ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২৭ এপ্ৰিলৰ পৰা ১ মে'লৈ হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

प्रविष्टि तिथि: 26 APR 2026 10:25PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ২৭ এপ্ৰিলৰ পৰা ১ মে'লৈ হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ছিমলাৰ মাছোবৰাস্থিত ৰাষ্ট্রপতি নিৱাসত থাকিব।

২৮ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে হিমাচল প্ৰদেশৰ ৰাজ্যপালৰ দ্বাৰা ছিমলাৰ লোক ভৱনত আয়োজিত এক ভোজমেলত অংশগ্ৰহণ কৰিব।

২৯ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে অটল সুৰংগ পৰিদৰ্শন কৰিব।

অহা ৩০ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে পালমপুৰত চৌধুৰী সাৰ্ৱান কুমাৰ হিমাচল প্ৰদেশ কৃষি বিশ্ব বিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সেইদিনাই তেওঁ মাছোবৰাস্থিত ৰাষ্ট্রপতি নিৱাসত এখন 'এট হোম' অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰিব।

১ মে'ত ৰাষ্ট্ৰপতিগৰাকীয়ে দিল্লীলৈ যোৱাৰ পূৰ্বে ছিমলাত আৰ্মি ট্ৰেইনিং কামাণ্ড পৰিদৰ্শন কৰিব।

 

***

MJPS/PRK/DS


(रिलीज़ आईडी: 2259790) आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Bengali-TR , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati