কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৩৪ কিলোমিটাৰ বৃদ্ধি কৰি গুজৰাটৰ আহমেদাবাদ জিলাক সামৰি লোৱা এটা নতুন প্ৰকল্পত কেবিনেটৰ অনুমোদন
প্ৰকল্পটোৰ মুঠ আনুমানিক ব্যয় হৈছে ২০,৬৬৭ কোটি টকা (প্ৰায়) আৰু এই প্ৰকল্পটো ২০৩০-৩১ বৰ্ষলৈকে সম্পূৰ্ণ হ’ব
পোষ্ট কৰা হৈছে:
13 MAY 2026 3:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰেল মন্ত্ৰালয়ৰ আহমেদাবাদ (সৰখেজ)-ঢোলেৰা ছেমি হাই-স্পিড ডাবল লাইন প্ৰকল্পত অনুমোদন জনাইছে, যাৰ মুঠ ব্যয় হৈছে ২০,৬৬৭ কোটি টকা (প্ৰায়)। এইটো হ’ব ভাৰতীয় ৰে’লৱেৰ প্ৰথম অৰ্ধ উচ্চ গতিৰ প্ৰকল্প, যিটো থলুৱাভাৱে বিকশিত প্ৰযুক্তিৰে পৰিকল্পনা কৰা হৈছে।
প্ৰকল্প খণ্ডটোৱে আহমেদাবাদ, ধোলেৰা এছ আই আৰ, অনাগত ধোলেৰা বিমানবন্দৰ আৰু লোথাল ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এন এইচ এম চি)ৰ মাজত দ্ৰুত সংযোগ প্ৰদান কৰিব। আহমেদাবাদক ঢোলেৰাৰ সৈতে সংযোগ কৰিলে যাত্ৰীৰ ভ্ৰমণৰ সময় হ্ৰাস হ’ব যাৰ ফলত দৈনন্দিন আৰামদায়ক যাতায়াত আৰু একে দিনতে প্ৰত্যাৱৰ্তনৰ যাত্ৰা সম্ভৱ হ’ব। এই অৰ্ধ উচ্চ গতিৰ ৰে’লৱেই কেৱল দুখন চহৰক কাষ চপাই অনাই নহয়, বৰঞ্চ শ শ কিলোমিটাৰ দূৰৈত বাস কৰা লোকসকলকো পৰস্পৰৰ কাষ চপাই আনিব।
ভাৰতৰ প্ৰথমটো অৰ্ধ উচ্চ গতিৰ ৰে’ল প্ৰকল্প হিচাপে এই প্ৰকল্পটোৱে সমগ্ৰ দেশতে অৰ্ধ উচ্চ গতিৰ ৰে’লৰ পৰ্য্যায়ক্ৰমে সম্প্ৰসাৰণৰ বাবে এক অগ্ৰণী প্ৰকল্প হিচাপে কাম কৰিব।
নতুন লাইনৰ প্ৰস্তাৱটোৱে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব আৰু গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে’লৱেৰ বাবে দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে, যিয়ে অঞ্চলটোৰ জনসাধাৰণক ব্যাপক উন্নয়নৰ জৰিয়তে ‘আত্মনিৰ্ভৰ’ কৰি তুলিব আৰু তেওঁলোকৰ নিযুক্তি/আত্ম-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব।
সমন্বিত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ তথা পৰিবহন আৰু যোগান দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ওপৰত এই প্ৰকল্পটোৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰবিচ্ছিন্ন সংযোগ প্ৰদান কৰিব।
গুজৰাটৰ আহমেদাবাদ জিলাক সামৰি লোৱা এই প্ৰকল্পটোৱে ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৩৪ কিলোমিটাৰ বৃদ্ধি কৰিব।
প্ৰস্তাৱিত প্ৰকল্পসমূহে ২৮৪ খন গাঁৱৰ প্ৰায় ৫ লাখ লোকৰ সংযোগ বৃদ্ধি কৰিব ।
পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হোৱাৰ বাবে ৰে’লৱেই জলবায়ু লক্ষ্যত উপনীত হোৱা আৰু দেশৰ পৰিবহন তথা যোগান ব্যয় হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা (০.৪৮ কোটি লিটাৰ) আৰু কার্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰা (২ কোটি কিলোগ্ৰাম) দুয়োটাতে সহায় কৰিব, যিটো ১০ লাখ গছপুলি ৰোপণৰ সমতুল্য।
****
MJPS/MK
(ৰিলিজ আই ডি : 2260738)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam