প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত-ছুইডেনৰ সম্পৰ্ক সন্দৰ্ভত ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সম্পাদকীয় মতামত প্ৰকাশ

এই অংশীদাৰীত্বই উদ্ভাৱন আৰু স্থায়িত্বৰ দ্বাৰা পৰিচালিত সহযোগিতাৰ এক নতুন যুগৰ সৃষ্টি কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

পোষ্ট কৰা হৈছে: 20 MAY 2026 2:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশ কৰিছে যে তেওঁ ছুইডেনৰ প্ৰধানমন্ত্ৰী শ্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে এক যুটীয়া ওপ-এড অৰ্থাৎ সম্পাদকীয় মতামত লিখিছে, য'ত ভাৰত আৰু ছুইডেনে কেনেদৰে দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন যুগৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতিফলিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সেউজ পৰিৱৰ্তনৰ পৰা শক্তিশালী যোগান শৃংখলালৈ বিস্তৃত হৈ থকা ভাৰত-ছুইডেনৰ অংশীদাৰিত্ব দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে উদ্ভাৱন, বহনক্ষমতা আৰু অংশীদাৰী সমৃদ্ধিৰ দ্বাৰা দৃঢ়ভাৱে পৰিচালিত।

এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ

"প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে এক ওপ-এডত ভাৰত আৰু ছুইডেনে কেনেদৰে সহযোগিতাৰ এক নতুন যুগৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতিফলিত কৰা হৈছে। সেউজ পৰিৱৰ্তনৰ পৰা যোগান শৃংখলালৈ, ভাৰত-ছুইডেনৰ অংশীদাৰিত্ব আমাৰ ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণৰ বাবে উদ্ভাৱন, বহনক্ষমতা আৰু অংশীদাৰী সমৃদ্ধিৰ দ্বাৰা পৰিচালিত।"

***

MJPS/SS/PRK/NB


(ৰিলিজ আই ডি : 2263230) অতিথি কক্ষ : 10