প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ আৰম্ভণি উপলক্ষ্যে মহাত্মা জ্যোতিৰাও ফুলেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সামাজিক সমতা আৰু সবলীকৰণৰ পথ প্ৰদৰ্শক হিচাবে মহাত্মা ফুলেৰ ভূমিকাক উজ্জ্বল কৰি তোলা এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰিছে

পোষ্ট কৰা হৈছে: 11 APR 2026 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা জ্যোতিৰাও ফুলেৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সমতা, ন্যায়, গুণগত শিক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী  দূৰদৰ্শী সমাজ সংস্কাৰক হিচাপে অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মহাত্মা ফুলেই তেওঁৰ প্ৰচেষ্টাৰ জৰিয়তে শিক্ষা যাতে সবলীকৰণৰ এক শক্তিশালী আহিলা হিচাপে পৰিগণিত হয় সেই কথাৰ  প্ৰতি লক্ষ্য ৰাখি মহিলা তথা সমাজৰ প্ৰান্তীয় স্তৰৰ  লোকসকলৰ অধিকাৰৰ বাবে নিৰলস প্ৰচেষ্টা চলাইছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে  চলিত বৰ্ষত  মহান সমাজ সংস্কাৰকগৰাকীৰ ২০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ  আৰম্ভণি কৰা হৈছে।

এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  প্ৰধানমন্ত্ৰীয়ে মহাত্মা ফুলেই কেনেদৰে বহতৰে বাবে পথ প্ৰদৰ্শক  হৈ ৰৈছে  আৰু আজিৰ যুগত শিক্ষা, শিক্ষণ তথা সকলোৰে কল্যাণৰ বিষয়ত  তেওঁ আৰোপ কৰা  গুৰুত্ব  কিদৰে প্ৰাসংগিক হৈ আছে, সেই বিষয়ত  এটা প্ৰৱন্ধ লিখিছে। শ্ৰী মোদীয়ে লগতে প্ৰাৰ্থনা কৰে যে তেওঁৰ চিন্তাধাৰাই সমাজৰ প্ৰগতিৰ বাবে সকলোকে পথ প্ৰদৰ্শন কৰি যাওক।

এক্সত দিয়া ধাৰাবাহিক  পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে :

"সমতা, ন্যায় আৰু শিক্ষাৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী দূৰদৰ্শী সমাজ সংস্কাৰক মহাত্মা জ্যোতিৰাও ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেওঁ মহিলা আৰু সমাজৰ প্ৰান্তীয় স্তৰৰ  লোকসকলৰ অধিকাৰৰ সন্দৰ্ভতো অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ বলতে শিক্ষা সবলীকৰণৰ এক শক্তিশালী আহিলাত পৰিণত হৈছে। এইবাৰ আমি তেওঁৰ ২০০ বছৰীয়া জন্ম জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান উদযাপন কৰিছো।" তেওঁৰ  চিন্তাধাৰাই সমাজৰ প্ৰগতিৰ বাবে  সকলোকে পথ প্ৰদৰ্শন কৰি যাওক।"

 

"যি সময়ত  আমি মহাত্মা ফুলেৰ ২০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিছো, তেওঁ কেনেদৰে বহু  লোকৰ বাবে পথ প্ৰদৰ্শক হিচাবে আৰু শিক্ষা, শিক্ষণ তথা সকলোৰে কল্যাণৰ বিষয়ত  তেওঁ আৰোপ কৰা  গুৰুত্ব  কিদৰে প্ৰাসংগিক হৈ আছে সেই বিষয়ত প্ৰৱন্ধ লিখিছো"।

"মহাত্মা ফুলেৰ জন্ম বাৰ্ষিকীৰ দ্বিশতবাৰ্ষিকী বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ কেনেদৰে বহু লোকৰ বাবে পথ প্ৰদৰ্শক  হৈ আহিছে আৰু শিক্ষা, অধ্যয়ন আৰু সকলোৰে কল্যাণৰ বিষয়ত  তেওঁৰ গুৰুত্ব আজিৰ যুগতো কেনেদৰে প্ৰাসংগিক হৈ আছে সেই বিষয়ে মোৰ চিন্তাধাৰা প্ৰকাশ কৰিব বিচাৰিছো।"

মহান সমাজ সংস্কাৰক মহাত্মা ফুলেৰ ২০০ সংখ্যক  জন্ম জয়ন্তী উদযাপনৰ কাৰ্যসূচী চলি আছে। তেওঁ সমগ্ৰ জীৱন শিক্ষা, জ্ঞান আৰু জনকল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। আজিও তেওঁ কেনেকৈ কোটি কোটি দেশবাসীৰ বাবে প্ৰেৰণা হৈ আছে এই কথা মই এই লেখাটোত উল্লেখ কৰিছো।

 

***

MJPS/PRK/DM


(ৰিলিজ আই ডি : 2251142) অতিথি কক্ষ : 11