প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৩ এপ্ৰিলত ‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
এই সন্মিলনত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিত্ব আৰু কৃতিত্ব অৰ্জন কৰা মহিলাসকলে অংশগ্ৰহণ কৰিব
বিকশিত ভাৰত-২০৪৭ৰ যাত্ৰাত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক এই সন্মিলনত আলোকপাত কৰা হ’ব
এই সন্মিলনত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হ’ব
পোষ্ট কৰা হৈছে:
12 APR 2026 4:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।
এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিত্ব আৰু বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব অৰ্জন কৰা মহিলাসকলে অংশগ্ৰহণ কৰিব। ইয়াত চৰকাৰ, শিক্ষা, বিজ্ঞান, ক্ৰীড়া, উদ্যোগীকৰণ, সংবাদ মাধ্যম, সমাজ সেৱা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডৰ প্ৰতিনিধিক একত্ৰিত কৰা হ’ব।
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ গৃহীত কৰি বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। এই আইনখনত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। এতিয়া সমগ্ৰ দেশতে মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৬ এপ্ৰিলত সংসদৰ অধিৱেশন আহ্বান কৰা হৈছে।
ভাৰতৰ উন্নয়নৰ পথ গঢ় দিয়াত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰাৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি ই পঞ্চায়তৰ পৰা সংসদলৈকে সকলো স্তৰতে শাসন আৰু নেতৃত্বৰ ক্ষেত্ৰত মহিলাৰ বৰ্ধিত ভূমিকাক উজ্জ্বল কৰি তুলিব। এই অনুষ্ঠানত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হ’ব।
এই সন্মিলনত বিকশিত ভাৰত ২০৪৭ৰ দিশে যাত্ৰাত মহিলাৰ ভূমিকাক আলোকপাত কৰা হ’ব। তদুপৰি বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰা হ’ব।
***
MJPS/PRK/KD
(ৰিলিজ আই ডি : 2251384)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Bengali
,
Bengali-TR
,
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Odia
,
Telugu
,
Kannada