কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহ'ব : শ্ৰী শিৱৰাজ সিং চৌহান

এমজিএনৰেগাৰ অধীনত আবণ্টন দিয়া হৈছে ধন; পিএমএৱাই-জিৰ বাবে খোলা হ'ব বিশেষ জৰীপ উইণ্ড'

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই

प्रविष्टि तिथि: 02 JUN 2026 9:04PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীৰ কৃষি ভৱনত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত  ৰাজ্যখনৰ সৈতে জড়িত বিষয়সমূহকলৈ বিস্তৃতভাবে আলোচনা কৰা হয়। এই উচ্চ পৰ্যায়ৰ বৈঠকত অসমৰ কৃষি আৰু গ্ৰামোন্নয়ন বিভাগে  কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰূপায়ণ কৰি থকা আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়  আৰু কেইবাটাও মূল বিষয়কলৈ বিস্তৃতভাবে  আলোচনা কৰা হয়।

বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত অসমৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে ধন বা সম্পদৰ অভাৱ ঘটিবলৈ দিয়া নহ’ব। তেওঁ ৰাজ্যখনক কৃষি আন্তঃগাঁথনি পুঁজি (এ আই এফ), প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পি এম ৱাই-জি), এম জি এনৰেগা  আৰু অন্যান্য কেন্দ্ৰীয় আঁচনিৰ পৰা সৰ্বাধিক সুবিধা লাভ অৰ্জন কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত   কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ  আশ্বাস দিয়ে।

 

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি  বৈঠকত সচিব  শ্ৰী ৰোহিত কনছলে কয় যে প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্ৰামীণ (PMAY-G) আৰু এমজিএনৰেগাৰ দৰে ব্যৱস্থাৰ ভিতৰত থকা কাৰিকৰী বাধাসমূহ সম্পূৰ্ণৰূপে সমাধান হৈছে। অসম চৰকাৰৰ প্ৰয়োজনীয়তা অনুসৰি এম জি এনৰেগাৰ অধীনত ধন আবণ্টন দিয়া হৈছে। তেওঁ লগতে  জনায় যে, ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এমজিএনৰেগাৰ ঠাইত দেশজুৰি  বিকশিত ভাৰত – ৰোজগাৰ  আৰু আজীৱিকা অভিযান (গ্ৰামীণ) কাৰ্যকৰী কৰা হ’ব।

বৈঠকত অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ মালিকীস্বত্বৰ অধিকাৰ (পট্টা) প্ৰদানৰ ঐতিহাসিক পদক্ষেপক প্ৰশংসা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্ৰামীণৰ সুবিধাসমূহ এই শ্ৰমিকসকলৰ মাজলৈ সম্প্ৰসাৰণৰ বাবে এক বিশেষ জৰীপ উইণ্ড' মুকলি কৰিব। ফলত যোগ্য হিতাধিকাৰীৰ নাম ডিজিটেল ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিব পৰা যাব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে অসমৰ অনন্য জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিশেষভাৱে প্ৰণয়ন কৰা কৃষি কাৰ্য্য পৰিকল্পনাৰ খচৰা মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাৰ হাতত অৰ্পণ কৰে। বৈঠকত  কৃষি আৰু গ্ৰাম্য উন্নয়ন সম্পৰ্কীয় কেইবাটাও মূল সিদ্ধান্তৰ বিষয়ত সহমত প্ৰকাশ কৰা  হয়।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বিষয়াসকলে উল্লেখ কৰে যে অসমে ৯ লাখৰো অধিক ‘লাখপতি দিদি’ সৃষ্টি কৰি—নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিছে আৰু  নাৰী সবলীকৰণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। এই মহিলাসকলৰ দ্বাৰা পৰিচালিত উদ্যোগসমূহক অধিক শক্তিশালী কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ ইনকিউবেটৰসমূহৰ সৈতে সহযোগিতাৰ জৰিয়তে প্ৰচেষ্টাসমূহ ত্বৰান্বিত কৰা হ’ব।

বৈঠকত কৃষি খণ্ডক শক্তিশালী কৰিবলৈ কৃষি যান্ত্ৰিকীকৰণ আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (আৰ কে ভি ৱাই)ৰ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে অনুমোদন জনোৱা প্ৰকল্প তথা  পুঁজিৰ বিষয়েও  বিতং তথ্য প্ৰদান কৰা হয়।

কৃষি মন্ত্ৰালয়ৰ সচিব  আতিশ চন্দ্ৰই মহিলা কৃষকৰ বাবে চলাই  থকা প্ৰচেষ্টাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় খোৱাতেল অভিযান–তেল পাম (এনএমইঅ’-অ’পি) সম্প্ৰসাৰণৰ সন্দৰ্ভতো বৈঠকত  আলোচনা কৰা হয়।

ৰাজ্য খনত  সুৰক্ষিত  কৃষিৰ  প্ৰসাৰৰ বাবে এই বছৰ ১৫০০টা নতুন বাঁহৰ পলিহাউছত অনুমোদন জনোৱা হৈছে। কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কীটনাশক পৰীক্ষণ পৰীক্ষাগাৰ আৰু  খোৱাতেল পৰীক্ষণ পৰীক্ষাগাৰৰ বাবে ভৱন  নিৰ্মাণতো  অনুমোদন  জনোৱা  হৈছে। অসমৰ জৈৱিক উৎপাদিত সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিপণন আৰু ৰপ্তানি বৃদ্ধিৰ বাবে এপেডা আৰু নেচনেল অৰ্গেনিক সমবায় লিমিটেডৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলা হৈছে, যাৰ ফলত কৃষকসকলে   ব্যাপক হাৰত সমৰ্থন  লাভ কৰিবলৈ সক্ষম হ'ব।

বৈঠকত অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ প্ৰসাৰৰ বিষয়তো   বিশদভাবে  আলোচনা কৰা হয়। ডেয়াৰৰ সচিব  তথা আইচিআৰৰ সঞ্চালক প্ৰধান ড° এম.এল. জাটে অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ কেন্দ্ৰসমূহ আৰু অধিক শক্তিশালী কৰা হ’ব বুলি উল্লেখ কৰে। এই পদক্ষেপৰ অধীনত মছলাৰ বিষয়ত সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প, লগতে ৰাজ্যিক ফুল—‘কপৌ ফুল’—ৰ বিকাশৰ বাবে এটা নেটৱৰ্ক কাৰ্যসূচী পুনেস্থিত পুষ্প কৃষি প্ৰতিষ্ঠানৰ সহযোগত ৰূপায়ণ কৰা হ’ব। কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ত কৰ্মচাৰীৰ অৱসৰৰ সুবিধা তথা  পেঞ্চনৰ সৈতে জড়িত বাকী থকা বিষয়সমূহৰ সমাধানৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়।

ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী নৰেন্দ্ৰ ভূষণে অসমে ভূমিৰ অভিলেখ ডিজিটেলাইজেচনৰ দিশত ইতিবাচক অগ্ৰগতি লাভ কৰা বুলি উল্লেখ  কৰে।

মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানক ৰাজ্যৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

******

आरसी/एमएस/पीयू/DM


(रिलीज़ आईडी: 2268222) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati