যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
নৰ্থইষ্ট ইউনাইটেড এফ চি ভ্ৰমণ ৰক্ষা খাডছেৰ, ক্লাবৰ তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশ আৰ্হিক প্ৰশংসা
"ভাৰতীয় ফুটবলৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে প্ৰাথমিক পৰ্যায়তে প্ৰতিভাৰ সন্ধান, উন্নত মানদণ্ডৰ প্ৰশিক্ষণ আৰু খেলুৱৈৰ বিকাশৰ ওপৰত": কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক মন্ত্ৰী ৰক্ষা খাডছে
ক্লাবৰ পৰিচালনা সমিতি, প্ৰশিক্ষক আৰু যুৱ ফুটবলাৰসকলৰ সৈতে মতবিনিময় ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীৰ; ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে সুপৰিকল্পিত ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত
পোষ্ট কৰা হৈছে:
31 MAY 2026 6:03PM by PIB Guwahati
কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক মন্ত্ৰী ৰক্ষা খাডছেই নৰ্থইষ্ট ইউনাইটেড এফ চিৰ কাৰ্যালয় ভ্ৰমণ কৰাৰ লগতে ক্লাবটোৰ পৰিচালনা সমিতি, প্ৰশিক্ষক গোট আৰু যুৱ ফুটবলাৰসকলৰ সৈতে মতবিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল প্ৰতিভাৰ সন্ধান কৰা আৰু তেওঁলোকক প্ৰতিপালন কৰাৰ দিশত ক্লাবটোৱে চলোৱা প্ৰচেষ্টাক প্ৰশংসা কৰে।
এই ভ্ৰমণকালত নৰ্থইষ্ট ইউনাইটেড এফ চিৰ মুখ্য কাৰ্যবাহী বিষয়া মন্দাৰ তামহানে, ৰোহিত থোৰাট, কাৰিকৰী সঞ্চালক তথা ৰিজাৰ্ভ টিমৰ মুখ্য প্ৰশিক্ষক নৌছাদ মুছাৰ লগতে ক্লাবটোৰ পৰিচালনা সমিতিৰ সদস্য, প্ৰশিক্ষক আৰু যুৱ ফুটবলাৰসকল উপস্থিত থাকে।
মতবিনিময়ৰ সময়ত ক্লাবৰ নেতৃত্বই ৰক্ষা খাডছেক নৰ্থইষ্ট ইউনাইটেড এফ চিৰ যুৱ প্ৰতিভা বিকাশৰ দৰ্শন, প্ৰতিভা চিনাক্তকৰণৰ গাঁথনি আৰু যুৱ ফুটবলাৰসকলৰ বাবে এটা বহনক্ষম পথ সৃষ্টি কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীক জনোৱা হয় যে নৌছাদ মুছাৰ নেতৃত্বত ক্লাবটোৱে চলোৱা ব্যাপক প্ৰতিভা সন্ধান অভিযানৰ অধীনত প্ৰশিক্ষকসকলে প্ৰতিশ্ৰুতিপূৰ্ণ যুৱ ফুটবলাৰসকলক বিচাৰি উলিয়াবলৈ দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছে। ক্লাবৰ প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈসকলৰ নেটৱৰ্ক, সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ দ্বাৰা আয়োজিত যুৱ প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় যুৱ দলৰ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ ওপৰত নিৰন্তৰ চকু ৰাখি এই খেলুৱৈসকলক বাছনি কৰা হৈছে।
এই বাছনি প্ৰক্ৰিয়াৰ অংশ হিচাপে প্ৰায় ৬০গৰাকী সম্ভাৱনাপূৰ্ণ যুৱ খেলুৱৈক চূড়ান্ত বাছনি শিৱিৰৰ বাবে গুৱাহাটীলৈ আমন্ত্ৰণ জনোৱা হৈছিল। নিৰ্বাচিত খেলুৱৈসকলে ক্লাবৰ অনূৰ্ধ্ব-১৮ আৰু ৰিজাৰ্ভ টিমৰ মূল অংশ গঠন কৰিব বুলি আশা কৰা হৈছে, যিয়ে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ দীৰ্ঘম্যাদী খেলুৱৈ বিকাশৰ প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰিব।
ৰক্ষা খাডছেই প্ৰতিভা চিনাক্তকৰণ আৰু খেলুৱৈৰ বিকাশৰ দিশত ক্লাবটোৰ শৃংখলাবদ্ধ দৃষ্টিভংগীক প্ৰশংসা কৰাৰ লগতে যুৱ ক্ৰীড়াবিদসকলৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ শক্তিশালী পথ গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
তেওঁ কয়, "ভাৰতীয় ফুটবলৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে প্ৰাথমিক পৰ্যায়তে প্ৰতিভা চিনাক্ত কৰা, উন্নত মানদণ্ডৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু উন্নতিৰ বাবে পৰিকল্পিত সুযোগ সৃষ্টি কৰাৰ ক্ষমতাৰ ওপৰত। তৃণমূল পৰ্যায়ৰ প্ৰতিভা সন্ধান, খেলুৱৈৰ বিকাশ আৰু দীৰ্ঘম্যাদী পৰিকল্পনাক একত্ৰিত কৰা এনে পদক্ষেপসমূহ ভাৰতৰ ফুটবল ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।"
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অন্যতম শক্তিশালী ক্ৰীড়া ক্ষেত্ৰ হৈয়েই আছে আৰু ই ধাৰাবাহিকভাৱে ব্যতিক্ৰমী ফুটবল প্ৰতিভা উপহাৰ দি আহিছে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰশিক্ষণ, আন্তঃগাঁথনি আৰু খেলুৱৈৰ বিজ্ঞানসন্মত বিকাশৰ ক্ষেত্ৰত নিৰন্তৰ বিনিয়োগে এই অঞ্চলটোৰ পৰা অধিক সম্ভাৱনা উন্মোচন কৰাত সহায় কৰিব।
ৰক্ষা খাডছেই তৃণমূল পৰ্যায়ৰ ক্ৰীড়াক প্ৰসাৰিত কৰা, খেলুৱৈৰ বিকাশৰ ব্যৱস্থা শক্তিশালী কৰা আৰু দেশজুৰি যুৱ ক্ৰীড়াবিদসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
এই ভ্ৰমণ মেঘালয় আৰু উত্তৰ-পূৰ্বাঞ্চলত তেওঁৰ কাৰ্যসূচীৰ অংশ, যাৰ উদ্দেশ্য আছিল অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশৰ পদক্ষেপ আৰু যুৱকেন্দ্ৰিক কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰা।



*****
Ayushman Kumar/DB
(ৰিলিজ আই ডি : 2267309)
অতিথি কক্ষ : 11