গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে লেহত ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে

৭৫ বছৰৰ পাছত আৰু বুদ্ধ পূৰ্ণিমাৰ শুভ দিনত ভগৱান বুদ্ধৰ ধ্বংসাৱশেষ লাডাখলৈ ঘূৰি অহাটো এক ঐতিহাসিক আৰু সঁচা অৰ্থত সোণালী মুহূৰ্ত

২৫০০ বছৰৰ পাছতো ভগৱান বুদ্ধই প্ৰদান কৰা প্ৰজ্ঞা সমগ্ৰ বিশ্বৰ বাবেও আজিও একেদৰেই প্ৰাসংগিক হৈ আছে

ভগৱান বুদ্ধৰ গভীৰ বাৰ্তাৰ লগতে ভাৰতীয় সংস্কৃতিয়ে আলোচনা তথা মধ্যম পথ অনুসৰণৰ জৰিয়তে সমাধান বিচাৰি উলিওৱাৰ দিক নিৰ্দেশ কৰে

লাডাখ কেৱল ভৌগোলিক অঞ্চলেই নহয়; ই বৌদ্ধ সংস্কৃতি আৰু মমতাৰ এক জীৱন্ত পৰীক্ষাগাৰ

ইয়াৰ চাৰিটা প্ৰধান পৰম্পৰা—নিংমা, কাগ্যু, শক্য আৰু গেলুগ—ৰ জৰিয়তে লাডাখে পৰিত্ৰাণৰ পথ আলোকিত কৰিছে

লাডাখৰ ঐতিহ্যই প্ৰমাণ কৰে যে সংঘাত আৰু অশান্তিৰ মাজত কেৱল শান্তি তথা মমতাৰ পথেহে চূড়ান্ত সমাধান আগবঢ়াব পাৰে

পোষ্ট কৰা হৈছে: 01 MAY 2026 7:46PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লেহত ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ভি.কে. ছাক্সেনা আৰু কেন্দ্ৰীয় গৃহ সচিবৰ লগতে বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ভাষণ প্ৰসংগত  শ্ৰী অমিত শ্বাহে কয় যে আজিৰ বুদ্ধ পূৰ্ণিমা লাডাখবাসীৰ বাবে এক ঐতিহাসিক আৰু সঁচা অৰ্থত সোণালী মুহূৰ্ত । তেওঁ কয় যে এই শুভ অনুষ্ঠানত ৭৫ বছৰৰ পাছত ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষ ইয়াত উপস্থিত হোৱাটোৱে বৌদ্ধ ধৰ্মৰ লগতে অন্যান্য ধৰ্মৰ অনুগামীসকলকো অনুপ্ৰাণিত কৰিব।

শ্ৰী অমিত শ্বাহে কৈছিল যে ভগৱান বুদ্ধৰ জীৱনৰ দৰেই কোনোৱেও নিজৰ জন্ম, জ্ঞান, মহাপৰিনিৰ্বাণ এই সকলোবোৰ একেদিনাই ঘটাটো অনুভৱ কৰাটো বিৰল; সেই বাবেই আজিৰ দিনটো  আমাৰ সকলোৰে বাবে এক অতিকৈ শুভ আৰু প্ৰেৰণাদায়ক দিন। তেওঁ কয় যে এয়া  কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ই এক ঐতিহাসিক পুনৰ মিলন। ইমান বছৰৰ মূৰত তথাগত বুদ্ধই এই পবিত্ৰ ভূমিলৈ উভতি আহিছে, তেওঁৰ আটাইতকৈ মৰমৰ ভূমি, যিটো এক বৃহৎ সৌভাগ্যৰ বিষয়। তেওঁ কয় যে লাডাখ যুগ যুগ ধৰি ধৰ্মৰ জীৱন্ত ভূমি হৈ আহিছে। দালাই লামা য়েতিয়া  ইয়ালৈ আহিছিল তেতিয়া তেওঁ কৈছিল  যে এই ভূমি কেৱল ভৌগোলিক এলেকা নহয়,  বৰঞ্চ বৌদ্ধ সংস্কৃতি আৰু কৰুণাৰ জীৱন্ত  পৰীক্ষাগাৰ।

শ্ৰী অমিত শ্বাহে কয় যে এই ভূমিত জ্ঞানৰ সংৰক্ষণ আৰু লালন-পালন কৰা হৈছে। যেতিয়াই বৌদ্ধ ধৰ্মই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে , এই ভূমিয়ে  ভগৱান বুদ্ধৰ বাৰ্তা সংৰক্ষণৰ  কাম কৰিছে। যেতিয়া শান্তিৰ সময় আহিল, তেতিয়া ই সেই সংৰক্ষিত আৰু সমৃদ্ধ জ্ঞানক আৰু অধিক প্ৰচাৰৰ বাবেও কাম কৰিলে। তেওঁ কয় যে এই পথেই এতিয়া  সেই মাধ্যমত পৰিণত হৈছে যাৰ যোগেদি তথাগতৰ শিক্ষা ভাৰতৰ পৰা চীন আৰু আন বহু দেশলৈ বিয়পি পৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে লাডাখৰ আধ্যাত্মিক পৰিচয় চাৰিটা প্ৰধান পৰম্পৰা নিংমা, কাগ্যু, শাক্য, আৰু গেলুগে গঢ় দিছে। প্ৰথমে কথাবোৰ যিদৰে আছে তেনেদৰেই চাব লাগে। দ্বিতীয়তে, গুৰুৰ কৃপা আৰু নিৰন্তৰ আত্ম চিন্তা হৈছে মুক্তিৰ দুৱাৰ। তৃতীয়তে, অভ্যাস অবিহনে জ্ঞান অসম্পূৰ্ণ আৰু জ্ঞান অবিহনে অনুশীলন অন্ধ; সেয়েহে জ্ঞান আৰু অনুশীলনৰ মিলনেই হৈছে সঠিক পথ। চতুৰ্থতে, নৈতিক অনুশাসন অবিহনে জ্ঞানী জীৱন গঢ় লৈ উঠিব নোৱাৰে। শ্ৰী শ্বাহে কয় যে লাডাখৰ ভূমিৰ পৰা বিয়পি পৰা এই বাৰ্তা আজি বিশ্বৰ বাবে এক পথ প্ৰদৰ্শক শক্তি হৈ পৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে লাডাখত এই পবিত্ৰ  ধ্বংসাৱশেষসমূহৰ উপস্থিতিয়ে আমাক মনত পেলাই দিয়ে যে ভাৰতৰ সভ্যতাই হাজাৰ হাজাৰ বছৰ ধৰি শান্তি আৰু সহাৱস্থানৰ বাৰ্তা বহন কৰি  আহিছে। তেওঁ কয় যে লাডাখ, কাৰ্গিলৰ দৰে বৈচিত্ৰ্যৰে ভৰা ঠাইত এই বাৰ্তা আৰু অধিক প্ৰাসংগিক হৈ পৰিছে। এই ঐতিহ্যই আজিও আমাক কয় যে সংঘাত আৰু অশান্তিৰ মাজত কেৱল শান্তি আৰু মমতাৰ পথেই  সমস্যাৰ সমাধান দিব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যুগ যুগ ধৰি বৌদ্ধ ধৰ্মই বিভিন্ন ধৰণে আৰু বিভিন্ন সময়ত লাডাখত উপস্থিত হৈছিল, ইয়াতবিকশিত হৈছিলৃআৰু পিছলৈ লাডাখৰ বাহিৰতো বিয়পি পৰিছিল। তেওঁ কয় যে লাডাখ কাশ্মীৰৰ বৌদ্ধ অধ্যয়ন, মহাযান দৰ্শন, বৌদ্ধ শিল্পৰ এক প্ৰাচীন কেন্দ্ৰ আছিল আৰু তাৰ পৰাই লাডাখে প্ৰথমে বৌদ্ধ ধৰ্মৰ সৈতে যোগাযোগ, সংগ আৰু আধ্যাত্মিক সংযোগ স্থাপন  কৰিছিল। সম্ৰাট অশোকৰ দূতসকলে লাডাখত বৌদ্ধ ধৰ্মৰ  প্ৰভাৱৰ ভেটি স্থাপন কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে কুশান যুগত প্ৰায় প্ৰথম আৰু তৃতীয় শতিকাৰ ভিতৰত মহাযান বৌদ্ধ ধৰ্মৰ উত্থান তথা  বিকাশে  লাডাখক চুই গৈছিল । বহুতো প্ৰাচীন স্তুপ, বৌদ্ধ মূৰ্তি, খাৰোষ্ঠী-ব্ৰাহ্মী শিলালিপিয়ে  প্ৰমাণ কৰে যে  সেই সময়তো ইয়াত বৌদ্ধ ধৰ্মৰ অগ্ৰগতি হৈছিল।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰেচম পথৰ বাবে কাশ্মীৰ, লেহ, ইয়াৰকাণ্ড, খোটান, আৰু তিব্বত সংযোগী পথসমূহ কেৱল বাণিজ্যৰ বাবেই নহয়, ধাৰণা বিনিময়ৰ বাবেও গুৰুত্বপূৰ্ণ হৈ পৰিছিল। শ্ৰী অমিত শ্বাহে কয় যে ৭ম শতিকাৰ পৰা দশম শতিকালৈ মহাযান আৰু বজ্ৰায়ন পৰম্পৰা তিব্বতৰ পৰা লাডাখত উপস্থিত হৈ ইয়াত তথাগতৰ বাৰ্তাক সমৃদ্ধ কৰি তুলিছিল। ইয়াৰ পিছত দশম আৰু একাদশ শতিকাত সংস্কৃত গ্ৰন্থসমূহ তিব্বতী ভাষালৈ অনুবাদ হোৱাত বিশেষ সুবিধা হৈছিল। আলচি মঠকে ধৰি ১০৮টা মঠ স্থাপন কৰা হৈছে  আৰু বৌদ্ধ ধৰ্মক প্ৰতিষ্ঠানিক তথা স্থায়ী ৰূপ দিয়া হৈছে ।

শ্ৰী অমিত শ্বাহে কয় যে আজিও সমগ্ৰ বিশ্বতে , য’ত বৌদ্ধ পৰম্পৰা আছে তাতেই লাডাখৰ সমৃদ্ধ জ্ঞানক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তেওঁ কয় যে মহাযান বৌদ্ধ সাহিত্যত উল্লেখ আছে যে পবিত্ৰ ধ্বংসাৱশেষ দৰ্শনৰ সুযোগ পোৱাটো স্বয়ং ভগৱান বুদ্ধৰ দৰ্শন পোৱাৰ সমতুল্য। আজি ইমান দিনৰ মূৰত লাডাখবাসীয়ে নিজেই ভগৱান বুদ্ধৰ দৰ্শন পোৱাৰ সৌভাগ্য লাভ কৰিবলৈ সক্ষম হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লাডাখ প্ৰশাসনক সকলো ধৰ্ম, বিশেষকৈ বৌদ্ধ ধৰ্মৰ অনুগামীসকলৰ বাবে এয়া  দৰ্শন কৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যেতিয়া ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল আৰু সন্ন্যাসীৰ জৰিয়তে তেওঁৰ শিক্ষা প্ৰচাৰ কৰিছিল তেতিয়া তেওঁৰ জ্ঞান অতি প্ৰাসংগিক হৈ পৰিছিল আৰু আজি ২৫০০ বছৰৰ পিছতো  বিশ্বৰ বাবে ই আৰু অধিক প্ৰাসংগিক হৈ পৰিছে। শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ বিশ্বই ভাৰতৰ জ্ঞান আৰু ভগৱান বুদ্ধৰ মহান বাৰ্তাক বুজি উঠি সেইবোৰ  গ্ৰহণ কৰিব লাগে আৰু মধ্যম পন্থাৰে সমাধানৰ পথত আগবাঢ়িব লাগে।

 

****

RK/PR/PS/DM


(ৰিলিজ আই ডি : 2257429) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Kannada