প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লোকসভাৰ অধ্যক্ষ ওম বিৰলা জীৰ আন্তৰিক শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ

प्रविष्टि तिथि: 10 JUN 2026 9:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলা জীৰ আন্তৰিক শুভেচ্ছাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় গণতন্ত্ৰৰ এই ঐতিহাসিক মাইলৰ খুঁটি জনসাধাৰণৰ অপৰিসীম আশীৰ্বাদ আৰু মৰমৰ ফলাফল।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আমি সকলোৱে একেলগে আৰু অধিক সংকল্পৰে এখন উন্নত, আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ সংকল্পক আগুৱাই লৈ যাম।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

‘আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে মাননীয় ওম বিৰলা জী, আপোনাক বহুত বহুত ধন্যবাদ। ভাৰতীয় গণতন্ত্ৰৰ এই ঐতিহাসিক মাইলৰ খুঁটি জনসাধাৰণৰ অপৰিসীম আশীৰ্বাদ আৰু মৰমৰ ফলাফল। আমি একেলগে অধিক সংকল্পৰে এখন উন্নত, আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ সংকল্পক আগুৱাই লৈ যাম।

@ombirlakota’

***

MJPS/SS/PRK/MK


(रिलीज़ आईडी: 2271634) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam