গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ ‘ৰাষ্ট্ৰীয় গ্ৰাম্য বিকাশ সন্মিলন’ ত এআই-সক্ষম ‘গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেল’ মুকলি

‘গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেল’: বিপদাশংকা-আধাৰিত আৰু অনুপালন অডিট দুয়োটাকে সামৰি লোৱা আভ্যন্তৰীণ অডিটৰ সম্পূৰ্ণ পৰিচালনা ব্যৱস্থাৰ বাবে এই ধৰণৰ প্ৰথমখন একত্ৰিত ডিজিটেল মঞ্চ

प्रविष्टि तिथि: 28 JUN 2026 2:36PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীৰ পুচা চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলনত ‘গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেল’ মুকলি কৰে। এআই-সক্ষম প'ৰ্টেলে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ত স্বচ্ছতা, দায়বদ্ধতা আৰু প্ৰযুক্তি-চালিত প্ৰশাসন বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে।

পৰম্পৰাগত অডিট অনুশীলনৰ আধুনিকীকৰণ আৰু উদীয়মান ডিজিটেল প্ৰযুক্তিৰ সুবিধা লোৱাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি, গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেল বিকশিত কৰিছে। ই হৈছে বিপদাশংকা-আধাৰিত আৰু অনুপালন অডিট দুয়োটাকে সামৰি লোৱা আভ্যন্তৰীণ অডিটৰ সম্পূৰ্ণ পৰিচালনা ব্যৱস্থাৰ বাবে এই ধৰণৰ প্ৰথমখন একত্ৰিত ডিজিটেল মঞ্চ। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ মুখ্য একাউণ্ট নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ দ্বাৰা ধাৰণা কৰা আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ (এন আই চি) সহযোগিতাত বিকশিত কৰা এই পৰ্টেলে মন্ত্ৰালয়ৰ ডিজিটেল প্ৰশাসন যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি প্ৰতিনিধিত্ব কৰিছে।

গ্ৰাম্য আভ্যন্তৰীণ অডিট প’ৰ্টেলে আভ্যন্তৰীণ অডিটক খণ্ডিত আৰু বহুলাংশে হাতেৰে কৰা অনুশীলনৰ পৰা এক স্বচ্ছ, প্ৰযুক্তি-সক্ষম আৰু তথ্য-চালিত ব্যৱস্থাপনা প্ৰণালীলৈ ৰূপান্তৰিত কৰিছে। একক ডিজিটেল পৰিৱেশতন্ত্ৰৰ ভিতৰত অডিট পৰিকল্পনা, কাৰ্য্যকৰীকৰণ, প্ৰতিবেদন, অনুপালন ব্যৱস্থাপনা, নিৰীক্ষণ আৰু বিশ্লেষণক একত্ৰিত কৰি এই প’ৰ্টেলে প্ৰশাসন শক্তিশালী কৰিছে আৰু গ্ৰাম্য উন্নয়ন কাৰ্যসূচীসমূহত আভ্যন্তৰীণ অডিটৰ ফলপ্ৰসূতা বৃদ্ধি কৰিছে।

পত্তি আৰু বিকাশৰ যাত্ৰা

পৰম্পৰাগত অডিট প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ প্ৰয়োজনীয়তাৰ পৰা এক একত্ৰিত অডিট ব্যৱস্থাপনা মঞ্চৰ ধাৰণাটো উদ্ভৱ হয়। আভ্যন্তৰীণ অডিটবোৰ প্ৰায়ে বিতৰিত ৰেকৰ্ড, হস্তচালিত চিঠিপত্ৰ, বিলম্বিত প্ৰতিবেদন, সীমিত নিৰীক্ষণ ক্ষমতা আৰু বিশ্লেষণ তথা সিদ্ধান্ত গ্ৰহণৰ বাবে ঐতিহাসিক অডিট তথ্যৰ অপৰ্যাপ্ত উপলভ্যতাৰ দ্বাৰা চিহ্নিত কৰা হৈছিল। কেন্দ্ৰীয়কৃত ভাণ্ডাৰৰ অনুপস্থিতিয়ে পুনৰাবৃত্তি পৰ্যবেক্ষণ অনুসৰণ কৰা, প্ৰণালীবদ্ধ বিপদাশংকাৰ মূল্যায়ন কৰা আৰু সময়ৰ লগে লগে অনুপালন নিৰীক্ষণ কৰাটোও কঠিন কৰি তুলিছিল।

এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ মন্ত্ৰালয়ে এক ব্যাপক ডিজিটেল সমাধানৰ বিকাশ আৰম্ভ কৰে যিয়ে স্বচ্ছতা, দায়বদ্ধতা আৰু প্ৰতিষ্ঠানিক স্মৃতিশক্তিৰ প্ৰসাৰৰ লগতে অডিট প্ৰক্ৰিয়াক সুবিন্যস্ত কৰিব। বৰ্তমানৰ কৰ্মপ্ৰবাহৰ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ আৰু অভিযান্ত্ৰিকৰ সুযোগ চিনাক্ত কৰিবলৈ অডিটাৰ, কাৰ্যসূচী বিভাগ, ক্ষেত্ৰ কৰ্মী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনা কৰা হৈছিল।

উত্তৰ প্ৰদেশৰ চান্দৌলি জিলাত ১ এপ্ৰিল ২০২৫ত পৰ্টেলটোৰ এক পৰীক্ষামূলক ৰূপায়ণ আৰম্ভ কৰা হয়। পাইলটটোৰ সফল সম্পূৰ্ণতাই মঞ্চখনৰ ক্ষমতাক বৈধতা প্ৰদান কৰে আৰু অডিট প্ৰশাসনক ৰূপান্তৰিত কৰাৰ সম্ভাৱনা প্ৰদৰ্শন কৰে। পৰীক্ষামূলক পৰ্যায়ৰ পাছত, পৰ্টেলটো ক্ৰমান্বয়ে সম্প্ৰসাৰিত কৰা হয় আৰু সকলো মূল মডিউল ২০২৫ বৰ্ষৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়।

ৰূপায়ণৰ কম সময়ৰ ভিতৰতে এই মঞ্চখনে অডিট পৰিকল্পনা আৰু জড়িত অনুমোদনৰ পৰা আৰম্ভ কৰি অডিট পৰ্যবেক্ষণ, একশ্যন টেকন ৰিপৰ্টছ (এ টি আৰ), পেৰা ছেটেলমেণ্ট আৰু ৰেকৰ্ডৰ আৰ্কাইভেললৈকে সম্পূৰ্ণ অডিট জীৱন চক্ৰক সমৰ্থন কৰিবলৈ সক্ষম এক ব্যাপক অডিট ব্যৱস্থাপনা প্ৰণালী হিচাপে আত্মপ্ৰকাশ কৰে।

পৰ্টেলৰ উদ্দেশ্যসমূহ

গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলটো তলত দিয়া উদ্দেশ্যসমূহৰে বিকশিত কৰা হৈছেঃ

দক্ষতা, স্বচ্ছতা আৰু দায়বদ্ধতা উন্নত কৰিবলৈ সমগ্ৰ আভ্যন্তৰীণ অডিট প্ৰক্ৰিয়াটো ডিজিটেলাইজ আৰু সৰল কৰা। অডিট ইউনিট, অডিট পৰ্যবেক্ষণ, পদক্ষেপ লোৱা প্ৰতিবেদন আৰু অডিট ৰেকৰ্ডৰ এক কেন্দ্ৰীয়কৃত ভাণ্ডাৰ সৃষ্টি কৰা। অডিট ইউনিটসমূহৰ পদ্ধতিগত চিনাক্তকৰণ আৰু অগ্ৰাধিকাৰৰ জৰিয়তে বিপদাশংকা-আধাৰিত অডিট পৰিকল্পনা সক্ষম কৰা। অডিট প্ৰতিবেদনসমূহ স্বয়ংক্ৰিয়ভাৱে প্ৰস্তুত কৰা আৰু অডিট নথিপত্ৰসমূহৰ মান নিৰ্ধাৰণ কৰা। ৰূপায়ণৰ বিপদাশংকা আৰু প্ৰণালীগত দুৰ্বলতা চিনাক্ত কৰিবলৈ বিশ্লেষণ আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰ কৰা। অডিটৰ অগ্ৰগতি, অনুপালনৰ স্থিতি আৰু অনুমোদনৰ কাৰ্য্যপ্ৰবাহৰ বাস্তৱ-সময় নিৰীক্ষণৰ সুবিধা প্ৰদান কৰা। আভ্যন্তৰীণ অডিট হস্তক্ষেপৰ ফলাফলৰ মূল্যায়ন কৰা। কাগজবিহীন আৰু পৰিৱেশগতভাৱে বহনক্ষম শাসন পদ্ধতিৰ প্ৰচাৰ কৰা।

প্ৰযুক্তি স্থাপত্য আৰু সুৰক্ষা পৰিকাঠামো

গ্ৰাম্য আভ্যন্তৰীণ অডিট প'ৰ্টেলটো ডিজিটেল প্ৰশাসনৰ বাবে ভাৰত চৰকাৰৰ মানৰ সৈতে সংলগ্ন এক আধুনিক, পৰিসৰযোগ্য আৰু সুৰক্ষিত প্ৰযুক্তি স্থাপত্য ব্যৱহাৰ কৰি বিকশিত কৰা হৈছে।

মঞখন ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ (এন আই চি) কাৰিকৰী সমৰ্থনত পৰিচালনা কৰা হয় আৰু গিট-আধাৰিত সংস্কৰণ নিয়ন্ত্ৰণ প্ৰণালী তথা অবিৰত একত্ৰীকৰণ/অবিৰত নিয়োজন (চি আই/চি ডি) কাৰ্য্যপ্রবাহকে ধৰি সমসাময়িক চফ্টৱেৰ অভিযান্ত্ৰিক অনুশীলনসমূহক অন্তৰ্ভুক্ত কৰে। পৃথক বিকাশ, ব্যৱহাৰকাৰী গ্ৰহণ পৰীক্ষা (ইউএটি) আৰু উৎপাদন পৰিৱেশে আপডেটসমূহৰ নিয়ন্ত্ৰিত নিয়োজন আৰু নিৰবিচ্ছিন্ন কাৰ্য্যকলাপ নিশ্চিত কৰে।

পৰ্টেলটোৰ স্থাপত্যত এক ব্যাপক সুৰক্ষা পৰিকাঠামো একত্ৰিত কৰা হৈছে। মূল উপাদানসমূহৰ ভিতৰত আছে ভূমিকা-আধাৰিত অভিগম নিয়ন্ত্ৰণ, কেন্দ্ৰীয়কৃত নিৰীক্ষণ প্ৰণালী, সুৰক্ষিত এপিআই-আধাৰিত একত্ৰীকৰণ, স্বয়ংক্ৰিয় ব্যতিক্ৰম পৰিচালনা, সম্পূৰ্ণ অডিট লগিং, সাময়িক সুৰক্ষা মূল্যায়ন আৰু দৈনিক বেকআপ প্ৰণালী। ব্যৱসায়ৰ ধাৰাবাহিকতা আৰু গুৰুত্বপূৰ্ণ অডিট তথ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দুৰ্যোগ পুনৰুদ্ধাৰ প্ৰট’কলবোৰো অন্তৰ্ভুক্ত কৰা হৈছে।

স্থাপত্যটোক ভৱিষ্যতৰ বাবে সাজু মঞ্চ হিচাপে ডিজাইন কৰা হৈছে যি বিপদাশংকা মূল্যায়ন, অডিটৰ অগ্ৰাধিকাৰ আৰু সিদ্ধান্ত সমৰ্থনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, উন্নত বিশ্লেষণ আৰু যন্ত্ৰ শিক্ষণ সঁজুলিসমূহক একত্ৰিত কৰিবলৈ সক্ষম।

মূল বৈশিষ্ট্যসমূহ

গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলে অডিট জীৱন চক্ৰৰ প্ৰতিটো পৰ্যায়কে সমৰ্থন কৰা কাৰ্য্যকলাপৰ এক বিস্তৃত সমষ্টি প্ৰদান কৰে।

সম্পূৰ্ণ ডিজিটেল অডিট মেনেজমেণ্ট

এই প'ৰ্টেলে ব্যৱহাৰকাৰীৰ পঞ্জীয়ন, অডিট পৰিকল্পনা, অডিটৰ সৈতে জড়িত হোৱাৰ প্ৰস্তুতি, অডিট স্মাৰক জাৰী কৰা, অডিট পৰ্যবেক্ষণ, প্ৰতিবেদন প্ৰস্তুত কৰা, অনুমোদন আৰু ৰেকৰ্ড ব্যৱস্থাপনাকে ধৰি অডিট কাৰ্যকলাপৰ সম্পূৰ্ণ অনলাইন ব্যৱস্থাপনাৰ সুবিধা প্ৰদান কৰে।

পদক্ষেপ লোৱা প্ৰতিবেদন আৰু পেৰা নিস্পত্তি

অডিটিছে পোৰ্টেলৰ জৰিয়তে সমৰ্থনকাৰী নথিপত্ৰৰ সৈতে পদক্ষেপ লোৱা প্ৰতিবেদন দাখিল কৰিব পাৰে। অডিটৰসকলে প্ৰতিক্ৰিয়া পৰীক্ষা কৰিব পাৰে, পৰ্যবেক্ষণসমূহ যোগাযোগ কৰিব পাৰে আৰু প্ৰাপ্ত অনুপালনৰ ওপৰত আধাৰিত কৰি অডিট খণ্ডসমূহ ডিজিটেলভাৱে নিষ্পত্তি কৰিব পাৰে।

কেন্দ্ৰীয়কৃত অডিট ভঁৰাল

প্লেটফৰ্মে অডিট ৰেকৰ্ড, পৰ্যবেক্ষণ, প্ৰতিবেদন আৰু অনুপালন প্ৰতিক্ৰিয়াৰ এক ব্যাপক ডিজিটেল ভঁৰাল ৰক্ষণাবেক্ষণ কৰে। ঐতিহাসিক অডিট তথ্য ভৱিষ্যতৰ প্ৰসংগ, প্ৰতিষ্ঠানিক শিক্ষণ আৰু প্ৰৱণতা বিশ্লেষণৰ বাবে সহজে উপলব্ধ হৈ থাকে।

ভূমিকা-ভিত্তিক শাসন পৰিকাঠামো

অডিটাৰ, অডিটি, অনুমোদন কৰা কৰ্তৃপক্ষ, কাৰ্যসূচী বিভাগ, ৰাজ্য চৰকাৰ, জিলা পৰ্যায়ৰ ব্যৱহাৰকাৰী আৰু প্ৰমাণিত আভ্যন্তৰীণ অডিটৰসকলক সমৰ্পিত প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয়। ই সকলো অংশীদাৰৰ সুৰক্ষিত আৰু গঠনমূলক অংশগ্ৰহণ নিশ্চিত কৰে।

ৰিয়েল-টাইম নিৰীক্ষণ আৰু বিশ্লেষণ

ইণ্টাৰেক্টিভ ডেশ্ববৰ্ডে অডিট কভাৰেজ, বাকী থকা পৰ্যবেক্ষণ, এ টি আৰ অনুপালন, বিত্তীয় অনিয়ম, অডিট প্ৰদৰ্শন আৰু ৰূপায়ণৰ প্ৰৱণতাৰ ওপৰত বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰে। সিদ্ধান্ত গ্ৰহণকাৰীসকলে একাধিক প্ৰশাসনিক পৰ্যায়ত একত্ৰিত তথ্য লাভ কৰিব পাৰে।

মানচিত্ৰৰ জৰিয়তে ভূস্থানিক নিৰীক্ষণ

পোৰ্টেলৰ আটাইতকৈ উদ্ভাৱনীমূলক বৈশিষ্ট্যবোৰৰ ভিতৰত এটা হ’ল মানচিত্ৰ অৰ্থা মেপ ভিউ  মডিউল, যি সমগ্ৰ ভাৰতত অডিট কাৰ্যকলাপৰ এক ভূস্থানিক দৃশ্যায়ন প্ৰদান কৰে। এই মডিউলে এক স্বজ্ঞাত মানচিত্ৰ-আধাৰিত আন্তঃপৃষ্ঠৰ জৰিয়তে অডিট কভাৰেজৰ নিৰীক্ষণ, অডিট দলৰ নিয়োজন, পেৰা ছেটেলমেণ্ট স্থিতি আৰু অনুপালন সঁহাৰি সক্ষম কৰে। গুৰুত্বপূৰ্ণভাৱে, মডিউলে অডিট ইউনিটবোৰ চিনাক্ত কৰে যিবোৰ কেতিয়াও অডিট কৰা হোৱা নাই, যাৰ ফলত লক্ষ্যযুক্ত হস্তক্ষেপ, সম্পদৰ অনুকূল নিয়োজন আৰু অডিট কাৰ্যকলাপৰ বিপদাশংকা-আধাৰিত অগ্ৰাধিকাৰ সক্ষম কৰে।

বহুভাষিক আৰু ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠ

পৰ্টেলটো স্বজ্ঞাত কাৰ্য্যপ্ৰবাহ, পৰিকল্পিত দিক নিৰ্দেশনা আৰু ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠৰ জৰিয়তে ব্যৱহাৰৰ সূচলতা আৰু বিস্তৃত অভিগম্যতা নিশ্চিত কৰিবলৈ ডিজাইন কৰা হৈছে।

কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত বিশ্লেষণ

মন্ত্ৰালয়ে ক্ৰমান্বয়ে এআই-সক্ষম কাৰ্য্যকলাপসমূহক পৰ্টেল পৰিৱেশতন্ত্ৰত একত্ৰিত কৰি আছে। এই ক্ষমতাসমূহে বুদ্ধিমান অডিট পৰিকল্পনা, উচ্চ-বিপদাশংকাৰ সত্তাৰ চিনাক্তকৰণ, ভৱিষ্যদ্বাণীমূলক বিশ্লেষণ, আৰ্হি চিনাক্তকৰণ আৰু প্ৰমাণ-আধাৰিত সিদ্ধান্ত গ্ৰহণত সহায় কৰিব বুলি আশা কৰা হৈছে। এআই-চালিত অডিট সাহায্যৰ প্ৰৱৰ্তনে মন্ত্ৰালয়ৰ ভিতৰত ডিজিটেল অডিট প্ৰশাসনৰ বিকাশৰ পৰৱৰ্তী পৰ্যায়ক প্ৰতিনিধিত্ব কৰে।

প্ৰভাৱ আৰু ফলাফল

গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলৰ ৰূপায়ণৰ ফলত অডিট প্ৰশাসনৰ ফলাফলত উল্লেখযোগ্য উন্নতি ঘটিছে।

প'ৰ্টেলটোৱে অডিট প্ৰতিবেদন প্ৰণালীবোৰ প্ৰামাণিক কৰিছে আৰু কাৰ্যসূচী তথা স্থানত অডিট পৰ্যবেক্ষণসমূহ পৰিচালনা কৰাৰ বাবে একে ধৰণৰ পৰিকাঠামো প্ৰতিষ্ঠা কৰিছে। অডিট ৰেকৰ্ডসমূহ এতিয়া ডিজিটেলভাৱে ৰক্ষণাবেক্ষণ কৰা হয়, যাৰ ফলত উন্নত সন্ধানযোগ্যতা, অভিগম্যতা আৰু প্ৰতিষ্ঠানিক জ্ঞানৰ সংৰক্ষণ নিশ্চিত হয়।

বাস্তৱ-সময় নিৰীক্ষণ ক্ষমতাসমূহে নিৰীক্ষণ যথেষ্ট উন্নত কৰিছে আৰু সময়োপযোগী হস্তক্ষেপ সক্ষম কৰিছে। পদক্ষেপ লোৱা প্ৰতিবেদন আৰু পেৰা ছেটেলমেণ্ট স্থিতিৰ ডিজিটেল ট্ৰেকিংৰ জৰিয়তে অনুপালন ব্যৱস্থাপনা অধিক স্বচ্ছ হৈ পৰিছে।

মঞ্চখনে ভৌতিক ৰেকৰ্ড, হস্তচালিত চিঠিপত্ৰ আৰু খণ্ডিত যোগাযোগ মাধ্যমৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। স্বয়ংক্ৰিয় কৰ্মপ্রবাহে অনুমোদন ত্বৰান্বিত কৰিছে, পদ্ধতিগত বিলম্ব হ্ৰাস কৰিছে আৰু অংশীদাৰসকলৰ মাজত সমন্বয় উন্নত কৰিছে।

বিশ্লেষণাত্মক ডেশ্বব’ৰ্ডৰ উপলভ্যতাই মন্ত্ৰালয়ৰ প্ৰৱণতা চিনাক্ত কৰা, বিপদাশংকাৰ মূল্যায়ন কৰা আৰু ৰূপায়ণৰ মান নিৰীক্ষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰিছে। ফলস্বৰূপে, আভ্যন্তৰীণ অডিট এক অনুপালন-কেন্দ্ৰিক অনুশীলনৰ পৰা কাৰ্যসূচীৰ ফলপ্ৰসূতা আৰু প্ৰশাসনৰ সংস্কাৰক সমৰ্থন কৰা এক কৌশলগত ব্যৱস্থাপনা সঁজুলিলৈ বিকশিত হৈছে।

ৰাষ্ট্ৰীয় স্বীকৃতি আৰু গ্ৰহণ

গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলৰ সফলতাই ৰাষ্ট্ৰীয় পৰ্যায়ত এক আদৰ্শ ডিজিটেল প্ৰশাসন পদক্ষেপ হিচাপে স্বীকৃতি লাভ কৰিছে।

ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ স্বীকৃতি স্বৰূপে, ব্যয় বিভাগৰ বিত্ত মন্ত্ৰালয়ৰ কণ্ট্রোলাৰ জেনেৰেল অৱ একাউণ্টছ (চিজিএ)-ৰ কাৰ্যালয়ে কাৰ্যালয় স্মাৰক নম্বৰ I-104/2024-আই টি ডি-চি জি এ/ই-19788/621এ ৯ডিচেম্বৰ ২০২৫ ত সকলো প্ৰধান মুখ্য একাউণ্ট নিয়ন্ত্ৰণকাৰীৰ মাজত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ আভ্যন্তৰীণ অডিট মডিউল ৰূপায়ণৰ বাবে অসামৰিক মন্ত্ৰালয় আৰু বিভাগসমূহৰ মুখ্য একাউণ্ট নিয়ন্ত্ৰক ( মুখ্য চি চি এ) আৰু একাউণ্ট নিয়ন্ত্ৰক (চি এ)ৰ কাৰ্যালয়সমূহক নীতিগত অনুমোদন প্ৰদান কৰে।

কাৰ্যালয় স্মাৰক পত্ৰখনে গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলক বিপদাশংকা-আধাৰিত আৰু অনুপালন অডিট দুয়োটাকে সামৰি লোৱা আভ্যন্তৰীণ অডিটৰ সম্পূৰ্ণ ব্যৱস্থাপনাৰ বাবে প্ৰথমখন একত্ৰিত ডিজিটেল মঞ্চ হিচাপে স্বীকৃতি প্ৰদান কৰে। ই অডিট পৰিকল্পনা, সম্পৰ্ক অনুমোদন, অডিট স্মাৰক, পৰ্যবেক্ষণৰ বাস্তৱ-সময় ব্যৱস্থাপনা, পেৰা-ৱাইজ বিত্তীয় ট্ৰেকিং, অডিট প্ৰতিবেদন সৃষ্টি আৰু কাৰ্য্য গ্ৰহণ প্ৰতিবেদনৰ ডিজিটেল প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত প’ৰ্টেলৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰে। এই স্বীকৃতিয়ে ভাৰতত ডিজিটেল ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনাৰ বিকাশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে আৰু গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলক সমগ্ৰ চৰকাৰত আভ্যন্তৰীণ অডিট প্ৰশাসন শক্তিশালী কৰাৰ বাবে এক মান মঞ্চ হিচাপে স্থাপন কৰিছে।

ভৱিষ্যতৰ পথ

গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে গ্ৰাম্য আভ্যন্তৰীণ অডিট পৰ্টেলক এক নিৰন্তৰ বিকশিত মঞ্চ হিচাপে কল্পনা কৰিছে যিয়ে প্ৰশাসন আৰু দায়বদ্ধতাক শক্তিশালী কৰিবলৈ উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব। ভৱিষ্যতৰ উন্নতিবোৰৰ ভিতৰত আছে কৃত্ৰিম বুদ্ধিমত্তাৰ গভীৰ একত্ৰীকৰণ, উন্নত বিপদাশংকা-স্ক’ৰিং প্ৰণালী, ভৱিষ্যদ্বাণীমূলক বিশ্লেষণ, বুদ্ধিমান অডিট পৰিকল্পনা সঁজুলি আৰু উন্নত ব্যৱস্থাপনা ডেশ্বব’ৰ্ড। এই উদ্ভাৱনসমূহে প্ৰমাণ-আধাৰিত শাসনক সমৰ্থন কৰাৰ লগতে আভ্যন্তৰীণ অডিটৰ মান, দক্ষতা আৰু কৌশলগত প্ৰাসংগিকতা অধিক উন্নত কৰিব।

 

*****

RC/PU/MK


(रिलीज़ आईडी: 2278975) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Gujarati , Odia , Tamil , Malayalam