধাৰণক আধাৰত ইমেইল আই ডি যোগ আৰু আপডেট কৰাৰ সুবিধা লাভ কৰিবলৈ উৎসাহিত কৰে। বাসিন্দাসকলে আধাৰ এপটো ডাউনলোড বা আপডেট কৰি শেহতীয়া ইমেইল বৈশিষ্ট্যটো লাভ কৰিব পাৰে।
নতুন আধাৰ এপটো এণ্ড্ৰইড আৰু এপল আই অ এছ দুয়োটা মঞ্চতে উপলব্ধ। তলৰ লিংকত ক্লিক কৰি এই এপটো ডাউনলোড কৰিব পাৰেঃ
Android: https://play.google.com/store/apps/details?id=in.gov.uidai.pehchaan&hl=en_IN
iOS - https://apps.apple.com/in/app/aadhaar/id6744029871
****
Dharmendra Tewari / Dr. Nayan Solanki / Kanishk Sharma / Vanshita Jaiswal / DD
(रिलीज़ आईडी: 2280725)
आगंतुक पटल : 6