প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ৰ ১৩৫সংখ্যক খণ্ডত দিয়া ভাষণৰ আভাস ভাগ-বতৰা কৰে
प्रविष्टि तिथि:
28 JUN 2026 8:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মন কি বাত'ৰ ১৩৫সংখ্যক খণ্ডত তেওঁৰ ভাষণৰ আভাস ভাগ-বতৰা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে :
নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ জগতখনৰ ইতিবাচক উন্নয়নেৰে আৰম্ভ কৰিলোঁ আজিৰ #MannKiBaat।
পুৰণি মানসিকতা সলনি কৰি আনৰ প্ৰতি সহমৰ্মিতা দেখুৱাবলৈ সক্ষম হোৱা অসমৰ ভাই-ভনীসকলক লৈ গৌৰৱান্বিত।#MannKiBaat
নাগালেণ্ডৰ ক্ৰীড়া প্ৰচাৰৰ বাবে এই ২টা পদক্ষেপ আপোনালোকে ভাল পাব... #MannKiBaat
বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কেনেদৰে পৰম্পৰা আৰু আধুনিকতাৰ সুন্দৰ সংমিশ্ৰণ ঘটাইছে ইয়াত সেয়া মন কৰক। #MannKiBaat
ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা আকৰ্ষণৰ বাবে ডমিনিকান ৰিপাব্লিকৰ বৈদিক মন্ত্ৰ জপ গোট ব্ৰহ্মকমল ডমিনিকানৰ প্ৰচেষ্টাৰ শলাগ লয়। #MannKiBaat
মেঘালয়ৰ জনসাধাৰণে ‘শিপাৰ দলং’-ক যিদৰে সংৰক্ষণ কৰি ৰাখিছে তাক লৈ ভাৰতে গৌৰৱ অনুভৱ কৰে। #MannKiBaat
আমি ভাৰতীয়সকলে বাৰে বাৰে প্ৰমাণ কৰি আহিছোঁ যে জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তি আমাৰ সৰ্বোচ্চ সম্পদ। মই অত্যন্ত সুখী যে পশ্চিম এছিয়াৰ সংকটৰ সময়ত মই যিসকল লোকক আবেদন জনাইছিলোঁ তেওঁলোকে ইয়াক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰাই নহয়, তেওঁলোকৰ সম্পূৰ্ণ সহযোগো আগবঢ়াইছে। #MannKiBaat
নান্দেৰ বাহাদুৰপুৰাৰ পেঠকাৰ পৰিয়ালে বিয়া উপলক্ষে গাঁওবাসীক দুৰ্ঘটনা বীমা প্ৰদান কৰি এক নতুন নিদৰ্শন দাঙি ধৰিছে। সংকটৰ সময়ত মানুহৰ বাবে সুৰক্ষামূলক ঢাল প্ৰদান কৰা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা সম্পৰ্কে তথ্য আপোনালোকৰ পৰিয়ালৰ সৈতে ভাগ-বতৰা কৰিবলৈ আহ্বান জনালোঁ। #MannKiBaat
মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ বিয়াওৰাৰ মহিলাসকলে আৱৰ্জনাৰে আশ্চৰ্য সৃষ্টি কৰিছে। তেওঁলোকে সমূহীয়াভাৱে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰিছিল, আৰু ইয়াৰ পৰা তৈয়াৰী ইক’-ব্ৰিকবোৰ এতিয়া চহৰখনৰ সৌন্দৰ্য বৃদ্ধিত অতি উপযোগী বুলি প্ৰমাণিত হৈছে। #MannKiBaat
সমাগত গণেশ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি গণপতি বাপ্পাৰ মূৰ্তি নিৰ্মাতা আৰু ইয়াৰ ক্ৰেতাসকললৈ মোৰ বিশেষ অনুৰোধ... #MannKiBaat
***
MJPS/SS/VJ/KD
(रिलीज़ आईडी: 2278772)
आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam