MIFF banner

বুছান: 'নেক্সট ৱেভ' প্ৰদৰ্শনীৰ জৰিয়তে ১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অনিল উদীয়মান এছিয়ান চিনেমা

নিৰ্বাচিত চুটি চলচ্চিত্ৰসমূহে প্ৰদৰ্শন কৰিলে বিভিন্ন বিষয়বস্তু আৰু স্বকীয় কাহিনী কথনৰ শৈলী

১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)-এ ‘বুছান: নেক্সট ৱেভ’ নামৰ এক বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ইয়াৰ অধীনত এছিয়াৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’-ৰ কিছুমান প্ৰতিনিধিত্বমূলক চুটি ছবি প্ৰদৰ্শন কৰা হৈছে।

এক প্ৰতিশ্ৰুতিবদ্ধ চলচ্চিত্ৰ সংস্কৃতি আৰু সজীৱ ঘৰুৱা চলচ্চিত্ৰ উদ্যোগৰ সহায়ত বুছানে ‘চলচ্চিত্ৰৰ চহৰ’ হিচাপে এক শক্তিশালী সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ আৰু ‘বুছান আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ’ৰ দৰে প্ৰখ্যাত অনুষ্ঠানৰ মূল কেন্দ্ৰবিন্দু এই চহৰখনে চলচ্চিত্ৰ প্ৰদৰ্শনী, সামাজিক কাৰ্যসূচী, উদ্যোগিক সহযোগিতা আৰু উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰা কৰ্মশালাৰ এক চহকী পৰিৱেশ সৃষ্টি কৰে। ১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘বুছান: নেক্সট ৱেভ’ শাখাত উন্নত আৰু স্বকীয় চিনেমেটিক শৈলীৰ জৰিয়তে বিভিন্ন বিষয়বস্তু অন্বেষণ কৰা পাঁচখন চলচ্চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।

এই শাখাৰ ‘এ মেন হু টেক্স পিকচাৰ্ছ অফ ফ্লাৱাৰ্ছ’ চলচ্চিত্ৰখনে ফটোগ্ৰাফাৰ জং মিউং কিমৰ জীৱনক অনুসৰণ কৰে, যিয়ে বন্য ফুলৰ ছবি তুলিবলৈ সমগ্ৰ কোৰিয়াত ভ্ৰমণ কৰি ৪০ বছৰতকৈও অধিক সময় অতিবাহিত কৰিছে। বৰ্তমান এক গুৰুতৰ বেমাৰৰ সন্মুখীন হোৱা স্বত্বেও তেওঁ নিজৰ কামৰ মাজতেই আনন্দ আৰু জীৱনৰ উদ্দেশ্য বিচাৰি পাইছে। চলচ্চিত্ৰখন হৈছে প্ৰকৃতি আৰু ফটোগ্ৰাফীৰ প্ৰতি থকা তীব্ৰ হেঁপাহে এজন মানুহৰ জীৱনক কেনেকৈ অৰ্থপূৰ্ণ কৰি ৰাখিব পাৰে, তাৰে এক মৰ্মস্পৰ্শী প্ৰতিচ্ছবি।

‘ডিলে’ নামৰ চলচ্চিত্ৰখনে পুত্ৰৰ বিবাহত উপস্থিত থাকিবলৈ পেৰিছলৈ যাত্ৰা কৰা এজন চীনা সমকামী পিতৃৰ কাহিনী বৰ্ণনা কৰে। কিন্তু, অপ্ৰত্যাশিত বিলম্ব আৰু পথ সলনিৰ বাবে তেওঁৰ যাত্ৰাৰ গতিপথ সলনি হৈ পৰে। এই অভিজ্ঞতাসমূহৰ জৰিয়তে চলচ্চিত্ৰখনে পাৰিবাৰিক সম্পৰ্ক, আৱেগিক দূৰত্ব আৰু পিতৃ-পুত্ৰৰ সম্পৰ্কৰ জটিলতাসমূহ অন্বেষণ কৰে।

এই প্ৰদৰ্শনীত ‘নইজ কেনচেলেশ্যন’ নামৰ চলচ্চিত্ৰখনো প্ৰদৰ্শিত হয়, যিখন মিজু নামৰ এগৰাকী যুৱতীৰ ওপৰত আধাৰিত। মিজুৱে কৰ্মক্ষেত্ৰত হোৱা এটা আঘাতৰ বাবে ক্ষতিপূৰণ লাভ কৰিবলৈ সংগ্ৰাম কৰি থকাৰ লগতে তাইৰ ওপৰৰ মহলাৰ ফ্লেটৰ পৰা অহা একেৰাহে চিঞৰ-বাখৰৰ বাবেও অতিষ্ঠ হৈ পৰে। যেতিয়াই তাই ইয়াৰ কাৰণ বিচাৰি উলিওৱাৰ প্ৰয়াস তীব্ৰতৰ কৰে, তাই এক ৰহস্যময় আৰু অস্বস্তিকৰ পৰিস্থিতিৰ মাজত সোমাই পৰে, যিয়ে তাইৰ দৈনিক জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।

প্ৰদৰ্শিত হোৱা আন দুখন চলচ্চিত্ৰ হৈছে ‘ইণ্টাৰফেচ’ আৰু ‘ইট চাউণ্ডচ লাউডাৰ অন ৰেইনী ডেইজ’ । এই সকলোবোৰ চলচ্চিত্ৰই একেলগে সমসাময়িক এছিয়ান চিনেমাৰ সমৃদ্ধি আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। স্বকীয় আখ্যান আৰু উদ্ভাৱনীমূলক চিনেমেটিক শৈলীৰ জৰিয়তে ‘বুছান নেক্সট ৱেভ’ কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিশীল চিন্তাধাৰাক বিশেষভাৱে প্ৰদৰ্শিত কৰিছে।

 

* * *

PIB Team MIFF | Mahesh Kumar/Edgar Coelho/Darshana Rane/DB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2275536   |   Visitor Counter: 7