প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব পৰিবেশ দিৱসত ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত ছুৰাটত গছপুলি ৰোপণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 JUN 2026 10:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত ছুৰাটত এটা গছপুলি ৰোপণ কৰে।
প্ৰধানমন্ত্ৰীয়ে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাই প্ৰকৃতিক সেউজীয়া কৰি তোলাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণৰ হেতু তেওঁলোকৰ সামূহিক প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘বিশ্ব পৰিবেশ দিৱসত ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত ছুৰাটত গছপুলি ৰোপণ কৰাৰ সৌভাগ্য লাভ কৰিলো। আহক, আমি সকলোৱে একেলগে প্ৰকৃতিক সেউজীয়া কৰি তোলাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰো।’
***
MJPS/SS/PRK/NB
(रिलीज़ आईडी: 2270255)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam