মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ষষ্ঠ পৰ্যায়ৰ যুৱ সংগম কাৰ্য্যসূচীৰ অধীনত উত্তৰ প্ৰদেশৰ শিক্ষাৰ্থীৰ প্ৰতিনিধি দলৰ সৈতে অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ মত বিনিময়
प्रविष्टि तिथि:
03 JUN 2026 6:30PM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল কৈৱল্য ত্ৰিবিক্রম পাৰনাইকে যুৱ সংগমৰ ষষ্ঠ পৰ্যায় কাৰ্য্যসূচীৰ অংশ হিচাপে ৰাজভৱনত উত্তৰ প্ৰদেশৰ ছাত্ৰ প্ৰতিনিধি দলৰ সৈতে ২০২৬ চনৰ ২৭ মে’ত মত বিনিময় কৰে।

এই মত বিনিময় কাৰ্য্যসূচীত ৰাজ্যপালে অৰুণাচল প্ৰদেশৰ ইতিহাস, পৰম্পৰা, সংস্কৃতি আৰু উন্নয়নমূলক প্ৰগতি সন্দৰ্ভত অন্তৰ্দৃষ্টি বিনিময় কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি আৰু সাংস্কৃতিক বুজাবুজিৰ প্ৰচাৰত যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। এই মত বিনিময়ৰ ফলত শিক্ষাৰ্থীসকলে ৰাজ্যখনৰ অনন্য পৰিচয় আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত ইয়াৰ অৱদানৰ বিষয়ে গভীৰ ধাৰণা লাভ কৰে।
ইয়াৰ পূৰ্বে, ২০২৬ চনৰ ২৬ মে’ত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আইআইএম) লক্ষ্ণৌৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ পৰা ৩৮ গৰাকী অংশগ্ৰহণকাৰীৰ সৈতে অৰুণাচল প্ৰদেশত উপস্থিত হোৱা শিক্ষাৰ্থীৰ প্ৰতিনিধি দলটোক ৰাজ্যখনত এই কাৰ্যসূচীৰ আয়োজক প্ৰতিষ্ঠান নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজি (এনইআৰআইএছটি) এ উষ্ম আদৰণি জনায়।
নাহৰলাগুণ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে শিক্ষাৰ্থীৰ প্ৰতিনিধি দলটোক এন ই আৰ আই এছ টি-ৰ যুৱ সংগম তৰফৰ পৰা পৰম্পৰাগত আদৰণি জনোৱা হয়। পৰৱৰ্তী সময়ত তেওঁলোকে এন ই আৰ আই এছ টি প্ৰাংগণত এক আদৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেওঁলোকক যুৱ সংগমৰ উদ্দেশ্য আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰোৱা হয়।

এই ভ্ৰমণকালত, শিক্ষাৰ্থীসকলে ভাৰতীয় ভাষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত এক মত বিনিময়মূলক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰা হয়। তেওঁলোকে সমগ্ৰ অৰুণাচল প্ৰদেশত গোম্পা বৌদ্ধ মন্দিৰ আৰু ডনয়ি প’ল’ গেংজিঙকে ধৰি কেইবাটাও সাংস্কৃতিক, শৈক্ষিক, আধ্যাত্মিক আৰু উদ্ভাৱনমুখী স্থান ভ্ৰমণ কৰি ৰাজ্যখনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰাৰ অন্তৰ্দৃষ্টি লাভ কৰে। অংশগ্ৰহণকাৰীসকলে এনইআৰআইএছটি ৰূপালী জয়ন্তী হলত এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানে তেওঁলোকক সাংস্কৃতিক তথা মত বিনিময়ৰ সুযোগ প্ৰদান কৰে।
এন ই আৰ আই এছ টি-ৰ থ্ৰী ডি প্ৰিণ্টিং লেবৰটৰী ভ্ৰমণ আৰু ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য সন্দৰ্ভত মত বিনিময়মূলক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ প্ৰতিনিধি দলটোক অৰুণাচল প্ৰদেশৰ শৈক্ষিক আৰু উদ্ভাৱনী পৰিৱেশ তন্ত্ৰৰ সৈতে পৰিচয় কৰোৱা হয়। ইয়াৰ সমৃদ্ধ উদ্ভিদ আৰু প্ৰাণী সন্দৰ্ভত এক তথ্যপূৰ্ণ উপস্থাপনৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। শিক্ষাৰ্থীসকলে অৰুণাচল প্ৰদেশৰ প্ৰথমখন কাহিনী চলচ্চিত্ৰও উপভোগ কৰি ৰাজ্যখনৰ সংস্কৃতি তথা পৰম্পৰাৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰে। ইয়াৰ উপৰি এক পৰম্পৰাগত পোচাকৰ প্ৰদৰ্শনীৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় ঐতিহ্য প্ৰতিফলিত হোৱাৰ লগতে প্ৰতিনিধিসকলৰ মাজত অধিক সাংস্কৃতিক প্ৰশংসা তথা বুজাবুজি বৃদ্ধি হয়।
যুৱ সংগমৰ পৰ্যটন আৰু উন্নয়ন উপাদানৰ অংশ হিচাপে, শিক্ষাৰ্থীৰ প্ৰতিনিধিবৰ্গই নৰ্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাৱাৰ কৰ্পোৰেচনৰ (এন ইইপি চি অ’) জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি অঞ্চলটোৰ নৱীকৰণযোগ্য শক্তি আন্তঃগাঁথনিৰ সংস্পৰ্শ লাভ কৰে। অংশগ্ৰহণকাৰীসকলে জিৰো উপত্যকাত এক শৈক্ষিক ভ্ৰমণ কৰি তেওঁলোকে শিৱলিঙ্গ, ছিহ হ্ৰদ, পামু য়ালেং ভিউপইণ্ট, কাছা বোটানিকেল পাৰ্ক তথা স্থানীয় গাঁওসমূহকে ধৰি মূল স্থানসমূহ অন্বেষণ কৰে। এই ভ্ৰমণে ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য, বহনক্ষম জীৱিকা আৰু পৰিৱেশ-পৰ্যটন উদ্যোগৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে।

এন ই আৰ আই এছ টি-ত, অংশগ্ৰহণকাৰীসকলে 'এক পেড় মা কে নাম' অভিযানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীয়ে পৰিৱেশ সজাগতা আৰু সামূহিক অংশগ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰতিফলিত কৰে। এন ই আৰ আই এছ টি-ৰ ৰূপালী জয়ন্তী হলত ৩০ মে’ ২০২৬ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ জৰিয়তে কাৰ্যসূচীৰ সামৰণি পৰে। এই অনুষ্ঠানত শিক্ষাৰ্থীসকলে তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰাৰ লগতে তেওঁলোকৰ শিক্ষণ যাত্ৰাৰ সবিশেষ প্ৰকাশ কৰে।
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধি দলটোৱে সপ্তাহজোৰা শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত ৩০ মে’ ২০২৬ত উত্তৰ প্ৰদেশলৈ উভতি যায়। এই ভ্ৰমণে অংশগ্ৰহণকাৰীসকলক এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দেশ্যসমূহক আগুৱাই লৈ যোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ সংস্কৃতি, পৰম্পৰা, শিক্ষা প্ৰতিষ্ঠান, উদ্ভাৱনী পৰিৱেশ তন্ত্ৰ আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে গভীৰ ধাৰণা প্ৰদান কৰে।
***
AK/DD
(रिलीज़ आईडी: 2268827)
आगंतुक पटल : 8