নৌ-পৰিবহন মন্ত্ৰালয়
চিএফএছত ট্ৰেইলাৰ চালকৰ নাটনিৰ বাবে জেএনপিএত সৃষ্টি হোৱা বন্দৰৰ যান-জঁট হ্ৰাস কৰিবলৈ চৰকাৰৰ পদক্ষেপ
আমদানি-ৰপ্তানিঅংশীদাৰসকলৰ সৈতে বন্দৰৰ যান-জঁটৰ সমস্যা পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল, সৰ্বানন্দ সোণোৱালৰ
ব্যৱসায়িক সুচলতা বজাই ৰাখিবলৈ ৰেলৰ জৰিয়তে সামগ্ৰী খালী কৰা, হেণ্ডলিং মাচুল ৰেহাই, গ্ৰীন কৰিডৰ আৰু ট্ৰেইলাৰ পুলিঙৰ দৰে ব্যৱস্থা গ্ৰহণ
प्रविष्टि तिथि:
22 MAY 2026 8:21PM by PIB Guwahati
চিএফএছত ট্ৰেইলাৰ চালকৰ নাটনিজনিত সমস্যাৰ বাবে যোগান শৃংখলাত দেখা দিয়া খেলিমেলিৰ মাজতে ব্যৱসায়িক সুচলতা বজাই ৰাখিবলৈ আৰু নিৰৱচ্ছিন্ন বাণিজ্য পৰিচালনা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। আমদানি-ৰপ্তানি মহলে উত্থাপন কৰা উদ্বেগসমূহ দূৰ কৰিবলৈ চৰকাৰে এক সমন্বিত “সমগ্ৰ চৰকাৰ” ধাৰণাৰে সঁহাৰি জনাইছে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘অল ইণ্ডিয়া লিকুইড বাল্ক ইম্প’ৰ্টাৰ্ছ এণ্ড এক্সপ’ৰ্টাৰ্ছ এছ’চিয়েচন’ৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ইয়াত পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে কাৰ্গ’ পৰিবহণত ব্যাঘাত জন্মোৱা পৰিচালন বাধাসমূহ দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
এই বৈঠকত চিএফএছ ট্ৰেইলাৰ চালকৰ নাটনিৰ বাবে সৃষ্টি হোৱা কণ্টেইনাৰৰ যান-জঁটৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাৰ ফলত ২৫,০০০ আমদানি কাৰ্গ’ কণ্টেইনাৰ খালী কৰাত পলম হৈছিল।
এই পৰিস্থিতিৰ প্ৰতি ক্ষিপ্ৰ সঁহাৰি জনাই জেএনপিএই টাৰ্মিনেলসমূহৰ যান-জঁট হ্ৰাস কৰিবলৈ আৰু কাৰ্গ’ খালী কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ ধাৰাবাহিকভাৱে কিছুমান পৰিচালনমূলক হস্তক্ষেপ ৰূপায়ণ কৰে। ৰেলৱে চাইডিং থকা ওচৰৰ কণ্টেইনাৰ ফ্ৰেইট ষ্টেচন সমূহলৈকো ৰেল পৰিবহণৰ জৰিয়তে কণ্টেইনাৰসমূহ প্ৰেৰণ কৰা হয়, আনহাতে প্ৰক্ৰিয়াকৰণৰ সময় হ্ৰাস কৰিবলৈ একেলগে দুটাকৈ কণ্টেইনাৰ স্কেনিং কৰাৰ ব্যৱস্থা আৰম্ভ কৰা হয়।
“চিএফএছত ট্ৰেইলাৰ চালকৰ নাটনিৰ বাবে সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিবলৈ আৰু ব্যৱসায়ী মহলৰ বাবে সুচল বাণিজ্য সুবিধা নিশ্চিত কৰিবলৈ মোৰ সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ সৈতে এখন অত্যন্ত ফলপ্ৰসূ বৈঠক অনুষ্ঠিত কৰিলোঁ। ‘সমগ্ৰ চৰকাৰ’ ধাৰণাৰে পৰিচালিত হৈ আমি ব্যৱসায়িক সুচলতা বজাই ৰাখিবলৈ, যোগান শৃংখলাৰ সহনশীলতা শক্তিশালী কৰিবলৈ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ তথা ‘বিকশিত ভাৰত’ৰ সপোনৰ সৈতে সংগতি ৰাখি এক গোলকীয়ভাৱে প্ৰতিযোগিতামূলক সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ বন্দৰ আৰু লজিষ্টিক্স ব্যৱস্থাত সমন্বিত আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছোঁ,” কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।
