প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উদ্ভাৱন আৰু উদ্যোগশীলতাৰ ক্ষেত্ৰত বৈচিত্ৰ্যৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JUN 2026 8:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উদ্ভাৱন আৰু উদ্যোগশীলতাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ এক পৃথক চিন্তাধাৰা আৰু এক অনন্য সৃষ্টিশীল দৃষ্টিভংগী থাকে তথা এই বৈচিত্ৰ্যই নতুন সম্ভাৱনাৰ সৃষ্টি কৰে। তেওঁ উল্লেখ কৰে যে যেনেকৈ পানীৰ প্ৰতিটো উৎসৰ এক বেলেগ সোৱাদ থাকে, তেনেকৈ প্ৰতিটো প্ৰতিভাৰ নিজস্ব অনন্য পৰিচয় আৰু অৱদান থাকে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিভিন্ন ধাৰণা আৰু সামৰ্থ্যৰ একত্ৰীকৰণৰ জৰিয়তে উদ্ভাৱন আৰু প্ৰগতি সম্ভৱ হয়। প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-
“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”
এই হিতোপদেশৰ জৰিয়তে প্ৰকাশ কৰা হৈছে যে উদ্ভাৱন আৰু উদ্যোগৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ এক পৃথক চিন্তাধাৰা আৰু এক অনন্য সৃষ্টিশীল দৃষ্টিভংগী আছে আৰু এই বৈচিত্ৰ্যই নতুন সম্ভাৱনাৰ সৃষ্টি কৰে। যেনেকৈ পানীৰ সোৱাদ এটা উৎসৰ পৰা আন এটা উৎসত পৃথক হয়, প্ৰতিটো প্ৰতিভাৰ নিজস্ব স্বতন্ত্র পৰিচয় আৰু অৱদান থাকে। এই বিভিন্ন ধাৰণা আৰু সামৰ্থ্যৰ সংমিশ্ৰণৰ জৰিয়তে উদ্ভাৱন আৰু প্ৰগতি সম্ভৱ হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে-
“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”
***
MJPS/SS/ST/DD
(रिलीज़ आईडी: 2272864)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam