গৃহ মন্ত্ৰালয়
ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লীৰ এমচিডি অঞ্চলত গৃহ তালিকাভুক্তকৰণ আৰু গৃহগণনাৰ ক্ষেত্ৰভিত্তিক কাম আৰম্ভ
গুজৰাট, জম্মু-কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত স্বগণনা আৰম্ভ
১.৪৪ কোটিতকৈ অধিক পৰিয়ালৰ স্বগণনা সম্পূৰ্ণ
পোষ্ট কৰা হৈছে:
17 MAY 2026 10:42AM by PIB Guwahati
দেশজোৰা লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ত গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনা (এইচএলঅ’)ৰ ক্ষেত্ৰভিত্তিক কাম পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল- ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ দিল্লী পৌৰ নিগম (এমচিডি) অঞ্চলত আৰম্ভ হৈছে।
ইফালে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দাদৰ আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ, হাৰিয়ানা, মধ্যপ্ৰদেশ, পঞ্জাব, তেলেংগানা আৰু উত্তৰাখণ্ডত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকাভুক্তকৰণ অব্যাহত ৰাখিছে।
গুজৰাট, জম্মু-কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত আজিৰে পৰা আৰম্ভ হোৱা এই স্বগণনাৰ (SE) সুবিধা ২০২৬ চনৰ ৩১ মে’লৈকে উপলব্ধ হ’ব। এই ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত সংশ্লিষ্ট গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনাৰ ক্ষেত্ৰভিত্তিক কাৰ্য্যকলাপ ১ জুনৰ পৰা ৩০ জুন, ২০২৬লৈ অনুষ্ঠিত হ’ব।
উত্তৰ প্ৰদেশতো স্বগণনা চলি আছে, যিটো ২০২৬ চনৰ ২১ মে’লৈকে অব্যাহত থাকিব। ইয়াৰ পিছত ২০২৬ চনৰ ২২ মে’ৰ পৰা ২০ জুনলৈকে গৃহ তালিকাভুক্তকৰণৰ বাবে ক্ষেত্ৰভিত্তিক কাম আৰম্ভ হ’ব।
ইয়াৰ পূৰ্বে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা আৰু ছিকিম আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ এনডিএমচি আৰু দিল্লী কেণ্টনমেণ্ট ব’ৰ্ড এলেকাত ২০২৬ চনৰ ১৬ এপ্ৰিলৰ পৰা ১৫ মে’লৈকে গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনাৰ কাম সফলতাৰে সম্পূৰ্ণ হৈছিল।
লোকপিয়লৰ কামত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা স্ব-গণনাৰ সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। এতিয়ালৈকে ২৫খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলত ১.৪৪ কোটিতকৈ অধিক পৰিয়ালে চৰকাৰী পৰ্টেল (se.census.gov.in)ৰ জৰিয়তে স্বগণনা সম্পূৰ্ণ কৰিছে। এই পদক্ষেপে লোকপিয়লৰ কাম-কাজ ডিজিটেলাইজ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আৰু ই বাসিন্দাসকলক লোকপিয়ল প্ৰক্ৰিয়াত সুবিধাজনক আৰু সুৰক্ষিতভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰে।
যিসকল বাসিন্দাই স্বগণনা সম্পূৰ্ণ কৰিছে তেওঁলোকক অনুৰোধ কৰা হৈছে যে তেওঁলোকে নিজৰ স্বগণনা আইডি (এছ ই আই ডি) সংৰক্ষণ কৰি ৰাখক আৰু এইচ এল অ’ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ঘৰলৈ যোৱাৰ সময়ত গণনাকাৰীৰ সৈতে সেয়া শ্বেয়াৰ কৰক। যিবোৰ পৰিয়ালে স্বগণনা সম্পূৰ্ণ কৰা নাই, সেইবোৰ পৰিয়ালক ঘৰে ঘৰে যোৱা গণনাকাৰীয়ে তালিকাভুক্ত কৰিব।
ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে ২০২৭ চনৰ লোকপিয়ল চলোৱা হৈছে। সমান্তৰালভাৱে পৰম্পৰাগত পদ্ধতিৰে ঘৰে ঘৰে গৈ চলোৱা গণনা প্ৰক্ৰিয়াই ব্যাপক আৰু সঠিক কভাৰেজ নিশ্চিত কৰিব। ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গণনাকাৰীসকলে এটা নিৰ্দিষ্ট মোবাইল এপ্লিকেচনৰ জৰিয়তে ডিজিটেলভাৱে তথ্য সংগ্ৰহ কৰি আছে।
এই পৰ্যায়ত আৱাসিক অৱস্থা, পৰিয়ালৰ সবিশেষ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ মালিকানাধীন সম্পত্তিৰ তথ্য ৩৩টা অধিসূচিত প্ৰশ্নৰে প্ৰস্তুত কৰা প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। এই তথ্যই প্ৰমাণভিত্তিক পৰিকল্পনা আৰু কল্যাণ তথা উন্নয়নমূলক কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গুৰুত্বপূৰ্ণ ভিত্তি প্ৰদান কৰিব।
১৯৪৮ চনৰ লোকপিয়ল আইনৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় কৰি ৰখা হয় আৰু কেৱল পৰিসংখ্যাগত উদ্দেশ্য আৰু উন্নয়ন পৰিকল্পনাৰ বাবেহে ইয়াক ব্যৱহাৰ কৰা হয়। অধিসূচিত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাসিন্দাসকলক গৃহ তালিকাভুক্তকৰণৰ কামৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
***
RK/PR/PS/KD
(ৰিলিজ আই ডি : 2262008)
অতিথি কক্ষ : 16