শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াৰ দ্বাৰা ৭ মে’ত দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা উদ্যমৰ শুভাৰম্ভ
নতুন শ্ৰমিক সংহিতা কাৰ্যকৰীঃ ইএছআইচিৰ অধীনত শ্ৰমিকসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অভিযান আৰম্ভ
পোষ্ট কৰা হৈছে:
06 MAY 2026 1:42PM by PIB Guwahati
কেন্দ্ৰীয় শ্ৰম-নিয়োগ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াই ৭ মে’, ২০২৬ত নতুন শ্ৰম সংহিতাৰ অধীনত প্ৰস্তাৱিত ৪০ বছৰ বয়স আৰু তাতোকৈ ঊৰ্ধ্বৰ শ্ৰমিকসকলৰ বাবে দেশজোৰা বাৰ্ষিক স্বাস্থ্য পৰীক্ষা উদ্যম মুকলি কৰিব। নতুন দিল্লীৰ বাছাইদাৰাপুৰৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ইএছআইচি) চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰা এই উদ্যম আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। সমগ্ৰ দেশৰ আন ১১ খন ইএছআইচি চিকিৎসালয়তো একে সময়তে এই উদ্যমৰ শুভাৰম্ভ কৰা হ’ব, য’ত শ্ৰম মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ অন্যান্য গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।
এই উদ্যম ‘শ্ৰমেৱ জয়তে’ পৰিকাঠামোৰ অধীনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংলগ্ন, যি শ্ৰমৰ মৰ্যাদাত গুৰুত্ব আৰোপ কৰে আৰু শ্ৰমিকসকলৰ বাবে সামাজিক নিৰাপত্তা নিশ্চিত কৰে। চাৰিটা নতুন শ্ৰমিক সংহিতাৰ জৰিয়তে প্ৰৱৰ্তন কৰা পৰিবৰ্তনমূলক সংস্কাৰৰ আধাৰত ইয়াক কাৰ্যকৰী কৰা হৈছে, যিয়ে ২৯ খন কেন্দ্ৰীয় শ্ৰম আইনক চাৰিটা বিস্তৃত স্তম্ভৰ অধীনত একত্ৰিত কৰে। এই সংস্কাৰৰ লক্ষ্য হৈছে অনুপালন সৰল কৰা, নিয়োগৰ আনুষ্ঠানিককৰণৰ প্ৰচাৰ কৰা আৰু সামাজিক সুৰক্ষাৰ পৰিসৰ সম্প্ৰসাৰণ কৰা।
উল্লেখ্য যে সামাজিক সুৰক্ষাৰ সংহিতা, ২০২০-এ অসংগঠিত, গিগ কৰ্মচাৰী আৰু প্লেটফৰ্ম কৰ্মীসকলৰ বাবে কভাৰেজ বৃদ্ধি কৰে, সামাজিক সুৰক্ষা পুঁজি স্থাপন কৰে আৰু ইএছআইচিৰ সুবিধাসমূহৰ পৰিসৰ বৃদ্ধি কৰে। নতুন শ্ৰম পৰিকাঠামোৰ অধীনত এটা মূল ব্যৱস্থা হৈছে ৪০ বছৰ বয়স আৰু তাৰ ঊৰ্ধ্ব শ্ৰমিকৰ বাবে বাধ্যতামূলক বাৰ্ষিক স্বাস্থ্য পৰীক্ষা। ইএছআইআঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ বাবে এই পৰীক্ষাসমূহ ইএছআইচিৰ চিকিৎসালয়ৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে কৰা হ’ব, য’ত আগতীয়াকৈ ৰোগ নিৰ্ণয়, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু নিৰন্তৰ স্বাস্থ্যত গুৰুত্ব আৰোপ কৰা হ’ব।
ইয়াৰ উপৰি ৰাসায়নিক পদাৰ্থ, বিষাক্ত পদাৰ্থ বা গধুৰ যন্ত্ৰপাতি পৰিচালনা কৰাকে ধৰি জটিল বা বিপজ্জনক কামত নিয়োজিত শ্ৰমিকসকলৰ বাবে বয়স নিৰ্বিশেষে চিকিৎসা পৰীক্ষা বাধ্যতামূলক। এই প্ৰচেষ্টাত কৰ্মচাৰীসকলৰ দীৰ্ঘম্যাদী কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যে স্বাস্থ্য তথ্যৰ প্ৰণালীবদ্ধ ৰক্ষণাবেক্ষণ আৰু সাময়িক নিৰীক্ষণৰ পৰিকল্পনা কৰা হৈছে।
দেশজোৰা এই উদ্যম বৃত্তিগত স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰা, ভাৰতৰ কৰ্মচাৰীসকলৰ বাবে ব্যাপক স্বাস্থ্যসেৱা প্ৰৱেশাধিকাৰ নিশ্চিত কৰা আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে।
***
Rini Choudhury/Anjelina Alexander/NB
(ৰিলিজ আই ডি : 2258382)
অতিথি কক্ষ : 9