গৃহ মন্ত্ৰালয়
অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত ২০২৭ চনৰ লোকপিয়লৰ অধীনত গৃহ গণনা অভিযান আৰম্ভ
দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডৰ এমচিডি এলেকাত স্ব-গণনা (এছই)ৰ সুবিধা আৰম্ভ
লোকপিয়লত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত স্ব-গণনা সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে
এতিয়ালৈকে প্ৰায় ৮২ লাখ পৰিয়ালে স্ব-গণনা (SE)ৰ সুবিধা লাভ কৰিছে
লোকপিয়ল আইন, ১৯৪৮ৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় হৈ থাকিব আৰু কেৱল পৰিসংখ্যাগত উদ্দেশ্য তথা উন্নয়নমূলক পৰিকল্পনাৰ বাবেহে সেয়া ব্যৱহাৰ কৰা হ'ব
অধিসূচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক গৃহ গণনা কাৰ্য্যকলাপৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ তথা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে
পোষ্ট কৰা হৈছে:
01 MAY 2026 7:43PM by PIB Guwahati
২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনা আৰু গৃহ পিয়ল (এইচএলঅ’)ৰ ক্ষেত্ৰভিত্তিক অভিযান আৰম্ভ হৈছে। অধিসূচিত ১৫ দিনীয়া স্ব-গণনাৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত আজিৰে পৰা ছখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত এই অভিযান আৰম্ভ হৈছে। এই অনুশীলন ২০২৬ চনৰ ৩০ মে’লৈকে চলি থাকিব, এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীসকলে তথ্য সংগ্ৰহৰ বাবে ঘৰে ঘৰে ভ্ৰমণ কৰিব।
দিল্লী পৌৰ নিগম (MCD) এলেকা, ৰাজস্থান, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডতো আজিৰে পৰা আৰম্ভ হৈছে ২০২৭ চনৰ লোকপিয়লৰ অধীনত স্ব-গণনা (SE)ৰ সুবিধা। এই অনলাইন সুবিধা ২০২৬ চনৰ ১৫ মে’লৈকে উপলব্ধ হ’ব।এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ঘৰে ঘৰে গণনাৰ অভিযান ১৬ মে’ৰ পৰা ১৪ জুন, ২০২৬লৈ চলিব।
ইয়াৰ উপৰি বিহাৰত আজি অধিসূচিত ১৫ দিনীয়া স্ব-গণনাৰ সময়সীমা সমাপ্ত হৈছে আৰু ২০২৬ চনৰ ২ মে’ৰ পৰা ঘৰে ঘৰে ক্ষেত্ৰভিত্তিক কাৰ্য্যকলাপ আৰম্ভ হ’ব তথা এয়া ২০২৬ চনৰ ৩১ মে’লৈকে চলিব।
২০২৭ চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা স্ব-গণনাৰ সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। ২০২৭ চনৰ লোকপিয়লৰ বাবে গ্ৰহণ কৰা ডিজিটেল পদ্ধতিৰ অংশ হিচাপে এতিয়ালৈকে প্ৰায় ৮২ লাখ পৰিয়ালে চৰকাৰী পৰ্টেল (se.census.gov.in)ৰ জৰিয়তে এই সুবিধা সফলতাৰে লাভ কৰিছে।
ক্ষেত্ৰ গণনাৰ পূৰ্বে এই সুবিধা প্ৰৱৰ্তন কৰা হৈছে , যাতে বাসিন্দাসকলে নিজৰ সবিশেষ অনলাইনত নিৰাপদ তথা ব্যৱহাৰকাৰীৰ বাবে বন্ধুত্বপূৰ্ণ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে জমা দিব পাৰে। এই পদক্ষেপে লোকপিয়লৰ কাৰ্য্যকলাপ ডিজিটেলাইজ কৰাৰ ক্ষেত্ৰত পদক্ষেপক এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে আৰু নমনীয়তা, সুবিধা তথা অংশগ্ৰহণ সহজ কৰি তোলা বাবে ই বহুলভাৱে প্ৰশংসিত হৈছে।
যিসকল বাসিন্দাই স্ব-গণনা সম্পূৰ্ণ কৰিছে তেওঁলোকক তেওঁলোকে সৃষ্টি কৰা স্ব-গণনা আইডি (এছই আইডি) সুৰক্ষিত ৰাখিবলৈ অনুৰোধ কৰা হৈছে তথা এইচএলঅ’ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ক্ষেত্ৰ ভ্ৰমণ কৰাৰ সময়ত গণনাকাৰীৰ সৈতে একেখিনি তথ্য ভাগ-বাটোৱাৰা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। যিবোৰ পৰিয়ালে স্ব-গণনাৰ পদ্ধতি বাছি লোৱা নাই, তেওঁলোকক গণনাকাৰীৰ দ্বাৰা ঘৰে ঘৰে ভ্ৰমণ কৰাৰ সময়ত সামৰি লোৱা হ’ব।
ডিজিটেল সঁজুলি ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰা হৈছে, একে সময়তে পৰম্পৰাগত পদ্ধতিৰ ঘৰৰ দুৱাৰে দুৱাৰে গৈ গণনাৰ ব্যৱস্থাও ৰখা হৈছে । যাতে ব্যাপকতথা সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়। ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গণনাকাৰীসকলে ডিজিটেলভাৱে তথ্য সংগ্ৰহ কৰিবলৈ এটা নিৰ্দিষ্ট মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰিব, যাৰ ফলত তথ্যসমূহ অধিক সঠিক হোৱাৰ লগতে ইয়াৰ দ্ৰুত প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিব পৰা যাব।
গৃহ তালিকাভুক্তিকৰণৰ লোকপিয়লৰ পৰ্যায়ত গৃহৰ অৱস্থা, ঘৰৰ বিৱৰণ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ হাতত থকা সম্পত্তিৰ সৈতে জড়িত তথ্য ৩৩টা অধিসূচিত প্ৰশ্নকে ধৰি এটা গাঁথনিগত প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব। এই পৰ্যায়ে ২০২৭ চনৰ লোকপিয়লৰ পৰৱৰ্তী জনসংখ্যা গণনা পৰ্যায়ৰ বাবেও ভেটি স্থাপন কৰিব।
বৰ্তমান অধিসূচিত সময়সূচী অনুসৰি তেলেংগানা আৰু পঞ্জাৱত চলি আছে এই স্ব-গণনাৰ সুবিধা। সম্প্ৰতি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰ আৰু নগৰ হাভেলী তথা দমন আৰু ডিউ, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা, ছিকিম আৰু উত্তৰাখণ্ডৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানীৰ এন ডি এম চি এলেকা তথা দিল্লী কেণ্টনমেণ্ট ব’ৰ্ডত ক্ষেত্ৰভিত্তিক অভিযান চলি আছে।
লোকপিয়ল আইন, ১৯৪৮ৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় হৈ থাকিব আৰু কেৱল পৰিসংখ্যাগত উদ্দেশ্য তথা উন্নয়নমূলক পৰিকল্পনাৰ বাবেহে সেয়া ব্যৱহাৰ কৰা হ'ব । অধিসূচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক গৃহ গণনা কাৰ্য্যকলাপৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
****
RK/RR/PR/PS/SK/DM
(ৰিলিজ আই ডি : 2257428)
অতিথি কক্ষ : 7