প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

प्रविष्टि तिथि: 16 MAY 2026 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত  উপস্থিত হোৱাৰ পিছতে  প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।

সমাবেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক জনোৱা  উৎসাহী আৰু বৰ্ণিল আদৰণিৰ শলাগ লয়। তেওঁ প্ৰবাসী ভাৰতীয়সমাজৰ ডাচ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু ভাৰত তথা  নেদাৰলেণ্ডৰ মাজত বন্ধুত্বৰ  সেতু হিচাপে কাম কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ ভাৰতৰ সৈতে চুৰিনামি-হিন্দুস্তানী সম্প্ৰদায়ৰ গভীৰ তথা  চিৰস্থায়ী ঐতিহাসিক সম্পৰ্কৰ কথাও স্মৰণ কৰে। তেওঁ লগতে  তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষণ তথা  উদযাপনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি খণ্ডত, বিশেষকৈ উদ্ভাৱন-চালিত ক্ষেত্ৰত  বৃহৎ সংখ্যক  ভাৰতীয় পেছাদাৰী থকাৰ লগতে  ডাচ বিশ্ববিদ্যালয়সমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে দুয়োখন দেশৰ মাজত অংশীদাৰিত্বৰ  শক্তি বৃদ্ধি কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ক্ৰীড়া ক্ষেত্ৰৰ সংযোগে বিশেষকৈ ক্ৰিকেট তথা হকীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কত নতুন সজীৱতা সৃষ্টি কৰাত অৰিহণা যোগাইছে।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে নেদাৰলেণ্ডৰ সৈতে দ্বিপাক্ষিক সহযোগিতা ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে, প্ৰযুক্তি আৰু উদ্ভাৱনে মূল কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ দুয়োখন দেশৰ মাজত শক্তিশালী তথা  ক্ৰমবৰ্ধমান বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি কয় যে নেদাৰলেণ্ড ইউৰোপৰ ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাবে পৰিগণিত হৈছে ।লগতে অন্যতম আগশাৰীৰ বিনিয়োগ অংশীদাৰ হিচাবেও চিহ্নিত হৈছে। তেওঁ লগতে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োপক্ষৰ বাবে নতুন সুযোগৰ দুৱাৰ অধিক মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ - বিকশিত ভাৰত হোৱাৰ উদ্দেশ্যেৰে ভাৰতত হৈ  থকা বৃদ্ধি আৰু অগ্ৰগতিৰ বিষয়ত  আলোকপাত কৰে।তেওঁ আন্তঃগাঁথনি, উৎপাদন, স্বচ্ছ শক্তি আৰু ডিজিটেল ব্যৱস্থাৰ ব্যাপক উন্নতিৰ জৰিয়তে ভাৰতত চলি থকা পৰিৱৰ্তনৰ পৰিসৰ তথা গতিৰ কথা উল্লেখ কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে আত্মবিশ্বাসেৰে নিজৰ ভৱিষ্যত গঢ়ি তুলিছে, একে সময়তে বিশ্বৰ বিকাশ  আৰু সমৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে।

প্ৰধানমন্ত্ৰীয়ে  আশ্বাস দিয়ে যে ভাৰত চৰকাৰে বহিঃদেশত  বসবাস কৰি থকা প্ৰতিগৰাকী  ভাৰতীয়ৰ সৈতে  দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকৰ কল্যাণৰ প্ৰতি দায়বদ্ধ হৈ আছে। তেওঁ নেদাৰলেণ্ডত লাভ কৰা তেওঁলোকৰ অভিজ্ঞতাৰে বিকশিত ভাৰত যাত্ৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়।

নেদাৰলেণ্ড হৈছে  চুৰিনামি-হিন্দুস্তানী সম্প্ৰদায়ৰ প্ৰায় ২ লাখ সদস্যকে ধৰি মূল ইউৰোপৰ ভিতৰত সৰ্বাধিক ভাৰতীয় মূলৰ লোকৰ বাসস্থান । এই সন্দৰ্ভত তেওঁ চুৰিনামি-হিন্দুস্তানী প্ৰব্ৰজনকাৰীসকলৰ বাবে চতুৰ্থ প্ৰজন্মৰ পৰা ষষ্ঠ প্ৰজন্মলৈ অ’চিআইৰ যোগ্যতাৰ উদাৰীকৰণৰ বিষয়ত  আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ ভাষণ  এই লিংকত চাব পাৰিব।

[Link].

 

***

MJPS/SS/VJ/DM


(रिलीज़ आईडी: 2261747) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam