প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে চিএমএ চিজিএমৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰডলফ ছাডেৰ সৈতে সামুদ্ৰিক সংযোগ বৃদ্ধি তথা সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে

प्रविष्टि तिथि: 18 JUN 2026 6:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএমএ চিজিএমৰ ৰডলফ ছাডেৰ  সৈতে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সামুদ্ৰিক খণ্ডত সামুদ্ৰিক সংযোগ বৃদ্ধি, বিশ্বৰ জাহাজ চলোৱাৰ ধাৰা আৰু উদীয়মান সুযোগসমূহৰ বিষয়ত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে জাহাজ নিৰ্মাণ, কণ্টেইনাৰ নিৰ্মাণ, ডিজিটেল সামুদ্ৰিক উদ্ভাৱন, লজিষ্টিক আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ পথ সন্দৰ্ভত আলোচনা কৰা হয়।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সম্প্ৰসাৰিত বন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বৰ সামুদ্ৰিক নেতাসকলৰ বাবে আশাব্যঞ্জক সুযোগ প্ৰদান কৰিছে।

এক্সত দিয়া  এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

“ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সামুদ্ৰিক খণ্ডত সামুদ্ৰিক সংযোগ, বিশ্বব্যাপী জাহাজ চলোৱাৰ ধাৰা আৰু উদীয়মান সুযোগসমূহৰ ওপৰত চিএমএ চিজিএমৰ শ্ৰীমান  ৰডলফ ছাডেৰ সৈতে এক ফলপ্ৰসূ আলোচনা কৰিলোঁ।

 

জাহাজ নিৰ্মাণ, কণ্টেইনাৰ নিৰ্মাণ, ডিজিটেল সামুদ্ৰিক উদ্ভাৱন, লজিষ্টিক আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ পথসমূহৰ বিষয়ে আলোচনা কৰা হয়।

ভাৰতৰ সম্প্ৰসাৰিত বন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বৰ সামুদ্ৰিক নেতাসকলৰ বাবে আশাব্যঞ্জক সুযোগ প্ৰদান কৰিছে।

@cmacgm”

 

****

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2275017) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada