গ্ৰামোন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে অন্ধ্ৰপ্ৰদেশৰ পৰা মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ সৈতে দেশজুৰি ‘বিকশিত ভাৰত – জি-ৰাম জি এক্ট’ আঁচনিৰ শুভাৰম্ভ কৰে
“প্ৰতিখন হাতেই কাম পাব লাগে, প্ৰতিটো পেটে অন্ন পাব লাগে”: কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এই সংকল্প বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰা হৈছে।
“এমজিএনৰেগাৰ (MGNREGA) পৰা আগবাঢ়ি এতিয়া 'বিকশিত ভাৰত – জি ৰাম জি' (VB - G Ram G) আঁচনি ৰূপায়ণ কৰা হৈছে, যি এতিয়া ১২৫ দিনৰ নিয়োগৰ এক দৃঢ় নিশ্চয়তা প্ৰদান কৰে”: শ্ৰী শিৱৰাজ সিং
“পাঁচ বছৰত ৭.৫ লাখ কোটি টকাৰ লক্ষ্য, উন্নয়নৰ বাবে প্ৰতিখন পঞ্চায়তক প্ৰতি বছৰে ২ কোটিতকৈও অধিক টকা প্ৰদান কৰা হ’ব”: কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী
“শ্ৰমিকৰ ঘামৰ পূৰ্ণ মূল্য দিয়া হ’ব, পলমকৈ হোৱা মজুৰি পৰিশোধৰ ক্ষেত্ৰত সুতৰ সৈতে ধন দিয়াৰ আইনী ব্যৱস্থা কৰা হৈছে”: শ্ৰী শিৱৰাজ সিং
“ন মাহত অন্ধ্ৰপ্ৰদেশৰ বাবে ৭,৭০৭ কোটি টকাৰ বিশেষ পেকেজ, গাঁৱৰ উন্নয়নৰ এক নতুন আৰ্হি”: শ্ৰী শিৱৰাজ সিং চৌহান
অন্ধ্ৰপ্ৰদেশলৈ শিৱৰাজ জীৰ উপহাৰ – গৃহ নিৰ্মাণ আৰু পথৰ বাবে বৃহৎ অনুমোদনৰ লগতে তোতাপুৰী আম খেতিয়কসকললৈ সকাহ
“তিনিখন ৰাজধানী নহয়, বৰঞ্চ এক সোণালী অন্ধ্ৰপ্ৰদেশৰ বাবে এখন স্থায়ী ৰাজধানী হ’ব”: শ্ৰী চন্দ্ৰবাবু নাইডু
অন্ধ্ৰপ্ৰদেশক উদ্যান শস্যৰ কেন্দ্ৰস্থলী হিচাপে গঢ়ি তুলিবলৈ ১ লাখ কোটি টকাৰ বিনিয়োগ, শ্ৰী চন্দ্ৰবাবু নাইডুৰ পৰিকল্পনা
“শ্ৰী শিৱৰাজ জীৰ ৪৯ বছৰীয়া ৰাজহুৱা জীৱন জনসেৱা, কৃষক আৰু গ্ৰাম্য ভাৰতৰ প্ৰতি থকা উৎসৰ্গাৰ এক প্ৰতীক”: শ্ৰী পৱন কল্যাণ
प्रविष्टि तिथि:
02 JUL 2026 6:53PM by PIB Guwahati
‘বিকশিত ভাৰত – গ্যারান্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) যোজনা’ৰ দেশজোৰা শুভাৰম্ভ কাৰ্যসূচী আজি অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ মুক্কাভাৰীপল্লী গাঁৱৰ পৰা অনুষ্ঠিত হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় ড০ চন্দ্ৰশেখৰ পেম্মাছানি আৰু শ্ৰী কমলেশ পাছৱানৰ লগতে সাংসদ, বিধায়ক আৰু হাজাৰ হাজাৰ সৰ্বসাধাৰণ ৰাইজ এই কাৰ্যসূচীত উপস্থিত থাকে। এই কাৰ্যসূচীৰ সময়ত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ দৰিদ্ৰ শ্ৰমিক, কৃষক আৰু গাঁওসমূহৰ নিয়োগৰ নিশ্চয়তাৰ বাবে এক নতুন আৰ্হি উপস্থাপন কৰাৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বৃহৎ বিত্তীয় আবণ্টন আৰু এক স্বচ্ছ ব্যৱস্থা প্ৰদৰ্শন কৰা হয়।

শ্ৰী ভেংকটেশ্বৰ ভগৱানৰ চৰণ কমলত সেৱা জনাই আৰম্ভ কৰিলোঁ – ভি.বি. - জি ৰাম জি
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ‘নমঃ ভেংকটেশ্বৰায়’ আৰু ‘গোবিন্দ, গোবিন্দ’ ধ্বনিৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে এই পবিত্ৰ ভূমিৰ পৰা ‘বিকশিত ভাৰত জি - ৰাম জি যোজনা’ৰ শুভাৰম্ভ কৰাটো দৰিদ্ৰ আৰু শ্ৰমিকসকলৰ বাবে ঈশ্বৰীয় আশীৰ্বাদৰ বৰষুণস্বৰূপ। তেওঁ প্ৰাৰ্থনা জনায় যে দেশৰ কোনো দৰিদ্ৰ শ্ৰমিক যেন কাম নোহোৱাকৈ থাকিবলগীয়া নহয়, আৰু প্ৰতিটো হাতেই যেন কাম পায় আৰু প্ৰতিটো পেটে যেন অন্ন পায়। এই সংকল্প বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

এমজিএনৰেগাৰ (MGNREGA) পৰা এতিয়া 'বিকশিত ভাৰত – জি ৰাম জি' (VB - G Ram G) – ১২৫ দিনৰ নিয়োগৰ নিশ্চয়তালৈ এক বৃহৎ পদক্ষেপ
শ্ৰী শিৱৰাজ সিং চৌহানে সোঁৱৰাই দিয়ে যে পূৰ্বৰ ইউ.পি.এ. চৰকাৰৰ কাৰ্যকালত আৰম্ভ হোৱা এমজিএনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইন) আঁচনিয়ে মাত্ৰ ১০০ দিনৰ কৰ্মসংস্থাপনৰ গেৰাণ্টি প্ৰদান কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কৌশলৰ অধীনত ‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ই শ্ৰমিকসকলৰ বাবে সম্পূৰ্ণ ১২৫ দিনৰ কামৰ এক দৃঢ় নিশ্চয়তা প্ৰদান কৰে। তেওঁ কয় যে এইটো কেৱল দিনৰ সংখ্যা বৃদ্ধিয়েই নহয়, বৰঞ্চ চিন্তা-ধাৰাৰ এক পৰিৱৰ্তন, যাৰ লক্ষ্য হৈছে এতিয়া কোনো এটা হাতেই যেন খালী হৈ নাথাকে। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে এই নতুন আঁচনিখন ৰূপায়ণৰ প্ৰথমটো দিনতেই দেশজুৰি লাখ লাখ শ্ৰমিকে কাম লাভ কৰিছে, আৰু এমজিএনৰেগাক এতিয়া ‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ৰ এক উন্নত ৰূপলৈ পৰিৱৰ্তন কৰা হৈছে।

প্ৰথম বছৰত ১.৫১ লাখ কোটি টকাৰ ব্যৱস্থা, পাঁচ বছৰত ৭.৫ লাখ কোটি টকাৰ লক্ষ্য
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই আঁচনিখনৰ বিত্তীয় দিশসমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি কয় যে ‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ৰ প্ৰথমটো বছৰতে কেন্দ্ৰীয় চৰকাৰৰ অংশ হ’ব ৯৫,০০০ কোটিতকৈও অধিক টকা আৰু ইয়াৰ সৈতে ৰাজ্যসমূহৰ ৪০ শতাংশ অংশ সংযোগ কৰিলে বাৰ্ষিক ব্যয় প্ৰায় ১.৫১ লাখ কোটি টকাত উপনীত হ’ব। শ্ৰী শিৱৰাজ সিঙে অৱগত কৰে যে অহা পাঁচ বছৰত এই আঁচনিৰ অধীনত মুঠ ৭.৫ লাখ কোটি টকা ব্যয় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই ধন ধন দেশৰ ২.৮৬ লাখ পঞ্চায়তত উপলব্ধ হ’ব, যাৰ ফলত প্ৰতিখন পঞ্চায়তে প্ৰতি বছৰে গড়ে ২ কোটিতকৈও অধিক টকা লাভ কৰিব। ইয়াৰ দ্বাৰা গাঁওসমূহত নিয়োগৰ সুযোগ বৃদ্ধি পাব আৰু স্থায়ী সম্পদো সৃষ্টি হ’ব।

নিয়োগৰ আইনী নিশ্চয়তা – ১৫ দিনৰ ভিতৰত কাম, অন্যথা নিবনুৱা ভাট্টা প্ৰদান
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে ‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ৰ অধীনত শ্ৰমিকসকলৰ অধিকাৰক আইনী শক্তি প্ৰদান কৰা হৈছে। কোনো শ্ৰমিকে কামৰ দাবী কৰিলে ১৫ দিনৰ ভিতৰত সংস্থাপন দিয়াটো বাধ্যতামূলক হ’ব আৰু যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম যোগান ধৰা নহয়, তেন্তে সংশ্লিষ্ট শ্ৰমিকাজনক নিবনুৱা ভাট্টা প্ৰদান কৰিব লাগিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এতিয়া কোনেও শ্ৰমিকৰ ঘামৰ সৈতে হেতালি খেলিব নোৱাৰে। মজুৰি পৰিশোধৰ ক্ষেত্ৰত হোৱা পলমৰ পুৰণি সমস্যাটো অন্ত পেলাবলৈ এই আঁচনিত এক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে যে যদি মজুৰি প্ৰদানত পলম হয়, তেন্তে শ্ৰমিকাজনক সুতৰ সৈতে পলম হোৱা মজুৰি পৰিশোধ কৰা হ’ব। এইয়া এইবাবেই কৰা হৈছে যাতে শ্ৰমিকে তেওঁৰ ঘামৰ পূৰ্ণ মূল্য লাভ কৰে আৰু দৰিদ্ৰ জনসাধাৰণৰ সেৱাক ভগৱানৰ আৰাধনা বুলি গণ্য কৰা ‘মোদী মন্ত্ৰ’ বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত হয়।

প্ৰশাসনিক ব্যয় ৯ শতাংশ কৰি ব্যৱস্থাটোক শক্তিশালী কৰা, ক্ষেত্ৰভিত্তিক কৰ্মচাৰীৰ (field staff) বাবে সম্পূৰ্ণ দৰমহাৰ ব্যৱস্থা
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে অৱগত কৰে যে এই আঁচনিখনৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে প্ৰশাসনিক ব্যয় ৬ শতাংশৰ পৰা ৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ অধীনত গ্ৰাম ৰোজগাৰ সহায়ক (গ্ৰাম পঞ্চায়তসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰী), মেট (mate) আৰু অন্যান্য ক্ষেত্ৰভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা আৰু সা-সুবিধাসমূহৰ বাবে ১৩,০০০ কোটিতকৈও অধিক টকা আছুতীয়াকৈ ৰখা হৈছে। তেওঁ কয় যে গাঁওসমূহত শ্ৰমিক আৰু উন্নয়নৰ কাম-কাজ তদাৰক কৰা কৰ্মচাৰীসকলে নিজৰ সম্পূৰ্ণ দৰমহা সময়মতে পোৱাটো অতি প্ৰয়োজনীয়, যাতে তেওঁলোকৰ মনোযোগ ভংগ নহয় আৰু ব্যৱস্থাটো শক্তিশালী হৈ থাকে। এইদৰে, এই আঁচনিখনে শ্ৰমিকসকলৰ লগতে প্ৰশাসনিক গাঁথনিটোকো শক্তিশালী কৰাৰ বাবে কাম কৰিব।
গাঁওবাসীৰ সিদ্ধান্ত গাঁৱতে হ’ব – গ্ৰাম সভাই নিৰ্ধাৰণ কৰিব কৰণীয় কামসমূহ
শ্ৰী শিৱৰাজ সিং চৌহানে স্পষ্ট শব্দত কয় যে কোনখন গাঁৱত কি কাম কৰা হ’ব, সেইয়া দিল্লী বা অমৰাৱতীৰ (অন্ধ্ৰপ্ৰদেশ) পৰা নিৰ্ধাৰণ কৰা নহ’ব। কামৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ গ্ৰাম পঞ্চায়ত আৰু গ্ৰাম সভাৰ হাততেই থাকিব। এটা উদাহৰণ দি তেওঁ কয় যে গাঁৱৰ ৰাইজে নিজেই সিদ্ধান্ত ল’ব যে তেওঁলোকক অংগনবাড়ী, স্কুল, হাস্পতাল বা পথ লাগে নেকি, তেওঁলোকে কৃষি পথ (farm roads), এফ.পি.অ’. (FPO - Farmer Producer Organisations) ৰ বাবে আন্তঃগাঁথনি, পুখুৰী, চেক ডেম, মথাউৰি বা প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সুৰক্ষা দেৱাল নিৰ্মাণ কৰিব বিচাৰে নেকি – এই সকলোবোৰ সিদ্ধান্ত গাঁৱতে বহি গ্ৰাম সভাই গ্ৰহণ কৰিব। গাঁৱৰ সিদ্ধান্ত গাঁৱতে হ’ব; এইয়াই হৈছে জি-ৰাম-জি (G-Ram-G) যোজনাৰ মূল আত্মা।
অনগ্ৰসৰ পঞ্চায়তসমূহৰ বাবে অতিৰিক্ত সহায়, অন্ধ্ৰপ্ৰদেশৰ বাবে ৭,৭০৭ কোটি টকাৰ বিশেষ ধনৰাশি
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যসমূহক কয় যে তেওঁলোকে নিজৰ পঞ্চায়তসমূহক এ (A), বি (B), চি (C) শ্ৰেণীত বিভক্ত কৰিব পাৰে আৰু উন্নয়নৰ ক্ষেত্ৰত পিছপৰি থকা পঞ্চায়তসমূহক অধিক পুঁজি প্ৰদান কৰিব পাৰে, যাতে ভিতৰুৱা আৰু অনগ্ৰসৰ অঞ্চলসমূহৰ উন্নয়নৰ গতি খৰতকীয়া হয়। অন্ধ্ৰপ্ৰদেশৰ প্ৰসংগত তেওঁ অৱগত কৰে যে ‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ৰ অধীনত মাত্ৰ ন মাহৰ সময়সীমাৰ বাবে কেন্দ্ৰৰ পৰা ৭,৭০৭ কোটি টকাৰ এক বিশেষ ধনৰাশি প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ অংশৰ সৈতে লগ লাগি এই পেকেজে অন্ধ্ৰপ্ৰদেশক দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ শাৰীলৈ লৈ আনিব আৰু গাঁওসমূহত সংস্থাপন তথা উন্নয়নৰ ক্ষেত্ৰত এক বৃহৎ শক্তি প্ৰদান কৰিব। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশ গাঁৱৰ উন্নয়নৰ এক উৎকৃষ্ট আৰ্হি হিচাপে উৱলি উঠিব।
নতুন মজুৰিৰ হাৰ
শ্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰে যে এতিয়াৰে পৰা কোনো এখন ৰাজ্যতে মজুৰি ৩০০ টকাতকৈ কম নহ’ব। অন্ধ্ৰপ্ৰদেশত এই হাৰ ৩১২-৩১৫ টকাৰ ভিতৰত ৰখা হৈছে যাতে শ্ৰমিকসকলে তেওঁলোকৰ শ্ৰমৰ পূৰ্ণ মূল্য লাভ কৰে।
প্ৰধানমন্ত্ৰীৰ গৃহ নিৰ্মাণ আৰু গ্ৰাম্য পথৰ বাবে বৃহৎ উপহাৰ – মঞ্চৰ পৰাই বিতৰণ কৰা হ’ল অনুমোদন পত্ৰ
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G) আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা – IV (PMGSY) ৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ দৰিদ্ৰ পৰিয়াল আৰু গাঁওসমূহৰ বাবে বৃহৎ উপহাৰ ঘোষণা কৰে। তেওঁ অৱগত কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) ৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ বাবে ৭৪,২১২ টা নতুন পকী ঘৰ মঞ্জুৰ কৰা হৈছে, যাতে কোনো যোগ্য দৰিদ্ৰ পৰিয়াল কেঁচা ঘৰত থাকিবলগীয়া নহয় আৰু সকলোৱে এক সন্মানীয় বাসস্থান লাভ কৰে। ইয়াৰ লগতে, তেওঁ এতিয়ালৈকে পকী পথেৰে সংযোগ নোহোৱা গাঁওসমূহৰ চিন্তাৰো সমাধান কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে কয় যে তেনে অঞ্চলসমূহৰ বাবে মুঠ ৪২২ কোটিতকৈও অধিক টকাৰ ব্যয়েৰে ১৪৬ টা নতুন পথ আৰু ১৯ খন দলং মঞ্জুৰ কৰা হৈছে। শ্ৰী শিৱৰাজ সিং চৌহানে এই মঞ্জুৰীৰ অনুমোদন পত্ৰসমূহ মঞ্চৰ পৰাই মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে আৰু আশ্বাস দিয়ে যে যদি গাঁওসমূহৰ উন্নতি হয়, তেন্তে ভাৰতৰ পৰিৱৰ্তন হ’ব আৰু কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ সম্পূৰ্ণ গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰাখিব নিবিচাৰে।
তোটাপুৰী আম খেতিয়কসকললৈ সকাহ – উচিত মূল্য নিশ্চিত কৰিবলৈ বজাৰ হস্তক্ষেপৰ (Market intervention) ব্যৱস্থা
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে অন্ধ্ৰপ্ৰদেশৰ তোটাপুৰী আম উৎপাদনকাৰী খেতিয়কসকলৰ সমস্যাৰ কথা উল্লেখ কৰি কয় যে তোটাপুৰী আমৰ মূল্য হ্ৰাস পোৱাৰ বাবে খেতিয়কসকল গধুৰ লোকচানৰ সন্মুখীন হৈছে, সেইবাবে কেন্দ্ৰীয় চৰকাৰে বজাৰ হস্তক্ষেপ আঁচনি (MIS) ৰ অধীনত বৃহৎ পৰিমাণৰ তোটাপুৰী আম ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে যাতে খেতিয়কসকলে উচিত মূল্য লাভ কৰে আৰু তেওঁলোকৰ পৰিশ্ৰম সুৰক্ষিত হয়। ইয়াৰ লগতে তেওঁ অৱগত কৰে যে আই.চি.এ.আৰ. (ICAR) ৰ বৈজ্ঞানিক দলে ৰাজ্য চৰকাৰৰ দলৰ সৈতে কলম দিয়া (drafting) আৰু জাত পৰিৱৰ্তন কৌশলৰ ওপৰত কাম কৰিব, যাতে আমৰ বাগিচাসমূহৰ উৎপাদনশীলতা বৃদ্ধি পায় আৰু বজাৰত উন্নত জাত উপলব্ধ হয়।
পৰিৱেশ সুৰক্ষাৰ সংকল্প
শ্ৰী শিৱৰাজ সিং চৌহানে জনসাধাৰণক পৰিৱেশ সুৰক্ষাৰ বাবে সংকল্প ল’বলৈ আহ্বান জনায় আৰু কয় যে তেওঁ নিজেও প্ৰতিদিনে গছপুলি ৰোপণ কৰে। ইয়াৰ লগতে তেওঁ ৰাইজক নিজৰ জন্মদিনত অন্ততঃ এটা হ’লেও গছপুলি ৰোপণ কৰিবলৈ অনুৰোধ জনায়। এই মঞ্চৰ পৰাই তেওঁ উপস্থিত ৰাইজক বিকশিত গাঁও, বিকশিত অন্ধ্ৰপ্ৰদেশ আৰু বিকশিত ভাৰতৰ বাবে এক সামূহিক সংকল্প গ্ৰহণ কৰোৱায়।
‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ গাঁও আৰু গ্ৰামীণ জীৱন যাত্ৰাৰ মানদণ্ডৰ বাবে পৰিৱৰ্তনকাৰী
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডুৱে তেওঁৰ ভাষণত ‘বিকশিত ভাৰত – জি ৰাম জি যোজনা’ক গাঁও আৰু গ্ৰামীণ জীৱন যাত্ৰাৰ মানদণ্ডত পৰিৱৰ্তন আনিবলগীয়া এক কাৰ্যসূচী বুলি অভিহিত কৰে। তেওঁ কয় যে পূৰ্বতে ৰায়লসীমাৰ পৰাই এমজিএনৰেগা আঁচনিৰ সূচনা হৈছিল আৰু দেশক এক আৰ্হি প্ৰদান কৰিছিল, এতিয়া সেই একে আধাৰতে কিন্তু অধিক শক্তিশালী ৰূপত ‘ভি.বি. - জি ৰাম জি যোজনা’ আৰম্ভ হৈছে, যিটো স্বৰ্ণ অন্ধ্ৰপ্ৰদেশ আৰু বিকশিত ভাৰতৰ দিশত এক ডাঙৰ পদক্ষেপ। তেওঁ কয় যে কৃষি পথ, পুখুৰী, নলা-নৰ্দমা আৰু অন্যান্য সা-সুবিধাৰ দৰে কাম-কাজৰ লগতে ১২৫ দিনৰ কৰ্মসংস্থাপনৰ নিশ্চয়তা আৰু ভূমিহীন শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ জৰিয়তে গ্ৰামীণ জীৱন যাত্ৰাৰ মানদণ্ডৰ প্ৰত্যক্ষ উন্নতি হ’ব।
দুৰ্নীতি ৰোধ কৰিবলৈ ডিজিটেল নিৰীক্ষণ, গ্ৰাম সভাৰ পৰা উন্নয়নৰ পৰিকল্পনা
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডুৱে অৱগত কৰে যে এই নতুন আঁচনিখনত কাম-কাজৰ নিৰীক্ষণৰ বাবে ডিজিটেল মাষ্টাৰ ৰ’ল, আধাৰ ভিত্তিক পৰিশোধ ব্যৱস্থা, ৰিয়েল-টাইম মণিটৰিং আৰু জিঅ’-টেগিং প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ইয়াৰ দ্বাৰা কাম নকৰাকৈয়ে কাগজত হিচাপ দেখুওৱাৰ পুৰণি প্ৰথা বন্ধ হ’ব আৰু ধন সঠিক স্থানত ব্যয় হ’ব। শেহতীয়া বছৰবোৰত শ্ৰী পৱন কল্যাণৰ নেতৃত্বত ৰাজ্যখনত অনুষ্ঠিত হোৱা গ্ৰাম সভাসমূহৰ লগতে জনজাতীয় অঞ্চলসমূহত নিৰ্মাণ কৰা চিমেণ্ট কংক্ৰিট পথ, গোশালা, পানীৰ টেংকী, পাম্প-পুখুৰী আৰু পথসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই অভিজ্ঞতাসমূহৰ ভিত্তিত এতিয়া ‘ভি.বি. - জি ৰাম জি যোজনা’ সৰ্বোত্তম ধৰণে ৰূপায়ণ কৰা হ’ব আৰু অন্ধ্ৰপ্ৰদেশক দেশৰ ভিতৰতে এক আৰ্হি ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব।
উদ্যানশস্য কেন্দ্ৰৰ বাবে বৃহৎ বিনিয়োগ
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰায়লাসীমা অঞ্চলটোক এক উদ্যানশস্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁৰ দূৰদৰ্শী পৰিকল্পনাও ব্যক্ত কৰে। তেওঁ কয় যে পূৰ্বোদয় কাৰ্যসূচীৰ অধীনত প্ৰায় ৪০,০০০ কোটি টকাৰ ৰাজহুৱা বা চৰকাৰী বিনিয়োগ আৰু প্ৰায় ৬০,০০০ কোটি টকাৰ ব্যক্তিগত বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাতে জলসিঞ্চন প্ৰকল্প, পথ যোগাযোগ, গুডাম আৰু আন্তঃগাঁথনিৰ জৰিয়তে ৰায়লসীমাক দেশৰ ফল-মূল আৰু উদ্যানশস্যৰ এক অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়। তেওঁ এই দূৰদৰ্শিতাক স্বৰ্ণ অন্ধ্ৰপ্ৰদেশৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে আৰু কয় যে গ্ৰামীণ সংস্থাপন, উদ্যানশস্য, ঔদ্যোগিক বিনিয়োগ আৰু আন্তঃগাঁথনি – এই সকলোবোৰে একেলগে অন্ধ্ৰপ্ৰদেশক এক শীৰ্ষস্থানীয় ৰাজ্য হিচাপে গঢ়ি তোলাত অৱদান যোগাব।
অমৰাৱতী, পোলাভাৰম আৰু স্বৰ্ণ অন্ধ্ৰপ্ৰদেশৰ বাবে ঔদ্যোগিক বিনিয়োজন
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডুৱে অমৰাৱতীক ‘দেৱতাৰ ৰাজধানী’ বুলি অভিহিত কৰে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহায়ত ৰাজধানী প্ৰকল্প, পোলাভাৰম, বিশাখাপত্তনম তীখা কাৰখানা, ডাটা চেন্টাৰ আৰু যুঁজাৰু বিমান প্ৰকল্পৰ দৰে আঁচনিৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশৰ ব্ৰেণ্ড ইমেজ পুনৰ সজীৱ কৰি তোলা হৈছে। তেওঁ কয় যে সঠিক নেতা, সঠিক স্থান, সঠিক সময় – এইয়া হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ এক নম্বৰ দেশ হিচাপে গঢ়ি তোলাৰ দূৰদৰ্শিতাৰ সৈতে সংগতি ৰাখি স্বৰ্ণ অন্ধ্ৰপ্ৰদেশৰ দিশে কাম-কাজসমূহ দ্ৰুতগতিত আগবাঢ়িছে।
এই কাৰ্যসূচীত কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° চন্দ্ৰশেখৰ প্ৰেমমানীয়ে কয় যে ‘ভি.বি. - জি ৰাম জি’ আঁচনিত কেৱল কৰ্মসংস্থাপনৰ দিন ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধিয়েই কৰা হোৱা নাই, বৰঞ্চ কাম উপলব্ধ নোহোৱাৰ ক্ষেত্ৰত নিবনুৱা ভাট্টাৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰমিকে কাম পোৱাটো নিশ্চিত হ’ব। আনহাতে, কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগৰ আন এগৰাকী ৰাজ্যিক মন্ত্ৰী শ্ৰী কমলেশ পাছোৱানে কয় যে ‘ভি.বি. - জি ৰাম জি যোজনা’ বিকশিত ভাৰতৰ ভেটি হৈ পৰিব। এই আঁচনিৰ অধীনত ৩০০ তকৈও অধিক প্ৰকাৰৰ কাম কৰা হ’ব, যিয়ে গ্ৰামীণ ভাৰতক সবল আৰু সমৃদ্ধিশালী কৰি তোলাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই কাৰ্যসূচীত গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কান্সাল আৰু যুটীয়া সচিব শ্ৰীমতী ৰোহিণী আৰ. ভাজীভাকৰে উপস্থিত থাকে।
কেন্দ্ৰৰ সহযোগিতাৰ পৰা অন্ধ্ৰপ্ৰদেশে লাভ কৰিছে শক্তি
উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণে কয় যে শিৱৰাজ জী, আপোনাৰ ৪৯ বছৰীয়া জনজীৱন হ’ল জনসেৱা তথা খেতিয়ক আৰু গ্ৰামীণ ভাৰতৰ প্ৰতি থকা উৎসৰ্গিত মনোভাৱৰ এক প্ৰতীক। এজন ছয়বাৰৰ সাংসদ আৰু মধ্যপ্ৰদেশৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি দেশৰ সেৱা কৰি এক অনুপ্ৰেৰণাদায়ী উদাহৰণ দাঙি ধৰিছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে জৰুৰীকালীন অৱস্থাৰ সময়ত আপোনাৰ সংগ্ৰাম আৰু কাৰাবাসৰ যাত্ৰা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। আপোনাৰ নিৰ্দেশনা আৰু প্ৰধানমন্ত্ৰী জীৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে গ্ৰাম্য উন্নয়নৰ বাবে ১২,৮৪৫ কোটি টকাৰ অনুমোদন লাভ কৰিছে। আপোনাৰ সহযোগিতাত ৰাজ্যখনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী হৈ উঠিছে আৰু জনজাতীয় অঞ্চলত গছপুলি ৰোপণকে ধৰি বহু গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম আগবাঢ়িছে, যাৰ ফলত অন্ধ্ৰপ্ৰদেশে আৰ.জি.এছ.এ. (ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান)-ৰ ৰাষ্ট্ৰীয় ৰেংকিঙত ২৪ নম্বৰ স্থানৰ পৰা প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ‘ভি.বি. - জি ৰাম জি’ (VB - G RAM G) আঁচনিৰ ৰাষ্ট্ৰীয় শুভাৰম্ভণিৰ বাবে অন্ধ্ৰপ্ৰদেশক বাছনি কৰি আপুনি আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ সন্মান বৃদ্ধি কৰিলে।
কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্রী শ্ৰী নাইডু আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কৃষি পুখুৰীৰ কাৰ্যস্থলিত উপস্থিত হৈ পূজা আৰু ভূমি পূজন সম্পন্ন কৰে, গছপুলি ৰোপণ কৰে, ‘মেজিক ড্ৰেইন’ (Magic Drain)-ৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰে আৰু অন্ধ্ৰপ্ৰদেশৰ সাফল্য তথা পদক্ষেপসমূহৰ প্ৰদৰ্শনীখন পৰ্যবেক্ষণ কৰে।
****
RC/PU/MK/RD
(रिलीज़ आईडी: 2280684)
आगंतुक पटल : 5