নৌ-পৰিবহন মন্ত্ৰালয়
থুথুকুড়ীত ভাৰতৰ প্ৰথমটো মেগা গ্ৰীণফিল্ড শ্বিপয়াৰ্ডৰ বাবে ঐতিহাসিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
এইচ ডি কে এছ অ’ ই, এন এছ এইচ আই পি-টি এন আৰু এছ এম এফ চি এল-এ ২৫ লাখ জি টি ক্ষমতাৰ শ্বিপয়াৰ্ডৰ বাবে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে; সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ -ত গুৰুত্বপূৰ্ণ উৎসাহ যোগায়
পোষ্ট কৰা হৈছে:
13 MAY 2026 4:57PM by PIB Guwahati
ভাৰতৰ সামুদ্ৰিক খণ্ডৰ এক ঐতিহাসিক বিকাশৰ সৈতে , ২০২৬ বৰ্ষৰ ২০ এপ্ৰিলত জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ এইচ ডি কোৰিয়া শ্বিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড (এইচ ডি কে এছ অ’ ই) ৰ মাজত এক ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় । নেচনেল শ্বিপবিল্ডিং এণ্ড হেভি ইণ্ডাষ্ট্ৰীজ পাৰ্ক, তামিলনাডু লিমিটেড (এন এছ এইচ আই পি-টি এন), ভাৰত চৰকাৰৰ অধীনৰ এটা প্ৰধান বন্দৰ চিদাম্বৰনাৰ বন্দৰ কৰ্তৃপক্ষ (ভি অ’চিপিএ) আৰু তামিলনাডু চৰকাৰৰ প্ৰতিষ্ঠান তামিলনাডুৰ ৰাজ্যিক উদ্যোগ প্ৰচাৰ নিগম (এছআইপিচিঅ’ টি) তথা তামিলনাডুৰ থুথুকুড়ীত ভাৰতৰ প্ৰথমটো মেগা গ্ৰীণফিল্ড শ্বিপয়াৰ্ডৰ উন্নয়নৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ (এমঅ’পিএছডব্লিউ) অধীনত সাগৰমালা ফাইনেন্স কৰ্পোৰেচন লিমিটেড (এছএমএফচিএল)মাজত এই বুজাবিজিৰ চুক্তি স্বাক্ষৰিত হয়।
কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত লী জে মিউংৰ ভাৰত ভ্ৰমণৰ সময়ত ২০২৬ বচ্ষৰ ২০ এপ্ৰিলত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ উপস্থিতিত এই বুজাবুজি চুক্তিখন বিনিময় কৰা হয়। জাহাজ নিৰ্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক লজিষ্টিকৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ বাবে ভাৰত-ৰ 'কৰ ব্যাপক ফ্ৰেমৱৰ্ক' ভয়েজছ '(দক্ষতা আৰু পৰিসৰৰ সৈতে য়াৰ্ড সহায়ক বিকাশৰ সঞ্চালনৰ বাবে অংশীদাৰী দৃষ্টিভংগী) ৰ অধীনত এই চুক্তিখন উত্থাপন কৰা হৈছিল, যিটো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি লী জে মিয়ুংৰ ভাৰত ভ্ৰমণৰ সময়ত হোৱা বৈঠকৰ পাছত আৰম্ভ কৰা হৈছিল।
থুথুকুড়ী গ্ৰীণফিল্ড শ্বিপয়াৰ্ডে ভাৰত-আৰ ও কে সামুদ্ৰিক সহযোগিতা পৰিকাঠামোৰ অধীনত প্ৰাৰম্ভিক ৰূপায়ণ ফলাফলসমূহৰ ভিতৰত এটাক প্ৰতিনিধিত্ব কৰে আৰু সামুদ্ৰিক ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বৰ্ধিত কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।
এই বুজাবুজিৰ চুক্তিয়ে থুথুকুড়ীত ২৫ লাখ মুঠ টনেজ (জিটি) ৰ পৰিকল্পিত বাৰ্ষিক ক্ষমতাৰ সৈতে এক বিশ্বমানৰ বৃহৎ শ্বিপয়াৰ্ডৰ যুটীয়া উন্নয়ন, বিত্তীয় সাহায্য, নিৰ্মাণ আৰু পৰিচালনাৰ ভেটি প্ৰদান কৰে। এই প্ৰকল্পটোৱে সমগ্ৰ তামিলনাডু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত যথেষ্ট পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ উপৰি কাৰ্য্যকলাপৰ স্থিৰতাৰ ওপৰত প্ৰায় ১৫,০০০ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
প্ৰস্তাৱিত শ্বিপয়াৰ্ডে এন এছ এইচ আই পি-টি এন-ৰ দ্বাৰা বিকশিত কৰা থুথুকুড়ী শ্বিপবিল্ডিং ক্লাষ্টাৰৰ এংকৰ সুবিধা হিচাপে কাম কৰিব। প্ৰকল্পটোৰ বাবে প্ৰযুক্তিগত-অৰ্থনৈতিক সম্ভাৱনীয়তা প্ৰতিবেদন (টিইএফআৰ) ইতিমধ্যে সম্পূৰ্ণ হৈছে, আনহাতে বৰ্তমান বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰাৰ কাম চলি আছে। এন এছ এইচ আই পি-টি এন-এ থুথুকুড়ীত প্ৰস্তাৱিত গ্ৰীণফিল্ড শ্বিপবিল্ডিং ক্লাষ্টাৰৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ মিছনৰ পৰাও নীতিগত অনুমোদন লাভ কৰিছে।
ভাৰতৰ সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ (এম এ কে ভি ২০৪৭)-ৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত প্ৰতি বছৰে ৪.৫ নিযুত জি টি জাহাজ নিৰ্মাণৰ লক্ষ্যৰে ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণ কৰা দেশৰ ভিতৰত স্থান দিয়া। প্ৰস্তাৱিত ২৫ লাখ জি টি বাৰ্ষিক সামৰ্থ্যৰ সৈতে প্ৰস্তাৱিত থুথুকুড়ী সুবিধাই ভাৰতৰ বাণিজ্যিক জাহাজ নিৰ্মাণৰ দৃশ্যপট গুৰুত্বপূৰ্ণভাৱে সলনি কৰিব আৰু দেশৰ বৰ্তমানৰ জাহাজ নিৰ্মাণৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
জাহাজ নিৰ্মাণ ক্ষমতা সৃষ্টিৰ বাহিৰেও, এই প্ৰকল্পটোৱে আনুষংগিক আৰু উপাদান নিৰ্মাণ ক্লষ্টাৰৰ জৰিয়তে এক ব্যাপক সামুদ্ৰিক ঔদ্যোগিক পৰিৱেশ তন্ত্ৰৰ বিকাশক অনুঘটক কৰা, সামুদ্ৰিক সঁজুলি আৰু অভিযান্ত্ৰিক যোগান শৃংখলৰ স্থানীয়কৰণ, কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ পদক্ষেপৰ লগতে উন্নত উৎপাদন, ডিজিটেল জাহাজ নিৰ্মাণ আৰু সেউজ শ্বিপিং প্ৰযুক্তি গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সহযোগিতাই কোৰিয়া গণৰাজ্যত থকা এইচ ডি কে.এছ অ’ ই-ৰ সুবিধাসমূহত ভাৰতীয় জাহাজ নিৰ্মাণ পেছাদাৰী আৰু শ্ৰমিকসকলৰ প্ৰশিক্ষণত সহায় কৰিব পাৰে।
২০২৫ বৰ্ষৰ ছেপ্টেন্বৰত, ভাৰত চৰকাৰে বিশ্বব্যাপী প্ৰতিযোগিতামূলক জাহাজ নিৰ্মাণ কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান ত্বৰান্বিত কৰাৰ লক্ষ্যৰে চৰকাৰৰ চাৰিটা স্তম্ভৰ দৃষ্টিভংগীৰ অংশ হিচাপে প্ৰায় ৭০,০০০ কোটি টকাৰ এক ব্যাপক জাহাজ নিৰ্মাণ নীতি পেকেজ আৰম্ভ কৰিছিল। নীতি পেকেজ আৰম্ভ হোৱাৰ পাছৰে পৰা, ভাৰতীয় শ্বিপয়াৰ্ডবোৰৰ আন্তঃৰাষ্ট্ৰীয় আগ্ৰহ আৰু অৰ্ডাৰৰ প্ৰৱাহ বৃদ্ধি পাইছে, যি দেশৰ জাহাজ নিৰ্মাণ ক্ষমতা আৰু সেউজ প্ৰযুক্তিৰ প্ৰস্তুতিৰ ওপৰত বৰ্ধিত আত্মবিশ্বাস প্ৰতিফলিত কৰিছে।
উল্লেখযোগ্য যে, চি এম এ চি জি এম-এ কোচিন শ্বিপয়াৰ্ড লিমিটেড (চি এছ এল)-ত ছযটা ১,৭০০ টি ই ইউ জাহাজৰ অৰ্ডাৰ দিছে, আনহাতে ছোৱান এনাৰ্জীৰ পিপাভাভ শ্বিপয়াৰ্ডে নৰৱেৰ পৰা ছটা ৰাসায়নিক টেংকাৰ আৰু যুক্তৰাজ্যৰ পৰা চাৰিটা এমোনিয়া চালিত কামচাৰমেক্স বাল্ক বাহকৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্ডাৰ লাভ কৰিছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱালে কয়ঃ ‘এই ঐতিহাসিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাটোৱে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত এক বিশ্ব সামুদ্ৰিক শক্তি হোৱাৰ দিশত আমাৰ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত হিচাপে চিহ্নিত কৰে। ‘ভয়েজ’ পৰিকাঠামোৰ অধীনত এই অংশীদাৰিত্বই ভাৰতলৈ বিশ্বমানৰ প্ৰযুক্তি, পৰিসৰ, উদ্ভাৱন আৰু সেউজ জাহাজ নিৰ্মাণৰ সামৰ্থ্য কঢ়িয়াই আনিব। ই কেৱল ভাৰতৰ বাণিজ্যিক জাহাজ নিৰ্মাণ ক্ষমতাৰ পৰিৱৰ্তন কৰাই নহয়, হাজাৰ হাজাৰ দক্ষ চাকৰিও সৃষ্টি কৰিব, ঔদ্যোগিক বিকাশক অনুঘটক কৰিব আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলকতাৰ সৈতে আমাৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব। ভাৰতে সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে থুথুকুড়ী বিশ্বৰ বাবে এক কৌশলগত সামুদ্ৰিক আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।’
এই বুজাবুজিৰ চুক্তি স্বাক্ষৰে ভাৰতক বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামুদ্ৰিক উৎপাদনৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব, উন্নত প্ৰযুক্তি তথা বহনক্ষম বিকাশৰ জৰিয়তে বৃহৎ পৰিমাণৰ ঔদ্যোগিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰে।


***
Samrat/MI/IY/MK
(ৰিলিজ আই ডি : 2260855)
অতিথি কক্ষ : 5