যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াই এক নতুন মানদণ্ড স্থাপন কৰিব: ড° মনসুখ মাণ্ডবিয়া; মেঘালয়ত ১৫০ কোটি টকীয়া সুউচ্চ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ ঘোষণা
৩৯সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে সাজু হৈছে ‘অষ্টলক্ষ্মী’: প্ৰস্তুতিৰ পৰ্যালোচনা ড° মাণ্ডবিয়াৰ, মুকলি কৰিলে বৃহৎ ক্ৰীড়া আন্তঃগাঁথনি
ভাৰতৰ ক্ৰীড়া জগতৰ উত্থানৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উত্তৰ-পূবঞ্চল: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতি পৰ্যালোচনা মন্ত্ৰী মাণ্ডবিয়াৰ, শ্বিলঙত এটা বহুমুখী সংহত ক্ৰীড়া প্ৰেক্ষাগৃহ উদ্বোধন
प्रविष्टि तिथि:
30 MAY 2026 4:51PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই আজি ২০২৭ চনত মেঘালয়ত ৩৯সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰক্ষা খাড়ছে, ভাৰতীয় অলিম্পিক সংন্থাৰ সভাপতি পি টি উষা, মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী ৱাইলডমিকি শ্বিল্লা, উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ক্ৰীড়া বিষয়া আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকত ড° মাণ্ডবিয়াই দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতা অনুসৰি ৩৯সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া কেৱল এখন আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য, বৈচিত্ৰ্য আৰু অনন্য পৰিচয় দেশ তথা বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰাৰ এক উপযুক্ত মঞ্চ হ’ব লাগে। ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এই ক্ৰীড়া মহোৎসৱক এক ঐতিহাসিক পৰিঘটনা হিচাপে গঢ়ি তুলিবলৈ বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি, নিখুঁত ব্যৱস্থাপনা আৰু ব্যাপক জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
ড° মাণ্ডবিয়াই কয়, “বহনক্ষতা আৰু বৈচিত্ৰ্যই হৈছে ২০২৭ চনত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে আমাৰ মূল বাৰ্তা।” ক্ৰীড়া আয়োজনৰ বাবে বিভিন্ন ৰাজ্যৰ বৰ্ধিত অংশগ্ৰহণলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়াই প্ৰতিভাৰ সন্ধান কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় ক্ৰীড়াক ডপিং বিৰোধী সজাগতা বৃদ্ধিৰ এক সুযোগ হিচাপেও ব্যৱহাৰ কৰিব লাগে। খেলুৱৈসকলক ডপিঙৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে অৱগত কৰাটো অত্যন্ত জৰুৰী।” ড° মাণ্ডবিয়াই মেঘালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ‘মাই ভাৰত’ৰ স্বেচ্ছাসেৱকসকলক নিয়োজিত কৰিবলৈ পৰামৰ্শ দিয়ে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ‘অষ্টলক্ষ্মী’ ৰাজ্যসমূহৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীৰ সন্মুখত ৩৯সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৭ৰ ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্পৰ স্থিতি, ক্ৰীড়াস্থলীৰ প্ৰস্তুতি আৰু সামগ্ৰিক প্ৰস্তুতিৰ এক বিতং উপস্থাপন দাঙি ধৰা হয়, য’ত কাম সম্পূৰ্ণ কৰাৰ সময়সীমা আৰু বিশেষ গুৰুত্ব দিবলগীয়া প্ৰধান দিশসমূহ অন্তৰ্ভুক্ত আছিল। উত্তৰ-পূবৰ তিনিদিনীয়া ভ্ৰমণসূচীত থকা ড° মাণ্ডবিয়াই আজিয়েই শ্বিলঙত এটা অত্যাধুনিক বহুমুখী সংহত ক্ৰীড়া প্ৰেক্ষাগৃহ উদ্বোধন কৰে।
তেওঁ কয় যে এই সুবিধাই যুৱ খেলুৱৈসকলৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি কৰিব আৰু মেঘালয় তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ ভৱিষ্যত গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত ক্ৰীড়া ব্যৱস্থা অধিক শক্তিশালী হ’ব আৰু অনাগত প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকশিত হ’ব। ড° মাণ্ডবিয়াই লগতে ঘোষণা কৰে যে অতি শীঘ্ৰেই মেঘালয়ত ১৫০ কোটি টকা ব্যয় সাপেক্ষে এটা অত্যাধুনিক বিশ্বমানৰ সু-উচ্চ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক প্ৰশংসা কৰি ড° মনসুখ মাণ্ডবিয়াই কয় যে তেওঁৰ নেতৃত্বত বিগত আঠ বছৰত ৰাজ্যখনে ক্ৰীড়া ক্ষেত্ৰত এক উল্লেখনীয় প্ৰগতি লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, “তেওঁ মেঘালয়ৰ ক্ৰীড়া ব্যৱস্থাক শক্তিশালী কৰিবলৈ এক ব্যাপক আৰু দূৰদৰ্শী প্ৰয়াস চলাইছে। ক্ৰীড়া বিজ্ঞান আৰু আধুনিক প্ৰশিক্ষণ পদ্ধতিৰ প্ৰসাৰৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশ কাৰ্যসূচী স্থাপনলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্যান্য ৰাজ্যসমূহৰ বাবে এক নতুন আৰ্হি দাঙি ধৰিছে।”
ভাৰতৰ ক্ৰীড়া মানচিত্ৰত উত্তৰ-পূবৰ বৰ্ধিত গুৰুত্বৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া মেঘালয়ৰ দৰে এখন ৰাজ্যই ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ বাবে আগবাঢ়ি আহে, তেতিয়া ই সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় হৈ পৰে। তেওঁ উল্লেখ কৰে যে এই অঞ্চলটোৱে ধাৰাবাহিকভাৱে ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিভা উপহাৰ দি আহিছে আৰু এই ক্ৰীড়া মহোৎসৱৰ আয়োজনে ক্ৰীড়াৰ উন্নয়নক অধিক শক্তিশালী কৰিব, যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব আৰু উত্তৰ-পূবৰ চহকী সংস্কৃতি, আতিথ্য আৰু সম্ভাৱনীয়তাক দেশৰ বাকী অংশৰ সন্মুখত দাঙি ধৰিব।
মন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই মেঘালয়ত ৩৯সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে চলি থকা আন্তঃগাঁথনি আৰু প্ৰস্তুতিমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰিছোঁ আৰু মই আত্মবিশ্বাৰে ক’ব পাৰোঁ যে ২০২৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াই এই প্ৰতিযোগিতাৰ ইতিহাসত এক নতুন মানদণ্ড স্থাপন কৰিব।” উত্তৰ-পূব অঞ্চলত ক্ৰীড়াৰ উন্নয়নৰ বাবে কেন্দ্ৰ চৰকাৰৰ নতুন গুৰুত্বৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া কোনো ৰাজ্যৰ আকাৰ বা জনসংখ্যা ক্ৰীড়া সমল আৰু সুযোগ আবণ্টনৰ নিৰ্ধাৰক কাৰক নহয়।
তেওঁ কয়, “আজিকালি ভাৰতৰ জনসংখ্যাৰ মাত্ৰ ৪ শতাংশ উত্তৰ-পূবত বাস কৰে, তথাপিও দেশৰ মুঠ ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ৰ প্ৰায় ২৫ শতাংশ এই অঞ্চলতে অৱস্থিত। ই উত্তৰ-পূবৰ অপৰিসীম ক্ৰীড়া সম্ভাৱনাক মুকলি কৰাৰ বাবে ভাৰত চৰকাৰৰ দৃঢ় সংকল্পকে প্ৰতিফলিত কৰে। দেশৰ বেছিভাগ জিলাতে এটা কৈ ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ থকাৰ বিপৰীতে, উত্তৰ-পূবৰ কেইবাখনো জিলাত দুটাকৈ কেন্দ্ৰ প্ৰদান কৰা হৈছে, যাৰ ফলত প্ৰশিক্ষণ, কোচিং আৰু তৃণমূল পৰ্যায়ৰ ক্ৰীড়া উন্নয়নত অধিক সুবিধা পোৱা গৈছে। ই সমগ্ৰ অঞ্চলটোত প্ৰতিভা বিকাশ আৰু এক শক্তিশালী ক্ৰীড়া ব্যৱস্থা গঢ়ি তোলাৰ বাবে আমাৰ বিশেষ প্ৰয়াসকে প্ৰমাণ কৰে।”


.
*****
Ayushman Kumar/DB
(रिलीज़ आईडी: 2267229)
आगंतुक पटल : 31