বাণিজ্যিক অংশীদাৰসকলক সকাহ দিবলৈ ইণ্টাৰ-টাৰ্মিনেল ৰেলৱে হেণ্ডলিং অপাৰেচন মাচুল আৰু পৰিবহণৰ মাধ্যম সলনি কৰাৰ মাচুল ৰেহাই দিয়া হৈছে। তদুপৰি বন্দৰ টাৰ্মিনেলসমূহে ক্ষেত্ৰভিত্তিক মূল্যায়নৰ ভিত্তিত গ্ৰাউণ্ড ৰেণ্ট মাচুলত ৰেহাইৰ সুবিধা বৃদ্ধি কৰিছে।
খালী ট্ৰেইলাৰসমূহ খৰতকীয়াকৈ ঘূৰাই পঠিয়াবলৈ টাৰ্মিনেলসমূহত সুকীয়া ‘গ্ৰীন চেনেল’ স্থাপন কৰা হৈছে। আন এক ডাঙৰ পদক্ষেপ হিচাপে, আগশাৰীৰ চিএফএছ অপাৰেটৰসকলে সমগ্ৰ কণ্টেইনাৰৰ দমসমূহ উঠাবলৈ প্ৰায় ১০০টা ট্ৰেইলাৰ একত্ৰিত কৰিছে, যাৰ ফলত যান-জঁটপূৰ্ণ ইয়াৰ্ডসমূহৰ পৰা বহু দিন ধৰি পৰি থকা আৰু পুতি থোৱাৰ দৰে হৈ থকা কণ্টেইনাৰসমূহ খালী কৰাটো সম্ভৱ হৈ উঠিছে। এই সমন্বিত প্ৰচেষ্টাসমূহে ইয়াৰ্ড ব্যৱস্থাপনা লক্ষণীয়ভাৱে উন্নত কৰিছে, যাৰ ফলত টাৰ্মিনেলত ১৪ দিনতকৈও অধিক সময় ধৰি পৰি থকা কণ্টেইনাৰৰ সংখ্যা হ্ৰাস পাইছে। তদুপৰি, আমদানীকাৰীসকলক কণ্টেইনাৰসমূহ লৈ যাবলৈ বন্দৰ টাৰ্মিনেল ইয়াৰ্ডলৈ পোনপটীয়া প্ৰৱেশৰ অনুমতি দিয়া আৰু বন্দৰৰ পৰা অহা আমদানি কণ্টেইনাৰৰ সৈতে ৰপ্তানি ট্ৰেইলাৰসমূহৰ মিল কৰোৱাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।
“মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ সৈতে সংগতি ৰাখি চৰকাৰে এখন শক্তিশালী, দক্ষ আৰু ভৱিষ্যতৰ বাবে সাজু বাণিজ্য আৰু লজিষ্টিক্স পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি আমদানি-ৰপ্তানিমহলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ক্ষিপ্ৰ, সমন্বিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সংকল্পবদ্ধ। প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা কল্পিত ‘সমগ্ৰ চৰকাৰ’ ধাৰণাৰে পৰিচালিত হৈ আমি যোগান শৃংখলা শক্তিশালী কৰিবলৈ, আমাৰ বাণিজ্য স্বাৰ্থক গোলকীয়ভাৱে প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ আৰু আমাৰ অৰ্থনীতিৰ ব্যৱসায়িক সুচলতা বজাই ৰাখিবলৈ কাম কৰি আছোঁ,” সৰ্বানন্দ সোণোৱালে লগতে কয়।
এক দীৰ্ঘম্যাদী সহনশীলতা ৰণনীতিৰ অংশ হিচাপে জেএনপিএই লজিষ্টিক্স প্ৰস্তুতি আৰু ভৱিষ্যতৰ কাৰ্গ’ পৰিচালনা ক্ষমতা শক্তিশালী কৰিবলৈ এক ব্যাপক ৰূপৰেখাও তৈয়াৰ কৰিছে। এই ব্যৱস্থাসমূহৰ কৰ্মসূচীত চিএফএছ অপাৰেটৰ আৰু পৰিবহণকাৰীসকলৰ দ্বাৰা চালকৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰা, ৰেলৱেৰ জৰিয়তে কাৰ্গ’ খালী কৰাৰ প্ৰক্ৰিয়া বৃদ্ধি কৰা আৰু প্ৰশিক্ষিত ট্ৰেইলাৰ চালকৰ এক ডাঙৰ গোট গঢ়ি তুলিবলৈ মটৰ ড্ৰাইভিং ট্ৰেইনিং স্কুলসমূহৰ সৈতে জড়িত হোৱাটো অন্তৰ্ভুক্ত কৰা হৈছে। বন্দৰ কৰ্তৃপক্ষই পৰিচালনগত স্থায়িত্ব আৰু চালকৰ আৰাম উন্নত কৰাৰ বাবে ক্ৰমান্বয়ে বৈদ্যুতিক বাহনলৈ ৰূপান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে। তদুপৰি, টাৰ্মিনেল গেটত যান-জঁট হ্ৰাস কৰিবলৈ ‘ট্ৰাক এপইণ্টমেন্ট চিষ্টেম’ প্ৰৱৰ্তন কৰা হৈছে, আনহাতে ক্ৰমবৰ্ধমান কাৰ্গ’ পৰিমাণক সমৰ্থন কৰিবলৈ টাৰ্মিনেলসমূহক অতিৰিক্ত হেণ্ডলিং সঁজুলি নিয়োগ কৰিবলৈ উৎসাহিত কৰা হৈছে।





**
MI/Indu/DB
(रिलीज़ आईडी: 2280191)
आगंतुक पटल : 15