ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন, ২০২৬

পৰীক্ষণ পিছত মাত্ৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ পৰামৰ্শ

পোষ্ট কৰা হৈছে: 10 APR 2026 7:54PM by PIB Guwahati

নিৰ্বাচন আয়োগে স্বচ্ছতা শক্তিশালী কৰাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰত যিকোনো বিসংগতি ধৰা পেলাবলৈ আৰু প্ৰয়োজন হ’লে পুনৰ ভোটগ্ৰহণৰ পৰামৰ্শৰ ভিত্তিত প্ৰ-পত্ৰ ১৭এ (ভোটাৰ পঞ্জীয়ন) আৰু অন্যান্য ভোটগ্ৰহণ দিৱসৰ নথি-পত্ৰ আৰু অন্যান্য অভিলেখৰ নিৰ্বাচনোত্তৰ পৰীক্ষণ সন্দৰ্ভত একত্ৰিত নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি অসম, কেৰালা আৰু পুডুচেৰীৰ ভোটগ্ৰহণ অনুষ্ঠিত ২৯৬টা বিধানসভা সমষ্টিৰ লগতে কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ আটাইকেইটাতে আয়োগে নিযুক্ত কৰা ২৯৬জন ৰিটাৰ্নিং অফিচাৰ (আৰঅ’) আৰু ২৯৬জন সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত নথি-পত্ৰৰ পৰীক্ষণ সঠিকভাৱে কৰে।

পৰীক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে ১,৮৯৯গৰাকী প্ৰাৰ্থীক পৰীক্ষণৰ তাৰিখ, সময় আৰু স্থানৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা হয়।

পৰীক্ষণৰ পিছত কালি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৬৩,০৮৪টা ভোটকেন্দ্ৰৰ ভিতৰত মাত্ৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে।

সেই অনুসৰি অসমৰ ১২৩নং কৰিমগঞ্জ উত্তৰ এচিৰ ২৩৯নং ভোট কেন্দ্ৰৰ বেবীলেণ্ড উচ্চ ইংৰাজী বিদ্যালয়ত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। ১১ এপ্ৰিল, ২০২৬ (শনিবাৰ)ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ’গ্ৰাফী কৰাৰ লগতে পৰীক্ষণৰ পিছত প্ৰপত্ৰ ১৭এ আৰু আনুষংগিক সামগ্ৰীসমূহ আৰঅ’ই পুনৰ ছীল কৰে।

*****

PK/GDH/RP/DB


(ৰিলিজ আই ডি : 2251047) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , हिन्दी , Bengali , Gujarati , Tamil