ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আদৰণি জনালে ভিয়েটনামৰ ৰাষ্ট্ৰপতিক
ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে ভিয়েটনাম: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পোষ্ট কৰা হৈছে:
06 MAY 2026 9:45PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (৬ মে', ২০২৬) ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামক আদৰণি জনায় । ৰাষ্ট্ৰপতি মুৰ্ৰ্মুৱে তেওঁৰ সন্মানাৰ্থে ভোজমেলৰো আয়োজন কৰে।
ৰাষ্ট্ৰপতি লামক প্ৰথম ভাৰত ভ্ৰমণক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ভিয়েটনামৰ মাজত ঐতিহাসিক, সভ্যতামূলক আৰু সাংস্কৃতিক সম্পৰ্কত শিপাই থকা গভীৰ বন্ধুত্ব আছে।
ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত ভাৰত-ভিয়েটনাম দ্বিপাক্ষিক সম্পৰ্ক উচ্চ পৰ্যায়ৰ বিনিময়, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, উন্নয়ন অংশীদাৰিত্ব তথা বাণিজ্য, স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি, পৰ্যটনৰ দৰে খণ্ডসমূহৰ মাজেৰে সম্প্ৰসাৰিত হৈছে। লামৰ এই ভ্ৰমণৰ সময়ত আপুৰীয়া খনিজ পদাৰ্থ, ডিজিটেল আৰু বিত্তীয় প্ৰযুক্তি, সংস্কৃতি, শিক্ষা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত চুক্তি স্বাক্ষৰিত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা লক্ষ্য কৰি আনন্দিত হয় যে ভাৰত আৰু ভিয়েটনামে “বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ যৌথ বিবৃতি”ৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ সিদ্ধান্ত লৈছে।
ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে বিগত দশকত আমাৰ দ্বিপাক্ষিক বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে আৰু ভাৰতে সুষম তথা পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যৰ অধিক সম্প্ৰসাৰণ ঘটাবলৈ আগ্ৰহী।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আছিয়ানৰ সৈতে থকা ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পৰিসৰৰ ভিতৰতে ভিয়েটনামৰ সৈতে থকা আমাৰ সম্পৰ্ক ‘এক্ট ইষ্ট’ নীতি তথা ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত ভিয়েটনামৰ অংশগ্ৰহণৰো তেওঁ শলাগ লয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিৰক্ষা আৰু নিৰাপত্তা ভাৰত-ভিয়েটনাম দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ স্তম্ভ। ভাগ-বাটোৱাৰা কৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰা তথা আঞ্চলিক শান্তি আৰু স্থিতিশীলতাক প্ৰসাৰিত কৰাৰ বাবে ভিয়েটনামৰ সৈতে একেলগে কাম কৰি যোৱাৰ ভাৰতৰ প্ৰতিশ্ৰুতিৰ বিষয়তো তেওঁ আলোকপাত কৰে।
ভাৰত আৰু ভিয়েটনামৰ ঘনিষ্ঠ সহযোগিতাই দুয়োখন দেশৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিব বুলি দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি টু লামৰ নেতৃত্বত ভাৰত–ভিয়েটনামৰ সম্পৰ্ক আৰু অধিক মজবুত হ’ব বুলি আস্থা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে আশা প্ৰকাশ কৰে ।
Please click here to see the President's speech-




***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2259794)
অতিথি কক্ষ : 25