গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতাৰ গ্ৰন্থ ‘The Bench, the Bar, and the Bizarre and The Lawful and the Awful’ উন্মোচন কৰে

মই প্ৰতিদিনে মোৰ মাতৃৰ ভৰি চুইছিলোঁ। তেওঁৰ অনুপস্থিতিত প্ৰতিদিনে মই তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাওঁ। আমাৰ দেশত প্ৰতিটো দিনেই মাতৃৰ প্ৰতি উৎসৰ্গিত

তুষাৰ মেহতাই তেওঁৰ গ্ৰন্থত আদালত কক্ষৰ জীৱনৰ হাস্যৰস, ব্যংগ, মানৱীয় স্বভাৱ সুন্দৰকৈ চিত্ৰিত কৰিছে

আমাৰ দেশৰ গণতন্ত্ৰৰ শিপা খুবেই গভীৰ আৰু ইয়াক শক্তিশালী কৰাত সংবিধান তথা ন্যায়পালিকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে

বিধায়িনী দল, ন্যায়পালিকা, কাৰ্যপালিকাৰ মাজত থকা সুন্দৰ ভাৰসাম্য আৰু পাৰস্পৰিক যথাৰ্থতাই আমাৰ গণতন্ত্ৰৰ প্ৰকৃত সৌন্দৰ্য

এক শক্তিশালী ন্যায় ব্যৱস্থা হৈছে সাধাৰণ নাগৰিকৰ বিশ্বাস, সমাজৰ শৃংখলাবদ্ধ কাৰ্যকলাপ তথা ৰাষ্ট্ৰৰ চৰিত্ৰৰ ভেটি, আৰু সমাজ হিচাপে আমি সেই আস্থা ৰক্ষা কৰাত সফল হৈছোঁ

পোষ্ট কৰা হৈছে: 10 MAY 2026 8:12PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতাৰ গ্ৰন্থ ‘The Bench, the Bar, and the Bizarre and The Lawful and the Awful’ আজি নতুন দিল্লীত উন্মোচন কৰে। এই উপলক্ষে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সংবিধানৰ ৭৬ বছৰীয়া যাত্ৰাত আমি আমাৰ গণতন্ত্ৰৰ শিপা গভীৰ কৰি তুলিছোঁ। আমি নিশ্চিতভাৱে আমাৰ বহুদলীয় গণতান্ত্ৰিক সংসদীয় ব্যৱস্থাক শক্তিশালী কৰিছোঁ আৰু ১৯৪৭ চনৰ পৰা সংসদ আৰু বিধানসভাৰ জৰিয়তে এই দেশত কৰা সকলো পৰিৱৰ্তন মানি লোৱা হৈছে। তেওঁ কয় যে ইয়াৰ পৰাই বুজা যায় যে আমাৰ গণতন্ত্ৰৰ শিপা গভীৰ আৰু আমাৰ সংবিধান, দেশৰ জনসাধাৰণ তথা আমাৰ ন্যায়পালিকাই ইয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ জনসাধাৰণৰ বিশ্বাস আছে যে যদি তেওঁলোকৰ লগত কোনো অন্যায় হয় তেন্তে সংবিধান সজাগ। যদি তেওঁলোকৰ অধিকাৰ খৰ্ব হয় তেন্তে ন্যায়ৰ দুৱাৰ মুকলি। আৰু কোনো দুৰ্বল ব্যক্তিৰ বা দুৰ্বল ধাৰণা এটাৰ মাত যদি কৰবাত ৰুদ্ধ কৰা হয়, তেন্তে আদালতত সেই কণ্ঠ নিশ্চয় শুনা যাব। এই তিনিটা মৌলিক উপাদানৰ আধাৰত আমাৰ গণতন্ত্ৰ শক্তিশালী হৈছে। বিস্তৃতভাৱে ক’বলৈ গ’লে সাধাৰণ মানুহৰ ন্যায়ৰ আশা সমাজৰ ভাৰসাম্য আৰু ৰাষ্ট্ৰৰ চৰিত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰমাণ। তেওঁ কয় যে এই ব্যৱস্থাৰ সৰু সৰু সুৰুঙাবোৰো শুধৰণি কৰিবলৈ একেলগে কাম কৰাটো আমাৰ দায়িত্ব, যিবোৰ ন্যায়পালিকা আৰু কাৰ্যপালিকা দুয়োটাই সমাধান কৰিব লাগিব। তেওঁ লগতে কয় যে ইয়াৰ বাবে আমি এটা সুনিৰ্দিষ্ট, সময় নিৰ্ধাৰিত ৰূপৰেখা লৈ আগবাঢ়ি আহিব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ গণতন্ত্ৰৰ সৌন্দৰ্য্য হ’ল সংবিধানে ইটোৱে সিটোৰ বিৰোধিতা কৰিবলৈ নহয়, বৰং ইটোৱে সিটোৰ ভাৰসাম্য ৰক্ষাৰ বাবেহে বিভিন্ন অনুষ্ঠানৰ সৃষ্টি কৰিছিল। আমি এই মনোভাৱক সঁচাকৈয়ে বুজিব লাগিব। কাৰ্যপালিকাই সিদ্ধান্ত লয় আৰু ন্যায়পালিকাই সেই সিদ্ধান্তসমূহৰ সাংবিধানিক পৰ্যালোচনা কৰে।

তেওঁ লগতে কয় যে আমাৰ সংবিধান নিৰ্মাতাসকলে আলাপ-আলোচনা, শিষ্টাচাৰ আৰু ভাৰসাম্য বৰ্তাই ৰখা মনোভাবেৰে সংবিধান লিখিছে। ৭৬ বছৰত এই সকলোবোৰ শিষ্টাচাৰ তথা মূল্য অটুট ৰাখি প্ৰায়ভাগ দেশেই আগবাঢ়ি যোৱা নাই। অথচ আমাৰ সকলোৰে বাবে অতি আনন্দৰ বিষয় যে আমি বহুলাংশে এই সকলো শিষ্টাচাৰ বৰ্তাই ৰাখিছোঁ আৰু এই পৰম্পৰাক আগুৱাই লৈ গৈছোঁ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সংঘাতৰ দ্বাৰা নহয়, প্ৰতিষ্ঠানিক ভাৰসাম্য আৰু পাৰস্পৰিক শিষ্টাচাৰৰ দ্বাৰাহে গণতন্ত্ৰ শক্তিশালী হয়। পাৰস্পৰিক সন্মানৰ কথা কওঁতে আমাৰ সংবিধানে বহু ঠাইত নিজৰ মনোভাবক স্বীকৃতি দিছে। তেওঁ কয়, মই সুখী যে আমাৰ দেশত কাৰ্যপালিকা আৰু ন্যায়পালিকা ইটোৱে সিটোৰ লগত সুষমভাৱে কাম কৰি আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া শ্ৰী তুষাৰ মেহতাৰ ‘The Bench, the Bar, and the Bizarre and The Lawful and the Awful’ৰ দৰে গ্ৰন্থত নিৰপেক্ষ বিশ্লেষণ উপস্থাপন কৰা হয়, তেতিয়া ই আমাক নিজকে, আমাৰ প্ৰতিষ্ঠানসমূহক আৰু সামগ্ৰিকভাৱে সমগ্ৰ ক্ষেত্ৰখনক চিন্তা আৰু পুনৰ মূল্যায়ন কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰে। তেওঁ কয় যে গ্ৰন্থখনত কবিতা কেতিয়াবা আদালত কক্ষত কেনেকৈ প্ৰতিধ্বনিত হয় সেই বিষয়ে উল্লেখ কৰাৰ লগতে কেইবাজনো ন্যায়াধীশৰ অনন্য শৈলী আৰু মৌলিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা হৈছে।

এখন দেশত দুগৰাকী যমজ ভগ্নীয়ে কেনেকৈ উকীল আৰু ন্যায়াধীশৰ ভূমিকা পালন কৰিছিল আৰু কেনেকৈ এজন ন্যায়াধীশে বিচাৰ কৰি থাকোঁতে সিদ্ধান্ত এটা আগবঢ়াইছিল, এই সকলোবোৰ কথাই আমাক চিন্তা কৰিবলৈ বাধ্য কৰে আৰু লগতে আদালতৰ গুৰুতৰ পৰিৱেশৰ পৰাও আমাক উলিয়াই আনে। তেওঁ কয় যে শ্ৰী তুষাৰ মেহতাৰ গ্ৰন্থখনে অনুসন্ধিৎসু মনৰ কৌতূহল প্ৰতিফলিত কৰিছে আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা আধুনিক প্ৰযুক্তিয়ে ন্যায়পালিকাৰ সন্মুখত জনাব পৰা ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সুনিৰ্দিষ্ট উদাহৰণো সন্নিবিষ্ট কৰিছে। আমি এই সতৰ্কবাণীবোৰ গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।

শ্ৰী অমিত শ্বাহে কয় যে শ্ৰী তুষাৰ মেহতাই তেওঁৰ গ্ৰন্থখনত আদালতৰ কাৰ্য্যবিধিত লুকাই থকা জীৱন, হাস্যৰস, ব্যংগ, মানৱীয় স্বভাৱক সুন্দৰ আৰু সূক্ষ্মভাৱে প্ৰকাশ কৰিছে, একে সময়তে আইনৰ গুৰুত্ব আৰু মৰ্যাদাও অটুট ৰাখিছে। তেওঁ কয় যে শ্ৰীমেহতাই গ্ৰন্থখন তেওঁৰ মাতৃৰ নামত উৎসৰ্গা কৰিছে, আৰু আজি মাতৃ দিৱসৰ দিনা গ্ৰন্থখন মুকলি কৰা হৈছে। শ্ৰী শ্বাহে কয় যে মই প্ৰতিদিনে মাৰ ভৰি চুইছিলোঁ, আৰু তেওঁৰ অনুপস্থিতিত প্ৰতিদিনে তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাওঁ। আমাৰ দেশত প্ৰতিটো দিনেই মাতৃৰ প্ৰতি উৎসৰ্গিত।

 

***

 

 

RK/PR/PS/KD


(ৰিলিজ আই ডি : 2259650) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati