মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জে পি নাড্ডা আৰু শ্ৰী শিৱৰাজ সিং চৌহানে কৃষি তথা স্বাস্থ্যক সংযোগ কৰা এক বৃহৎ নতুন পদক্ষেপ ‘ছেহট অভিযান ’ মুকলি কৰে

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জে পি নাড্ডাই কয় যে এই অভিযানে সক্ৰিয় স্বাস্থ্যসেৱাৰ দিশত এক বৃহৎ পৰিৱৰ্তন চিহ্নিত কৰিছে

শ্ৰী জে পি নাড্ডাই কয় যে কৃষি আৰু স্বাস্থ্যৰ অভিসৰণে বিজ্ঞানসন্মত , সুলভ আৰু ফলপ্ৰসূ সমাধান আগবঢ়াব

শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতে এতিয়া উন্নত স্বাস্থ্যৰ বাবে মানুহে কি খাব লাগে সেইবোৰৰ খেতি কৰাত মনোনিৱেশ কৰিব লাগিব

শ্ৰী শিৱৰাজ সিঙে কয় যে ‘ছেহট অভিযান ’ পুষ্টি, কৃষকৰ সুৰক্ষা আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে এক শক্তিশালী ভেটি হ’ব

আইচিএআৰ-আইচিএমআৰৰ অংশীদাৰিত্বই স্বাস্থ্যসন্মত খাদ্য, স্বাস্থ্যসন্মত পাম আৰু সুস্থ ভাৰতৰ দিশত এক নতুন পথ মুকলি কৰিব

পোষ্ট কৰা হৈছে: 11 MAY 2026 8:35PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰাসায়নিক তথা সাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জে পি নাড্ডা আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ, আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে সোমবাৰে দিল্লীত ছেহট (‘SEHAT ) অভিযান ’ আৰম্ভ কৰি ইয়াক   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৈজ্ঞানিক সহযোগিতাৰে কৃষি, পুষ্টি আৰু জনস্বাস্থ্যৰ মাধ্যমেৰে সংযুক্ত কৰিব বিচৰা এক বৃহৎ ৰাষ্ট্ৰীয় পদক্ষেপ হিচাপে অভিহিত কৰে ।‘স্বাস্থ্যকৰ খাদ্য, স্বাস্থ্যসন্মত পাম আৰু সুস্থ ভাৰত’ৰ কাঠামো গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যৌথভাৱে আৰম্ভ কৰিছে এই অভিযান। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভাগীৰথ চৌধুৰী, আই চি এম আৰৰ সঞ্চালক প্ৰধান ড০ ৰাজীৱ বাহল আৰু আই চি এ আৰৰ সঞ্চালক প্ৰধান ড০ এম এল জাটো উপস্থিত থাকে।

 

পদক্ষেপে প্ৰমাণ কৰিছে যে ভাৰত এতিয়া প্ৰতিক্ৰিয়াশীল স্বাস্থ্যসেৱাৰ পন্থাৰ পৰিৱৰ্তে সক্ৰিয় পদ্ধতিৰে আগবাঢ়িছে।

এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত জে পি নাড্ডাই কয় যে ‘ছেহট অভিযান ’-এ  ভাৰতৰ নীতি নিৰ্ধাৰণৰ পদ্ধতিত এক বৃহৎ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে, য’ত চৰকাৰে এতিয়া কেৱল চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া নাই , বৰঞ্চ প্ৰতিৰোধ, ৰোগ আগতীয়াকৈ ধৰা পেলোৱা আৰু অবিৰত যত্নৰ বিষয়তো  গুৰুত্ব দিছে। তেওঁ কয় যে এই 

শ্ৰী নাড্ডাই কয় যে দেশৰ কৃষি আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহে, দশক দশক ধৰি, পৃথকে পৃথকে কাম কৰি আহিছিল, কিন্তু আইচিএআৰ আৰু আইচিএমআৰৰ একত্ৰিত হোৱাৰ লগে লগে বিজ্ঞানভিত্তিক আৰু প্ৰমাণ-চালিত সমাধানৰ এক নতুন যুগৰ আৰম্ভণি হৈছে। তেওঁৰ মতে, এই অভিযানে পুষ্টিহীনতা আৰু ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কেন্সাৰ আদি অসংক্ৰামক ৰোগৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ঘটনাৰ মোকাবিলা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ কয় যে ভাৰতে এতিয়া নিজৰ বৈজ্ঞানিক গৱেষণা, প্ৰতিষ্ঠানিক অভিজ্ঞতা আৰু প্ৰমাণভিত্তিক পদ্ধতিত শিপাই থকা থলুৱা সমাধান বিকশিত কৰিব লাগিব।

শ্ৰী নাড্ডাই কয়, “কম খৰচী, উচ্চমানৰ আৰু বৈজ্ঞানিকভাৱে বৈধ সমাধান দেশৰ বাবে আটাইতকৈ উপযোগী হ’ব  আৰু আইচিএমআৰে এই দিশত কাম কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ‘ছেহট অভিযান ’ কেৱল এক স্বতন্ত্ৰ কাৰ্যসূচী নহয় , বৰঞ্চ “সমগ্ৰ  চৰকাৰ” আৰু “সমগ্ৰ ব্যৱস্থা”ক সামৰি লোৱা  পদ্ধতিৰ উদাহৰণ, য’ত বিজ্ঞান, নীতি নিৰ্ধাৰণ, আৰু ৰূপায়ণ ব্যৱস্থাই একেলগে এক সংহতভাৱে কাম কৰিব লাগিব। তেওঁ আস্থা প্ৰকাশ কৰে যে এই অভিযানে এখন সুস্থ আৰু সবল ভাৰত গঢ়াৰ দিশত এক বৃহৎ অৱদান আগবঢ়াব।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ‘ছেহট অভিযান ’  আৰম্ভ কৰাটো দেশৰ বাবে এক ঐতিহাসিক আৰু অভূতপূৰ্ব পদক্ষেপ বুলি অভিহিত কৰি কয় যে ইয়াৰ দ্বাৰা কৃষি, পুষ্টি আৰু স্বাস্থ্যসেৱাক একত্ৰিত কৰি এখন সুস্থ ভাৰত গঢ়াৰ বাবে এক শক্তিশালী কাঠামো স্থাপন কৰিব পৰা যাব।

শ্ৰী চৌহানে কয় যে আমাৰ ভাৰতীয় পৰম্পৰাই সদায় সুস্থ শৰীৰক সুখৰ সৰ্ববৃহৎ ৰূপ হিচাপে গণ্য কৰি আহিছে আৰু সুস্বাস্থ্য মৌলিকভাৱে উপযুক্ত খাদ্যৰ ওপৰত নিৰ্ভৰশীল। তেওঁ  কয় যে ভাৰতে এতিয়া কেৱল কৃষি উৎপাদন বৃদ্ধিৰ লক্ষ্যৰ বাহিৰলৈ যাব লাগিব আৰু ইয়াৰ পৰিৱৰ্তে এনে খাদ্য উৎপাদনত মনোনিৱেশ কৰিব লাগিব যিয়ে পুষ্টি প্ৰদান কৰে, মানুহক ৰোগৰ পৰা ৰক্ষা কৰে আৰু সামগ্ৰিকভাবে জীৱনৰ মান উন্নত কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতীয় দাৰ্শনিক নীতি “হিতভুক, মিতভুক আৰু ঋতুভুক”ৰ কথা উল্লেখ কৰি কয় যে এই ধাৰণাসমূহ আজিও প্ৰাসংগিক হৈ আছে বুলি কয়।  কাৰণ উপকাৰী, সুষম আৰু ঋতুভিত্তিক খাদ্যই স্বাস্থ্যৰ প্ৰকৃত ভেটি গঠন কৰে। তেওঁ কয় যে ভাৰতে কেৱল “মানুহে কি খাব লাগে” সেই সন্দৰ্ভত নহয়, “দেশখনে কি বৃদ্ধি কৰিব লাগে” এই বিষয়েও গুৰুত্বসহকাৰে বিবেচনা কৰাৰ সময় আহি পৰিছে।

শ্ৰী চৌহানৰ মতে, আইচিএআৰ আৰু আইচিএমআৰে সমযোগিতাৰে  পাম, খাদ্য প্লেট আৰু জনস্বাস্থ্যক সংযোগ কৰা এক বৈজ্ঞানিক শৃংখল সৃষ্টি কৰি  এই উদ্দেশ্যৰসফল কৰাৰ বাবে ‘ছেহট অভিযান ’   আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই অভিযানত জৈৱ-শোধিত শস্য, পুষ্টিকৰ খাদ্য সামগ্ৰী, সংহত কৃষি ব্যৱস্থা, কৃষকৰ স্বাস্থ্য আৰু সুৰক্ষা ব্যৱস্থা, জীৱনশৈলীৰ ৰোগৰ খাদ্য সমাধান আৰু ‘এক স্বাস্থ্য’ পদ্ধতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হ’ব।

শ্ৰী চৌহানে কয় যে ভাৰতত আজি পৰ্যাপ্ত খাদ্যশস্য উৎপাদন হৈ আছে, কিন্তু দেশৰ পৰৱৰ্তী প্ৰধান লক্ষ্য হ’ব লাগে পুষ্টি সমৃদ্ধ কৃষিৰ উৎপাদন বৃদ্ধি । তেওঁ জৈৱ-শক্তিশালী শস্য আৰু জিংক, আইৰণ আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ জাতৰ লগতে পৰম্পৰাগত শস্য যেনে কোডো বাজৰা, কুটকী, জোৱাৰ, ৰাগী আৰু বাজৰা আদিৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সংহত কৃষিক কেৱল কৃষকৰ আয় বৃদ্ধিৰ আহিলা হিচাপে নহয়,  বৰঞ্চ ইয়াক পৰিয়ালৰ পুষ্টি শক্তিশালী কৰাৰ এক ফলপ্ৰসূ পথ হিচাপেও চাব লাগে। তেওঁৰ মতে, শস্য খেতিৰ সৈতে ফল-মূল, শাক-পাচলি, পশুপালন, মীনপালন আৰু মৌপালনৰ সংমিশ্ৰণে গ্ৰাম্য পৰিয়ালসমূহে সুষম পুষ্টি আৰু সুস্থ জীৱনশৈলীৰ সুবিধা লাভ কৰাত সহায় কৰিব পাৰে। শ্ৰী চৌহানে কয় যে কৃষক আৰু কৃষি শ্ৰমিকৰ স্বাস্থ্য আৰু সুৰক্ষাই  এই অভিযানৰ এক গুৰুত্বপূৰ্ণ উপাদান গঠন কৰিব। তেওঁ কয় যে কীটনাশকৰ সংস্পৰ্শ, ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্যহীন ব্যৱহাৰ আৰু কৃষি কৰ্মৰ সময়ত সন্মুখীন হোৱা বিপজ্জনক পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা বিপদ হ্ৰাস কৰিবলৈ বৈজ্ঞানিক হস্তক্ষেপ, নিৰাপদ কৃষি পদ্ধতি আৰু সজাগতা কাৰ্যসূচীৰ জৰুৰী প্ৰয়োজন আছে।

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে যদি উপযুক্ত খাদ্য অভ্যাস আৰু উপযুক্ত শস্য নিৰ্বাচনৰ ওপৰত বৈজ্ঞানিক কাম হাতত লোৱা হয় তেন্তে খাদ্যই নিজেই ঔষধ হিচাপে কাম কৰিব পাৰে। ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু অন্যান্য জীৱনশৈলী সম্পৰ্কীয় ৰোগৰ কথা উল্লেখ কৰি তেওঁ এনে খাদ্য বিকল্প বিকশিত আৰু প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিয়ে ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে আৰু ৰোগ ব্যৱস্থাপনাত সহায় কৰিব পাৰে। শ্ৰী চৌহানে আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘ছেহট অভিযান’-এ  নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সুনিৰ্দিষ্ট ফলাফল প্ৰদান কৰিব আৰু সমগ্ৰ দেশৰ জনস্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিৰ পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিব।

এই অভিযানে কৃষি আৰু চিকিৎসা গৱেষণা ব্যৱস্থাৰ মাজত অধিক শক্তিশালী প্ৰতিষ্ঠানিক সমন্বয় স্থাপন কৰিব বিচাৰে যাতে খাদ্য উৎপাদন, ৰাজহুৱা পুষ্টি আৰু ৰোগ প্ৰতিৰোধক সংহত পৰিকল্পনা আৰু বৈজ্ঞানিক সহযোগিতাৰ জৰিয়তে সমাধান কৰিব পৰা যায়। এই কাৰ্যসূচীৰ সৈতে জড়িত বিষয়াসকলে কয় যে এই পদক্ষেপে এনে এক বৈজ্ঞানিক কাঠামো গঢ়ি তুলিব বুলি আশা কৰা হৈছে যাৰ অধীনত কৃষি নীতি, পুষ্টি কৌশল আৰু স্বাস্থ্যসেৱা ব্যৱস্থাই সমন্বিতভাৱে একেলগে কাম কৰিব পাৰিব।

যিটো সময়ত ভাৰতে এফালে পুষ্টিৰ অভাৱ আৰু আনফালে বৃদ্ধি পোৱা জীৱনশৈলী সম্পৰ্কীয় ৰোগৰ দ্বৈত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেনে সময়তে এই পদক্ষেপৰ আশা কৰা ফলাফলৰ ভিতৰত পুষ্টিৰ মান উন্নত কৰা ,ক্ষুধা আৰু অণুপুষ্টিৰ অভাৱ হ্ৰাস কৰা , অসংক্ৰামক ৰোগ প্ৰতিৰোধ কৰা , কৃষকৰ উন্নত স্বাস্থ্য আৰু সুৰক্ষা, বহনক্ষম খাদ্য ব্যৱস্থাৰ বিকাশ আৰু শক্তিশালী বিজ্ঞানভিত্তিক নীতিগত সমৰ্থন  কৰা আদি পদক্ষেপ অন্যতম হিচাবে বিবেচিত হৈছে। ভাৰতৰ খাদ্য ব্যৱস্থা, পুষ্টিৰ ধৰণ আৰু ৰোগৰ প্ৰৱণতাৰ মাজৰ সম্পৰ্কৰ বিষয়ত দীৰ্ঘম্যাদী গৱেষণাক উৎসাহিত কৰাৰ লগতে জনস্বাস্থ্যৰ উন্নত ফলাফলত অৰিহণা যোগোৱা বহনক্ষম কৃষি পদ্ধতিক প্ৰসাৰিত কৰাৰ লক্ষ্যও এই অভিযানে স্থিৰ কৰিছে। 

এই পদক্ষেপৰ সৈতে জড়িত বিজ্ঞানী, বিষয়া আৰু অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক অভিনন্দন জনাই শ্ৰী চৌহানে কয় যে কৃষি আৰু স্বাস্থ্যসেৱাৰ একত্ৰিত হোৱাৰ ফলত কেৱল ভাৰতেই নহয়, সামগ্ৰিকভাৱে মানৱতাকো  উপকৃত কৰিব। অনুষ্ঠানত অভিযানৰ সম্পূৰ্ণ ৰূপ — ‘কৃষি ৰূপান্তৰৰ জৰিয়তে স্বাস্থ্যৰ বাবে বিজ্ঞান উৎকৃষ্টতা’ — কাৰ্যসূচীৰো  ৰূপৰেখা দাঙি ধৰা হয়। বিষয়াসকলে কয় যে ‘ছেহট অভিযান ’  হৈছে আইচিএআৰ আৰু আইচিএমআৰৰ যৌথ ৰাষ্ট্ৰীয় অভিযান , যাৰ লক্ষ্য হৈছে কৃষিক উন্নত পুষ্টি, ৰোগ প্ৰতিৰোধ, কৃষকৰ কল্যাণ আৰু বিজ্ঞানভিত্তিক নীতি নিৰ্ধাৰণৰ সৈতে সংযোগ কৰা।

***

RC/MS/MK/DM


(ৰিলিজ আই ডি : 2260149) অতিথি কক্ষ : 20