প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 19 JUN 2026 8:35PM by PIB Guwahati

মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।

আজি এই কাৰ্যসূচীৰ সৈতে জড়িত যুৱ সতীৰ্থসকলৰ মাজত মই ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ছবিখন দেখা পাইছো। মাত্ৰ কেইঘণ্টামান আগতে মই ফ্ৰান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণ সামৰি উভতি আহিছো। মই জি-৭ সন্মিলনত উন্নত দেশসমূহৰ নেতাসকলক সাক্ষাৎ কৰিছিলো। সমগ্ৰ বিশ্বই আজি ভাৰতৰ যুৱ শক্তিৰ কথা পাতিছে। সকলোতে ভাৰতৰ প্ৰতিভা, দক্ষতা আৰু সম্ভাৱনীয়তাৰ চৰ্চা চলিছে। বিশ্বে ভাৰতৰ যুৱপ্ৰজন্মৰ সামৰ্থ্যক প্ৰকৃততে স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু এনে এক সময়ত, আমাৰ প্ৰয়াস হৈছে যাতে ভাৰতৰ প্ৰতিগৰাকী যুৱকে নিজৰ সামৰ্থ্যক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে। এই দৃষ্টিভংগীৰেই ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ শুভাৰম্ভ কৰা হৈছে। এই নিয়োগ আঁচনিখন সাধাৰণ কৰ্মসংস্থাপন আঁচনিৰ ধাৰণাতকৈ বহু ওপৰত, ই হৈছে এনে এক আঁচনি, যিয়ে প্ৰথম চাকৰি লাভ কৰা যুৱক-যুৱতীসকলৰ সপোনক সৱলীকৰণ কৰে। ই হৈছে যুৱপ্ৰজন্ম আৰু উদ্যোগসমূহৰ মাজত এক শক্তিশালী সেতু গঢ়ি তোলাৰ আঁচনি।

বন্ধুসকল,

সাধাৰণতে আঁচনিসমূহ হয় কৰ্মচাৰীৰ বাবে, নহয় উদ্যোগসমূহৰ বাবে প্ৰস্তুত কৰা হয়। কিন্তু এইখন এনে এখন আঁচনি, যিয়ে দুয়ো পক্ষকে মোৰ সক্ষম যুৱক, সমৃদ্ধিশালী যুৱকক ভৱিষ্যতৰ দিশে আৰু ঔদ্যোগিক বিকাশৰ দিশে একেলগে আগুৱাই লৈ যায়। যেতিয়া এজন যুৱকে নিজৰ প্ৰথম চাকৰি আৰম্ভ কৰে, তেতিয়া চৰকাৰ তেওঁৰ কাষত থিয় দিয়ে। আৰু সেইবাবেই, উদ্যোগপতিজনেও অনুভৱ কৰে যে এইজন ব্যক্তি অকলে অহা নাই, সমগ্ৰ চৰকাৰ তেওঁৰ পিছত থিয় দিছে। ইয়াৰ বাবেই তেনে যুৱক-যুৱতীৰ প্ৰতি উদ্যোগপতিজনৰ দৃষ্টিভংগী সলনি হৈ যায়। আৰু যিবোৰ প্ৰতিষ্ঠানে নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰে, চৰকাৰে সেইবোৰকো উৎসাহিত কৰে। পূৰ্বতে ইয়াৰ কিছুমান নিয়ম আৰু ব্যৱস্থা এনেকুৱা আছিল যে মানুহে ডাঙৰ হ’বলৈ অলপ ভয় কৰিছিল, ভাবিছিল যে যদি তেওঁলোক ডাঙৰ হয়, তেন্তে তেওঁলোক বিভিন্ন বাধা-নিষেধৰ মাজত আৱদ্ধ হৈ পৰিব। গতিকে তেওঁলোকে সৰু হৈ থকাটোৱেই ভাল বুলি ভাবিছিল। আৰু যদি বিকাশৰ সম্ভাৱনা আছিল, তেওঁলোকে ভাবিছিল যে বিস্তাৰ কৰাৰ পৰিৱৰ্তে, বলক আন এটা সৰু উদ্যোগ আৰম্ভ কৰোঁ। আজি সেই মানসিকতা সলনি হৈছে। সকলোৱে ডাঙৰ হোৱাৰ সাহস পাব লাগে, তেওঁলোকৰ আশাৰ ডেউকা গজিব লাগে আৰু উদ্যোগসমূহকো ইয়াৰ প্ৰয়োজন আছে। এই আঁচনিয়ে সেই দুৱাৰখন খুলি দিছে আৰু এইটোৱেই ইয়াৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। অলপ সময় আগতে মই কিছুমান হিতাধিকাৰী যুৱক-যুৱতীৰ সৈতে বহি তেওঁলোকৰ অভিজ্ঞতা শুনিলোঁ। কোনোবাই প্ৰথম চাকৰি পাইছিল আৰু কোনোবাই আকৌ এই আঁচনিৰ অধীনত আনক চাকৰি দিছিল। সঁচা ক’বলৈ গ’লে, সেই যুৱক-যুৱতীসকলৰ আত্মবিশ্বাস আছিল অসাধাৰণ, এনে লাগিছিল যেন তেওঁলোকে পৃথিৱী জয় কৰিছে। তেওঁলোকৰ সপোন, তেওঁলোকৰ বিশ্বাস—এয়াই প্ৰকৃততে আমাৰ আটাইতকৈ ডাঙৰ মূলধন।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ সহযোগত এতিয়ালৈকে প্ৰায় ৭০ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। প্ৰায় ৭০ লাখ প্ৰথমবাৰৰ কৰ্মচাৰীয়ে সামাজিক সুৰক্ষাৰ কৱচ লাভ কৰিছে। প্ৰায় ২০ লাখ যুৱকে ইতিমধ্যে নিজৰ প্ৰথম চাকৰিত ছয় মাহ সম্পূৰ্ণ কৰিছে। আৰু আজি, এই যুৱ সতীৰ্থসকলৰ ভিতৰত প্ৰায় ১০ লাখ লোকে নিজৰ প্ৰথম চাকৰিত ছয় মাহ সম্পূৰ্ণ কৰাৰ পিছত হিতাধিকাৰী হিচাপে এই আঁচনিৰ অধীনত উদগনিমূলক ধন লাভ কৰিছে। ২,০০০ কোটিতকৈও অধিক টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হৈছে। এই ধনৰাশি কেৱল আৰ্থিক সহায় নহয়, এয়া তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰতি সন্মান। এয়া হৈছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি দেশৰ বিশ্বাসৰ প্ৰকাশ।

বন্ধুসকল,

মই সেইবোৰ প্ৰতিষ্ঠানৰ বাবেও সমানেই আনন্দিত, যিবোৰে আমাৰ যুৱক-যুৱতীসকলক সুযোগ দিছে, তেওঁলোকৰ মাজত থকা সুপ্ত সম্ভাৱনাক চিনাক্ত কৰিছে আৰু সেইবাবেই, যিসকলে এই সুযোগসমূহ প্ৰদান কৰিছে তেওঁলোকো সমানেই প্ৰশংসাৰ পাত্ৰ। এইসমূহ প্ৰতিষ্ঠানেই শেহতীয়া মাহবোৰত লাখ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। আৰু এইমাত্ৰ, মনসুখ ভাইয়ে যিবোৰ পৰিসংখ্যা দাঙি ধৰিলে, মই আশা কৰোঁ সংবাদ মাধ্যমে এই সংখ্যাবোৰৰ প্ৰতি গুৰুত্ব দিব। দেশৰ জনসাধাৰণ এই কথা জানি আনন্দেৰে উপচি পৰিব যে ইমান এক বৃহৎ প্ৰয়াস চলি আছে। এই পৰিসংখ্যা আৰু অভিজ্ঞতাই স্পষ্ট কৰি দিয়ে যে যেতিয়া চৰকাৰ, যুৱপ্ৰজন্ম আৰু উদ্যোগ একেলগে আগবাঢ়ে, তেতিয়া সংস্থাপন সৃষ্টিৰ গতি বহুগুণে বৃদ্ধি পায়। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা হৈছে এই নতুন ভাৰতৰ পৰিচয়—এক এনে ভাৰত য’ত যুৱপ্ৰজন্মই সুযোগ পায়, উদ্যোগে উৎসাহ লাভ কৰে আৰু কৰ্মসংস্থাপন সৃষ্টি এক ৰাষ্ট্ৰীয় অভিযানত পৰিণত হয়।

বন্ধুসকল,

ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া দেশসমূহৰ ভিতৰত অন্যতম। গতিকে, বিকশিত ভাৰতৰ পথো আমাৰ যুৱপ্ৰজন্মৰ সপোন, দক্ষতা আৰু সামৰ্থ্যৰ মাজেৰেই আগবাঢ়ি যাব। আমাৰ প্ৰয়াস হৈছে যাতে দেশৰ প্ৰতিগৰাকী যুৱকে নিজৰ ক্ষমতা অনুসৰি উন্নতি কৰিব পাৰে। যাৰ প্ৰতিভা আছে তেওঁ সুযোগ পাব লাগে। যাৰ ধাৰণা আছে তেওঁ উদ্ভাৱনৰ বাবে এক মঞ্চ পাব লাগে। আৰু যিয়ে নিজাববীয়াকৈ কিবা এটা অৰ্জন কৰিব বিচাৰে তেওঁ পূৰ্ণ সহযোগিতা পাব লাগে। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাৰতৰ দৰে এখন যুৱপ্ৰধান দেশত সুযোগৰ উৎস যিমানেই বেছি হ’ব, যুৱক-যুৱতীসকলৰ সপোনৰ উৰণো সিমানেই উচ্চ হ’ব। এই দৃষ্টিভংগীৰেই বিগত ১২ বছৰত নিয়োগৰ প্ৰতিটো পথ শক্তিশালী কৰা হৈছে। আন্তঃগাঁথনিৰ পৰা উদ্ভাৱনলৈ, উৎপাদনৰ পৰা ডিজিটেল অৰ্থনীতিলৈ, মহাকাশৰ পৰা ষ্টাৰ্টআপলৈ—প্ৰতিটো খণ্ডতে নতুন নতুন সুযোগৰ সৃষ্টি কৰা হৈছে। মেক ইন ইণ্ডিয়া অভিযান, ভোকাল ফৰ লোকেল, স্থানীয় সামগ্ৰীক বিশ্বজনীন কৰাৰ মিছন, মিছন মেনুফেকচাৰিং, এই সকলোবোৰ উদ্যোগে দেশত চাকৰি আৰু আত্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিছে। আজি গাড়ীৰ পৰা আৰম্ভ কৰি মেট্ৰ’ কোচ, ৰেলৰ ডবাৰ পৰা প্ৰতিৰক্ষা সঁজুলিলৈকে বহু খণ্ডত ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ভাৰতত উৎপাদন বৃদ্ধি পাইছে, কাৰখানাসমূহ বৃদ্ধি পাইছে আৰু তাত কাম কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।

বন্ধুসকল,

বিগত ১২ বছৰত ভাৰত চৰকাৰৰ নীতি আৰু সিদ্ধান্তসমূহে দেশত কৰ্মসংস্থাপনৰ নতুন নতুন খণ্ড ধাৰাবাহিকভাৱে সৃষ্টি কৰিছে। আজি আন্তঃগাঁথনি খণ্ডত ১২ লাখ কোটিতকৈও অধিক টকাৰ বিনিয়োগ লাখ লাখ যুৱক-যুৱতীৰ ভেটি হৈ পৰিছে। মুদ্ৰা যোজনাৰ অধীনত ৩৩ লাখ কোটিতকৈও অধিক টকাৰ সাহাৰ্যই কোটি কোটি যুৱক-যুৱতীক নিজৰ কাম আৰম্ভ কৰাৰ সুযোগ দিছে। ১০ কোটিতকৈও অধিক মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে, আৰু ৩ কোটিতকৈও অধিক মহিলা “লখপতি দিদি” হৈ পৰিছে। স্বনিধি আৰু পিএম বিশ্বকৰ্মাৰ দৰে পদক্ষেপসমূহে ক্ষুদ্ৰ উদ্যোগী, পদপথৰ ব্যৱসায়ী আৰু পৰম্পৰাগত শিল্পীসকলক নতুন প্ৰযুক্তি, নতুন বিত্তীয় সাহায্য আৰু নতুন শক্তি প্ৰদান কৰিছে। মই অলপতে কথা পাতি থকা যুৱক-যুৱতীসকলৰ ভিতৰত আইটিআই পাছ কৰা এজন যুৱকে অতি উৎসাহেৰে ড্ৰোন নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল। মই আপোনালোকক ড্ৰোন খণ্ডৰে এটা উদাহৰণ দিওঁ। দৰব যোগান ধৰাই হওক, কীটনাশক ছটিয়াই হওক, স্বামিত্ব আঁচনিৰ অধীনত মেপিঙেই হওক বা প্ৰতিৰক্ষাত ব্যৱহাৰেই হওক—দেশত ড্ৰোনৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আৰু ড্ৰোনৰ এই ক্ৰমবৰ্ধমান ব্যৱহাৰে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সৃষ্টি কৰিছে। সেই যুৱকজনে, মাত্ৰ আইটিআই পাছ কৰি ওলাই অহাৰ পিছতো আত্মবিশ্বাসেৰে কৈছিল: “কেৱল ড্ৰোনৰ ভিডিঅ’ চাই নাথাকিব, নিজে ড্ৰোন বনাবলৈ আৰম্ভ কৰক, আপুনি কৰিব পাৰিব।” তেওঁ ইমান আত্মবিশ্বাসেৰে কথা কৈছিল। মহাকাশ খণ্ড মুকলি কৰি দিয়াৰ আমাৰ চৰকাৰৰ সিদ্ধান্তই যুৱপ্ৰজন্মক যথেষ্ট উপকৃত কৰিছে।

বন্ধুসকল,

বিগত দশকত ডিজিটেল অৰ্থনীতিয়েও সুযোগৰ এক সম্পূৰ্ণ নতুন পৃথিৱী সৃষ্টি কৰিছে। গিগ অৰ্থনীতি, প্লেটফৰ্ম অৰ্থনীতি, কণ্টেণ্ট ক্ৰিয়েচন বা প্ৰযুক্তি সেৱাই হওক, কৰ্মসংস্থাপনৰ নতুন নতুন ক্ষেত্ৰ দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে। এসময়ত যিবোৰ সুযোগ কল্পনাৰো অগোচৰ আছিল, সেইবোৰ এতিয়া লাখ লাখ যুৱক-যুৱতীৰ আয়ৰ উৎস হৈ পৰিছে। ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰতো একে ধৰণৰ পৰিৱৰ্তন দৃশ্যমান হৈছে। এসময়ত দেশত প্ৰায় ৫০০টা ষ্টাৰ্টআপ আছিল। আজি ২,০০,০০০তকৈও অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আছে আৰু আপোনালোকে দেশৰ প্ৰতিটো জিলাতে ষ্টাৰ্টআপ বিচাৰি পাব। এই পৰিসংখ্যাই এই আত্মবিশ্বাস জগাই তোলে যে ভাৰতৰ যুৱপ্ৰজন্মই অনাগত বছৰবোৰত বিকাশ, উদ্ভাৱন আৰু উদ্যোগী মনোভাৱৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্ব ভাৰতৰ ভৱিষ্যতক লৈ উৎসাহিত। ভাৰতৰ যুৱ শক্তিৰ প্ৰতি সকলোৰে আস্থা আছে। আপোনালোকে নিশ্চয় ফ্ৰান্সত অনুষ্ঠিত গ্ৰেণ্ড “ইণ্ডিয়া ইনোভেটছ” কাৰ্যসূচী প্ৰত্যক্ষ কৰিছে। এআই, মহাকাশ, সেউজ শক্তি, জৈৱ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত ভাৰতৰ ষ্টাৰ্টআপ আৰু গোলকীয় বিনিয়োগকাৰীসকল এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে, একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিছে। আজি ভাৰতে বিশ্বৰ সৈতে নতুন বাণিজ্যিক চুক্তি সম্পন্ন কৰিছে, যিবোৰ চুক্তিয়ে ভাৰতৰ উদ্যোগসমূহৰ বাবে নতুন বজাৰ মুকলি কৰিছে, যিবোৰ চুক্তিয়ে ভাৰতৰ পেছাদাৰীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। শেহতীয়া মাহবোৰত কেইবাখনো ইউৰোপীয় দেশৰ সৈতেও কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিসমূহ দেশত লাখ লাখ নতুন কৰ্মসংস্থাপন সৃষ্টিৰ মাধ্যম হৈ পৰিছে।

বন্ধুসকল,

বিশ্বই ভৱিষ্যতৰ অৰ্থনীতিৰ বাবে প্ৰস্তুতি চলাইছে। আৰু ভাৰতে ভৱিষ্যতৰ অৰ্থনীতিক নেতৃত্ব দিবলৈ সাজু হৈছে। বিশ্ব ভৱিষ্যতৰ প্ৰযুক্তিৰ দিশে আগবাঢ়িছে আৰু ভাৰতে নিজৰ যুৱপ্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু কৰিবলৈ কাম কৰি আছে। ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে এয়া আটাইতকৈ ডাঙৰ সুযোগ, আৰু আমি ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব।

বন্ধুসকল,

বিগত ১২ বছৰত ভাৰতৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আন এক ডাঙৰ পৰিৱৰ্তন ঘটিছে। এই সন্দৰ্ভত প্ৰায়েই কম চৰ্চা হয়, কিন্তু বিকশিত ভাৰতৰ যাত্ৰাত ইয়াৰ গুৰুত্ব অপৰিসীম। এই পৰিৱৰ্তন হৈছে কৰ্মসংস্থাপনক সুৰক্ষা আৰু মৰ্যাদাৰ সৈতে সংযোজিত কৰা। আমাৰ দৃষ্টিভংগী হৈছে সুৰক্ষিত কৰ্মসংস্থাপন। আমাৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষা। সেইবাবেই আজি প্ৰযুক্তিৰ জৰিয়তে ইপিএফঅ’ ব্যৱস্থাটোক আধুনিকীকৰণ কৰা হৈছে। পেঞ্চনৰ ব্যৱস্থা অধিক সৰল আৰু সুলভ কৰা হৈছে। লাখ লাখ নতুন শ্ৰমিকক স্বাস্থ্য বীমা আৰু সুলভ চিকিৎসা সুবিধাৰ সৈতেও সংযোগ কৰা হৈছে।

বন্ধুসকল,

আমি এই দৃষ্টিভংগীৰেই শ্ৰম সংস্কাৰকো আগুৱাই লৈ গৈছোঁ। নতুন শ্ৰম সংহিতাসমূহৰ  উদ্দেশ্য হৈছে শ্ৰমিকসকলক অধিক সুৰক্ষা, অধিক স্বচ্ছতা আৰু অধিক অধিকাৰ প্ৰদান কৰা। নিযুক্তি পত্ৰক আইনী স্বীকৃতি দিয়াই হওক, নিৰ্দিষ্ট ম্যাদৰ কৰ্মচাৰীৰ বাবে সমান সুবিধা নিশ্চিত কৰাই হওক, বা নূন্যতম মজুৰিৰ পৰিসৰ সম্প্ৰসাৰণ কৰাই হওক, প্ৰতিটো প্ৰয়াসৰে লক্ষ্য হৈছে শ্ৰমিকৰ মৰ্যাদা আৰু সুৰক্ষা দুয়োটাকে শক্তিশালী কৰা।

বন্ধুসকল,

আমাৰ মহিলা শক্তিয়ে আজি প্ৰতিটো ক্ষেত্ৰতে নতুন উচ্চতাত উপনীত হৈছে। গতিকে মহিলাসকলৰ বাবে এনে এক পৰিৱেশ সৃষ্টি কৰা হৈছে যি সুৰক্ষিত, সন্মানীয় আৰু সুযোগেৰে ভৰা। নাইট শ্বিফ্টৰ সৈতে জড়িত পুৰণি বাধা-নিষেধসমূহ সলনি কৰাই হওক, ৱৰ্ক ফ্ৰম হোমৰ সুবিধা প্ৰদান কৰাই হওক, বা সুৰক্ষিত কৰ্মক্ষেত্ৰ নিশ্চিত কৰাই হওক, আমি মহিলাসকলৰ অংশগ্ৰহণ আৰু অধিক শক্তিশালী কৰিছোঁ।

বন্ধুসকল,

আজি উদ্যোগ জগতৰ মোৰ বহুসংখ্যক সতীৰ্থও ইয়াত উপস্থিত আছে। আপোনালোক সকলোৰে ওচৰত মোৰ এটা অনুৰোধ আছে। একবিংশ শতিকাত সুযোগ সেইবোৰ দেশলৈ যাব যাৰ ওচৰত দক্ষ প্ৰতিভা, উদ্ভাৱন আৰু গুণগত মান  আছে। আৰু আজি ভাৰতৰ ওচৰত এই তিনিওটা ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ অভূতপূৰ্ব ক্ষমতা আছে। সেইবাবেই মই ভাৰতৰ উদ্যোগ জগতক ক’ব বিচাৰোঁ, আজি আমাৰ সন্মুখত থকা সুযোগসমূহক আমি সম্পূৰ্ণ শক্তিৰে আঁকোৱালি ল’ব লাগিব। আমি নতুন নতুন বজাৰত উপনীত হ’ব লাগিব। আমি নতুন সামগ্ৰী সৃষ্টি কৰিব লাগিব। আমি বিশ্বৰ শ্ৰেষ্ঠ কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব। কাৰণ আজি বিশ্বই ভাৰতৰ বাবে দুৱাৰ মেলি দিছে। আগতে আমাৰ বাবে এখন খিৰিকীও খোলা নাছিল, বন্ধুসকল, আজি দুৱাৰ মুকলি হৈছে। ভাৰতে প্ৰায় ৪০খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে, আৰু আমি ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব। এই চুক্তিসমূহে নতুন বজাৰৰ সৃষ্টি কৰিছে, নতুন বজাৰসমূহ সুলভ কৰি তুলিছে, আৰু সমগ্ৰ বিশ্বতে ‘মেক ইন ইণ্ডিয়া’ ব্ৰেণ্ডৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। গতিকে বন্ধুসকল, আমি এই সুযোগবোৰ হাতৰ পৰা পিছলি যাবলৈ দিব নালাগে।

বন্ধুসকল,

যেতিয়া লক্ষ্য ডাঙৰ হয়, তেতিয়া সাফল্যও ডাঙৰ হয়। যেতিয়া দৃষ্টিভংগী বিশ্বজোৰা হয়, তেতিয়া সফলতা আৰু পৰিসীমা স্বাভাৱিকতে সম্প্ৰসাৰিত হয়। সেইবাবেই প্ৰশিক্ষণ, পৰামৰ্শ আৰু ইণ্টাৰ্ণশ্বিপ এতিয়া আৰু বৈকল্পিক হৈ থকা নাই, এইবোৰ একবিংশ শতিকাৰ প্ৰয়োজনীয়তা। ভাৰতৰ ঔদ্যোগিক খণ্ডই নিজৰ বাবে এক দক্ষ কৰ্মবাহিনী প্ৰস্তুত কৰিব লাগিব আৰু ভৱিষ্যতৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব লাগিব। কাৰণ বিকশিত ভাৰতৰ পথ কেৱল বিনিয়োগেৰে নিৰ্মাণ নহয়, ই প্ৰতিভা, দক্ষতা আৰু উদ্ভাৱনৰ শক্তিৰে নিৰ্মাণ হ’ব। আৰু এই সমগ্ৰ যাত্ৰাৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটো কেৱল এটা কথাই, যিটো মই উদ্যোগ জগতৰ মোৰ সতীৰ্থসকলক বাৰে বাৰে সোঁৱৰাই দিওঁ, এই সকলোবোৰ পৰিস্থিতিৰ সুযোগ লোৱাৰ আটাইতকৈ শক্তিশালী উপায় হ’ল ‘গুণগত মান’। শিক্ষাৰ গুণগত মান। দক্ষতাৰ গুণগত মান। সেৱাৰ গুণগত মান। সামগ্ৰীৰ গুণগত মান। আনকি পেকেজিঙৰো গুণগত মান। যদি আমি পৃথিৱীত বৰ্তি থাকিব বিচাৰোঁ, তেন্তে আমি সৰ্বোচ্চ বিশ্বমানদণ্ড পূৰণ কৰিব লাগিব। যদি আমি বিশ্বত আগবাঢ়ি যাব বিচাৰোঁ, তেন্তে উৎকৃষ্টতাই আমাৰ পৰিচয় হ’ব লাগিব। আজি বিশ্বৰ ভাৰতৰ প্ৰতি বহু আশা-প্ৰত্যাশা আছে। কিন্তু মই নিশ্চিত যে ভাৰতৰ যুৱপ্ৰজন্মই কেৱল সেই আশাসমূহ পূৰণেই নকৰিব, বৰঞ্চ সেইবোৰ অতিক্ৰম কৰি বিশ্বক দেখুৱাই দিব, গৌৰৱেৰে আৰু সাহসেৰে। এয়াই হ’ল বিকশিত ভাৰতৰ শক্তি। এয়াই মোৰ যুৱ সতীৰ্থসকলৰ, আমাৰ যুৱপ্ৰজন্মৰ, তেওঁলোকৰ সামৰ্থ্য আৰু তেওঁলোকৰ শক্তিৰ পৰিচয়।

বন্ধুসকল,

সপোন কেৱল তাতেই গঢ় লৈ উঠে য’ত সপোন বাস্তৱায়িত হয়। এটা সপোনৰ পূৰণে আন এটা ডাঙৰ সপোনৰ পথ মুকলি কৰে। আৰু আজি ভাৰতত ঠিক সেয়াই ঘটিছে। মই ভাৰতৰ যুৱপ্ৰজন্মৰ অধৈৰ্য্যতা বুজি পাওঁ আৰু মই তেওঁলোকক এটা কথা ক’ব বিচাৰোঁ, আপোনালোকৰ সপোন, মই আকৌ কৈছোঁ, মোৰ যুৱ সতীৰ্থসকল, আপোনালোকৰ সপোনবোৰেই মোদীৰ সংকল্প! সফলতাৰ দিশে আপোনালোকে লোৱা প্ৰতিটো পদক্ষেপ মোৰ বাবেও অনুপ্ৰেৰণা। আৰু হয়, ব্যৰ্থতাৰ মাজতো হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰতিটো ব্যৰ্থতাই আমাক কিবা নহয় কিবা এটা শিকায়। মই খেলুৱৈসকলক সদায় কওঁ, যেতিয়া আপুনি খেলপথাৰত ভৰি দিয়ে, তেতিয়া কোনেও নাহাৰে। এজনে জিকিছে আৰু আনজনে শিকিছে। কোনো হাৰি নাযায়। ব্যৰ্থতাৰ পৰা ধাৰাবাহিকভাৱে শিকা, সপোনবোৰ বাস্তৱায়িত কৰা আৰু প্ৰতিটো সাফল্যৰ পিছত নতুন সপোনৰ জন্ম দিয়াই হৈছে এটা যুৱ মনৰ প্ৰকৃত পৰিচায়ক। ভাৰতৰ যুৱ শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে। ভাৰতৰ উদ্যোগী মনোভাৱৰ ওপৰত মোৰ আস্থা আছে। এই বিশ্বাসৰেই পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছো। আৰু ২০৪৭ চনৰ ভিতৰত, যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, ভাৰত বিকশিত হ’ব। এয়া আমাৰ সপোন, এয়া আমাৰ সংকল্প। আৰু মই বিশ্বাস কৰোঁ, মোৰ যুৱ সতীৰ্থসকল, আমি আমাৰ চকুৰে ইয়াক প্ৰত্যক্ষ কৰিম, আমি নিজেই এক বিকশিত ভাৰত দেখিবলৈ পাম। আপোনালোকক অশেষ ধন্যবাদ। আপোনালোক সকলোৰে প্রতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

****

MJPS/SS/VJ/ST/DB


(रिलीज़ आईडी: 2277332) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam