গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাওঁপন্থী উগ্ৰবাদৰ পৰা দেশখনক মুক্ত কৰাৰ প্ৰচেষ্টা সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

নক্সালবাদ বাওঁপন্থী মতাদৰ্শৰ সৃষ্টি

দৰিদ্ৰতাৰ বাবে নক্সালবাদ বিয়পি পৰা নাছিল; বৰঞ্চ নক্সালবাদৰ বাবেই দৰিদ্ৰতা বিয়পি পৰিল

অন্যায়ৰ বিৰোধিতা কৰিবলৈ কমিউনিষ্ট পাৰ্টি গঠন হোৱা নাছিল, বৰঞ্চ আমাৰ সংসদীয় ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈহে গঠন কৰা হৈছিল

নক্সালীয় হিংসাত লিপ্ত হোৱা সকলৰ দিন এতিয়া শেষ হৈছে

নক্সালবাদৰ মূল কাৰণ উন্নয়নৰ অভাৱ নহয় ,বাওঁপন্থী মতাদৰ্শ, যিটো ১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ তেতিয়াৰ শাসকীয় দলৰ নেতাই মানি লৈছিল

নক্সালমুক্ত ভাৰত মোদী চৰকাৰৰ অন্যতম বৃহৎ সফলতা

যি কমিউনিষ্ট পাৰ্টিৰ ভেটি আন এখন দেশৰ মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত, ভাৰতৰ বাবে ই কেনেকৈ ভাল কাম কৰিব পাৰে?

মাওবাদীসকলে বৈষম্যৰ বিৰোধিতা কৰিবলৈ ৰেড কৰিডৰ বাছি লোৱা নাছিল, বৰঞ্চ তাত চৰকাৰৰ প্ৰসাৰতা দুৰ্বল হোৱাৰ বাবেহে সেয়া বাছি লৈছিল

বাওঁপন্থী মতাদৰ্শৰ সমৰ্থকসকলে ভগৱান বীৰছা মুণ্ডা, শ্বহীদ ভগত সিং বা সুভাষ চন্দ্ৰ বসুক নিজৰ আদৰ্শ বুলি গণ্য কৰা নাই, বৰঞ্চ “মাও”ক আদৰ্শ হিচাপে বাছি লৈছে

এয়াই মোদী চৰকাৰ — যিয়ে অস্ত্ৰ তুলি ল’ব তাৰ বিষম পৰিণামৰ সন্মুখীন হ’ব লাগিব

ৰেড টেৰ’ৰৰ ছাঁৰ বাবেই বাষ্টাৰ উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছিল

এতিয়া ৰেড টেৰ’ৰৰ ছাঁ আঁতৰি যোৱাৰ লগে লগে বাষ্টাৰৰ বিকাশ ঘটিছে

নক্সালমুক্ত ভাৰতবৰ্ষ মোদী চৰকাৰৰ অন্যতম ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সফলতা

ইয়াৰ সম্পূৰ্ণ কৃতিত্ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, বিশেষকৈ কোব্ৰা আৰু চি আৰ পি এফৰ জোৱান, ৰাজ্যিক আৰক্ষী — বিশেষকৈ ছত্তীশগড় আৰক্ষী আৰু ডি আৰ জি জোৱান — আৰু স্থানীয় জনজাতীয় লোকসকলক দিব লাগিব
য’ত বাওঁপন্থী উগ্ৰপন্থীসকলে দশক দশক ধৰি উন্নয়ন সাধন কৰিবলৈ নিদিলে, তাত মোদী চৰকাৰে এতিয়া প্ৰতিঘৰলৈ উন্নয়ন লৈ গৈছে

মোদী চৰকাৰ ভয় খোৱা চৰকাৰ নহয়, সকলোকে ন্যায় প্ৰদান কৰা চৰকাৰ

ক্ষমতাত থকাসকলৰ সমৰ্থন অবিহনে তিৰুপতিৰ পৰা পশুপতিনাথলৈকে বিস্তৃত দেশৰ ঠিক মাজভাগত ৰেড কৰিডৰ সৃষ্টি কৰাটো অসম্ভৱ হ’লহেঁতেন

বাওঁপন্থী মতাদৰ্শই নিজৰ ভিত্তি হেৰুৱাই পেলাইছে, যাৰ বাবে সকলো বাওঁপন্থীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বিভিন্ন তত্ত্ব উদ্ভাৱনত ব্যস্ত হৈ পৰিছে

বাওঁপন্থী মতাদৰ্শৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ, শাসন ব্যৱস্থা, সংবিধান আৰু নিৰাপত্তাত অৰাজকতাৰ সৃষ্টি কৰা আৰু তাৰ পিছত ৰক্তপাত কৰা — আৰু এয়া সফল নহ’ব

নক্সালবাদীয়ে গাঁ

পোষ্ট কৰা হৈছে: 30 MAR 2026 10:29PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি ১৯৩ নং নিয়মৰ অধীনত লোকসভাত বাওঁপন্থী উগ্ৰবাদৰ পৰা দেশখনক মুক্ত কৰাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনাৰ উত্তৰ দিয়ে।

আলোচনাৰ উত্তৰ দিওঁতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বাওঁপন্থী উগ্ৰপন্থী আৰু তেওঁলোকৰ সমৰ্থকসকলে নিৰীহ জনজাতি লোকৰ সন্মুখত তেওঁলোকে নিজৰ অধিকাৰৰ বাবে আৰু তেওঁলোকৰ ন্যায় প্ৰদানৰ বাবে যুঁজিছে বুলি ভুৱা কাহিনী প্ৰচাৰ কৰিছে। তেওঁ কয় যে বাষ্টাৰৰ পৰা এতিয়া নক্সালবাদ প্ৰায় সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে, আৰু তাত থকা প্ৰতিখন গাঁৱতে বিদ্যালয় নিৰ্মাণ আৰু ৰেচনৰ দোকান খোলাৰ অভিযান আৰম্ভ হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নক্সালবাদৰ পোষকতা কৰাসকলে ১৯৭০ চনৰ পৰা এতিয়ালৈকে এই সকলোবোৰ কিয় নহ’ল সেই কথা বুজাব লাগে। তেওঁ লগতে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সমগ্ৰ দেশৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিয়ে ঘৰ, গেছ সংযোগ, খোৱাপানী, ৫ লাখ টকা পৰ্যন্ত বীমা, আৰু ৫ কেজি বিনামূলীয়া খাদ্য শস্য লাভ কৰিছে। কিন্তু সত্যক অস্বীকাৰ কৰাৰ বাবে আৰু ৰেড টেৰ’ৰৰ ছাঁৰ বাবে তাত উন্নয়নে ঢাপলি মেলিব পৰা নাছিল বাবে বাষ্টাৰৰ জনসাধাৰণ উন্নয়নৰ পৰা  বাদ পৰি ৰৈছিল। শ্ৰী শ্বাহে কৈছিল যে ৰেড টেৰ’ৰ কাৰণ উন্নয়ন নাছিল; বৰঞ্চ ইয়াৰ বাবে তাত উন্নয়ন হ’ব পৰা নাছিল। কিন্তু আজি ৰঙা আতংকৰ ছাঁ আঁতৰি গৈছে, আৰু বাষ্টাৰৰ বিকাশ হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে এইখন নৰেন্দ্ৰ মোদী জীৰ চৰকাৰ, যিয়েই অস্ত্ৰ তুলি ল’ব তাৰ বিষম পৰিণামৰ সন্মুখীন হ’ব লাগিব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ সংবেদনশীল আৰু সকলো সমস্যাৰ কথা শুনি সমাধান কৰিব বিচাৰে। তেওঁ কয় যে চৰকাৰে আঁচনি কৰিছে, কিন্তু বাওঁপন্থী উগ্ৰপন্থী আৰু তেওঁলোকৰ সমৰ্থকসকলে সেইবোৰ কাৰ্যকৰী হ’বলৈ নিদিয়ে, কাৰণ তেওঁলোকে বিচাৰে যে তেওঁলোকৰ মতাদৰ্শ — অৰ্থাৎ তেওঁলোকৰ অবৈধ শাসন — তাতেই চলি থাকিব। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো মূল বিৰোধী দলে ৬০ বছৰ দেশত শাসন চলাইছিল, তথাপিও কেনেকৈ জনজাতিসকল উন্নয়নৰ পৰা বঞ্চিত হৈ থাকিল? তেওঁ লগতে কয় যে এতিয়া নৰেন্দ্ৰ মোডী জীয়েই উন্নয়ন আনিছে। তেওঁ কয় যে বিৰোধী দলে বিশ্লেষণ  কৰি চাব লাগে প্ৰকৃততে কোন দোষী।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড়, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, বংগ, কেৰালা, কৰ্ণাটকৰ কিছু অংশ, আৰু উত্তৰ প্ৰদেশৰ ৩খন জিলাকে ধৰি ১২খন ৰাজ্যত সম্পূৰ্ণ ৰেড কৰিডৰ সৃষ্টি কৰা হৈছে। এই অঞ্চলসমূহত ১২ কোটি লোকে বছৰ বছৰ ধৰি দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছিল আৰু ২০ হাজাৰ যুৱকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰ বাবে কোন দায়ী। তেওঁ কয় যে নক্সালবাদৰ মূল কাৰণ উন্নয়নৰ দাবী নহয়, বৰঞ্চ এটা মতাদৰ্শ। নক্সালবাদৰ মূল কাৰণ উন্নয়নৰ অভাৱ নহয় , বাওঁপন্থী মতাদৰ্শহে, যিটো ১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ তেতিয়াৰ শাসকীয় দলৰ নেতাই মানি লৈছিল।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে সমগ্ৰ দেশৰ আগত মুকলিকৈ স্বীকাৰ কৰিছিল যে কাশ্মীৰ আৰু উত্তৰ-পূবৰ তুলনাত দেশৰ  সন্মুখত থকা আভ্যন্তৰীণ সুৰক্ষাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে সশস্ত্ৰ মাওবাদী। তেওঁ কয় যে ২০১৪ চনত এটা পৰিৱৰ্তন ঘটিছিল, আৰু প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত দীৰ্ঘদিনীয়া কেইবাটাও সমস্যা সমাধান হৈছে। ৩৭০ আৰু ৩৫এ অনুচ্ছেদ আঁতৰাই দিয়া হৈছে, ৰাম জন্মভূমিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে, জি এছ টি বাস্তৱত পৰিণত হৈছে, নাগৰিকত্ব সংশোধনী আইন (CAA) প্ৰণয়ন কৰা হৈছে, আৰু বিধায়িনী সংস্থাত মহিলাসকলৰ বাবে ৩৩% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ সময়ৰ পৰাই এই দেশৰ জনসাধাৰণে আকাংক্ষা কৰি অহা সকলো ডাঙৰ কাম নৰেন্দ্ৰ মোদী জীৰ চৰকাৰৰ ১২ বছৰত সম্পন্ন হৈছে। আৰু এতিয়া নৰেন্দ্ৰ মোদী জীৰ শাসনত নক্সালবাদমুক্ত ভাৰতৰ সৃষ্টি হ’ব। শ্ৰী শ্বাহে কয় যে বিগত ১২ বছৰ দেশৰ বাবে অতি শুভ বুলি প্ৰমাণিত হৈছে। এই ১২ বছৰত দেশখনক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে, যুৱক-যুৱতীসকলৰ বাবে নতুন শিক্ষা ব্যৱস্থা অনাৰ বাবে, আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে, দেশৰ মূল মূল্যবোধৰ সৈতে জড়িত নোহোৱা নীতিসমূহ আঁতৰাই ৰখাৰ বাবে বহু কাম কৰা হৈছে। তেওঁ কয় যে যদি কোনোবাই অতি ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ চায়, তেন্তে কোনো সংকোচ নোহোৱাকৈ নক্সালবাদমুক্ত ভাৰতে শীৰ্ষত স্থান লাভ কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দেশত গঢ় লৈ উঠা নক্সালবাদমুক্ত ভাৰতবৰ্ষৰ বৃহৎ উন্নয়নৰ কৃতিত্ব সম্পূৰ্ণৰূপে আমাৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, বিশেষকৈ কোব্ৰা আৰু চি আৰ পি এফৰ জোৱান, ৰাজ্যিক আৰক্ষী — বিশেষকৈ ছত্তীশগড় ৰাজ্যিক আৰক্ষী আৰু ডি আৰ জিৰ জোৱান — আৰু স্থানীয় জনজাতীয় লোকৰ হাতলৈ যায়। বাওঁপন্থী উগ্ৰবাদ নিৰ্মূলৰ ক্ষেত্ৰতো জনসাধাৰণে উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলিও তেওঁ কয়।

শ্ৰী অমিত শ্বাহে কয় যে এই মতাদৰ্শৰ উন্নয়ন বা উন্নয়নৰ দাবীৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে এই মতাদৰ্শ কি? মাওবাদী মতাদৰ্শ কি? তেওঁলোকৰ পথ প্ৰদৰ্শক শ্লোগান কি? তেওঁলোকৰ পথ প্ৰদৰ্শক শ্লোগান হৈছে “বন্দুকৰ নলীৰ পৰা শক্তি নিৰ্গত হয়।” তেওঁ কয় যে এই লোকসকলে উন্নয়নৰ বাবে নহয়, বৰঞ্চ নিজৰ মতাদৰ্শৰ অস্তিত্ব আৰু বিজয়ৰ বাবে, আৰু নিৰীহ জনজাতীয় লোকৰ মাজত নিজৰ মতাদৰ্শ বিয়পাই ক্ষমতা দখল কৰিবলৈ যুঁজিছে। গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ কোনো বিশ্বাস নাই। তেওঁ কয় যে একাংশ লোকে শ্বহীদ ভগত সিং আৰু ভগৱান বীৰছা মুণ্ডাৰ লগত তুলনা কৰাৰ পৰিসৰলৈ গৈছে। শ্বহীদ ভগত সিং আৰু ভগৱান বীৰছা মুণ্ডা — যিসকলে ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল — সংবিধান উলংঘা কৰা, অস্ত্ৰ তুলি লোৱা আৰু নিৰীহ লোকক হত্যা কৰাসকলৰ লগত তুলনা কৰিছেনে? তেওঁ কয় যে এই মতাদৰ্শই বিশ্বাস কৰে যে দীৰ্ঘদিনীয়া যুদ্ধইহে তেওঁলোকৰ মতাদৰ্শ বিয়পাব পাৰে। নিজৰ মানুহৰ তেজ বোৱাবলৈয়ো তেওঁলোকৰ কোনো সংকোচ নাই। এই মতাদৰ্শৰ সমৰ্থকসকলে ভগৱান বীৰছা মুণ্ডা, শ্বহীদ ভগত সিং বা সুভাষ চন্দ্ৰ বসুক নিজৰ আদৰ্শ হিচাপে লোৱা নাই, বৰঞ্চ মাওক আদৰ্শ হিচাপে বাছি লৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰাকীয়ে  কয় যে সত্যটো হ’ল তেওঁলোকে ইচ্ছাকৃতভাৱে সমগ্ৰ ৰেড কৰিডৰটো বাছি লৈছিল কাৰণ তাত ৰাজ্যৰ স্থিতি  দুৰ্বল আছিল। নিৰীহ আদিবাসীক বিপথে পৰিচালিত কৰি তেওঁলোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ তুলি দিয়া হৈছিল। তেওঁ কয় যে ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগৰে পৰা ভগৱান বীৰছা মুণ্ডা, তিলকামাঞ্জী, ৰাণী দুৰ্গাৱতী আৰু মুৰ্মু ভাইসকলক নিজৰ নায়ক বুলি গণ্য কৰা আদিবাসীসকলে — ১৯৭০ চন আহি পোৱাৰ সময়লৈকে সেই একেবোৰ জনজাতীয় লোকে কেনেকৈ মাওক নিজৰ নায়ক বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিলে? শ্ৰী শ্বাহে কয় যে উন্নয়ন বা অন্যায়ৰ বাবে নহয়, কঠিন ভৌগলিক পৰিবেশ  আৰু ৰাষ্ট্ৰৰ অনুপস্থিতিৰ বাবেই বাওঁপন্থীসকলে নিজৰ মতাদৰ্শ প্ৰচাৰৰ বাবে এই অঞ্চলটো বাছি লৈ নিৰীহ জনজাতীয়সকলক বিপথে পৰিচালিত কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কয় যে বাওঁপন্থী উগ্ৰপন্থীসকলে বছৰ বছৰ ধৰি সেই অঞ্চলত উন্নয়ন হ’বলৈ নিদিলে, কিন্তু এতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ শাসনত তাত উন্নয়নে ঘৰে ঘৰে গৈ আছে। গৃহমন্ত্ৰীয়ে কয় যে দৰিদ্ৰতাৰ বাবেই নক্সালবাদ বিয়পি পৰা নাছিল; বৰঞ্চ নক্সালবাদৰ বাবেই সমগ্ৰ অঞ্চলটোত বছৰ বছৰ ধৰি দৰিদ্ৰতা থাকিল। তেওঁ কয় যে নক্সালবাদৰ শিপা দৰিদ্ৰতা আৰু উন্নয়নৰ অভাৱৰ সৈতে জড়িত নহয়, বৰঞ্চ মতাদৰ্শগত।

শ্ৰী অমিত শ্বাহে কয় যে নক্সালবাৰীত সাক্ষৰতাৰ হাৰ ৩২%, বস্তৰত ২৩%, বিহাৰৰ সহাৰছাত ৩৩%, উত্তৰ প্ৰদেশৰ বলিয়াত ৩১%। একেদৰে নক্সালবাৰীত জনমূৰি আয় আছিল ৫০০ টকা, বস্তৰত ১৯০ চকা, ছাহৰছাত ২৯৯ টকা, আৰু বালিয়াত ৩৭৪ টকা। তেওঁ কয় যে চাৰিওটা অঞ্চলৰ জনমূৰি আয় কম বেছি পৰিমাণে একে, তথাপিও বাওঁপন্থী উগ্ৰবাদ নক্সালবাৰী আৰু বাষ্টাৰত বিকশিত হৈছিল, কিন্তু ছাহাৰছা আৰু বালিয়াত নহয়। এনে হৈছিল , কাৰণ ছাহৰছা আৰু বালিয়াৰ ভূগোল তেওঁলোকৰ অনুকূল নাছিল। লুকাই থাকিবলৈ ঘন অৰণ্য, নদী-নৈ, বা পাহাৰ নাছিল।অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াৰ, তেওঁলোকৰ আন্দোলন চলোৱা, জনজাতীয়সকলক দমন কৰা, বা তেওঁলোকৰ মতাদৰ্শৰ সৈতে বলপূৰ্বকভাৱে সংযোগ কৰাৰ কোনো অনুকূল চৰ্ত নাছিল।তেওঁ কয় যে যদি উন্নয়নৰ মাপকাঠী হয়, যদিহে জনমূৰি আয়ৰ মাপকাঠী হয়, তেন্তে দেশৰ এনে বহু অংশ আছিল য'ত ১৯৭০ চনত উন্নয়নে ঢুকি পোৱা নাছিল, কিন্তু নক্সালবাদ কিয় নহ'ল তাত বিয়পি পৰিছেনে?

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এইখন ভয় খোৱা চৰকাৰ নহয়, সকলোকে ন্যায় প্ৰদান কৰা চৰকাৰ। তেওঁ কয় যে নক্সালবাৰী আৰু বংগৰ পৰাই নক্সালবাদী আন্দোলন সত্তৰৰ দশকত আৰম্ভ হৈছিল। ১৯৭১ চনৰ একক বছৰত তাত ৩,৬২০টা হিংসাৰ ঘটনা সংঘটিত হৈছিল। ১৯৮০ চনৰ ভিতৰত পিপলছ ৱাৰ গ্ৰুপ গঠন হয় আৰু এই আন্দোলন মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ওড়িশালৈ বিয়পি পৰে। নব্বৈৰ দশকত বাওঁপন্থী মতাদৰ্শ সংকুচিত হ’বলৈ ধৰিলে আৰু উগ্ৰপন্থী গোট আৰু বাওঁপন্থী দলৰ মাজত একত্ৰীকৰণ আৰম্ভ হ’ল। ২০০৪ চনত দুটা ডাঙৰ গোট একত্ৰিত হৈ চি পি আই (মাওবাদী) গঠন কৰে। ১৯৭০ চনৰ পৰা ২০০৪ চনলৈ চাৰি বছৰৰ বাহিৰে সমগ্ৰ সময়ছোৱা মূল বিৰোধী দলৰ শাসনৰ অধীনত আছিল।

শ্ৰী অমিত শ্বাহে কয় যে এই সময়ছোৱাতে নক্সালবাৰীৰ পৰা আৰম্ভ হোৱা আন্দোলন ১২খন ৰাজ্যলৈ বিয়পি পৰিছিল, দেশৰ ১৭% ভূমি আৰু ১০%তকৈ অধিক জনসংখ্যা সামৰি লৈছিল। তেওঁ কয় যে ক্ষমতাত থকাসকলৰ সমৰ্থন অবিহনে দেশৰ ঠিক মাজভাগতে তিৰুপতিৰ পৰা পশুপতিনাথলৈকে ৰেড কৰিডৰ সৃষ্টি কৰাটো অসম্ভৱ হ’লহেঁতেন। তেওঁ কয় যে যিবোৰ অস্ত্ৰ জব্দ কৰা হৈছে তাৰ ভিতৰত ৯২% অস্ত্ৰ আৰক্ষীৰ পৰা লুটপাত কৰা হৈছে। থানা আক্ৰমণ আৰু  লুটপাত কৰা হৈছিল, আৰু সেইবোৰৰ সহায়ত নিৰীহ জোৱান, শিশু, কৃষকক হত্যা কৰা হৈছিল। বাওঁপন্থী মতাদৰ্শই অপপ্ৰচাৰৰ জৰিয়তে এই কথা প্ৰচাৰ কৰিছিল যেন ই এক মোহ — অন্যায়ৰ পৰা হাত সাৰিবলৈ অস্ত্ৰ তুলি লোৱা হৈছে , যাতে তেওঁলোকৰ মতাদৰ্শক টিকিয়াই ৰাখিব পাৰি।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰৰ মৌলিক নীতি হ’ল যিকোনো সমস্যা অস্ত্ৰৰ জৰিয়তে নহয়, আলোচনাৰ জৰিয়তে সমাধান কৰিব পৰা যায়। তেওঁ কয় যে নক্সালবাদীয়ে এই দেশত এক শূন্যতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল — ৰাজ্যৰ শূন্যতা, সকলো ব্যৱস্থা ধ্বংস কৰি শাসন ব্যৱস্থাৰ শূন্যতা, সংবিধানৰ ওপৰত বিশ্বাসৰ অন্ত পেলাই সংবিধানৰ শূন্যতা, আৰক্ষী থানা জ্বলাই নিৰাপত্তাৰ শূন্যতা। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে হিংসাত লিপ্ত হোৱা মাওবাদী আৰু নক্সালবাদীৰ দিন এতিয়া শেষ হৈছে, আৰু মোদী  চৰকাৰৰ দিনত এই কাম বেছি দিনলৈ চলি নাথাকিব।

শ্ৰী অমিত শ্বাহে কয় যে আমি মাওবাদী উগ্ৰপন্থীক অন্যায়ৰ বিৰুদ্ধে অস্ত্ৰ লৈ যুদ্ধ কৰা মানুহ বুলি গণ্য কৰাৰ ভুল কৰা উচিত নহয়, কাৰণ বাওঁপন্থী মতাদৰ্শই নিজৰ ভিত্তি হেৰুৱাই পেলাইছে। সেইবাবেই সকলো বাওঁপন্থীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বিভিন্ন তত্ত্ব উদ্ভাৱনত ব্যস্ত। তেওঁলোকৰ একমাত্ৰ এজেণ্ডা হৈছে দেশত অৰাজকতাৰ  সৃষ্টি কৰা। তেওঁলোকৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ, শাসন ব্যৱস্থা, সংবিধান, আৰু নিৰাপত্তাত অৰাজকতা সৃষ্টি কৰা আৰু তাৰ পিছত ৰক্তপাত কৰা , কিন্তু এয়া আৰু সফল নহ’ব। শ্ৰী শ্বাহে কয় যে নক্সালবাদীয়ে বহু নিৰীহ গাঁওবাসীক “শত্ৰু তথ্যদাতা” বুলি লেবেল লগাই ফাঁচী দিছে। তেওঁলোকে “পিপলছ কোৰ্ট”ৰ নামত প্ৰহসন মঞ্চস্থ কৰিছে, য’ত কোনো উকীল নাই, কোনো ন্যায়াধীশ নাই — তেওঁলোকে নিজেই ন্যায়াধীশ হিচাপে বহি নিজেই ৰায়দান কৰে, আৰু মানুহক নিজেই ফাঁচী দিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে নক্সালবাদীয়ে ‘ৰাইজৰ চৰকাৰ’ৰ নামত ভুৱা আখ্যান সৃষ্টি কৰিছিল, আৰু উন্নয়নৰ আঁচনি বন্ধ কৰাৰ কাম কৰিছিল। তেওঁলোকৰ লক্ষ্য আছিল সংবিধান আৰু ন্যায় ব্যৱস্থাক লক্ষ্য কৰি সংবিধানত অৰাজকতাৰ  সৃষ্টি কৰা। যিসকলে এতিয়া “তেওঁলোকৰ লগত কথা পাতক” বুলি কৈছে তেওঁলোকে জনা উচিত যে মই বাষ্টাৰলৈ গৈ ৰাজহুৱা মঞ্চত ৫০ বাৰতকৈও অধিক কৈছো যে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিব  লাগে আৰু চৰকাৰে তেওঁলোকৰ পুনৰ্বাসনৰ সম্পূৰ্ণ ব্যৱস্থা কৰিব। তেওঁ কয় যে আমাৰ চৰকাৰৰ নীতি স্পষ্ট - অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাসকলৰ সৈতেহে আলোচনা হয়, কিন্তু গুলীচালনা কৰাসকলৰ উত্তৰ গুলীৰে দিয়া হয়।

শ্ৰী অমিত শ্বাহে কয় যে ছোভিয়েট ইউনিয়নত কমিউনিষ্ট চৰকাৰ গঠন হোৱাৰ লগে লগে ১৯২৫ চনত ইয়াত চি পি আই প্ৰতিষ্ঠা হৈছিল।ছোভিয়েট ইউনিয়নত কমিউনিষ্ট চৰকাৰ গঠন হৈছিল আৰু একে সময়তে ইয়াত চি পি আই প্ৰতিষ্ঠা হৈছিল। দুয়োৰে মাজত কিবা সম্পৰ্ক আছে নেকি? সমগ্ৰ বিশ্বতে কমিউনিষ্ট দল গঠনত ছোভিয়েট চৰকাৰে পৃষ্ঠপোষকতা আৰু সহায় কৰিছিল। এতিয়া যি দলৰ ভেটি নিজেই আন এখন দেশৰ পৰা অনুপ্ৰাণিত হৈছিল, সেই দলে কেতিয়াবা আমাৰ জাতিৰ মংগলৰ কথা কেনেকৈ ভাবিব পাৰে? আনকি এই লোকসকলে ইংৰাজকো সমৰ্থন কৰিছিল। ১৯৬৪ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) গঠন হয়। চিপিআই(এম) কিয় সৃষ্টি হ’ল সেয়া বুজি পোৱাটো গুৰুত্বপূৰ্ণ। যেতিয়া চিপিআই ইতিমধ্যে আছিল, তেতিয়া চিপিআই(এম) কিয় গঠন হ’ল? ১৯৬৪ চনত ছোভিয়েট ৰাছিয়া আৰু চীনৰ মাজত বিবাদৰ সৃষ্টি হয়। ফলত কমিউনিষ্ট দেশ দুটাত দুখন ভিন্ন মতাদৰ্শগত কমিউনিষ্ট চৰকাৰৰ সৃষ্টি হয়। বিভিন্ন মতাদৰ্শৰ এই চৰকাৰবোৰ গঠন হোৱাৰ লগে লগে ইয়াত চীন সমৰ্থিত এটা দল — চিপিআই (মাৰ্ক্সবাদী) — সৃষ্টি হ’ল। ইয়াৰ পিছত ১৯৬৯ চনত সংসদীয় ৰাজনীতিৰ বিৰোধিতা কৰিবলৈ চি পি আই (এম এল) গঠন কৰা হয়। ইয়াৰ উদ্দেশ্য উন্নয়নৰ বাবে অৰাজকতাৰ সৃষ্টি কৰা বা অধিকাৰ সুৰক্ষিত কৰা নাছিল। ইয়াৰ সংবিধানত উল্লেখিত উদ্দেশ্য আছিল সংসদীয় ৰাজনীতিৰ বিৰোধিতা কৰা আৰু সশস্ত্ৰ বিপ্লৱ চলোৱা।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে দুটা উদ্দেশ্যৰে চিপিআই (মাৰ্ক্সবাদী) গঠন কৰিছিল — সশস্ত্ৰ বিপ্লৱ আৰু সংসদীয় ৰাজনীতিৰ বিৰোধিতা — আৰু এই একেই লোকসকলেই আজিৰ মাওবাদী। ইয়াৰ পিছত ১৯৭৫ চনত কংগ্ৰেছৰ পৰা সমৰ্থন পোৱাৰ লগে লগে এম চি চি (মাওবাদী কমিউনিষ্ট চেণ্টাৰ) গঠন হয় আৰু বিহাৰ আৰু ঝাৰখণ্ডত কেন্দ্ৰীয় দলত পৰিণত হয়। তাৰ পিছত ১৯৮০ চনত পি ডব্লিউ জি (People’s War Group) গঠন কৰা হয়, যিটো অন্ধ্ৰকেন্দ্ৰিক আছিল। ১৯৮২ চনত দলিত-কিষাণ কেন্দ্ৰীয় সশস্ত্ৰ সংগ্ৰামৰ উদ্দেশ্যে বিহাৰত চি পি আই (এম এল) পাৰ্টি ঐক্য গঠন হয়। ১৯৯৮ চনত পিপলছ ৱাৰ গ্ৰুপ গঠন হয় আৰু ইয়াৰ অধীনত মাওবাদীসকল একত্ৰিত হয়। এই সকলোবোৰ কৰাৰ পিছতো তেওঁলোক সফল নহ’ল। ২০০০ চনত পিএলজিএ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মি) গঠন কৰা হয় আৰু গেৰিলা বাহিনী গঠন কৰা হয়। ২০০৪ চনত পি ডব্লিউ জি আৰু এম চি চি একত্ৰিত হয়। ২০১৪ চনত মোডীজী ক্ষমতালৈ আহিছিল আৰু ২০২৬ চনলৈকে সকলোৰে অন্ত পৰিল।

এয়া ১৯২৫ চনৰ পৰা ২০২৬ চনলৈকে তেওঁলোকৰ ১০১ বছৰীয়া ইতিহাস।এই ইতিহাসক অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম বুলি কৈ ইয়াক মহিমামণ্ডিত নকৰিব। এই লোকসকলে ভোটৰ সলনি গুলীৰ জৰিয়তে ক্ষমতা দখল কৰিব বিচাৰে। কিছুমান মানুহে আলোচনাৰ শক্তি বুজি নাপায়। এনে ক্ষেত্ৰত নিৰীহ নাগৰিকক তেওঁলোকৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ বল প্ৰয়োগ কৰিবলগীয়া হয়। এনেদৰে  আমাৰ দলৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদী জীয়ে প্ৰতিজন নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিছে। যিয়ে নাগৰিকৰ বিৰুদ্ধে অন্যায় কৰে - বুজিলে ঠিকেই আছে; অন্যথা এই শক্তিটো এই উদ্দেশ্যৰ বাবেই সৃষ্টি কৰা হৈছে। ইয়াক দমন কৰা হ’ব, ফলাফল আহিব, আৰু আজি ইতিমধ্যে ফলাফল আহিবলৈ আৰম্ভ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে নগৰীয়া  নক্সালসকলে কয় যে আমি অস্ত্ৰ লৈ ঘূৰি ফুৰা মাওবাদীসকলৰ সৈতে আলোচনা কৰিব লাগে , কাৰণ তেওঁলোকে অন্যায়ৰ বাবে যুঁজি আছে, তেওঁলোকক হত্যা কৰিব নালাগে, তেওঁলোকৰ প্ৰতি সহানুভূতি থাকিব লাগে। তেওঁ কয় যে এজনো বুদ্ধিজীৱীয়ে বিশেষভাৱে সক্ষম হৈ পৰা কৃষকৰ বাবে, শ্বহীদ হোৱা নিৰাপত্তাৰক্ষীৰ ৫ হাজাৰৰো অধিক জোৱানৰ বাবে, তেওঁলোকৰ বিধৱাসকলৰ বাবে বা তেওঁলোকৰ অনাথ সন্তানৰ বাবে লিখা নাই। তেওঁ কয় যে তেওঁলোকৰ মানৱতা কেৱল সংবিধান উলংঘা কৰি অস্ত্ৰ লৈ ঘূৰি ফুৰাসকলৰ বাবেহে। তেওঁলোকৰ অস্ত্ৰৰে হত্যা কৰা নাগৰিকৰ প্ৰতি তেওঁলোকৰ কোনো মানৱতা নাই। মানৱতাৰ এই দ্বৈত চৰিত্ৰ আমি মানি ল’ব নোৱাৰো। এই মানুহবোৰ মানৱীয় নহয়; তেওঁলোক নক্সালবাদীৰ সমৰ্থক। এই লোকসকলে দুখীয়াৰ হাতত অস্ত্ৰ-শস্ত্ৰ দি নিজৰ মতাদৰ্শ বিয়পাব বিচাৰে, কিন্তু তেওঁলোকৰ দিনো এতিয়া শেষ হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ২০০৫ চনত চৰকাৰ সমৰ্থিত জন আন্দোলন হিচাপে আৰম্ভ হৈছিল ছালৱা জুডুম। জনজাতীয় যুৱক-যুৱতীক বিশেষ আৰক্ষী বিষয়া (SPO) কৰি সন্ত্ৰাস বিয়পোৱাসকলৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল। ছালৱা জুডুমৰ আৰম্ভণি কৰিছিল শ্ৰী কৰ্মই, যাক পিছলৈ নক্সালবাদীয়ে হত্যা কৰিছিল। ২০১১ চনৰ ৫ জুলাইত নন্দিনী সুন্দৰ আৰু অন্যান্যই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। ন্যায়াধীশ সুদৰ্শন ৰেড্ডীৰ অধীনত উচ্চতম ন্যায়ালয়ে নক্সালবাদীৰ বিৰুদ্ধে ৰাজ্যৰ এই যুঁজখন অবৈধ বুলি ৰায় দি লগে লগে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে। ফলত তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ ঘূৰাই লোৱা হ’ল, আৰু নক্সালবাদীসকলে নিৰ্বাচিতভাৱে ছালৱা জুডুমৰ সৈতে জড়িত লোকসকলক হত্যা কৰে। আৰু একেজন ন্যায়াধীশ সুদৰ্শন ৰেড্ডী পিছলৈ উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধীৰ প্ৰাৰ্থী হৈছিল। দেশৰ আইন-শৃংখলাক সন্মান কৰাসকলে সুদৰ্শন ৰেড্ডীক কেতিয়াও নিজৰ প্ৰাৰ্থী কৰি তুলিব নোৱাৰে। তেওঁ কয় যে যদি কোনো ব্যক্তিয়ে ন্যায়াধীশ হিচাপে কাম কৰি থকাৰ সময়ত নিজৰ ব্যক্তিগত মতাদৰ্শ ব্যৱহাৰ কৰে, সাংবিধানিক চোলা পিন্ধে, নিজৰ মতাদৰ্শক এটা আদেশলৈ ৰূপান্তৰিত কৰে, আৰু এনে এটা ৰায় দিয়ে যাৰ ফলত হাজাৰ হাজাৰ নিৰীহ জনজাতীয় লোকৰ মৃত্যু হয়, তেন্তে আমি এই ৰায়ক তীব্ৰভাৱে গৰিহণা দিওঁ। মতাদৰ্শক জনসাধাৰণৰ কল্যাণৰ ওপৰত স্থান দিব নোৱাৰি।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত ২০১৪ চনৰ পৰা নক্সালবাদ প্ৰভাৱান্বিত  অঞ্চলত ১৭,৫৮৯ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে, ইয়াৰে ১২,০০০ কিলোমিটাৰ পথ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। উন্নয়ন হৈছে কাৰণ নক্সালবাদ ক্ৰমান্বয়ে নিৰ্মূল হৈ আছে। আমি ৬,০০০ কোটি টকা ব্যয় কৰি প্ৰায় ৫,০০০ টা মোবাইল টাৱাৰ স্থাপন কৰিছো। নৰেন্দ্ৰ মোদী জীয়ে আন দুখন আঁচনিৰ অধীনত ৮ হাজাৰ ৪জি টাৱাৰ স্থাপনৰ সিদ্ধান্তও লৈছে। যোৱা ১২ বছৰত ১৮০৪টা বেংকৰ শাখা মুকলি কৰা হৈছে, ১,৩২১টা এটিএম স্থাপন কৰা হৈছে, ৩৭,৮৫০গৰাকী বেংকিং প্ৰতিনিধি  নিযুক্তি দিয়া হৈছে, আৰু ৬,০২৫টা ডাকঘৰ মুকলি কৰা হৈছে। এই সকলোবোৰ মাত্ৰ ১২ বছৰত ঘটিছে। আমি মাওবাদীৰ লগত আলোচনা কৰা নাছিলো; আমি সেইবোৰ নিৰ্মূল কৰি উন্নয়নক আগুৱাই লৈ গ’লোঁ৷ আমি ২৫৯ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণ কৰিছো। ইয়াৰ লগতে ৪৬খন  আই টি আই, ৪৯টা দক্ষতা বিকাশ কেন্দ্ৰ আৰু ১৬টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই সকলোবোৰৰ বাবে আমি যোৱা ১২ বছৰত প্ৰায় ৮০০ কোটি টকা খৰচ কৰিছো। নাগৰিক কাৰ্যসূচীৰ অধীনত ২১২ কোটি টকাৰ কাম কৰা হৈছে, স্বাস্থ্য শিবিৰ আৰু ঔষধৰ সৈতে জড়িত। আমি জনজাতীয় যুৱ বিনিময়ৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰিছো। নিৰাপত্তাৰ বাবে আমি এছআৰই (Security Related Expenditure) আঁচনি প্ৰৱৰ্তন কৰিলোঁ, যাৰ অধীনত ১০ বছৰত ৰাজ্যসমূহক ৩,০০০ কোটি টকা প্ৰদান কৰা হৈছে। আমি বিশেষ আন্তঃগাঁথনি আঁচনিও আনি তাৰ অধীনত ৫০০০ কোটি টকা যোগান ধৰিলোঁ। তেওঁ সুধিলে যে ১৯৭০ চনৰ পৰা এতিয়ালৈকে এই সকলোবোৰ কিয় নহ’ল? পূৰ্বৰ চৰকাৰে যেতিয়াই কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই সেই লোকসকলে বিস্ফোৰণ ঘটাই  হত্যা কৰিছিল। বিস্ফোৰণ সংঘটিত কৰাসকলক আমি নিৰ্মূল কৰিলোঁ, আৰু এতিয়া উন্নয়ন চলি আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰকীয়ে  কয় যে ২০১৪ চনৰ পৰা এই কামৰ লগত স্পষ্ট নীতি আৰু শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি সংলগ্ন হৈ আছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীজীয়ে একেবাৰে স্পষ্টকৈ কৈছে যে দেশৰ কোনো প্ৰান্তত - সেয়া কাশ্মীৰেই হওক, উত্তৰ-পূৰ্বাঞ্চলতেই হওক, বা বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱান্বিত  অঞ্চলতেই হওক - কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সহ্য কৰা নহ'ব আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সম্পূৰ্ণ মিলন ঘটিছে। আমি ৰাজ্যসমূহৰ শাসন ব্যৱস্থা, চৰকাৰী কাম-কাজ, আৰু পুলিচিঙৰ ক্ষেত্ৰত সামৰ্থ্য উন্নত কৰিছো। চিএপিএফ আৰু ৰাজ্যিক আৰক্ষীৰ মাজত সমন্বয় বৃদ্ধি কৰা হৈছে। কাৰ্য্যকৰী চোৰাংচোৱা তথ্য ভূমি পৰ্যায়লৈকে বিয়পি পৰাৰ বাবে এটা ব্যৱস্থা স্থাপন কৰা হৈছে আৰু দায়িত্বসমূহ স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হৈছে। আমি এটা অল-এজেন্সি এপ্ৰ’চ আৰম্ভ কৰিলোঁ আৰু কেৱল অস্ত্ৰ-শস্ত্ৰতেই নহয়, এন আই এ, ই ডি, চোৰাংচোৱা সংস্থাকে ধৰি সমগ্ৰ নেটৱৰ্কটোৰ লগতে তেওঁলোকৰ পুঁজি আৰু সহায়ক ব্যৱস্থাতো আঘাত কৰিলোঁ। আমি এক ফলপ্ৰসূ আত্মসমৰ্পণ নীতি প্ৰৱৰ্তন কৰিলোঁ। উন্নয়ন আৰু শাসন ব্যৱস্থাত আমি কোনো শূন্যতা নাৰাখিলোঁ। আগতে য'ত ৰাজ্যৰ কোনো উপস্থিতি নাছিল, আজি ৰাজ্য উপস্থিত। নক্সালবাদৰ পৰাজয়ৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ৰাজ্যখন এতিয়া প্ৰতিখন গাঁৱত গৈ তাত পঞ্চায়ত গঠন হৈছে। উন্নয়নৰ বাবে আমি সামগ্ৰীক চৰকাৰ  পদ্ধতি গ্ৰহণ কৰিলোঁ, আৰু নিৰাপত্তাৰ ফান্দ শক্তিশালী কৰাৰ বাবে আমি সামগ্ৰীক এজেন্সী পদ্ধতি গ্ৰহণ কৰিলোঁ।

শ্ৰী অমিত শ্বাহে কয় যে তেওঁ তিনিটা গুৰুত্বপূৰ্ণ তাৰিখ উল্লেখ কৰিব বিচাৰিছে - ২০ আগষ্ট ২০১৯, ২৪ আগষ্ট ২০২৪ আৰু কাইলৈ, ৩১ মাৰ্চ ২০২৬।২০১৯ চনৰ ২০ আগষ্টত গৃহ মন্ত্ৰালয়ত এখন বৈঠক অনুষ্ঠিত হয় য'ত সমগ্ৰ আৰক্ষী সমন্বয়, আধুনিকীকৰণ, অৱসৰপ্ৰাপ্ত নক্সালবাদীসকলক আৰক্ষী বাহিনীত প্ৰৱেশ, আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে তেওঁলোকৰ সমন্বয় - এই সকলোবোৰ ২০ আগষ্টত গ্ৰহণ কৰা হৈছিল। সেই সময়ত ছত্তীশগড়ত বিৰোধী দলৰ চৰকাৰ আছিল যিয়ে সহযোগ কৰা নাছিল। ইতিমধ্যে ২০২৪ চনৰ আগতেই বিহাৰ নক্সালবাদমুক্ত হৈ পৰিছিল।এটা তহচিলৰ বাহিৰে ২০২৪ চনৰ আগতে মহাৰাষ্ট্ৰ নক্সালবাদমুক্ত হৈ পৰিছিল। ২০২৪ চনৰ আগতে ওড়িশা নক্সালবাদমুক্ত হৈ পৰিছিল।এখন জিলাৰ বাহিৰে ২০২৪ চনৰ আগতে ঝাৰখণ্ড নক্সালবাদমুক্ত হৈ পৰিছিল। কেৱল ছত্তীশগড়হে বাকী আছিল কাৰণ তাত বিৰোধী দলৰ চৰকাৰে নক্সালবাদীক সুৰক্ষা দি আহিছিল৷ ২০২৪ চনৰ জানুৱাৰী মাহত ছত্তীশগড়ত আমাৰ চৰকাৰ গঠন হৈছিল আৰু ঠিক পিছদিনাখনৰ পৰাই আমি সম্পূৰ্ণ সমৰ্থন আৰু আশ্বাস লাভ কৰিছিলো। যৌথ কৌশল প্ৰস্তুত কৰা হ’ল আৰু ২০২৪ চনৰ ২৪ আগষ্টত আমি ঘোষণা কৰিছিলোঁ যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত সমগ্ৰ দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ইয়াৰ পিছত আমি নিৰাপত্তা গ্ৰীড বৃদ্ধি কৰিলোঁ। প্ৰধানমন্ত্ৰী মোদীজীৰ ১১ বছৰত নিৰ্মাণ হৈছে ৫৯৬ খন দুৰ্গম স্থানৰ  থানা। ২০১৪ চনত ১২৬খন নক্সাল আক্ৰান্ত জিলাৰ সংখ্যা আজি মাত্ৰ দুখনলৈ হ্ৰাস পাইছে। ২০১৪ চনত ৩৫খন জিলাৰ সৰ্বাধিক আক্ৰান্ত জিলাৰ সংখ্যা এতিয়া শূন্য। নক্সালৰ ঘটনা লিপিবদ্ধ কৰা থানাৰ সংখ্যা আছিল ৩৫০টা, আজি ৬০টালৈ হ্ৰাস পাইছে। যোৱা ৬ বছৰত ৪০৬ টা নতুন চিএপিএফ  শিবিৰ স্থাপন কৰা হৈছে, ৬৮ টা নাইট লেণ্ডিং হেলিপেড নিৰ্মাণ কৰা হৈছে, আমাৰ জোৱানসকলক ৪০০ খন  বুলেট প্ৰুফ আৰু ব্লাষ্ট প্ৰুফ বাহনৰ ব্যৱস্থা কৰা হৈছে, আমাৰ জোৱানসকলৰ বাবে পাঁচখন চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, আৰু সমগ্ৰ যোগাযোগ ব্যৱস্থাটো শক্তিশালী কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে যদি আমি ২০২৪, ২০২৫ আৰু ২০২৬ চনৰ একত্ৰিত পৰিসংখ্যা চাওঁ তেন্তে এই তিনি বছৰত ২০২৬ চনৰ মাৰ্চ পৰ্যন্ত মুঠ ৭০৬ জন নক্সালবাদী এনকাউণ্টাৰত নিহত হৈছে। ২,২১৮জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৪,৮৩৯জনে আত্মসমৰ্পণ কৰিছে।তেওঁ কয় যে বিৰোধীয়ে আলোচনাৰ কথা কয়। শাসন ​​ব্যৱস্থাৰ পন্থা হ’ব লাগে যে কথা পাতিব বিচৰাসকলৰ লগত আলোচনা হ’ব লাগে, কিন্তু আমাৰ জোৱান, কৃষক, জনজাতীয় আৰু শিশুৰ ওপৰত গুলীচালনা কৰা সকলক গুলীৰে উত্তৰ দিব লাগিব। আমি তিনিওটাকে ব্যৱহাৰ কৰিছো — আলোচনা, নিৰাপত্তা আৰু সমন্বয়। আমি নিখুঁত চোৱাচিতাৰ বাবে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিছো আৰু বৃহৎ সংখ্যক টেলিফোন বিল বিশ্লেষণ কৰিছো।

গৃহ মন্ত্ৰালয়ে স্থান অনুসৰণ ব্যৱস্থা, মোবাইল ফোন কাৰ্যকলাপ, বৈজ্ঞানিক কল লগ, ছ’চিয়েল মিডিয়া বিশ্লেষণ, ফৰেনছিক আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ সহায়ৰ সহায়ত সমগ্ৰ অভিযানৰ নেতৃত্ব দিছিল। এই সফলতাৰে ড্ৰ’ন নিৰীক্ষণ, উপগ্ৰহৰ ব্যৱহাৰ, ইমেজিং প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক তথ্য বিশ্লেষণৰ জৰিয়তে লাভ কৰা হৈছে। বিহাৰত ২০২২ চনত বুঢ়া পাহাদ অঞ্চলত অপাৰেচন অক্টোপাছ চলোৱা হৈছিল।২০২২ চনৰ ৮ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ গুমলা, লোহাৰদাগা আৰু লাতেহাৰ জিলাত অপাৰেচন ডাবল বুল চলোৱা হৈছিল, তাৰ পিছত তিনিওখন জিলা নক্সালবাদৰ পৰা মুক্ত হৈছিল। ২০২২ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৩ ছেপ্টেম্বৰলৈ ঝাৰখণ্ডৰ শৰাইকেলা, পশ্চিম সিংভূম আৰু খুঁটি জিলাত অপাৰেচন থাণ্ডাৰষ্টৰ্ম চলোৱা হৈছিল। ২০২২ চনৰ জুন আৰু জুলাই মাহত মুংগেৰ জিলাত অভিযান চলাইছিল- ভীমবাৰ্গ।

২০২২ চনত বিহাৰৰ গয়া আৰু ঔৰংগাবাদ জিলাত চক্ৰবন্ধা অভিযান চলোৱা হৈছিল, আৰু এই সকলোবোৰ অঞ্চল নক্সালবাদৰ পৰা মুক্ত হৈছিল। তেলেংগানা-চত্তীশগড় সীমান্তত ৫০ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ৩৭ কিলোমিটাৰ বহল পাহাৰত অপাৰেচন ব্লেক ফৰেষ্ট চলোৱা হৈছিল। নক্সালবাদীসকলে তাত ৫ বছৰ ধৰি যুদ্ধ চলাই নিয়াৰ পৰিকল্পনাৰে  এটা স্থায়ী শিবিৰ স্থাপন কৰিছিল - য'ত আছিল অস্ত্ৰ-শস্ত্ৰ, সৌৰ লাইট, বৃহৎ সংখ্যক আই ই ডি নিৰ্মাণৰ কাৰখানা, আৰু ৫ বছৰ ধৰি মজুত ৰখা খাদ্য শস্য। ইয়াৰ উপৰি তাত ৪০০ৰ পৰা ৫০০ কেডাৰ গোট খাইছিল।

 

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৪৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পাহাৰৰ শিলবোৰ অত্যন্ত গৰম হৈ পৰিছিল। জোৱানসকলৰ দেহৰ পৰা ২ৰ পৰা ৩ লিটাৰ ঘাম ওলাইছিল, কিন্তু তেওঁলোকে অভিযোগৰ এটা শব্দও উচ্চাৰণ কৰা নাছিল। ২১ দিন অব্যাহত আছিল এই অভিযান। তাত ৩০ জনতকৈ অধিক মাওবাদী নিহত হোৱাৰ বিপৰীতে বাকীসকল হয় নামি অহাৰ লগে লগে আৰক্ষীৰ সৈতে হোৱা মুখামুখিত মৃত্যু হয় , নহয় আত্মসমৰ্পণ কৰে। আমি অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বোৰ জব্দ কৰিলোঁ। এই অভিযানৰ ফলত মহাৰাষ্ট্ৰ, ছত্তীশগড় (বাষ্টাৰ ) আৰু তেলেংগানাত মাওবাদী আন্দোলনৰ অন্ত পৰিল। শ্ৰী শ্বাহে কয় যে কোব্ৰা, চি আৰ পি এফ, ডি আৰ জি আৰু ছত্তীশগড় আৰক্ষীৰ জোৱানসকলে অমানৱীয় ধৈৰ্য্য আৰু সাহসেৰে নক্সালবাদীৰ দুৰ্গ ভাঙি পেলাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪ চনৰ আৰম্ভণিতে তেওঁলোকৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব গঠন কৰা কেন্দ্ৰীয় সমিতি আৰু পলিটব্যুৰোত মুঠ ২১ জন সদস্য আছিল। এজনক গ্ৰেপ্তাৰ কৰা হৈছে, সাতজনে আত্মসমৰ্পণ কৰিছে, ১২জনক হত্যা কৰা হৈছে, আৰু এজন পলাই আছে - তেওঁৰ সৈতেও আলোচনা চলি আছে। কেন্দ্ৰীয় সমিতি আৰু পলিটব্যুৰোৰ ২১ জন সদস্যৰ সকলোকে নিষ্ক্ৰিয় কৰি তেওঁলোকৰ কেন্দ্ৰীয় গাঁথনি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে। দণ্ডকাৰণ্যত ২৭ জনীয়া এখন ৰাজ্যিক সমিতি আছিল। তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে, ২০জনক আত্মসমৰ্পণ কৰা হৈছে, ১১জনক হত্যা কৰা হৈছে, আৰু দুজনৰ সৈতে আলোচনা অব্যাহত আছে। দণ্ডকাৰণ্যত থকা তেওঁলোকৰ মূল ৰাজ্যিক সমিতিখন বাদ পৰিছে। মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ৰ এম এম চি ৰাজ্যিক সমিতিত মাত্ৰ তিনিজন সদস্য বাকী আছিল - তিনিওজনে আত্মসমৰ্পণ কৰিছে। ওড়িশাত চাৰিজন বাকী আছিল - এজনে আত্মসমৰ্পণ কৰিছিল আৰু তিনিজনক হত্যা কৰা হৈছিল। অ’ এছ চি (অডিছা)ত মাত্ৰ ১০ জন সদস্য আছিল - পাঁচজনে আত্মসমৰ্পণ কৰিছিল আৰু পাঁচজন নিহত হৈছিল। ডিষ্টাৰ্বড ৰিজিঅ’ন ব্যুৰোত এজনক গ্ৰেপ্তাৰ কৰা হৈছে, তিনিজনক হত্যা কৰা হৈছে আৰু এজন পলাই আছে। তেলেংগানাত ছয়জনে আত্মসমৰ্পণ কৰিলে আৰু তিনিজনে হত্যা কৰিলে - এজনো বাকী নাই। এইদৰে তেওঁলোকৰ পলিটব্যুৰো আৰু চিএমচি সম্পূৰ্ণৰূপে নিপাত কৰি  পেলোৱা হৈছে। আমি ৩১ মাৰ্চৰ ভিতৰত দেশখনক নক্সালবাদমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, আৰু আমি সেইটো লাভ কৰিছো। দেশ নক্সালবাদমুক্ত হৈ পৰিছে বুলি এতিয়া কোনো সংকোচ নাই। তেওঁলোকৰ সাধাৰণ সম্পাদক বাসৰাজুক নিষ্ক্ৰিয় কৰা হৈছে। ২৭ জন লোকক হত্যা কৰা হিদমাক নিষ্ক্ৰিয় কৰা হৈছে। ১১ বছৰ ধৰি সক্ৰিয় হৈ থকা গজুৰেলা ৰবিক নিষ্ক্ৰিয় কৰা হৈছে। ৪৬ বছৰ ধৰি সক্ৰিয় হৈ থকা কাদাৰী সত্যনাৰায়ণ ৰেড্ডীক নিষ্ক্ৰিয় কৰা হৈছে। ৪৪ বছৰ ধৰি সক্ৰিয় হৈ থকা গণেশ উইকেক নিষ্ক্ৰিয় কৰা হৈছে। ভেনুগোপালে আত্মসমৰ্পণ কৰিছে - তেওঁ ৪৬ বছৰ ধৰি সক্ৰিয় আছিল। বসুদেৱে আত্মসমৰ্পণ কৰিছে - তেওঁ ৩৬ বছৰ ধৰি সক্ৰিয় আছিল। ৪৬ বছৰ ধৰি সক্ৰিয় হৈ থকা পল্লুৰি প্ৰসাদ ৰাও চান্দনাই আত্মসমৰ্পণ কৰিছে। ৩৬ বছৰ ধৰি সক্ৰিয় হৈ থকা ৰামদেৱ মাঞ্জি দেবুৱে আত্মসমৰ্পণ কৰিছে। ৪৪ বছৰ ধৰি সক্ৰিয় হৈ থকা টিপৰি তিৰুপতিয়েও আত্মসমৰ্পণ কৰিছে। সকলো শীৰ্ষ সশস্ত্ৰ মাওবাদী নেতাক নিৰ্মূল কৰা হৈছে। আমি এক আকৰ্ষণীয় পুনৰ্বাসন নীতি গ্ৰহণ কৰিছো , যাৰ অধীনত আত্মসমৰ্পণৰ বাবে ৫০,০০০ টকাৰ উদগনি দিয়া হয়, যিটো গোটৰ আত্মসমৰ্পণৰ ক্ষেত্ৰত দুগুণ বৃদ্ধি পায়। চৰকাৰে সকলোকে মোবাইল ফোন যোগান ধৰে। অস্ত্ৰ জমা কৰাৰ বাবে অতিৰিক্ত ক্ষতিপূৰণ দিয়া হয়। পুনৰ্বাসন কেন্দ্ৰত দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। আমি তেওঁলোকক ৩৬ মাহৰ বাবে প্ৰতিমাহে ১০,০০০ টকা দিওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁলোকৰ সকলোকে ঘৰ উপহাৰ দিছে। এখন গাঁও নক্সালবাদমুক্ত হৈ পঞ্চায়ত গঠন হোৱাৰ লগে লগে গাঁওখনৰ উন্নয়নৰ বাবে ১ কোটি টকা দিয়া হয়।

শ্ৰী অমিত শ্বাহে প্ৰশ্ন কৰে- নক্সালবাদীয়ে ১৫ হাজাৰ শিশুৰ জীৱন ধ্বংস কৰাৰ বাবে কোন দায়ী? বহুতে  সুৰক্ষিত  শীততাপ নিয়ন্ত্ৰিত চেম্বাৰত বহি লেখা লিখে, আনহাতে তাত জীৱন ধ্বংস হৈছে আৰু কোনেও গুৰুত্ব নিদিয়ে।তেওঁ কয় যে যিসকলে নিজকে মানৱ অধিকাৰৰ চেম্পিয়ন বুলি গণ্য কৰে তেওঁলোকক প্ৰশ্ন কৰা উচিত যে ৩২ বছৰ বয়সলৈকে মেহেন্দিও ব্যৱহাৰ  কৰিব নোৱাৰা কন্যা সন্তানৰ মানৱ অধিকাৰৰ বাবে কোনে চিন্তা কৰিব? তেওঁ কয় যে কেৱল নৰেন্দ্ৰ মোদী জীয়েহে তেওঁলোকৰ বাবে চিন্তা কৰিব, আৰু আন কোনেও  নহয়।তেওঁ কয়  যে যিসকলে নিজৰ অধিকাৰ কাঢ়ি লৈ ​​গৈছে তেওঁলোকে ইয়াৰ বাবে সোনকালে বা পিছত উত্তৰ দিব লাগিব।শ্ৰী শ্বাহে কয় যে যিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শব্দৰ জৰিয়তে বা ছদ্মবেশত নক্সালবাদীক সমৰ্থন কৰিছে তেওঁলোক সকলোৱেই এই পাপত বন্দুক লৈ ঘূৰি ফুৰাসকলৰ সমানেই সহযোগী।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমি দক্ষতা কেন্দ্ৰ স্থাপন কৰি তেওঁলোকৰ কৰ্মসংস্থাপন আৰু চাকৰিৰ বাবে কেইবাটাও প্ৰচেষ্টা চলাইছো। আমি তেওঁলোকৰ সন্তানৰ বাবে দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছো। আমি মহিলাৰ বাবে ২ লাখ টকা আৰু পুৰুষৰ বাবে ৫ লাখ টকাৰ ঋণৰ ব্যৱস্থা কৰিছো। আমি তাত বাষ্টাৰ অলিম্পিক আৰু বাষ্টাৰ পাণ্ডুমৰ জৰিয়তে সংস্কৃতি আৰু ক্ৰীড়াক প্ৰচাৰ কৰিছো। বাস্তৰ পাণ্ডুমত ১.২০ লাখতকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰাৰ লগতে ক্ৰীড়া অনুষ্ঠানত ৫.৫০ লাখ জনজাতীয় লোকে অংশগ্ৰহণ কৰে। ইয়াক ন্যায়ৰ যুঁজ বুলি কোৱাসকলে বাষ্টাৰ পাণ্ডুম আৰু বাষ্টাৰ অলিম্পিকলৈ যাওক। শ্ৰী শ্বাহে কয় যে ভুক্তভোগীৰ ওপৰত অত্যাচাৰ কৰাসকলৰ সমৰ্থনত ভাষণ দিবলৈ আপোনালোকৰ হাতত যথেষ্ট সময় আছে।

শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ চৰকাৰ গঠন হৈছিল তেতিয়া ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদ(NAC) গঠন হৈছিল। ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ ৰূপত এখন নতুন সাংবিধানিক বহিঃৰাজ্যিক মঞ্চ গঠন কৰা হ’ল যিয়ে কাৰ্যতঃ দেশৰ বাবে আইন প্ৰণয়ন কৰে। তেওঁ কয় যে হৰ্ষ মন্দৰ ইয়াৰ অন্যতম সদস্য, যাৰ এন জি অ’ অমন বেদিকাই নক্সাল শীৰ্ষ নেতাৰ পত্নীক দায়িত্ব দিছিল।  তেওঁ কয় যে এই এন এ চিয়ে দেশৰ বাবে নীতি প্ৰণয়ন কৰি আছে।

ৰামদয়াল মুণ্ডাই আগতে কৈছিল যে নক্সাল অভিযান প্ৰয়োজনতকৈ কঠোৰ। তেওঁ কয় যে এই গোপন সমৰ্থনে কেৱল নক্সালবাদীক সাহস দিছে। তেওঁ উল্লেখ কৰে যে নন্দিনী সুন্দৰ, ৰামচন্দ্ৰ গুহা, ই.এ.এছ. ছালৱা জুডুম গোচৰৰ সৈতেও জড়িত আছিল ছাৰ্মা আদি। তেওঁ প্ৰশ্ন কৰে যে যেতিয়া কোনো বহিঃবিধানিক কৰ্তৃপক্ষৰ সদস্য — যি আনকি প্ৰধানমন্ত্ৰীৰ ওপৰতো আছিল — তেতিয়া নক্সালবাদৰ সমৰ্থক হয়, তেতিয়া নক্সালবাদীৰ মনোবল  কেনেকৈ ভাঙিব? তেওঁ কয় যে এই কাম মূল বিৰোধী দলে কৰিছে। এয়াই ইতিহাস, এই সত্যৰ বিৰোধিতা কৰা সকলে জনা উচিত যে অনাগত দিনত আপোনাৰ কৰ্মৰে ভৰা শ শ কিতাপ লিখা হব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী নেতাগৰাকীক নক্সালবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ সৈতে দীৰ্ঘদিনীয়া ৰাজনৈতিক সম্পৰ্ক আছে, জীৱনত বহুবাৰ দেখা হৈছে। তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাত কেইবাটাও নক্সাল  সংগঠনে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ তথ্য  আছে। তেওঁ কয় যে ২০১০ চনত তেওঁলোকক ওড়িশাত লাডো ছিকোকাৰ সৈতে মঞ্চত দেখা গৈছিল। একেখন মঞ্চৰ পৰাই ছিকোকাই উত্তেজক ভাষণ দিছিল আৰু তেওঁলোকৰ দ্বাৰাই মালাপিন্ধোৱা হৈছিল। তেওঁ কয় যে ২০১৮ চনত তেওঁলোকৰ মতাদৰ্শৰ ঘনিষ্ঠ গুম্মাদি বিত্তল ৰাও ওৰফে গদ্দাৰক ২০১৮ চনত বিৰোধী দলৰ নেতাই লগ পাইছিল। ২০২৫ চনৰ মে’ মাহত তেওঁলোকে শান্তিৰ সমন্বয় সমিতিক সাক্ষাৎ কৰিছিল। তেওঁ কয় যে যেতিয়া হিদমা - যিজনে ১৭২ জন জোৱানক হত্যা কৰিছিল - নিৰ্মূল হৈছিল , তেতিয়া ইণ্ডিয়া গেটত শ্লোগান দিয়া হৈছিল- “আপোনালোকে  কিমান হিদমা হত্যা কৰিব? প্ৰতি ঘৰৰ পৰা এজনকৈ হিদমা ওলাই আহিব।”

বিৰোধী দলপতিৰ নেতাজনে নিজেই এই শ্লোগানৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে নক্সালবাদীৰ সমৰ্থকসকলে ১৯৭০ চনৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে নক্সালবাদক সমৰ্থন কৰি আহিছে।তেওঁ কয় যে এয়া গণহত্যাৰ সমৰ্থন।  ২০ হাজাৰ লোকক হত্যা কৰাৰ আঁৰত যদি কোনো দোষী আছে তেন্তে সেয়া হৈছে মূল বিৰোধী দলৰ বাওঁপন্থী মতাদৰ্শ। তেওঁ কয় যে নক্সালবাদীৰ সৈতে থাকি এই দল আৰু ইয়াৰ নেতাসকল নিজেই নক্সালবাদী হৈ পৰিছে। তেওঁ কয় যে এই দেশৰ জনসাধাৰণে নিৰ্বাচনত ইয়াৰ  উত্তৰ দিব লাগিব, কাৰণ এই বিষয়টো ইয়াতেই থমকি নাথাকিব - ৰাইজৰ আদালতলৈ যাব।

****

RK/RR/PR/DM


(ৰিলিজ আই ডি : 2247174) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Bengali , Kannada