প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 31 MAY 2026 11:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে লোকমাতা অহিল্যাবাই হোলকাৰৰ প্ৰজ্ঞা, মমতা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা অটল দায়বদ্ধতাৰ বাবে সমগ্ৰ ৰাষ্ট্ৰই তেওঁক গভীৰ সন্মন আৰু শ্ৰদ্ধাৰে স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ জীৱন সুশাসন, দেশপ্ৰেম, সাংস্কৃতিক গৌৰৱৰ এক আদৰ্শ আৰ্হি হৈয়েই আছে। তেওঁ লগতে কয় যে তেওঁ সদায় প্ৰবল সাহস আৰু নিষ্ঠাৰে নেতৃত্ব দিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোৰে ন্যায় আৰু কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানৰ লগতে সমগ্ৰ দেশতে পৱিত্ৰ মন্দিৰ আৰু তীৰ্থস্থান পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁৰ এই কামে ভাৰতৰ সাংস্কৃতিক চেতনাক আৰু অধিক সমৃদ্ধ কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমাজ, সংস্কৃতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি লোকমাতা অহিল্যাবাই হোলকাৰৰ একাগ্ৰতাই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সৰ এটা পোষ্টত লিখিছে-

"লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্ম বাৰ্ষিকীত কোটি কোটি প্ৰণাম! তেওঁৰ প্ৰজ্ঞা, মমতা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে সমগ্ৰ ৰাষ্ট্ৰই তেওঁক সন্মান আৰু শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁৰ জীৱন সুশাসন, দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ এক অসাধাৰণ উদাহৰণ। তেওঁ সদায় সাহস আৰু নিষ্ঠাৰে নেতৃত্ব দিছিল। দেশজুৰি পৱিত্ৰ মন্দিৰ আৰু তীৰ্থস্থান পুনৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোৰে ন্যায় আৰু কল্যাণ নিশ্চিত কৰালৈকে তেওঁ অতুলনীয় অৱদান আগবঢ়াইছিল। তেওঁ ভাৰতৰ সাংস্কৃতিক চেতনাক আৰু অধিক সমৃদ্ধ কৰি তুলিছিল। সমাজ, সংস্কৃতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ একাগ্ৰতাই আমাৰ দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”

 

***

 

 

MJPS/SS/ST/KD


(ৰিলিজ আই ডি : 2267185) অতিথি কক্ষ : 16