প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে মেজৰ অভিলাষা বৰাকক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
07 JUN 2026 2:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেজৰ অভিলাষা বৰাকক ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মেজৰ বৰাকে লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ (UNIFIL) অধীনত এগৰাকী এনগেজমেণ্ট টিম কমাণ্ডাৰ আৰু জেণ্ডাৰ ফ’কেল পইণ্ট হিচাপে সেৱা আগবঢ়াই আছে।
শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই সন্মান তেওঁৰ আদৰ্শমূলক সেৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা প্ৰচেষ্টাত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানৰো এক অনন্য স্বীকৃতি।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই সাফল্য দেশ তথা মানৱতাৰ সেৱা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা অগণন যুৱ ভাৰতীয়, বিশেষকৈ দেশৰ কন্যা সন্তানসকলৰ বাবে এক ডাঙৰ প্ৰেৰণা।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:
"ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে মেজৰ অভিলাষা বৰাকক অভিনন্দন জনাইছোঁ। মেজৰ বৰাকে লেবাননত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ ভিতৰত এগৰাকী এনগেজমেণ্ট টিম কমাণ্ডাৰ আৰু জেণ্ডাৰ ফ’কেল পইণ্ট হিচাপে কৰ্তব্য পালন কৰি আছে। এই সন্মান তেওঁৰ আদৰ্শমূলক সেৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানৰো এক অন্যতম স্বীকৃতি। তেওঁৰ এই সাফল্যই দেশ আৰু মানৱতাৰ সেৱা কৰাৰ সপোন দেখা অগণন যুৱ ভাৰতীয়ক, বিশেষকৈ আমাৰ কন্যা সন্তানসকলক অনুপ্ৰাণিত কৰিব।"
***
MJPS/SS/PRK/DB
(रिलीज़ आईडी: 2270098)
आगंतुक पटल : 6