প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তিক উদ্দেশ্যি লিখা এখন পত্ৰ আগবঢ়ায়, বিধায়িনী সংস্থাত মহিলাৰ সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা তেওঁ পুনৰবাৰ প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
14 APR 2026 9:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমগ্ৰ ভাৰতৰ মহিলাসকলে বাবে বিধায়িনী সংস্থাত মহিলাৰ সংৰক্ষণ নিশ্চিত কৰাৰ পদক্ষেপৰ শলাগ লৈছে।
ভাৰতৰ নাৰী শক্তিক উদ্দেশ্যি লিখা এখন পত্ৰ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে দশক দশক ধৰি সম্পূৰ্ণ নোহোৱাকৈ থকা কথাখিনি কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে।তেওঁ কয় যে ২০২৯ চনৰ লোকসভা আৰু ৰাজ্য বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰা মহিলাৰ সংৰক্ষণ নিশ্চিত কৰাৰ সিদ্ধান্তক সমগ্ৰ দেশৰ মাতৃ, ভগ্নী আৰু কন্যাই শলাগ লৈছে।
ভাৰতৰ নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে এই দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিক অতি শীঘ্ৰে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নাগৰিকসকলৰ সৈতে নিজৰ ভাবনা ভাগ-বাটোৱাৰা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
‘বিধায়িনী সংস্থাসমূহত মহিলাসকলৰ বাবে সংৰক্ষণ নিশ্চিত কৰাৰ পদক্ষেপক সমগ্ৰ ভাৰতৰ মহিলাসকলে শলাগ লৈছে।
দশক দশক ধৰি বাকী থকা কাম খিনি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰি ভাৰতৰ নাৰী শক্তিলৈ মোৰ পত্ৰখন ইয়াত দিয়া হ’ল...।”
‘২০২৯ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰা মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত কৰাৰ সিদ্ধান্তক সমগ্ৰ দেশৰ আমাৰ মাতৃ, ভগ্নী, কন্যাই শলাগ লৈছে।
ভাৰতৰ ‘নাৰী শক্তি’ (মহিলা শক্তি)ৰ প্ৰতি উৎসৰ্গিত এই পত্ৰখনত মই এই দীৰ্ঘদিনীয়া সংকল্পৰ ক্ষিপ্ৰতাৰে বাস্তৱায়িত কৰাৰ বিষয়ত দেশৰ জনসাধাৰণৰ সৈতে মোৰ ভাবনা ভাগ-বাটোৱাৰা কৰিছো...”
****
MJPS/ST/DM
(ৰিলিজ আই ডি : 2251807)
অতিথি কক্ষ : 11