তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
এনএফডিচি-য়ে ২৪ এপ্ৰিলত দেশজুৰি মুক্তি দিব নিজা উদ্যোগত নিৰ্মাণ কৰা মালয়ালম ছবি ‘আচাপ্পা’-ৰ এলবাম
সময়-ভ্ৰমণৰ এক অভিনৱ ধাৰণাক প্ৰজন্মৰ আৱেগেৰে সংমিশ্ৰিত কৰা এটা ব্যতিক্ৰমধৰ্মী কল্প কাহিনী ছবিখনত চিত্ৰায়িত কৰা হৈছে
পোষ্ট কৰা হৈছে:
14 APR 2026 2:29PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ‘নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড’ (এন এফ ডি চি)-ৰ শেহতীয়া মালয়ালম ফিচাৰ ফিল্ম ‘আচাপ্পা’-ৰ এলবাম (গ্ৰামপা-ৰ এলবাম) মুক্তি দিয়া হ’ব। পাৰিবাৰিক কল্পনা, কৌতুক আৰু আৱেগৰ অনন্য সংমিশ্ৰণেৰে নিৰ্মিত ছবিখনে সময় ভ্ৰমণৰ আখ্যান অন্বেষণ কৰিছে আৰু ছবিখনে ২০২৬ চনৰ ২৪ এপ্ৰিলত ৰূপালীপৰ্দাত মুক্তি পোৱাৰ কথা।
দীপ্তি পিল্লায় শিৱনৰ পৰিচালনা আৰু সঞ্জীৱ শিৱন, অনিৰ্বান ভট্টাচাৰ্য, আৰু উমেশ নায়াৰৰ দ্বাৰা ৰচিত এই ছবিখনে অতীতক পুনৰাই চোৱাৰ প্ৰতি থকা সাৰ্বজনীন আকৰ্ষণৰ সন্ধান কৰিছে। এক পিতা-পুত্ৰৰ জীৱনগাঁথাক অনুসৰণ কৰা কাহিনীভাগত ভাগ্যৰ অপ্ৰত্যশিত পাকচক্ৰত ইজনে সিজনৰ জীৱন কটাবলৈ আৰম্ভ কৰে। এই ৰূপান্তৰে প্ৰজন্মৰ দৃষ্টিভংগী আৰু জীৱনৰ পছন্দৰ এক মাৰ্মান্তিক আৰু হাস্যৰসময়ী অন্বেষণৰ পটভূমি হিচাপে কাম কৰিছে।

ছবিখনত অঞ্জনা আপুকুত্তন, আদীনাথ কোথাৰে, প্ৰিয়ংকা নায়াৰ, সিদ্ধাংশু সঞ্জীৱ শিৱনৰ সৈতে প্ৰবীণ অভিনেতা মোহন আগছেকে ধৰি বহু কেইগৰাকী শিল্পীয়ে অভিনয় কৰিছে। কাৰিকৰী দলটোৱে চিনেমাটোগ্ৰাফাৰ মনোজ পিল্লাই, ৰাষ্ট্ৰীয় বঁটা বিজয়ী সম্পাদক শ্ৰীকৰ প্ৰসাদ, সংগীত সুৰকাৰ গুলৰাজ সিঙৰ দৰে বিখ্যাত পেছাদাৰীক লৈ গৌৰৱবোধ কৰাৰ সমল লাভ কৰিছে।
ছবিখনৰ বিষয়ে তথ্য দাঙি ধৰি পৰিচালক দীপ্তি পিল্লাই শিৱনে কয়, “চলচ্চিত্ৰখনে এক সহজ অথচ আকৰ্ষণীয় সময়-ভ্ৰমণৰ আখ্যানৰ জৰিয়তে মানৱ সম্পৰ্কৰ গভীৰ অন্বেষণ কৰিছে। এই কাহিনীটো ৰূপালী পৰ্দালৈ অনাৰ ক্ষেত্ৰত এনএফডিচি-ৰ গুৰুত্বপূৰ্ণ সহায়ৰ বাবে আমি কৃতজ্ঞ।”
বৈচিত্ৰময় চিনেমাৰ প্ৰসাৰৰ ক্ষেত্ৰত এনএফডিচি-ৰ ভূমিকাত আলোকপাত কৰি এনএফডিচি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগডুমে কয়, “এই ছবিখনে ভাৰতীয় চিনেমাত ব্যতিক্ৰমী কণ্ঠস্বৰক প্ৰতিপালন কৰাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। আৱেগিক গভীৰতাৰ সৈতে এটা কল্পনাপ্ৰসূত ধাৰণাক সংযুক্ত কৰা আচাপ্পা-ৰ এলবামে সকলো প্ৰজন্মৰ দৰ্শকৰ মাজত অনুৰণন সৃষ্টি কৰাৰ সম্ভাৱনা আছে।”
বৰ্তমান এন এফ ডি চি-ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম-ত উপলব্ধ হৈছে ইয়াৰ প্ৰথমটো টিজাৰ, অচিৰেই ইয়াৰ অফিচিয়েল ট্ৰেইলাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে।
টিজাৰটো চাব পাৰিব [https://www.youtube.com/watch?v=G6WDgZNA5u8].
এন এফ ডি চি-ৰ বিষয়ে:
১৯৭৫ চনত স্থাপিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড (এন এফ ডি চি) হৈছে ভাৰতীয় চিনেমাৰ বিকাশৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ শীৰ্ষ সংস্থা। ই নিৰ্মাণ আৰু প্ৰচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাৰতীয় ভাষাৰ ছবিৰ সংৰক্ষণলৈকে সমগ্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ পৰিতন্ত্ৰটোক সমৰ্থন কৰে।
****
Mahesh Kumar/ Vivek Vishwash/KB
(ৰিলিজ আই ডি : 2252013)
অতিথি কক্ষ : 8