প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ
प्रविष्टि तिथि:
09 JUN 2026 7:35PM by PIB Guwahati
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাননীয় ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩-১৪ জুন ২০২৬(নিচ),১৬-১৯ জুন ২০২৬ (ইভিয়ান আৰু পেৰিছ) ৰ পৰা ফ্ৰান্সলৈ আৰু লগতে ১৪-১৬ জুন ২০২৬ ৰ পৰা স্লোভাকিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ১৪ জুনত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ বাবে নিচ ভ্ৰমণ কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰিব, যাক এই বছৰৰ আৰম্ভণিতে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল। নিচত দুয়োগৰাকী নেতাই যুটীয়াভাৱে 'ভাৰত উদ্ভাৱন' অনুষ্ঠান উদ্বোধন কৰিব, যি ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ শীৰ্ষ উদ্ভাৱন ষ্টাৰ্টআপ তথা ভেঞ্চাৰ কেপিটেল পুঁজি একত্ৰিত কৰিব। ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ সময়ত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটোৱে দুয়োখন দেশৰ মাজত বিদ্যমান জীৱন্ত উদ্ভাৱন অংশীদাৰিত্বক শক্তিশালী কৰে।
তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত, স্লোভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মাননীয় ৰবাৰ্ট ফিকোৰ আমন্ত্ৰণ মৰ্মে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪-ৰ পৰা স্লোভাক গণৰাজ্য ভ্ৰমণ কৰিব। ১৯৯৩ চনত স্বাধীনতা লাভ কৰাৰ পাছত এইটোৱেই হ’ব কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম স্লোভাকিয়া ভ্ৰমণ। এয়া হৈছে মাননীয়া ৰাষ্ট্ৰপতিজীৰ এপ্ৰিল ২০২৫ত স্লোভাকিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ আৰু স্লোভাক ৰাষ্ট্ৰপতি মাননীয় পিটাৰ পেলেগ্ৰিনিৰ ফ্ৰেব্ৰুৱাৰী ২০২৬ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ পাছৰ ভ্ৰমণ। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনা কৰি সহযোগিতাৰ নতুন পথ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পেলেগ্ৰিনিকো সাক্ষাৎ কৰিব। এই ভ্ৰমণে বাণিজ্য, বিনিয়োগ, অটোমোবাইল আৰু ৰে’ল নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত স্লোভাকিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰিব।
ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ১৬ তাৰিখে ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত হ’বলগীয়া জি৭ সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ সময়ত, তেওঁ জি৭ নেতা আৰু আমন্ত্ৰিত অংশীদাৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ সৈতে মত বিনিময় কৰিব, সন্মিলনৰ অধিৱেশনত অংশগ্ৰহণ কৰিব-নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ কৰা; সকলোৰে বাবে সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰা; আৰু এ আই-ৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ ৰোলআউট নিশ্চিত কৰা। সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।
ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে অধিক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে আৰু ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্টআপ অনুষ্ঠান ভিভাটেক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ১৮ জুন ২০২৬ত পেৰিছ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলকো সম্বোধন কৰিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ সমাগত ইউৰোপ ভ্ৰমণে ফ্ৰান্স, স্লোভাকিয়া আৰু জি৭ৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক গভীৰ কৰিব। জি৭ ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে গোলকীয় দক্ষিণৰ এগৰাকী অগ্ৰণী কণ্ঠ আৰু গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে ভাৰতৰ স্থিতি প্ৰতিফলিত কৰে। ভাৰত উদ্ভাৱন আৰু ভিভাটেক সন্মিলন দুয়োটাতে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে ভাৰতক উদ্ভাৱন, ডিজিটেল ৰূপান্তৰ আৰু উদ্যোগশীলতাৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আলোকপাত কৰিব আৰু ভাৰত, ফ্ৰান্স তথা ইউৰোপীয় প্ৰযুক্তি পৰিৱেশ তন্ত্ৰৰ মাজত নতুন অংশীদাৰিত্বক সংযুক্ত কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে ইয়াৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰিব।
***
MJPS/SS/ST/MK
(रिलीज़ आईडी: 2271662)
आगंतुक पटल : 7