প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাবু জগজীৱন ৰামৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 05 APR 2026 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামৰ জন্মবাৰ্যিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে বাবু জগজীৱন ৰামে সমতা আৰু সামাজিক ন্যায়ৰ আদৰ্শৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ লগতে কয় যে দেশৰ প্ৰতি তেওঁৰ অমূল্য অৱদান সমগ্ৰ ৰাষ্ট্ৰই সদায় মনত ৰাখিব।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত লিখিছে :

"প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শত কোটি প্ৰণাম। তেওঁ সমতা আৰু সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। দেশ প্ৰতি তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।"

 

****

 

 

MJPS/ST/KD


(ৰিলিজ আই ডি : 2249089) অতিথি কক্ষ : 12