|
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিৱর্তনৰ সন্দৰ্ভত আন্তঃ-মন্ত্ৰী পৰ্য্যায়ৰ সংবাদমেল
উদ্যোগৰ ভিত্তিত কালি অনলাইন এলপিজি চিলিণ্ডাৰৰ বুকিং প্ৰায় ৯৯ শতাংশলৈ বৃদ্ধি পাইছে যোৱা দুদিনত প্ৰায় ৮৭ লাখ ৬৬ হাজাৰ চিলিণ্ডাৰৰ বুকিংৰ বিপৰীতে ৯৭ লাখতকৈ অধিক এলপিজি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে ৫০,৪০০ ৰো অধিক পি এন জি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে ০৭-০৫-২০২৬লৈকে তেওঁলোকৰ এলপিজি সংযোগ ত্যাগ কৰিছে উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ৪৮ ঘণ্টাত ২০ জনকে ধৰি এতিয়ালৈকে ৩,০১৯ জনৰো অধিক ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে প্ৰত্যাৱৰ্তন কৰা হৈছে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত উপসাগৰীয় অঞ্চলৰ দেশসমূহলৈ প্ৰসাৰ অব্যাহত আছে; বৈদেশিক সচিবে ৭ মে ২০২৬ত সংযুক্ত আৰৱ এমিৰেটছলৈ এক আনুষ্ঠানিক ভ্ৰমণ কৰে
পোষ্ট কৰা হৈছে:
08 MAY 2026 6:30PM by PIB Guwahati
পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নাগৰিকসকলক নিয়মীয়া শেহতীয়া তথ্যৰ জৰিয়তে অৱগত কৰি ৰখাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়, য’ত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলভ্যতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোত ভাৰতীয় নাগৰিকসকলক আগবঢ়োৱা সহায় আৰু সামগ্ৰিক সুস্থিৰতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰা হয়।
শক্তি যোগান আৰু ইন্ধনৰ উপলভ্যতা
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ পৰিৱর্তনশীল পৰিস্থিতিৰ সন্দৰ্ভত পেট্ৰ’লিয়াম সামগ্ৰী আৰু এলপিজিৰ নিৰবিচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপাঙ্কণ কৰি বৰ্তমানৰ ইন্ধন যোগান পৰিস্থিতি সন্দৰ্ভত এক শেহতীয়া তথ্য প্ৰদান কৰিছে। এইটো উল্লেখ কৰা হৈছে যেঃ
ৰাজহুৱা পৰামৰ্শ আৰু নাগৰিক সজাগতা
- জনসাধাৰণক পেট্ৰ’ল, ডিজেল আৰু এল পি জি শংকিত হৈ কৰা ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এল পি জি-ৰ উপলভ্যতা নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।
- উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
- এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকসকলক পি এন জি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
- সকলো নাগৰিকক বৰ্তমানৰ পৰিস্থিতিত তেওঁলোকৰ দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ স্বত্বেও, চৰকাৰে ঘৰুৱা এলপিজি, ঘৰুৱা পিএনজি আৰু চিএনজি(পৰিবহণ)১০০ শতাংশ যোগান ধৰাটো নিশ্চিত কৰিছে।
- বাণিজ্যিক এলপিজিৰ বাবে চিকিৎসালয়, শিক্ষানুষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি ফাৰ্মা, ষ্টীল, অটোমোবাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি, ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চত দৈনিক যোগানৰ ওপৰত ভিত্তি কৰি প্ৰব্ৰজিত শ্ৰমিকসকললৈ ৫ কিলোগ্ৰাম এফ টি এল-ৰ যোগান দুগুণ কৰা হৈছে।
- চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশত কেইবাটাও যুক্তিসঙ্গত ব্যৱস্থা ৰূপায়ণ কৰিছে, যাৰ ভিতৰত আছে শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, নগৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা তথা যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া।
- এল পি জি-ৰ চাহিদাৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলভ্য কৰোৱা হৈছে।
- কয়লা মন্ত্ৰালয়ে ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকসকলক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ কোল ইণ্ডিয়া আৰু ছিংগাৰেনি কলিয়ৰিজক নিৰ্দেশ দিছে।
- ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকসকলৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
- অত্যাৱশ্যকীয় সামগ্ৰী আইন,১৯৫৫ আৰু এলপিজি নিয়ন্ত্ৰণ আদেশ, ২০০০ ৰ অধীনত ৰাজ্য চৰকাৰসমূহক যোগান নিৰীক্ষণ কৰিবলৈ আৰু মজুতকৰণ আৰু ক'লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে।
- পেট্ৰ'ল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভি চি-ৰ জৰিয়তে এই কথা দোহাৰিছে।
- ভাৰত চৰকাৰে ২৭ মাৰ্চ,২০২৬ আৰু ০২ মাৰ্চ, ২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলভ্যতাৰ বিষয়ে আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। এই সন্দৰ্ভত ০২-০৪-২০২৬ তাৰিখে (সচিব, এম অ’ পি এন জি-ৰ অধ্যক্ষতাত) আৰু ০৬-০৪-২০২৬ তাৰিখে (সচিব, এম অ’ পি এন জি-ৰ অধ্যক্ষতাত তথ্য আৰু সম্প্ৰচাৰ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সচিবসকলৰ সৈতে) বৈঠক আহ্বান কৰা হৈছিল, য’ত নিম্নলিখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলঃ
- দৈনিক সংবাদ মেল জাৰি কৰা আৰু নিয়মীয়া ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
- সামাজিক মাধ্যমত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিৰোধ কৰা।
- জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলৱৎ অভিযান তীব্ৰ কৰা আৰু অ’ এম চি-ৰ সৈতে সমন্বয় কৰি অভিযান আৰু নিৰীক্ষণ অব্যাহত ৰখা।
- তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টন আদেশ জাৰি কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আৱণ্টন কৰা।
- অতিৰিক্ত এছ কে অ’ -ৰ বাবে এছ কে অ’ আবণ্টন আদেশ জাৰি কৰা।
- পি এন জি গ্ৰহণ আৰু বিকল্প ইন্ধনৰ প্ৰচাৰ কৰা।
- বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এলপিজি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিৰতা নিশ্চিত কৰিবলৈ ৫ কেজি এফটিএল চিলিণ্ডাৰৰ লক্ষ্যযুক্ত বিতৰণ গ্ৰহণ কৰা।
- বহুতো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সংবাদ মেল জাৰী/সম্পন্ন কৰি আছে।
কাৰ্য্যকৰীকৰণ আৰু নিৰীক্ষণ পদক্ষেপ
- এলপিজিৰ মজুতকৰণ আৰু ক’লা বিপণন ৰোধ কৰিবলৈ সমগ্ৰ দেশতে বলৱৎ কাৰ্য্যকলাপ অব্যাহত আছে। কালি ২০০০ ৰো অধিক অভিযান চলোৱা হয়।
- ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে আকস্মিক পৰিদৰ্শন শক্তিশালী কৰিছে আৰু ৩৭৮ টা এলপিজি বিতৰকৰ ওপৰত জৰিমনা আৰোপ কৰিছে আৰু কালি লৈকে ৭৬ টা এলপিজি বিতৰনকাৰী স্থগিত ৰাখিছে।
এলপিজি যোগান
- ঘৰুৱা এলপিজি যোগানৰ স্থিতিঃ
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এলপিজিৰ যোগান প্ৰভাৱিত হৈ আছে।
- পৰিয়ালসমূহলৈ এলপিজিৰ যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
- এলপিজি বিতৰকত কোনো ড্ৰাই-আউটৰ খবৰ পোৱা হোৱা নাই। কালি সমগ্ৰ উদ্যোগত অনলাইন এলপিজি বুকিং প্ৰায় ৯৯ শতাংশলৈ বৃদ্ধি পাইছে।
- ডেলিভাৰী প্ৰমাণীকৰণ কোড (ডিএচি) আধাৰিত ডেলিভাৰী প্ৰায় ৯৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে যাতে ডাইভাৰ্ছন প্ৰতিৰোধ কৰিব পাৰি। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডি এ চি গ্ৰহণ কৰা হয়।
- যোৱা দুদিনত ৮৭.৬৬ লাখতকৈও অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়।
বাণিজ্যিক এলপিজি যোগান আৰু আবণ্টন ব্যৱস্থাঃ
- মুঠ বাণিজ্যিক এলপিজি আবণ্টন সংকট-পূৰ্বৰ স্তৰৰ প্ৰায় ৭০ শতাংশলৈ বৃদ্ধি কৰা হৈছে, যাৰ ভিতৰত আছে ১০ শতাংশ সংস্কাৰ-সংযুক্ত আবণ্টন।
- ভাৰত চৰকাৰে ০৬-০৪-২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক দৈনিক গড় যোগান (চিলিণ্ডাৰৰ সংখ্যা) ৰ ভিত্তিত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বিতৰণৰ বাবে উপলভ্য ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ দৈনিক পৰিমাণ ২১-০৩-২০২৬ তাৰিখৰ পত্ৰত উল্লেখ কৰা ২০ শতাংশৰ সীমা অতিক্ৰম কৰি দুগুণ কৰা হৈছে। এই ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰ কেৱল তেল বিপণন কোম্পানীসমূহৰ (অ’এমচি) সহায়ত তেওঁলোকৰ ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ হাতত থাকিব।
- যোৱা দুদিনত, ১ লাখ ১১ হাজাৰতকৈ অধিক ৫ কিলোগ্ৰামৰ এফ টি এল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
- ৩ এপ্ৰিল ২০২৬ৰ পৰা, ৰাজহুৱা খণ্ডৰ অ’ এম চি সমূহে ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ বাবে ১০,৭০০ তকৈও অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ১,৮,৫০০ ত কৈও অধিক- ৫ কিলোগ্ৰামৰ এফ টি এল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
- আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এল-ৰ কাৰ্যবাহী সঞ্চালকসকলৰ তিনিজনীয়া কমিটীয়ে ৰাজ্য আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিক্ৰীৰ পৰিকল্পনা চূড়ান্ত কৰে।
- যোৱা দুদিনত মুঠ ১৫,৪৯৩ মেট্ৰিক টন (১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ ৮.১৫ লাখতকৈ অধিক সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী কৰা হৈছে।
- যোৱা দুদিনত, ৰাজহুৱা খণ্ডৰ অ’ এম চি-ৰ দ্বাৰা মুঠ ৬১৩ মেট্ৰিক টন অটো এল পি জি বিক্ৰী কৰা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা
- গ্ৰাহকসকলক ডি-পি এন জি আৰু চি এন জি-পৰিবহণৰ বাবে ১০০ শতাংশ যোগান ধৰি অগ্ৰাধিকাৰ দিয়া হৈছে।
- সাৰ প্ৰকল্পসমূহলৈ সামগ্ৰিক গেছ আবণ্টন তেওঁলোকৰ ছয় মাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
- ইয়াৰ উপৰি, চি জি ডি নেটৱৰ্কৰ জৰিয়তে যোগান ধৰাকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছ যোগান ৮০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
- চি জি ডি সংস্থাসমূহক বাণিজ্যিক এল পি জি-ৰ উপলভ্যতা সম্পৰ্কীয় উদ্বেগ দূৰ কৰিবলৈ তেওঁলোকৰ সকলো জি এ-ত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পি এন জি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
- চি জি ডি সংস্থাসমূহক বাণিজ্যিক এল পি জি-ৰ উপলভ্যতা সম্পৰ্কীয় উদ্বেগৰ সমাধানৰ বাবে তেওঁলোকৰ সকলো জি এ-ত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পি এন জি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
- আই জি এল, এম জি এল, গেইল গেছ আৰু বি পি চি এল-ক ধৰি চি জি ডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পি এন জি সংযোগৰ বাবে ইনচেণ্টিভ প্ৰদান কৰি আছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চি জি ডি নেটৱৰ্কৰ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ত্বৰান্বিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
- ভাৰত চৰকাৰে ১৮-০৩-২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাণিজ্যিক এল পি জি ৰ অতিৰিক্ত ১০ শতাংশ আবণ্টনৰ প্ৰস্তাৱ দিছে যদিহে তেওঁলোকে এল পি জি ৰ পৰা পি এন জি-লৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
- ২২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পি এন জি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এল পি জি আবণ্টন লাভ কৰিছে।
- পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪ মার্চ, ২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে অগ্ৰাধিকাৰৰ ভিত্তিত চি জি ডি আন্তঃগাঁথনিৰ সৈতে সম্পৰ্কিত আবেদন প্ৰক্ৰিয়া কৰিবলৈ ৩ মাহৰ বাবে বিশেষ হিচাপে হ্ৰাস কৰা সময়সীমাৰ সৈতে চি জি ডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন পৰিকাঠামো' গ্ৰহণ কৰিছে।
- ভাৰত চৰকাৰে ২৪ মার্চ, ২০২৬ তাৰিখৰ গেজেটৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ -ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট’লিয়াম সামগ্ৰী বিতৰণ (স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু পাইপলাইন আৰু অন্যান্য সুবিধাৰ সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬-ক অৱগত কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুবিন্যস্ত আৰু সময়সীমাৰ পৰিকাঠামো প্ৰদান কৰে, অনুমোদন আৰু ভূমিৰ প্ৰৱেশাধিকাৰত হোৱা বিলম্ব দূৰ কৰে আৰু আৱাসিক অঞ্চলসমূহকে ধৰি প্ৰাকৃতিক গেছ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰে। ই পি এন জি নেটৱৰ্কৰ বিকাশ ত্বৰান্বিত কৰিব, অন্তিম মাইলৰ সংযোগ বৃদ্ধি কৰিব আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ'ব আৰু ভাৰতৰ গেছ-আধাৰিত অৰ্থনীতিৰ অগ্ৰগতি হ'ব।
- পি এন জি আৰ বি-য়ে চি জি ডি সংস্থাসমূহক ডি-পি এন জি সংযোগ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি, পি এন জি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ৰাষ্ট্ৰীয় পি এন জি অভিযান ২- ক ৩০-০৬-২০২৬ লৈকে সম্প্ৰসাৰিত কৰা হৈছে।
- এক পৰিষ্কাৰ, অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল শক্তি ভৱিষ্যতক উৎসাহিত কৰিবলৈ, ভাৰত চৰকাৰে ৰাজ্যিক চি বি জি. নীতিৰ এক মডেল খচৰা প্ৰস্তুত কৰিছে। মডেল নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহক চি. বি. জি. বিকাশৰ বাবে তেওঁলোকৰ নিজৰ বিনিয়োগকাৰী-অনুকূল আৰু ৰূপায়ণ-মুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক ব্যাপক নমনীয় পথ প্ৰদৰ্শক পৰিকাঠামো হিচাপে কাম কৰা। যিবোৰ ৰাজ্যই এইটো বাছনি কৰে, সেইবোৰক বাণিজ্যিক এলপিজিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী অংশৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব।
- এম অ’ ই এফ চি চি-য়ে ০৭-০৪-২০২৬ তাৰিখৰ নিৰ্দেশৰ জৰিয়তে চি পি চি বি-ক চি জি ডি নেটৱৰ্ক/আন্তঃগাঁথনিৰ বাবে ১৫ দিনৰ ভিতৰত স্থাপন বা পৰিচালনাৰ বাবে সন্মতি প্ৰদানৰ বাবে এছ পি চি বি/পি চি চি-ক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিছে।
- ২০২৬চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৬.৫০ লাখ পি এন জি সংযোগ গেছীকৰণ কৰা হৈছে আৰু অতিৰিক্ত ২.৬৬ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগ ৯.১৬লাখলৈ বৃদ্ধি পাইছে। তদুপৰি, নতুন সংযোগৰ বাবে প্ৰায় ৭ লাখ ৮ হাজাৰ গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।
- ০৭ মে ২০২৬ লৈকে ৫০,৪০০ তকৈও অধিক পি এন জি গ্ৰাহকে তেওঁলোকৰ এল পি জি সংযোগ MYPNGD.in ৱেবছাইটৰ জৰিয়তে ত্যাগ কৰিছ।
অশোধিত অৱস্থান আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
- সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা সামগ্ৰীৰ সৈতে উচ্চ ক্ষমতাত কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
- ঘৰুৱা ব্যৱহাৰক সমৰ্থন কৰিবলৈ শোধনাগাৰসমূহৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা বজাৰৰ বাবে পেট্ৰোকেমিকেল ফিডষ্টক যোগানৰ উপলভ্যতা নিশ্চিত কৰিবলৈ এক আন্তঃ-মন্ত্ৰী পৰ্যায়ৰ যুটীয়া কাৰ্যকৰী গোট (জেডব্লিউজি) গঠন কৰা হৈছে। পৰৱৰ্তী সময়ত, ভাৰত চৰকাৰে ১ এপ্ৰিল, ২০২৬ তাৰিখৰ নিৰ্দেশৰ জৰিয়তে পেট্ৰোকেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি) ৰ দ্বাৰা নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ c3 আৰু c4 ধাৰাসমূহ উপলভ্য কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
- উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগ (ডি পি আই আই টি) ৰ ৰাসায়নিক আৰু পেট্ৰ'কেমিকেল বিভাগৰ (ডি চি পি চি) ফাৰ্মাচিউটিকেল বিভাগৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত, ফাৰ্মা আৰু ৰাসায়নিক খণ্ডৰ কোম্পানীসমূহৰ বাবে এল পি জি পুলৰ পৰা দৈনিক ১১২০ মেট্ৰিক টনৰ ব্যৱস্থা কৰা হৈছে।
- ৯ এপ্ৰিল ২০২৬ৰ পৰা মুম্বাই, কোচি, ভিজাগ, চেন্নাই, মথুৰা আৰু গুজৰাটৰ শোধনাগাৰসমূহে ৰাসায়নিক, ফাৰ্মা আৰু পেইণ্ট উদ্যোগক প্ৰায় ১৩,১৫০ মেট্ৰিক টন প্ৰপিলিন আৰু ১৯৭০ মেট্ৰিক টনতকৈও অধিক বুটাইল এক্ৰিলেট বিক্ৰী কৰিছে।
খুচুৰা ইন্ধনৰ উপলভ্যতা আৰু মূল্যৰ মাপকাঠি
- সমগ্ৰ দেশতে খুচুৰা দোকানবোৰ স্বাভাৱিকভাৱে চলি আছে।
- মধ্য প্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। অৱশ্যে, গ্ৰাহকসকলৰ সুৰক্ষাৰ বাবে, ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰি শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
- দেশৰ সকলো পেট্ৰ’ল পাম্পত পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে। পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য স্থিৰ হৈ আছে আৰু ৰাজহুৱা খণ্ডৰ অ’ এম চিৰ খুচুৰা দোকানসমূহত কোনো মূল্য বৃদ্ধি হোৱা নাই।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ পৰিবহণ কাৰ্য্যকলাপ
পাৰস্য উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ লগতে ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে অৱগত কৰে। ইয়াত উল্লেখ কৰা হয় যেঃ
- মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় অভিযান আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে সাগৰীয় সেৱাৰ কল্যাণ আৰু নিৰবিচ্ছিন্ন সামুদ্ৰিক কাৰ্যকলাপ নিশ্চিত কৰিব পাৰি।
