গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰৰ কালোল আৰু গান্ধীনগৰ (উত্তৰ) বিধানসভা সমষ্টিসমূহত ৩৪০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

মোদী চৰকাৰে জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে আৰু দেশৰ পৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়িত কৰিব

মোদী জীৰ নেতৃত্বত গংগোত্ৰীৰ পৰা গংগাসাগৰলৈকে সমগ্ৰ গংগা পথত গেৰুৱা পতাকা উৰিছে

গুজৰাটৰ উন্নয়নৰ আৰ্হি এতিয়া দেশৰ উন্নয়নৰ আৰ্হিত পৰিণত হৈছে; মোদী চৰকাৰৰ ১২বছৰত আমাৰ দলৰ শাসন ব্যৱস্থা দেশৰ ৮০ শতাংশ ভৌগোলিক অঞ্চললৈ সম্প্ৰসাৰিত হৈছে

সময় থকা পৰ্যন্ত অনুপ্ৰৱেশকাৰীসকলে নিজাববীয়াকৈ ঘূৰি যাব লাগে; যিসকলে স্বেচ্ছাই ঘূৰি যায় তেওঁলোকে কোনো আইনী ব্যৱস্থাৰ সন্মুখীন নহ'ব

পশ্চিম বংগত পূৰ্বৰ চৰকাৰৰ সময়ত অনুপ্ৰৱেশ অনিয়ন্ত্ৰিতভাৱে চলি আছিল; আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা অনুপ্ৰৱেশকাৰীসকলে নিজাববীয়াকৈ ঘূৰি যাবলৈ আৰম্ভ কৰিছে

৪৫ দিনৰ ভিতৰত সীমান্তত বেৰ দিয়াৰ বাবে ভূমি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি মাত্ৰ ৭ দিনত পূৰণ কৰাৰ বাবে পশ্চিম বংগ চৰকাৰক অভিনন্দন জনাইছো

বাংলাদেশ সীমান্তত বেৰ আৰু প্ৰৱেশ বিৰোধী আন্তঃগাঁথনি আমাৰ চৰকাৰৰ বাবে এক অগ্ৰাধিকাৰ

বীৰ সাভাৰকাৰ জীৰ জয়ন্তী উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁ নিজৰ গোটেই জীৱনটো ভাৰতৰ স্বাধীনতাৰ বাবে উৎসৰ্গা কৰিছিল। যাক ব্ৰিটিছে কেৱল ‘বিদ্ৰোহ’ বুলি অভিহিত কৰিছিল, সাভাৰকাৰ জীয়ে ইয়াক ‘১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধ’ বুলি অভিহিত কৰিছিল

পোষ্ট কৰা হৈছে: 28 MAY 2026 6:58PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ কালোল আৰু গান্ধীনগৰ (উত্তৰ)বিধানসভা সমষ্টিসমূহত ৩৪০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে আৰু লগতে এখন প্ৰাথমিক বিদ্যালয় উদ্বোধন কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র পেটেল আৰু আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

সমাৱেশত সম্বোধন কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে যোৱা ১০ দিনত তেওঁ গান্ধীনগৰ জিলাৰ দুখন বিধানসভা সমষ্টিৰ ১২০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ সুযোগ পাইছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দ্বাৰা আৰম্ভ কৰা উন্নয়নৰ আৰ্হিৰ ফলত আজি প্ৰতিখন গাওঁ আত্মনিৰ্ভৰশীল আৰু সুবিধাসম্পন্ন হৈ পৰিছে। প্ৰতিজন ব্যক্তিয়ে উন্নত জীৱন যাপনৰ সুযোগ লাভ কৰিছে। তেওঁ কয় যে গাঁওসমূহত এতিয়া বিদ্যালয়, বিদ্যালয়ত শিক্ষক, স্বাস্থ্যসেৱাৰ সুবিধা আৰু সঠিক অনাময় ব্যৱস্থা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আস্থা প্ৰকাশ কৰে যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গান্ধীনগৰ জিলাৰ কালোল আৰু গান্ধীনগৰ (উত্তৰ) বিধানসভা সমষ্টিৰ প্ৰতিখন গাঁৱত বাগিচা আৰু পুখুৰী নিৰ্মাণৰ কামো সম্পূৰ্ণ হ’ব। তেওঁ কয় যে গাঁওসমূহত এতিয়া সৰু সৰু পুথিভঁৰাল থাকিব, যিয়ে যুৱপ্ৰজন্মক বেয়া অভ্যাসৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব আৰু তেওঁলোকৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগাব। শ্ৰী অমিত শ্বাহে কয় যে ক্ৰীড়া, পুথিভঁৰাল আৰু বাগিচা সুস্থ ব্যক্তিত্বৰ বিকাশৰ বাবে অত্যাৱশ্যকীয়। তেওঁ লগতে কয় যে পৰিষ্কাৰ গাঁও, পুখুৰী, বাগিচা নিৰ্মাণ আৰু গছপুলি ৰোপণ অভিযান চলোৱাৰ ওপৰত সমানে গুৰুত্ব দিয়া হৈছে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মহান স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে বীৰ সাভাৰকাৰ এজন এনে দেশপ্ৰেমিক আছিল যে বিৰোধী দলসমূহৰ নেতৃত্বাধীন চৰকাৰসমূহে কেতিয়াও তেওঁক উপযুক্ত স্বীকৃতি দিয়াৰ প্ৰয়োজন বুলি ভবা নাছিল। তেওঁ কৈছিল যে সমগ্ৰ দেশতে কোনেও তেওঁক কেৱল বিনায়ক দামোদৰ সাভাৰকাৰ বুলি কোৱা নাই; বৰঞ্চ দেশৰ প্ৰতিটো শিশুৱে তেওঁক বীৰ সাভাৰকাৰ বুলি স্মৰণ কৰে। তেওঁ গোটেই জীৱনজুৰি ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ আছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বীৰ সাভাৰকাৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰত মাতৃক মুক্ত কৰাৰ বাবে তেওঁৰ গোটেই জীৱনটো উৎসৰ্গা কৰিছিল। যেতিয়া চেলুলাৰ জেলত থকা ব্ৰিটিছ জেইলাৰজনে উপহাস কৰি কৈছিল, ‘শ্ৰী সাভাৰকাৰ, আপোনাক দুটা আজীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে আৰু আপুনি এই কাৰাগাৰৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰে। ‘বীৰ সাভাৰকাৰে হাঁহি মাৰি উত্তৰ দিছিল যে ব্ৰিটিছ শাসন তেওঁৰ জীৱনকাললৈকে চলিব নোৱাৰে আৰু তেওঁৰ দেশে শীঘ্ৰেই স্বাধীনতা লাভ কৰিব। শ্ৰী অমিত শ্বাহে কয় যে বিনায়ক দামোদৰ সাভাৰকাৰৰ এই মনোভাৱে ভাৰতৰ স্বাধীনতা সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে ব্ৰিটিছে ১৮৫৭ চনৰ স্বাধীনতা সংগ্ৰামক এক বিদ্ৰোহ বুলি বৰ্ণনা কৰাৰ বিপৰীতে বীৰ সাভাৰকাৰে ১৮৫৭ চনৰ ভাৰতীয় স্বাধীনতা সংগ্ৰাম শীৰ্ষক এখন গ্ৰন্থ লিখিছিল। কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বীৰ সাভাৰকাৰে চেলুলাৰ জেলৰ শিলৰ দেৱালত নিজৰ তেজৰে ভাৰত মাতৃৰ স্বাধীনতাৰ প্ৰতি উৎসৰ্গিত কবিতা লিখিছিল। তেওঁ লগতে কয় যে বীৰ সাভাৰকাৰে অস্পৃশ্যতাৰ বিৰুদ্ধেও ব্যাপকভাৱে কাম কৰিছিল আৰু ভাৰতীয় ভাষাসমূহৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। শ্ৰী অমিত শ্বাহে কয় যে বীৰ সাভাৰকাৰে পতিত পাৱন মন্দিৰ স্থাপন কৰিছিল আৰু সকলো সম্প্ৰদায়ৰ বাবে ইয়াৰ দুৱাৰ মুকলি কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পৰা আৰম্ভ কৰা উন্নয়নৰ যাত্ৰা নিৰবিচ্ছিন্নভাৱে অব্যাহত আছে। তেওঁ কয় যে মোদী চৰকাৰে ১২ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু এই সময়ছোৱাত উন্নয়নৰ আৰ্হি গুজৰাট  কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু গংগাসাগৰৰ পৰা সোমনাথলৈ সম্প্ৰসাৰিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ইয়াৰ ফলস্বৰূপে আজি দলটো দেশৰ প্ৰায় ৪০ শতাংশ ভৌগোলিক অঞ্চলত ক্ষমতাত আছে। তেওঁ কয় যে পশ্চিম বংগৰ নিৰ্বাচনত সেই সময়ত শাসনকাৰী দলটো সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গৈছে। শ্ৰী অমিত শ্বাহে লগতে কয় যে উত্তৰাখণ্ডৰ গংগোত্ৰীৰ পৰা পশ্চিম বংগৰ গংগাসাগৰলৈকে, পবিত্ৰ গংগাৰ সমগ্ৰ গতিপথত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু দলটোৱে গেৰুৱা প্ৰভাৱৰ প্ৰসাৰ নিশ্চিত কৰিবলৈ কাম কৰিছে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বংগৰ নিৰ্বাচনৰ সময়ত দলটোৱে প্ৰতিশ্ৰুতি দিছিল যে পশ্চিম বংগত চৰকাৰ গঠন হোৱাৰ লগে লগে বাংলাদেশ সীমান্তত বেৰৰ কাম তৎক্ষণাত আৰম্ভ কৰা হ’ব। তেওঁ কয় যে বাংলাদেশ সীমান্তত বেৰ লগোৱা আৰু অনুপ্ৰৱেশ বিৰোধী আন্তঃগাঁথনিৰ বিকাশ কৰাটো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। তেওঁ কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে চৰকাৰ গঠনৰ সাত দিনৰ ভিতৰত ৬০০ হেক্টৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ক হস্তান্তৰ কৰে। তেওঁ লগতে কয় যে চিকেন নেক কৰিডৰৰ বাবে ১২১ হেক্টৰ ভূমিও ভাৰত চৰকাৰক হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বংগত পূৰ্বৰ চৰকাৰৰ শাসনকালত প্ৰতিদিনে অনুপ্ৰৱেশ হৈছিল, কিন্তু এতিয়া অনুপ্ৰৱেশকাৰীসকলে নিজাববীয়াকৈ ঘূৰি যাবলৈ আৰম্ভ কৰিছে। তেওঁ কয় যে পশ্চিম বংগ চৰকাৰে এতিয়া ডিটেনশ্যন চেণ্টাৰ স্থাপন কৰিছে। শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে বিচাৰে যিসকলে অবৈধভাৱে অনুপ্ৰৱেশৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল তেওঁলোকে যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ ঘূৰি যাব লাগে। তেওঁ লগতে কয় যে যদি তেওঁলোকে স্বেচ্ছাই উভতি যায়, পশ্চিম বংগ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰে বা তেওঁলোকৰ উভতি অহাটোত বাধা নিদিয়ে আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকক উভতি যাবলৈ সহায় কৰিব। তেওঁ আশা প্ৰকাশ কৰে যে চিনাক্তকৰণ অভিযান আৰম্ভ হোৱাৰ আগতেই অনুপ্ৰৱেশকাৰীসকলে নিজাববীয়াকৈ উভতি যাব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে  দেশৰ পৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে এই কাৰণেই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল। শ্ৰী অমিত শ্বাহে কয় যে সমিতিখনে সমগ্ৰ দেশতে সংঘটিত হোৱা কৃত্ৰিম জনগাঁথনিগত পৰিৱৰ্তন, ইয়াৰ আঁৰৰ কাৰণসমূহ আৰু সেইবোৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থাসমূহৰ এক বিস্তৃত অধ্যয়ন কৰিব। তেওঁ লগতে কয় যে যদি এই উদ্দেশ্যে কোনো আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন হয়, তেন্তে কমিটীয়ে সেই অনুসৰি পৰামৰ্শও আগবঢ়াব। তেওঁ কয় যে সমিতিখনে এবছৰৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব আৰু চৰকাৰে কৃত্ৰিম জনগাঁথনিগত পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ দৃঢ়ভাৱে কাম কৰিব।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে দ্ৰুত উন্নয়ন ঘটিছে। তেওঁ কয় যে পঁচিশ বছৰ পূৰ্বে গুজৰাটত মোদী জীয়ে আৰম্ভ কৰা উন্নয়নমূলক প্ৰচাৰ অভিযান এতিয়া শীৰ্ষত উপনীত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে গান্ধীনগৰ লোকসভা সমষ্টি দেশৰ আটাইতকৈ উন্নত সংসদীয় সমষ্টি হিচাপে পৰিগণিত হ’ব বুলি আস্থা প্ৰকাশ কৰে।

***

RK/PR/PS/AG/MK


(ৰিলিজ আই ডি : 2266426) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Marathi , हिन्दी , Gujarati , Odia