MIFF banner

এমআইএফএফত আশা, স্ব-স্বীকৃতি আৰু মানসিক সুস্থতাৰ বাৰ্তা কঢ়িয়াই আনিছে চুটি ছবি 'গুদগুদি'য়ে

হিন্দী চুটি ছবি ‘গুদগুদি’ৰ এছিয়া প্ৰিমিয়াৰ শুকুৰবাৰে (১৯ জুন, ২০২৬) ১৯সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। ২১ মিনিট দৈৰ্ঘ্যৰ এই হিন্দী চুটি কল্পকাহিনী ছবিখনেৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে মনীষা মাকৱানাই। ছবিখনৰ ভব্য প্ৰিমিয়াৰত পৰিচালক, প্ৰযোজক হৰ্ষ পেটেল, মুখ্য অভিনেতা-অভিনেত্ৰী এহচাচ চান্না আৰু হৃদয়াংশ পাৰেখকে ধৰি ছবিখনৰ কলা-কুশলীসকলক এনএফডিচিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

ছবিখনৰ ভব্য প্ৰদৰ্শনৰ পূৰ্বে পৰিচালক মনীষা মাখৱানা আৰু প্ৰযোজক হৰ্ষ পেটেলে মহোৎসৱথলীত সংবাদ মাধ্যমৰ সৈতেও মতবিনিময় কৰে আৰু ছবিখনৰ নিৰ্মাণ, ইয়াৰ বিষয়বস্তু আৰু মহোৎসৱৰ যাত্ৰাৰ বিষয়ে বিভিন্ন তথ্য সদৰী কৰে।

‘গুদগুদি’ নামটোৰ তাৎপৰ্য ব্যাখ্যা কৰি মনীষা মাখৱানাই কয় যে ই আনন্দ আৰু আশাৰ অনুভূতিক প্ৰতিধ্বনিত কৰে। তেওঁ কয়, "ছবিখনৰ সামৰণি ঘটে শিশু চৰিত্ৰ আৰভে তাৰ বুকুত ‘গুদগুদি’ (মিচিকিয়া হাঁহি বা পুলক) অনুভৱ কৰা বুলি কোৱা কথাৰে। সেই আবেগটোৱেই কাহিনীটোৰ মূল সাৰাংশ ধৰি ৰাখিছে।" ৰেড কাৰ্পেটত চুটি ছবিখনৰ প্ৰদৰ্শনৰ ঠিক পূৰ্বে পৰিচালক মনীষা মাকৱানাই কয়, "এয়া মোৰ হৃদয়ৰ এটা টুকুৰা আৰু মই আশা কৰোঁ ছবিখন চাই সকলোৱে গুদগুদি অনুভৱ কৰিব।"

ছবিখনৰ কাহিনীভাগ এটা এমিউজমেণ্ট পাৰ্কত মেছকট হিচাপে কাম কৰা ৰিতু নামৰ এগৰাকী যুৱতীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। নিজৰ বৃত্তিক লৈ লজ্জিত আৰু ব্যক্তিগত দায়িত্বৰ বোজাত ভাৰাক্ৰান্ত ৰিতুৱে নিজৰ আত্মমৰ্যাদা ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়। আৰভ নামৰ এটি শিশুৰ সৈতে হোৱা বাৰ্তালাপৰ জৰিয়তে তাই নিজৰ জীৱন আৰু কৰ্মৰাজিক এক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰে। পৰিচালকগৰাকীৰ মতে, মেছকটৰ পোছাকযোৰে এটা ৰূপক ফিল্টাৰ হিচাপে কাম কৰে যিয়ে ৰিতুৰ প্ৰকৃত আবেগ আৰু অন্তৰ্নিহিত সংগ্ৰামক পৃথিৱীৰ পৰা লুকুৱাই ৰাখে।

‘গুদগুদি’ৰ কেন্দ্ৰীয় চৰিত্ৰ ৰিতু কেৱল এজন ব্যক্তিৰ কাহিনী নহয়, বৰঞ্চ ই প্ৰতিটো মধ্যবিত্ত সন্তানৰে কাহিনী। আৰভ নামৰ কণমানি ল’ৰাটো, যিয়ে মেছকটৰ পোছাকৰ আঁৰৰ মানুহগৰাকীক চিনি পাব পাৰে, তাৰ সৈতে গঢ়ি উঠা ৰিতুৰ নীৰৱ নিবিড়তাই ছবিখনৰ আৱেগিক কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু লাহে লাহে তাইৰ হেৰাই যোৱা কণ্ঠস্বৰ ঘূৰাই আনিছে। ৰিতুৰ হ্ৰাস পোৱা আত্মবোধক প্ৰতিফলিত কৰিবলৈ ‘হাই-এংগেল শ্বট’ৰ ব্যৱহাৰ আৰু তাইৰ অন্তৰ্দ্বন্দ্বক প্ৰতিধ্বনিত কৰিবলৈ বিশৃংখল দৃশ্যৰ সংযোগত পৰিচালকৰ সূক্ষ্মতা দেখা গৈছে। এক ব্যতিক্ৰমী শৈলীৰে, সাধাৰণতে নিৰ্বাক হৈ থকা মেছকটজনে কেৱল ভইচঅভাৰত কথা কয়, যাৰ ফলত তাইৰ ৰাজহুৱা মুখা আৰু ব্যক্তিগত দুৰ্বলতাৰ মাজৰ বৈপৰীত্য গভীৰ হৈ পৰে। শেষত ৰিতুৱে আৰভৰ সন্মুখত নিজৰ মেছকটৰ মূৰটো সোলোকাই পেলায়— যিজন একমাত্ৰ ব্যক্তি যিয়ে তাইক প্ৰকৃত অৰ্থত (আক্ষৰিক আৰু ৰূপক দুয়োটা দিশতে) দেখা পাইছিল। ছবিখনৰ সামৰণি এক মুকলি টোকাৰে কৰা হৈছে, যিয়ে দৰ্শকক নিজৰ "গুদগুদি" বা হেৰাই যোৱা আনন্দ আৰু আশাক বিচাৰি উলিয়াবলৈ আমন্ত্ৰণ জনায়। একেবাৰে শেষৰ ফালে, বাস্তৱ জীৱনৰ মেছকটসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰশংসا কৰি ছবিখনে এক বিশেষ ধন্যবাদ জ্ঞাপন কৰে।

‘গুদগুদি’ক এক সাহসী চিত্ৰনাট্য বুলি অভিহিত কৰি পৰিচালকগৰাকীয়ে কয় যে এই কাহিনীটো তেওঁৰ নিজৰ অতি ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত। তেওঁ কয়, "ৰিতু আৰু আৰভৰ যাত্ৰাই দেখুৱাইছে যে কেতিয়াবা নিজৰ মানসিক বোজা নমাই থোৱাটো কোনো ভুল নহয়। ছবিখনে দৰ্শকক আশাৰ বাৰ্তা দিয়ে আৰু আপোনজনৰ ওচৰত মন খুলি কথা কবলৈ উৎসাহিত কৰে।" ছবিখনৰ সংলাপত গুজৰাটী ভাষাৰ এটা স্পৰ্শ সানমিহলি হৈ আছে, যাৰ ফলত পৰিচালকগৰাকীৰ ব্যক্তিগত অভিজ্ঞতাৰ চাপ ছবিখনত প্ৰতিফলিত হৈছে।

ছবিখনৰ শ্বুটিং আহমেদাবাদৰ বাল বাটিকা পাৰ্কত কৰা হৈছিল আৰু ইয়াত শ্বুটিঙৰ সময়ত স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পোৱা কেইবাটাও বাস্তৱ মুহূৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে। পৰিচালকগৰাকীয়ে ছবিখনৰ আটাইতকৈ শক্তিশালী মুহূৰ্ত হিচাপে বৰ্ণনা কৰিছে সেই দৃশ্যটোক, য’ত ৰিতুৱে অৱশেষত নিজৰ জীৱনটোক যেনেকুৱা আছে তেনেকৈয়ে গ্ৰহণ কৰে আৰু এক মুক্ত অনুভৱ কৰে।

ছবিখনৰ মূল বাৰ্তাৰ সন্দৰ্ভত প্ৰযোজক হৰ্ষ পেটেলে মানুহক নিজৰ অন্তৰ জগতখনৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনায়। তেওঁ কয়, "মানুহে বিশ্বাসী বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ ওচৰত মন খুলি কথা কোৱা উচিত। মানসিক সুস্থতাৰ আৰম্ভণি হয় সৎ বাৰ্তালাপৰ পৰা।"

মুখ্য চৰিত্ৰত অভিনেত্ৰী এহচাচ চান্নাক কাষ্টিং কৰাৰ সন্দৰ্ভত পৰিচালক মনীষা মাখৱানাই কয় যে তেওঁক মনত ৰাখিয়েই চিত্ৰনাট্যখন লিখা হৈছিল। তেওঁ কয়, "এহচাচ এনেকুৱা অভিনেত্ৰী নহয় যিয়ে অনাহকত নিজৰ অহংকাৰ দেখুৱায়। সাধাৰণতে অভিনেতা-অভিনেত্ৰীসকলে নিজৰ মুখখন দেখুৱাবলৈ ভাল পায়, কিন্তু এই ছবিখনত বেছিভাগ সময়তে তাইৰ মুখখন মেছকটৰ মুখাৰ আঁৰত লুকাই থাকে আৰু মাত্ৰ কেইমিনিটমানৰ বাবেহে দৃশ্যমান হয়। নিজৰ শিল্পৰ প্ৰতি থকা আত্মবিশ্বাসে বোধহয় তাইক এই চৰিত্ৰটো বাছি ল’বলৈ প্ৰেৰণা যোগালে।"

পৰিচালকগৰাকীয়ে শিশু অভিনেতা হৃদয়াংশৰ কাষ্টিঙৰ বিষয়েও কয়, যাক কাষ্টিং ডাইৰেক্টৰে পূৰ্বৰ এটা প্ৰকল্পত তেওঁৰ অভিনয় চাই মুগ্ধ হোৱাৰ পিছত নিৰ্বাচিত কৰিছিল।

পৰিচালক মনীষা মাখৱানাই পৰ্যবেক্ষণ কৰে যে অনলাইন আৰু অফলাইন জীৱনৰ মাজত ভাৰসাম্য ৰক্ষাৰ চাপৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে ছবিখনে আত্ম-চিন্তা, আত্ম-স্বীকৃতি আৰু মানসিক সৰলতাক উদগনি দিবলৈ প্ৰয়াস কৰিছে।

পৰিচালকগৰাকীয়ে লগতে জনায় যে তেওঁ ইয়াৰ পূৰ্বে ‘স্ত্ৰী’ আৰু ‘দ্য ফেমিলি মেন’ৰ দৰে প্ৰশংসিত প্ৰডাকচনত কাম কৰিছে, আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজ নিদিমৰু আৰু কৃষ্ণা ডি.কে. ক উদ্যোগটোত নিজৰ মাৰ্গদৰ্শক বুলি স্বীকাৰ কৰে।

‘গুদগুদি’য়ে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সমূহত ইতিবাচক সঁহাৰি লাভ কৰি হৈছে। MIFF 2026 ত প্ৰদৰ্শনৰ উপৰিও কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ‘শ্বৰ্ট ফিল্ম কৰ্নাৰ’তো ছবিখন প্ৰদৰ্শিত হৈছিল। সঁচা আৰু মৌলিক কাহিনী কোৱাৰ গুৰুত্বৰ ওপৰত জোৰ দি শ্ৰীমতী মাখৱানাই কয়, "সৎ কাহিনীয়ে সদায় নিজৰ স্থান বিচাৰি পায়।"

পৰিচালক আৰু প্ৰযোজকে জানিবলৈ দিয়া মতে, ছবিখন এতিয়া কিছু সময়ৰ বাবে বিভিন্ন মহোৎসৱত অংশগ্ৰহণ কৰিব। প্ৰযোজক হৰ্ষ পেটেলে জানিবলৈ দিয়ে যে নিৰ্মাতাসকলে ছবিখন ছবিগৃহত মুক্তি দিয়াৰ সম্ভাৱনীয়তাৰ বুজ লৈছে আৰু চিনেমা হলত প্ৰদৰ্শনৰ বাবে তিনি-চাৰিখন চুটি ছবি একেলগে পেকেজ কৰাৰ কথা বিবেচনা কৰিছে।

* * *

PIB Team MIFF | Mahesh Kumar/ Sriyanka Chatterjee/Arushi Kumari/Darshana Rane/DB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2275928   |   Visitor Counter: 7