- অঞ্চলটোৰ সকলো ভাৰতীয় নাবিক সুৰক্ষিত আৰু যোৱা ৪৮ ঘণ্টাত ভাৰতীয় পতাকাবাহী জাহাজৰ সৈতে জড়িত কোনো ঘটনাৰ খবৰ পোৱা হোৱা নাই।
- ডিজি শ্বিপিং নিয়ন্ত্ৰণ কক্ষই সক্ৰিয় হোৱাৰ পাছত ৮,৭৩৭ টা টেলিফোন আৰু ১৯,৩১৪ তকৈ অধিক ই মেইল নিয়ন্ত্ৰণ কৰিছে। যোৱা ৪৮ ঘণ্টাত ১৬৭ টা টেলিফোন আৰু ৫৮২ টা ইমেইল লাভ কৰা হৈছে।
- জাহাজ পৰিবহণ সঞ্চালকে এতিয়ালৈকে ৩,০১৯ জনৰো অধিক ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে প্ৰত্যাৱৰ্তন কৰাৰ সুবিধা প্ৰদান কৰিছে, যাৰ ভিতৰত আছে উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা ৪৮ ঘণ্টাত ২০ জন।
- সমগ্ৰ ভাৰতত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু কোনো যান-যঁটৰ খবৰ পোৱা হোৱা নাই।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়ন নিৰীক্ষণ অব্যাহত ৰাখিছে, অঞ্চলটোত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৱগত কৰা হয় যেঃ
- প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি উপসাগৰীয় দেশসমূহলৈ এক গুৰুত্বপূৰ্ণ প্ৰসাৰণ কৰা হৈছে।
- ভাৰতৰ বৈদেশিক সচিব শ্ৰী বিক্ৰম মিশ্ৰীয়ে ৭ মে ২০২৬ ত সংযুক্ত আৰৱ এমিৰেটছলৈ এক আনুষ্ঠানিক ভ্ৰমণ কৰিছিল। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ১১-১২ এপ্ৰিল ২০২৫ ৰ পৰা ইউ এ ই ভ্ৰমণ কৰিছিল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই ২৫-২৬ ২০২৬ ৰ পৰা ইউ এই ভ্ৰমণ কৰিছিল। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীয়েও ৯-১০ এপ্ৰিল ২০২৬ ৰ পৰা কাটাৰ ভ্ৰমণ কৰিছিল। এন এছ এ-য়ে ১৯ এপ্ৰিল ২০২৬ত ছৌদি আৰৱ ভ্ৰমণ কৰিছিল।
- এই ভ্ৰমণকালত বৈদেশিক সচিবে ভাৰতৰ ৰাজ্য মন্ত্ৰী তথা বিশেষ দূত মহামান্য ৰিম আল হাছিমি আৰু মুবাদলা ইনভেষ্টমেণ্ট কোম্পানীৰ এম ডি আৰু চিইঅ’ মাননীয় খালদুন আল মুবাৰকক সাক্ষাৎ কৰে।
- বৈদেশিক সচিবে ভাৰতৰ ৰাজ্য মন্ত্ৰী তথা বিশেষ ৰাষ্ট্ৰদূত মাননীয় ৰিম আল হাছিমিৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সম্পূৰ্ণ পৰিসৰৰ এক বিশদ পৰ্যালোচনা কৰে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, অৰ্থনৈতিক সহযোগিতা, শক্তি, সংযোগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, ফিনটেক, স্বাস্থ্য, শিক্ষা, সংস্কৃতি তথা জনসাধাৰণৰ মাজত সংযোগৰ ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে। দুয়োপক্ষই পশ্চিম এছিয়া অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতি আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো মতামত বিনিময় কৰে।
- বৈদেশিক সচিবে ভাৰত-ফ্ৰান্স-ইউ এ ই পৰিকাঠামোৰ অধীনত এখন ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ইউৰোপ আৰু ফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব প্ৰধান মাননীয় ৰিম আল হাছিমি আৰু মাননীয় মাৰ্টিন ব্ৰিয়েন্সৰ সৈতেও মত বিনিময় কৰে।। তিনিও পক্ষই ত্ৰিপাক্ষিক অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে আৰু নিৰ্ধাৰিত সময়সীমাৰ সৈতে এক গঠনমূলক ৰোডমেপত সন্মত হয়।
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তথ্যৰ আদান-প্ৰদান আৰু প্ৰচেষ্টাৰ উন্নত সংহতিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়া যোগাযোগত আছে।
- মন্ত্ৰালয়ৰ নিৰ্দিষ্ট বিশেষ নিয়ন্ত্ৰণ কক্ষটো ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কাৰ্যক্ষম।
- ভাৰতীয় দূতাবাস আৰু কনস্যুলেটসমূহে সময়মতে সহায় আগবঢ়োৱাৰ বাবে ২৪ ঘণ্টাই হেল্প লাইনৰ কাম অব্যাহত ৰাখিছে আৰু সক্ৰিয়ভাৱে আমাৰ নাগৰিকসকলক সহায় কৰি আছে। তেওঁলোকে স্থানীয় চৰকাৰৰ সৈতেও ঘনিষ্ঠ যোগাযোগত আছে।
- স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণ পৰিস্থিতি, কনচুলাৰ সেৱা আৰু সম্প্ৰদায়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থা সম্পৰ্কীয় তথ্যকে ধৰি নিয়মীয়া পৰামৰ্শ জাৰি কৰা হৈছে।
- ভাৰতীয় অভিযানসমূহ স্থানীয় ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁলোকে ভাৰতীয় সম্প্ৰদায়ৰ সংগঠন, সংগঠন, পেছাদাৰী গোট আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে তেওঁলোকৰ উদ্বেগৰ সমাধানৰ বাবে নিয়মীয়াভাৱে মত বিনিময় কৰি আছে।
- চৰকাৰে অঞ্চলটোৰ ভাৰতীয় নাবিকসকলৰ কল্যাণক উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ভাৰতীয় অভিযানসমূহে তেওঁলোকক স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাৰ সৈতে সমন্বয়, কনচুলাৰ সহায় প্ৰদান, আৰু ভাৰতলৈ উভতি অহাৰ অনুৰোধৰ বাবে সহায়কে ধৰি সকলো সহায় আগবঢ়াই আছে।
- অঞ্চলটোৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ চলি থকা অতিৰিক্ত বিমানৰ সৈতে সামগ্ৰিক বিমান পৰিস্থিতিৰ উন্নতি অব্যাহত আছে।
- ইউ এই-ৰ আকাশসীমা মুকলি কৰা হৈছে। ভাৰতীয় আৰু ইউ এ ই বাহকে ইউ এই-ৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান চলাচল কৰি আছে।
- ছৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান চলাচল অব্যাহত আছে। কাটাৰৰ আকাশসীমা আংশিকভাৱে খোলা আছে। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো আৰু কাটাৰ এয়াৰৱেজে কাটাৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান চলাচল কৰি আছে।
- জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে কুৱেইটৰ পৰা ভাৰতলৈ বিমান চলাচল কৰি আছে।
- বাহৰেইনৰ আকাশসীমা মুকলি কৰা হৈছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো আৰু গালফ এয়াৰে বাহৰেইনৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান চলাচল কৰি আছে।
- ইৰাকৰ আকাশসীমা অঞ্চলটোৰ গন্তব্যস্থানলৈ সীমিত বিমান চলাচলৰ সৈতে খোলা আছে, যাক ভাৰতলৈ আগবাঢ়ি যোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
- ইৰাণৰ আকাশসীমা আংশিকভাৱে খোলা আছে। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰাণ ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে আৰু ভাৰতীয় দূতাবাসৰ সমৰ্থনত ইতিমধ্যে তাত থকা লোকসকলক আঁতৰি যাবলৈ আহ্বান জনাইছে।
- এতিয়ালৈকে তেহৰাণত থকা ভাৰতীয় দূতাবাসে স্থল সীমান্ত পথৰ জৰিয়তে ইৰাণৰ পৰা ২,৫৪৬ জন ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰাৰ সুবিধা প্ৰদান কৰিছে। ইজৰাইলৰ আকাশসীমা মুকলি কৰা হৈছে আৰু অঞ্চলটোৰ গন্তব্যস্থানলৈ সীমিত বিমান চলাচল পুনৰ আৰম্ভ কৰা হৈছে, যাক ভাৰতলৈ ৰাওনা হোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
******
TM/MK
(ৰিলিজ আই ডি : 2259234)
|