পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়ন সন্দৰ্ভত আন্তঃমন্ত্ৰণালয় পৰ্যায়ৰ সংবাদমেল
সমগ্ৰ দেশতে এতিয়ালৈকে ১.৫ লাখৰো অধিক অভিযান চলোৱা হৈছে, আৰু ৬৬ হাজাৰৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে
এতিয়ালৈকে ৪১ হাজাৰ পিএনজি গ্ৰাহকে এম ৱাই পি এন জি ডি ডট ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এল পি জি সংযোগ প্ৰত্যাহাৰ কৰিছে
২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১৭ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে
হৰমুজ প্ৰণালীত ভাৰতীয় নাৱিকসহ বিদেশী পতাকা সংলগ্ন জাহাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে; দুয়োখন জাহাজত থকা সকলো ভাৰতীয় নাৱিক নিৰাপদ
যোৱা ২৪ ঘন্টাত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা উভতি অহা ৬৫ জন নাৱিককে ধৰি ২৬৮০ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিজৰ গৃহভূমিলৈ নিৰাপদে ঘূৰি অহাত সহায় কৰা হৈছে
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে
পোষ্ট কৰা হৈছে:
23 APR 2026 6:09PM by PIB Guwahati
পশ্চিম এছিয়াৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ শেহতীয়া তথ্যৰ জৰিয়তে নাগৰিকসকলক অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদ মেল অনুষ্ঠিত হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায় কৰা আৰু গুৰুত্বপূৰ্ণ অঞ্চলসমূহত স্থিতিশীলতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। ইয়াত তলত দিয়া উল্লেখ কথাবোৰত গুৰুত্ব আৰোপ কৰা হয় :
ৰাজহুৱা পৰামৰ্শ আৰু নাগৰিক সজাগতা
- নাগৰিকসকলক পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ আতংকিত ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।
- উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
- এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকক বিকল্প ইন্ধন, যেনে- পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
- সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সঞ্চয়ৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা
- অব্যাহত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি, আৰু চি এন জি (পৰিবহন)ৰ ১০০% যোগান নিশ্চিত কৰিছে।
- বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি ফাৰ্মা, ষ্টীল, অট’ম’বাইল, বীজ, কৃষি আদি খণ্ডকো অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰিও ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চৰ গড় দৈনিক যোগানৰ ভিত্তিত প্ৰব্ৰজিত শ্ৰমিকসকলক ৫ কিলোগ্ৰাম এফটিএল (ফ্ৰী ট্ৰেড এলপিজি) যোগানো দুগুণ কৰা হৈছে।
- শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা, যোগানৰ বাবে বিভিন্ন খণ্ডক অগ্ৰাধিকাৰ দিয়াকে ধৰি চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে।
- এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
- কয়লা মন্ত্ৰালয়ে কোল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
- ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সমন্বিত প্ৰচেষ্টা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা
- অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰসমূহক যোগানৰ ওপৰত নিৰীক্ষণ আৰু মজুত তথা ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে।
- পেট্ৰ’ল, ডিজেল, আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো চিঠি আৰু ভিডিঅ’ কনফাৰেন্স (ভিচি)ৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কথা পুনৰাবৃত্তি কৰিছে।
- ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ বিষয়ে আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। এই প্ৰেক্ষাপটত ০২.০৪.২০২৬ (এমঅপিএনজিৰ সচিবৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এমঅপিএনজিৰ সচিবৰ অধ্যক্ষতাত) বৈঠক অনুষ্ঠিত হয়, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়:
- দৈনিক সংবাদমেল আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
- ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু খণ্ডন কৰা।
- জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচি (তেল বিপণন কোম্পানী)ৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা।
- তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰা।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ আবণ্টিত অতিৰিক্ত এছ কে অ (কেৰাচিন)ৰ বাবে এছ কে অ আবণ্টন নিৰ্দেশ জাৰি কৰা।
- পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰ কৰা।
- বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এলপিজি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিৰতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিতৰণ গ্ৰহণ কৰা।
- সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে জমা আৰু ক’লা বিপণন ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
- বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদ মেল অনুষ্ঠিত/বিবৃতি জাৰি কৰি আছে।
কাৰ্যকৰীকৰণ আৰু নিৰীক্ষণ
- এল পি জিৰ মজুত আৰু ক’লা বিপণন ৰোধৰ বাবে সমগ্ৰ দেশতে কাৰ্যকাৰী ব্যৱস্থা চলি আছে। কালি ২৬০০ৰো অধিক স্থানত অভিযান চলোৱাৰ ফলত সমগ্ৰ দেশতে প্ৰায় ২৮৫টা চিলিণ্ডাৰ জব্দ কৰা হয়।
- সমগ্ৰ দেশতে এতিয়ালৈকে মুঠ ১ লাখ ৫০ হাজাৰৰো অধিক অভিযান চলোৱা হৈছে আৰু ৬৬ হাজাৰৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে। তদুপৰি ১১০০ৰো অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে, আৰু ২৫৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
- পিএছইউ অ’এমচিসমূহে আকস্মিক পৰিদৰ্শন শক্তিশালী কৰাৰ লগতে এয়া অব্যাহত ৰাখিছে; এতিয়ালৈ ২৯৮টা এলপিজি বিতৰকক জৰিমনা বিহা হৈছে, আৰু কালিলৈ ৭০টা এলপিজি বিতৰকক নিলম্বন কৰা হৈছে।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ পৰিৱেশ :
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জি যোগানৰ ওপৰত প্ৰভাৱ অব্যাহত আছে।
- ঘৰুৱা পৰিয়ালক এল পি জি যোগান ধৰাত অগ্ৰাধিকাৰ দিয়া হৈছে।
- এল পি জি বিতৰকৰ ওচৰত কোনো নাটনি (ড্ৰাই-আউট) হোৱাৰ খবৰ পোৱা নাই।
- কালি সমগ্ৰ উদ্যোগ পৰ্যায়ত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯৮%লৈ বৃদ্ধি পাইছে।
- চিলিণ্ডাৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডি এ চি) ওপৰত ভিত্তি কৰি ডেলিভাৰী প্ৰায় ৯৪% লৈ বৃদ্ধি পাইছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডি এ চি প্ৰেৰণ কৰা হয়।
- ২২.০৪.২০২৬ তাৰিখলৈকে ৫২ লাখৰো অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছে।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টন :
- মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ ভিত্তিক আবণ্টনও অন্তৰ্ভুক্ত কৰা হৈছে।
- ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰতিখন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক বিতৰণৰ বাবে উপলব্ধ ৫ কেজি এফটিএল চিলিণ্ডাৰৰ দৈনিক পৰিমাণ দুগুণ কৰা হৈছে। এই বৃদ্ধি ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক কৰা গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, যিটো ২১.০৩.২০২৬ তাৰিখৰ পত্ৰখনত উল্লেখ কৰা ২০% সীমাৰ ওপৰত। এই ৫ কেজি এফটিএল চিলিণ্ডাৰসমূহ ৰাজ্য চৰকাৰসমূহৰ হাতত উপলব্ধ আৰু তেল বিপণন কোম্পানী (অ’এমচি)ৰ সহায়ত নিজ নিজ ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক যোগানৰ বাবে একান্তভাৱে ব্যৱহাৰ কৰা হ’ব।
- ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১৭ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
- কালি সমগ্ৰ দেশতে ৮৬ হাজাৰৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হয়।
- ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে ৮২০০ৰো অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ১,২৭,০০০ৰো অধিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
- কালি ৩২০ টাতকৈও অধিক শিবিৰৰ জৰিয়তে ৭৮৭৭ টা ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।
- আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰে গঠিত তিনিজনীয়া কমিটীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
- ২৬ এপ্ৰিল মাহত (২২.০৪.২০২৬ লৈকে) মুঠ ১,৪০,৩৬২ মেট্ৰিক টন (৭৩.৮৭ লাখতকৈ অধিক ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী কৰা হৈছিল।
- ২২.০৪.২০২৬ তাৰিখলৈকে ৮৪৮৩ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৪.৪৬ লাখতকৈ অধিক ১৯ কেজি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছে।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
- গ্ৰাহকক ডি-পিএনজি আৰু চিএনজি-পৰিবহণলৈ ১০০% যোগান ধৰি অগ্ৰাধিকাৰ দিয়া হৈছে।
- সাৰ উদ্যোগলৈ মুঠ গেছৰ আবণ্টন ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৫%লৈ বৃদ্ধি কৰা হৈছে।
- ইয়াৰ উপৰি চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছৰ যোগান ৮০% বৃদ্ধি কৰা হৈছে।
- চিজিডি সত্তাসমূহক তেওঁলোকৰ সকলো জিএ (ভৌগোলিক অঞ্চল)ত হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিব পৰা যায়।
- আইজিএল, এমজিএল, গেইল গেছ, আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে প্ৰৰোচনা আগবঢ়াইছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।
- ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনক সমৰ্থন কৰে।
- ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
- পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত চিজিডি আন্তঃগাঁথনিৰ আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণৰ বাবে ৩ মাহৰ নিৰ্দিষ্ট সময়ৰ বাবে ‘চুটি সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে দ্ৰুত অনুমোদন কাঠামো’ গ্ৰহণ কৰিছে।
- ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ ৰাজপত্ৰৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত ‘প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিন্ধ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ দ্বাৰা) আদেশ, ২০২৬’ অধিসূচনা কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰে, অনুমোদনত পলম আৰু ভূমি প্ৰৱেশৰ বাধা দূৰ কৰে, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰে। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্কৰ বিকাশ ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ উন্নত হ’ব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তন হ’ব, যাৰ ফলত শক্তিৰ সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই নিব বুলি আশা কৰা হৈছে।
- পিএনজিআৰবিয়ে চিজিডি প্ৰতিষ্ঠানসমূহক ডি-পিএনজি সংযোগ প্ৰদানৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি অভিয়ান ২.০’ ৩০.০৬.২০২৬লৈকে বৃদ্ধি কৰা হৈছে।
- স্বচ্ছ, অধিক সুৰক্ষিত, আৰু আত্মনিৰ্ভৰশীল শক্তিৰ ভৱিষ্যতক প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে ‘মডেল ড্ৰাফ্ট ষ্টেট চিবিজি পলিচি’ প্ৰণয়ন কৰিছে। এই আৰ্হি নীতিৰ লক্ষ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজৰ, বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ, আৰু ৰূপায়ণমুখী ব্যৱস্থা বিকশিত কৰিবলৈ এক বিস্তৃত আৰু নমনীয় পথ প্ৰদৰ্শক কাঠামো প্ৰদান কৰা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক অতিৰিক্ত বাণিজ্যিক এল পি জি আবণ্টনৰ পৰৱৰ্তী খণ্ডত অগ্ৰাধিকাৰ দিয়া হ’ব।
- এমঅ’ইএফচিচিয়ে ০৭.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে চিপিচিবিক নিৰ্দেশ দিছে যে ১৫ দিনৰ ভিতৰত চিজিডি নেটৱৰ্ক/আন্তঃগাঁথনিৰ বাবে ‘প্ৰতিষ্ঠা কৰিবলৈ সন্মতি’ বা ‘লেনদেন কৰিবলৈ সন্মতি’ প্ৰদান কৰিবলৈ এছপিচিবি/পিচিচিসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰক।
- ২০২৬ চনৰ মাৰ্চৰ পৰা আজিলৈকে প্ৰায় ৫.১৮ লাখ পিএনজি সংযোগৰ বাবে গেছ যোগান আৰম্ভ হৈছে, আৰু অতিৰিক্ত ২.৫৮ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে; যাৰ ফলত মুঠ সংযোগৰ সংখ্যা ৭.৭৬ লাখ হৈছে। ইয়াৰ উপৰিও প্ৰায় ৫.৮৭ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
- ২১.০৪.২০২৬ তাৰিখলৈকে ৪১,০০০ৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি.ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ প্ৰত্যাহাৰ কৰিছে।
খাৰুৱা তেলৰ অৱস্থা আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
- সকলো শোধনাগাৰে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে আৰু ইয়াত পৰ্যাপ্ত খাৰুৱা তেলৰ মজুত আছে; পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুতও ৰখা হৈছে।
- ঘৰুৱা ব্যৱহাৰৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে শোধনাগাৰত ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা বজাৰলৈ পেট্ৰ’কেমিকেল ফিডষ্টকৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ ‘আন্তঃমন্ত্ৰালয়ৰ যুটীয়া কৰ্মগোট’ (JWG) গঠন কৰা হৈছে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ ভিত্তিত চৰকাৰে তেল শোধনাগাৰ কোম্পানীসমূহক (পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি) উচ্চ প্ৰযুক্তি কেন্দ্ৰই (চি এইচ টি) চিনাক্ত কৰা ধৰণে জটিল খণ্ডসমূহলৈ কিছুমান নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ধাৰা উপলব্ধ কৰাৰ অনুমতি প্ৰদান কৰিছে।
- ঔষধ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ (ডিচিপিচি), আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ফাৰ্মা আৰু ৰাসায়নিক খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা প্ৰতিদিনে ১০০০ মেট্ৰিক টনৰ ব্যৱস্থা কৰা হৈছে।
- ২০২৬ চনৰ ৯ এপ্ৰিলৰ পৰা আজিলৈকে মুম্বাই, কোচি আৰু মথুৰা শোধনাগাৰে ৰাসায়নিক আৰু ফাৰ্মা উদ্যোগক ৬৩০০ মেট্ৰিক টনতকৈ অধিক প্ৰপাইলিন বিক্ৰী কৰিছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণ ব্যৱস্থা
- সমগ্ৰ দেশতে খুচুৰা বিপণীসমূহ স্বাভাৱিকভাৱে চলি আছে।
- মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
- ১১.০৪.২০২৬ তাৰিখৰ গেজেট অধিসূচনাৰ জৰিয়তে ভাৰত চৰকাৰে ডিজেলৰ ওপৰত ৰপ্তানি কৰ প্ৰতি লিটাৰত ৫৫.৫০ টকা আৰু এ টি এফত প্ৰতি লিটাৰত ৪২ টকালৈ বৃদ্ধি কৰিছে যাতে ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত হয়।
- পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে, আৰু পিএছইউ অ’এমচিৰ খুচুৰা বিপণীত কোনো ধৰণৰ মূল্য বৃদ্ধি হোৱা নাই।
কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ নিয়মীয়া আবণ্টনৰ ওপৰত ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হৈছে।
- ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে তেওঁলোকৰ কোনো প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰিছে।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্য্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। ইয়াত লিখা আছিল :
যোৱা ২৪ ঘণ্টাত হৰমুজ প্ৰণালীত ভাৰতীয় নাৱিক থকা বিদেশী পতাকা সংলগ্ন জাহাজত গুলীচালনাৰ কেইটামান ঘটনা সংঘটিত হৈছে। কিন্তু দুয়োখন জাহাজত থকা সকলো নাৱিক নিৰাপদ।
ক. পানামাৰ পতাকা থকা কণ্টেইনাৰ জাহাজ ভেচেল ইউফ’ৰিয়াত ২১জন ভাৰতীয় নাৱিক আছিল। তেওঁলোক সকলো নিৰাপদ।
খ. পানামাৰ পতাকা থকা কণ্টেইনাৰ ভেচেল এপামিনোণ্ডাছত ১জন ভাৰতীয় নাৱিক আছিল। তেৱোঁ সুৰক্ষিত।
- অঞ্চলটোত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত।
- ভাৰতৰ পতাকা থকা খাৰুৱা তেল টেংকাৰ ‘দেশ গৰিমা’ নামৰ জাহাজখনে ২০২৬ চনৰ ১৮ এপ্ৰিলত নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰে। ৩১ জন ভাৰতীয় নাৱিকক লৈ যোৱা জাহাজখনে ২০২৬ চনৰ ২২ এপ্ৰিলত মুম্বাইত উপস্থিত হয়।
- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন, আৰু সামুদ্ৰিক ক্ষেত্ৰৰ অন্যান্য অংশীদাৰসকলৰ সৈতে অহৰহ সমন্বয় কৰি আছে যাতে নাৱিকসকলৰ কল্যাণ নিশ্চিত হয় আৰু সামুদ্ৰিক কাৰ্য্যকলাপ নিৰৱচ্ছিন্ন হয়।
- ডিজি শ্বিপিং কণ্ট্ৰল ৰুমৰ শেহতীয়া তথ্য অনুসৰি আৰম্ভণিৰ পৰাই কণ্ট্ৰল ৰুমে ৭,৪০৩টাতকৈও অধিক কল আৰু ১৫,৬৩৯টা ইমেইলত সঁহাৰি জনাইছে। যোৱা ২৪ ঘন্টাত ১৬১টা ফোন আৰু ৩২০টা ইমেইল লাভ কৰিছে।
- মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শিপিং)ৰ জৰিয়তে এতিয়ালৈকে ২,৬৮০ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে; ইয়াৰে ৬৫ জন বিগত ২৪ ঘণ্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা উভতি আহিছে।
- বন্দৰ পৰিচালনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে, অৱৰোধ হোৱাৰ কোনো খবৰ পোৱা নাই।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰ আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি আছে, আৰু অঞ্চলটোত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা তথা কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই সন্দৰ্ভত জনোৱা হৈছে যে :
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ নিয়ন্ত্ৰণ কক্ষসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম আৰু ভাৰতীয় অভিযানৰ সৈতে সহযোগিতাৰে কাম কৰি আছে।
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি তথ্য বিনিময় আৰু প্ৰচেষ্টাসমূহৰ উন্নত সমন্বয় সাধন কৰে।
- ভাৰতীয় অভিযান আৰু পোষ্টসমূহে ২৪ ঘণ্টীয়া হেল্পলাইন চলাই আছে আৰু ভাৰতীয় নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে। স্থানীয় চৰকাৰৰ সৈতেও অহৰহ সংস্পৰ্শত থাকে।
- সময়ে সময়ে নতুন পৰামৰ্শ জাৰি কৰা হৈছে, য’ত স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ অৱস্থা, ৰাষ্ট্ৰদূতৰ সেৱা তথা আমাৰ সম্প্ৰদায়ক সহায় কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ তথ্যও অন্তৰ্ভুক্ত কৰা হৈছে।
- ভাৰতীয় অভিয়ানসমূহে তাত থকা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে যোগাযোগ ৰক্ষা কৰি থাকে। ৰাষ্ট্ৰদূতে ভাৰতীয় সম্প্ৰদায়ৰ সংগঠন, প্ৰতিষ্ঠান, পেছাদাৰী গোট আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে নিয়মিতভাৱে মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগসমূহৰ সমাধান কৰি আছে।
- অঞ্চলটোত কৰ্মৰত ভাৰতীয় নাৱিকসকলৰ কল্যাণক চৰকাৰে অত্যন্ত অগ্ৰাধিকাৰ দিছে। ভাৰতীয় মিছনে তেওঁলোকক স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয়, ৰাষ্ট্ৰদূতৰ সহায় তথা প্ৰত্যাৱৰ্তনৰ অনুৰোধকে ধৰি সকলো সম্ভাব্য সহায় আগবঢ়াইছে।
- সামগ্ৰিকভাৱে বিমানৰ পৰিস্থিতি ক্ৰমাগতভাৱে উন্নত হৈছে, আৰু এই অঞ্চলৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অতিৰিক্ত বিমান সেৱা চলোৱা হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ১২,১২,০০০ যাত্ৰী ভাৰতলৈ আহিছে।
- কাৰ্য্যকৰী আৰু নিৰাপত্তাৰ বিবেচনাৰ প্ৰতি লক্ষ্য ৰাখি ইউ এ ইত বিমান সংস্থাসমূহে ইউ এ ই আৰু ভাৰতৰ মাজত সীমিত বাণিজ্যিক বিমান চলাচল অব্যাহত ৰাখিছে। আজি ইউ এ ই আৰু ভাৰতৰ মাজত প্ৰায় ১১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
- চৌদি আৰব আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
- কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি, কাটাৰ এয়াৰৱেজে ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে।
- কুৱেইটৰ আকাশমাৰ্গ বন্ধ হৈ আছে। জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে।
- বাহৰেইনৰ আকাশমাৰ্গ মুকলি। গালফ এয়াৰে বাহৰেইনৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে।
- ইৰাকৰ আকাশমাৰ্গ মুকলি, আৰু অঞ্চলটোৰ কিছুমান গন্তব্যস্থানলৈ সীমিত বিমান সেৱা চলি আছে, যিবোৰ ভাৰতলৈ অহাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।
- ইৰাণৰ আকাশমাৰ্গ মালবাহী আৰু চাৰ্টাৰ্ড বিমানৰ বাবে আংশিকভাৱে মুকলি। তেহৰাণত থকা ভাৰতীয় দূতাবাসে ভাৰতলৈ আগন্তুক যাত্ৰাৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভাৰতীয় নাগৰিকৰ চলাচলত সহায় অব্যাহত ৰাখিছে। আজিলৈকে ২৪২৮ জন ভাৰতীয় নাগৰিক ইৰাণ এৰি আৰ্মেনিয়া আৰু আজাৰবাইজানত উপস্থিত হৈছে। ইয়াৰ ভিতৰত আছে ১০৯৬ জন ভাৰতীয় ছাত্ৰ আৰু ৬৫৭ জন ভাৰতীয় মাছমৰীয়া।
- ইজৰাইলৰ আকাশমাৰ্গ মুকলি আৰু অঞ্চলটোৰ কিছুমান গন্তব্যস্থানলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ হৈছে, যিবোৰ ভাৰতলৈ আগন্তুক যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
***
TM/KD
(ৰিলিজ আই ডি : 2255053)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam