গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে পশ্চিমবংগৰ গংগাসাগৰত অমৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
অকল্পনীয় প্ৰত্যাহ্বান আৰু প্ৰতিটো বাধাৰ মাজতো ৰাষ্ট্ৰীয় নিৰাপত্তাক নিজৰ সৰ্বোচ্চ কৰ্তব্য হিচাবে গণ্য কৰি দেশৰ বাবে প্ৰাণ আহুতি দিয়া আমাৰ সাহসী নিৰাপত্তাৰক্ষীৰ বীৰত্বত প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত
গংগোত্ৰীৰ উৎপত্তিস্থলৰ পৰা ত্ৰিবেণী সংগমৰ পবিত্ৰ সংগমস্থললৈকে আৰু গংগাসাগৰলৈকে য’ত মাতৃ গংগা সাগৰত বিলীন হয়, তাত তেওঁ লাখ লাখ ভক্তৰ হৃদয় আৰু আত্মাই বাস কৰে
গংগাসাগৰৰ কপিল মুনি আশ্ৰমত শ্ৰী অমিত শ্বাহে দেশবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে
জ্ঞান, ত্যাগ, তপস্যাৰ প্ৰতীক কপিল ঋষিৰ জীৱন দৰ্শন দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক প্ৰেৰণা
প্ৰাণময় মাতৃ গংগাৰ এই পবিত্ৰ তীৰ্থস্থানত হৃদয় অপৰিসীম শান্তি আৰু আধ্যাত্মিক আনন্দৰে ভৰি পৰে
পোষ্ট কৰা হৈছে:
27 APR 2026 7:22PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দেশৰ বাবে পৰম বলিদান দিয়া অমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পশ্চিমবংগৰ গংগাসাগৰৰ কপিল মুনি আশ্ৰমত মহৰ্ষী কপিলক পূজা কৰে।

এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “সকলো তীৰ্থযাত্ৰা বহুবাৰ কৰিব পাৰি, কিন্তু গংগাসাগৰ এবাৰেই হয় !গংগা আৰু সাগৰৰ পবিত্ৰ সংগমস্থলী গংগাসাগৰত প্ৰাৰ্থনা কৰাৰ সৌভাগ্য হৈছিল।জীৱনদায়ক মা গংগাৰ এই পবিত্ৰ তীৰ্থস্থানত মোৰ হৃদয় অপৰিসীম শান্তি আৰু আধ্যাত্মিক আনন্দৰে ভৰি পৰিছিল।মা গংগাৰ প্ৰবাহ অব্যাহত থাকক , দেশৰ জনসাধাৰণৰ ওপৰত আশীৰ্বাদ বৰ্।ণ কৰিবলৈ।”

অমৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰী অমিত শ্বাহে আজি গংগাসাগৰত দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া অমৰ বীৰ শ্বহীদসকলৰ প্ৰতিপ্ৰাৰ্থনা কৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।অকল্পনীয় প্ৰত্যাহ্বান আৰু প্ৰতিটো বাধাৰ মাজতো ৰাষ্ট্ৰীয় নিৰাপত্তাক নিজৰ সৰ্বোচ্চ কৰ্তব্য জ্ঞান কৰি নিজৰ প্ৰাণ আহুতি দিয়া আমাৰ বীৰ নিৰাপত্তাৰক্ষীৰ বীৰত্বত প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত ।”

ৰাইজৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰি শ্ৰীযুত অমিত শ্বাহে কয়, “গংগাসাগৰৰ কপিল মুনি আশ্ৰমত মই মহৰ্ষি কপিলক দেশবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।জ্ঞান, ত্যাগ আৰু তপস্যাৰ প্ৰতীক ঋষি কপিলৰ জীৱন দৰ্শন প্ৰতিগৰাকী নাগৰিকৰ বাবে এক প্ৰেৰণা।”
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “গংগোত্ৰীৰ উৎপত্তিস্থলৰ পৰা ত্ৰিবেণী সংগমৰ পবিত্ৰ সংগমস্থলীলৈকে, আৰু গংগাসাগৰলৈকে , য’ত মাতৃ গংগা সাগৰত বিলীন হৈছে, তাত তেওঁ লাখ লাখ ভক্তৰ হৃদয় আৰু আত্মাই বাস কৰে।”
*****
RK/PR/SK/SC/DM
(ৰিলিজ আই ডি : 2256115)
অতিথি কক্ষ : 7