বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ পৰা ডুবাইলৈ জিআই টেগযুক্ত 'তেজপুৰৰ লিচু'ৰ প্ৰথমটো ৰপ্তানিত সহায় এপেডাৰ

प्रविष्टि तिथि: 09 JUN 2026 11:59AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ এপেডাৰ সহযোগত ৭ জুনত অসমৰ পৰা ডুবাইলৈ ১ মেট্ৰিক টন ‘তেজপুৰৰ লিচু’ ৰপ্তানি কৰা হয়। এইটো আছিল তেজপুৰৰ জিআই টেগ থকা লিচুৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় চালান। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি সামগ্ৰীক বিশ্ব বজাৰলৈ নিয়াত এই পদক্ষেপ এক ডাঙৰ সাফল্য হিচাপে পৰিগণিত হৈছে।

অসমৰ তেজপুৰৰ লিচু ইয়াৰ ব্যতিক্ৰমী মিঠা সোৱাদ, উজ্জ্বল ৰঙা ৰং আৰু সুন্দৰ গোন্ধৰ বাবে বিখ্যাত। এই অঞ্চলত বোম্বায়া, বিলাতী, ইলাচী, পিয়াজী আৰু শ্বাহী আদি বিভিন্ন প্ৰজাতিৰ লিচুৰ খেতি কৰা হয়।

জিআই মৰ্যাদা পোৱাৰ পিছত তেজপুৰৰ লিচুৱে বিশ্ব বজাৰত এক সুকীয়া পৰিচয় লাভ কৰিছে। ইয়াৰ ফলত বিদেশী ক্ৰেতাসকল আকৰ্ষিত হৈছে আৰু অসমৰ কৃষি সামগ্ৰীৰ বাবে নতুন সুযোগ মুকলি হৈছে। এই ৰপ্তানিয়ে প্ৰমাণ কৰে যে বিশ্বৰ বজাৰত ভাৰতৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীৰ চাহিদা বহুত বৃদ্ধি পাইছে।

এই ৰপ্তানি কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত তেজপুৰৰ বিধায়ক শ্ৰী পৃথ্বীৰাজ ৰাভা, অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত শ্ৰীমতী অৰুণা ৰাজোৰিয়া (আইএএছ), এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱ (আইএছএছ) আৰু শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস (এচিএছ) উপস্থিত থাকে। তদুপৰি কৃষক, ৰপ্তানিকাৰক আৰু চৰকাৰী বিষয়াসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই পদক্ষেপৰ ফলত কৃষকসকল যথেষ্ট লাভৱান হৈছে। থলুৱা বজাৰত লিচুৰ চাহিদা থকা সত্ত্বেও, ৰপ্তানি কৰা খেতিয়কসকলে ঘৰুৱা বজাৰতকৈ প্ৰায় ১০ শতাংশ বেছি দাম পাইছে। ইয়াৰ ফলত লিচু খেতিয়কসকল উৎসাহিত হোৱাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি পোৱাৰ লগতে জীৱিকা সুৰক্ষিত হ’ব।

এপেডাই উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি ৰপ্তানি বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নয়ন, গুণগত মান পৰীক্ষা, প্ৰশিক্ষণ আৰু বজাৰ সংযোগৰ বাবে কাম কৰি আহিছে। ৰাজ্য চৰকাৰ, কৃষক সংগঠন (এফপিঅ’) আৰু ৰপ্তানিকাৰকসকলৰ লগত মিলি এপেডাই কৃষকৰ সামগ্ৰী বিশ্ব বজাৰলৈ নিয়াত সহায় কৰিছে।

ডুবাইলৈ তেজপুৰৰ লিচুৰ এই সফল ৰপ্তানিয়ে ভৱিষ্যতে আৰু ডাঙৰ পৰিমাণৰ ৰপ্তানিৰ পথ মুকলি কৰিব। ই বিশ্বৰ বুকুত অসমৰ সামগ্ৰীৰ নাম আৰু অধিক উজ্জ্বল কৰিব।

উল্লেখ্য যে, ১৯৮৫ চনৰ এক আইনৰ অধীনত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত ‘এপেডা’ গঠন কৰা হৈছিল। এপেডাৰ মূল কাম হ’ল দেশৰ কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰা। ইয়াৰ বাবে এপেডাই কৃষক, এফপিঅ’ আৰু ৰপ্তানিকাৰকসকলক বিভিন্ন ধৰণে সহায় কৰি আহিছে।

***

Abhijith Narayanan/ Garima Singh/ Ishita Biswas/DB


(रिलीज़ आईडी: 2270680) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Bengali-TR , Tamil