ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬: ২.৩ লাখৰো অধিক ভোটাৰে লাভ কৰিব ঘৰৰ পৰা ভোটদানৰ সুবিধা

পোষ্ট কৰা হৈছে: 30 MAR 2026 5:02PM by PIB Guwahati

১) ভাৰতৰ নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু ৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ সময়সূচী ২০২৬ চনৰ ১৫ মাৰ্চত ঘোষণা কৰিছে।  সেই অনুসৰি অসম ,কেৰালা আৰু পুডুচেৰীত ৯ এপ্ৰিল, ২০২৬ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

২) আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৬০(গ) অনুসৰি ৮৫ বছৰৰ ওপৰৰ বয়সৰ ভোটাৰ আৰু নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত প্ৰতিবন্ধী ব্যক্তি (পিডব্লিউডি)ৰ বাবে ঘৰতে ভোটদানৰ ঐচ্ছিক সুবিধা প্ৰদান কৰিছে। তেওঁলোকে ডাক বেলটৰ জৰিয়তে ভোটদান কৰিব পাৰে। এনে ভোটাৰসকলে অধিসূচনা জাৰিৰ  তাৰিখৰ পৰা ৫ দিনৰ ভিতৰত তেওঁলোকৰ সংশ্লিষ্ট ৰিটাৰ্নিং বিষয়াৰ ওচৰত আবেদন কৰিব লাগিব*।

৩) সেই অনুসৰি কেৰালা, অসম আৰু পুডুচেৰীৰ ২.৩৭ লাখৰো অধিক ভোটাৰক এতিয়ালৈকে ৰিটাৰ্নিং অফিচাৰ (আৰ অ’)ৰ দ্বাৰা ঘৰতে ভোটদানৰ সুবিধা প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে। আজি অৰ্থাৎ ৩০ মাৰ্চ, ২০২৬ তাৰিখৰ সবিশেষ তথ্য তলত দিয়া ধৰণৰ:

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

ৰিটাৰ্নিং অফিচাৰৰ দ্বাৰা  ভোটদানৰ বাবে অনুমোদিত ৮৫+ ভোটাৰৰ সংখ্যা

মুঠ ৮৫+ বয়সৰ ভোটাৰৰ ভিতৰত ঘৰৰ পৰা ভোটদানৰ  সুবিধা লোৱা ৮৫+ ভোটাৰৰ  %

ৰিটাৰ্নিং অফিচাৰৰ দ্বাৰা ঘৰৰ পৰা ভোটদানৰ বাবে অনুমোদিত প্ৰতিবন্ধী ভোটাৰৰ সংখ্যা

ঘৰৰ পৰা ভোটদানৰ সুবিধা গ্ৰহণ কৰা প্ৰতিবন্ধী ভোটাৰৰ  %

কেৰালা

১,৪৫,৫২১

৭১.২৭%

৬২,২৪০

২৫.৫০%

অসম

১৯,৭৭৪

১৯.৩২%

৬,৬৩৮

৩.২৩%

পুডুচেৰী

২,০৬৬

৩৪.৩১%

১,৬২১

১১.৬%

মুঠ

১,৬৭, ৩৬১

৫৩.৫%

৭০,৪৯৯

১৫.২২%

 

৪) ভোটাৰসকলক ঘৰৰ পৰা  ভোটদানৰ সময়সূচী আগতীয়াকৈ অৱগত কৰা হ’ব আৰু ভোটগ্ৰহণ বিষয়াৰ এটা দলে ভোটাৰৰ বাসগৃহলৈ গৈ ভোট সংগ্ৰহ কৰিব।

৫/ কেৰেলা, অসম আৰু  পুডুচেৰীৰ বিভিন্ন সমষ্টিত ঘৰৰ পৰা ভোটদান ইতিমধ্যে আৰম্ভ হৈছে আৰু ৫ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ'ব। প্ৰথমবাৰ  ঘৰত  ভোটাৰ উপলব্ধ নহ’লে দ্বিতীয়বাৰৰ বাবেও যোৱা  হ’ব।

৬) আৰক্ষীৰ নিৰাপত্তাৰ আৱৰণৰ লগতে ভোটগ্ৰহণকাৰী বিষয়াসকলৰ লগত ভিডিঅ’গ্ৰাফাৰ যাব আৰু ভোটৰ গোপনীয়তা ৰক্ষা কৰাৰ লগতে সৰ্বোচ্চ স্বচ্ছতা নিশ্চিত কৰিবলৈ সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’গ্ৰাফ কৰা হ’ব।

৭) স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক ঘৰৰ পৰাই  ভোটদানৰ সুবিধা লাভ কৰা ভোটাৰৰ তালিকা প্ৰদান কৰা হৈছে।

বিশেষ পদ্ধতি অনুসৰি সকলো প্ৰাৰ্থীকে ভোটগ্ৰহণকাৰী দলসমূহৰ আগমণৰ সময়সূচীৰ বিষয়ে অৱগত কৰা হয়, আৰু ইচ্ছা কৰিলে তেওঁলোকে ৰিটাৰ্নিং বিষয়াক প্ৰপত্ৰ ১০ৰে অৱগত কৰাৰ পিছত ভোটগ্ৰহণকাৰী দলসমূহৰ লগত যাবলৈ নিজৰ প্ৰতিনিধিক নিযুক্তি দিব পাৰে।

৮) বাকী থকা ৮৫+ আৰু প্ৰতিবন্ধী  ভোটাৰসকলক, যিসকলে ঐচ্ছিকভাবে ঘৰৰ পৰা  ভোটদানৰ সুবিধা বাছি লোৱা নাই, তেওঁলোকক ভোটদান কেন্দ্ৰত স্বেচ্ছাসেৱক, হুইল চেয়াৰ  আৰু অন্যান্য সহায়কে ধৰি সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা হ’ব, যাতে তেওঁলোকে ভোটদানৰ আৰামদায়ক অভিজ্ঞতা নিশ্চিত কৰিব পৰা যায়

 

*বিঃদ্ৰঃ (i) পশ্চিম বংগত প্ৰথম পৰ্যায় নিৰ্বাচন আৰু তামিলনাডুৰ বাবে ৩০.০৩.২৬ তাৰিখে অধিসূচনা জাৰি কৰা হৈছে

(ii) পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা ০২.০৪.২৬ তাৰিখে জাৰি কৰা হ’ব।

 

**********

PK/GDH/RP/DM


(ৰিলিজ আই ডি : 2247093) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , हिन्दी , Bengali , Tamil