গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দ্বাৰা গুজৰাটত ৬২০ কোটি টকা মূল্যৰ গান্ধীনগৰ পৌৰ নিগমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা আৰম্ভ হোৱা গুজৰাটৰ উন্নয়ন যাত্ৰা আজিও অপ্ৰতিৰোধ্যভাৱে অব্যাহত আছে
মূল বিৰোধী দলৰ নেতাসকলে বুজি পোৱা উচিত যে অহা সাতোটা জন্মতো তেওঁলোকে গুজৰাটত কোনো সুযোগ নাপায়
বংগত অপশাসনৰ বলি হোৱা ৰাইজে দুয়োহাতেৰে আমাৰ দলক আশীৰ্বাদ দিলে আৰু ২০৭খন আসন প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমাৰ দলৰ চৰকাৰ গঠন কৰিলে
আজিকালি উত্তৰাখণ্ডৰ পৰা উত্তৰ প্ৰদেশ, বিহাৰ আৰু বংগলৈকে—দেশৰ প্ৰায় ৮০ শতাংশ অংশতে আমাৰ দল আৰু আমাৰ মিত্ৰজোঁট শাসনত আছে
গুজৰাটৰ শেহতীয়া স্থানীয় নিকায়ৰ নিৰ্বাচনত আমাৰ দলে আটাইকেইখন ১৫খন পৌৰ নিগমতে বিজয় ধ্বজা উৰুৱালে আৰু ৰাইজে বিৰোধীক সম্পূৰ্ণৰূপে উৎখাত কৰিলে
৩৪খন জিলা পঞ্চায়তৰ ভিতৰত ৩৩খনতে আমাৰ দল বিজয়ী হ’ল আৰু ২৬০খন তালুকা পঞ্চায়তৰ ভিতৰত ২৫৩খনতে আমাৰ দলৰ পতাকা উৰিল
পোষ্ট কৰা হৈছে:
17 MAY 2026 8:35PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটত গান্ধীনগৰ পৌৰ নিগমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সমাবেশত উপস্থিত ৰাইজক সম্বোধন কৰি শ্ৰী অমিত শ্বাহে কয় যে গান্ধীনগৰৰ বিভিন্ন নাগৰিক আৰু আন্তঃগাঁথনিমূলক কাম-কাজৰ সৈতে জড়িত ৬২০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহ আজি উদ্বোধন আৰু মুকলি কৰা হৈছে। তেওঁ কয় যে গান্ধীনগৰৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ আৰু জনসাধাৰণক উন্নত ৰাজহুৱা সা-সুবিধা প্ৰদান কৰিবলৈ গুজৰাট চৰকাৰ আৰু পৌৰ নিগমে বহুমুখী গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত আৰম্ভ কৰা গুজৰাটৰ উন্নয়ন যাত্ৰা আজিও অপ্ৰতিৰোধ্যভাৱে অব্যাহত আছে। তেওঁ কয় যে উন্নয়নৰ এই ধাৰাবাহিকতাৰ বাবেই শেহতীয়া স্থানীয় নিকায়ৰ নিৰ্বাচনসমূহত জনসাধাৰণে আমাৰ দলক বিপুলভাৱে সমৰ্থন কৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যতৰ নিৰ্বাচনী বিজয়ক লৈ আমাৰ দলৰ নেতাসকলৰ যি আত্মবিশ্বাস, সেয়া কোনো অহংকাৰ নহয়, বৰঞ্চ দলৰ কৰ্মক্ষমতা আৰু জনসেৱাৰ জৰিয়তে গঢ়ি উঠা আত্মবিশ্বাসহে। তেওঁ কয় যে আমাৰ দলে গুজৰাটৰ আটাইকেইখন পৌৰ নিগমতে বিজয় সাব্যস্ত কৰাৰ লগতে ৮৪খন পৌৰসভাৰ ভিতৰত ৭৭খনত, ৩৪খন জিলা পঞ্চায়তৰ ভিতৰত ৩৩খনত আৰু ২৬০ খন গাওঁ পঞ্চায়তৰ ভিতৰত ২৫৩খনত জয়লাভ কৰিছে। শ্ৰী শ্বাহে কয় যে বিজয়ৰ এই পৰম্পৰা অক্ষুণ্ণ ৰখাটো দলীয় নেতৃত্ব আৰু কৰ্মী — উভয়ৰে দায়িত্ব।
শ্ৰী অমিত শ্বাহে কয় যে গুজৰাটৰ জনসাধাৰণে আমাৰ দল আৰু ইয়াৰ কৰ্মীসকলৰ ওপৰত যি আস্থা দেখুৱাইছে, তাৰ মূল কাৰণ হৈছে দলটোৰ জনকেন্দ্ৰিক দৃষ্টিভংগী আৰু নাগৰিকসকলৰ সমস্যা সমাধানৰ বাবে তেওঁলোকৰ সৈতে থকা নিৰন্তৰ সম্পৰ্ক। তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ গুজৰাটৰ আমাৰ দলীয় কৰ্মীসকলে নিজৰ জীৱনলৈ ভ্ৰূক্ষেপ নকৰি দুৰ্গতজনৰ কাষত থিয় দিছিল। তেওঁলোকে ৰোগীসকলক হাস্পতাললৈ যোৱাত সহায় কৰিছিল, পৰীক্ষণ আৰু ভেকচিন প্ৰদানৰ ব্যৱস্থা সুচল কৰি তুলিছিল আৰু কঠিন সময়ত নাগৰিকসকলক সহায়-সহযোগিতা আগবঢ়াইছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে সমাজসেৱা কৰি থকা অৱস্থাতে বহুতো দলীয় কৰ্মী নিজেও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল আৰু কিছুমানে আনকি নিজৰ প্ৰাণো হেৰুৱাইছিল। তেওঁ কয় যে তেওঁলোকৰ এই উছৰ্গা আৰু দায়বদ্ধতাই দলটোৰ প্ৰতি ৰাইজৰ আস্থা অধিক শক্তিশালী কৰি তুলিলে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে অলপতে আমাৰ দলে পশ্চিম বংগত এক বৃহৎ বিজয় সাব্যস্ত কৰিছে। তেওঁ কয় যে তীব্ৰ গৰম আৰু ৪২ ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ স্বত্বেও প্ৰধানমন্ত্ৰী মোদীৰ জনসভাবোৰত বিপুল জনসমাগম হৈছিল। আমি যি ঠাইলৈকে গৈছিলোঁ, তাতে "জয় শ্ৰী ৰাম" ধ্বনি উত্থাপন কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে পশ্চিম বংগৰ ৰাইজে দল আৰু ইয়াৰ মিত্ৰজোঁটক ২০৭খন আসন প্ৰদান কৰি আমাৰ দলৰ ওপৰত এক গুৰু দায়িত্ব অৰ্পণ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে যদি কোনোবাই ১৯৬৪ চনৰ গুজৰাটক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিলেহেঁতেন, তেন্তে সেই সময়ত ইয়াৰ গাঁও, চহৰ আৰু সা-সুবিধাবোৰ কেনেকুৱা আছিল, তাক মানুহে দেখিবলৈ পালেহেঁতেন। আৰু যদি বংগৰ বৰ্তমানৰ অৱস্থাক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়, তেন্তে মোৰ বিশ্বাস যে ১৯৬৫ চনৰ গুজৰাটখনেই দুখোজ আগত দেখা যাব। তেওঁ কয় যে বংগত ৫০ বছৰ ধৰি কোনো উন্নয়নমূলক কাম-কাজ হোৱা নাছিল। প্ৰতিটো ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰতে ক্ষমতাত থকা দলটোৱে কমিছন লৈছিল। তৎকালীন শাসকীয় দলটোৱে ইমান ডাঙৰ এখন ৰাজ্যক এই অৱস্থালৈ নমাই আনিছিল। তেওঁ কয় যে স্বাধীনতাৰ সময়ত বংগ দেশৰ ভিতৰতে আটাইতকৈ চহকী ৰাজ্য আছিল। ৫০ বছৰীয়া অপশাসনত অতিষ্ঠ হৈ পৰা ৰাইজে দুয়োহাতেৰে আমাক আশীৰ্বাদ দিলে আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমাৰ চৰকাৰ গঠন কৰিলে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰাখণ্ডৰ গংগোত্ৰীৰ পৰা পশ্চিম বংগৰ গংগাসাগৰলৈকে গংগা নদী প্ৰবাহিত হৈছে, আৰু এই নদীখন যিকেইখন ৰাজ্যৰ মাজেৰে বৈ গৈছে—যেনে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগ—সেই আটাইকেইখন ৰাজ্যতে আমাৰ দলৰ নেতৃত্বাধীন চৰকাৰ শাসনত আছে। শ্ৰী শ্বাহে কয় যে আমাৰ দল আৰু ইয়াৰ মিত্ৰজোঁট বৰ্তমান দেশৰ প্ৰায় ৮০ শতাংশ অংশতে শাসনত আছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্ৰতিটো নিৰ্বাচনী বিজয়ৰ কৃতিত্ব দলটোৰ বুথ পৰ্যায়ৰ কৰ্মীসকললৈ যায়।
***
RK/PR/PS/SC/RD
(ৰিলিজ আই ডি : 2262193)
অতিথি কক্ষ : 8