কেবিনেট
মুঠ ২৮,৮৪০ কোটি টকা ব্যয়ৰে আঞ্চলিক সংযোগ আঁচনি – সংশোধিত উড়ানত অনুমোদন জনালে কেবিনেটে
পোষ্ট কৰা হৈছে:
25 MAR 2026 4:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ বাজেটত মুঠ ২৮,৮৪০ কোটি টকা ব্যয়ৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৫-৩৬ বিত্তীয় বৰ্ষলৈ দহ বছৰৰ বাবে আঞ্চলিক সংযোগ আঁচনি – সংশোধিত উড়ান আঁচনি ৰূপায়ণত অনুমোদন জনাইছে।
প্ৰভাৱ:
• কম সেৱা লাভ কৰা আৰু সেৱাহীন অঞ্চললৈ আঞ্চলিক বিমান সংযোগ বৃদ্ধি কৰা।
• টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহৰ অৰ্থনৈতিক বৃদ্ধি, বাণিজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰত সহায় কৰা।
• সাধাৰণ নাগৰিকৰ বাবে সুলভ মূল্যৰ বিমান যাত্ৰাত সহায় কৰা।
• দূৰৱৰ্তী আৰু পাহাৰীয়া অঞ্চলত জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰা।
• আঞ্চলিক বিমানবন্দৰ আৰু বিমান পৰিচালনা কৰাসকলৰ বাবে অধিক কাৰ্য্যক্ষমতা আৰু বহনক্ষমতা বৃদ্ধি কৰা।
• আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ অধীনত উৰণ খণ্ডৰ প্ৰসাৰ ঘটোৱা ।
• বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশত আগুৱাই যোৱা।
আঁচনিখনৰ মূল উপাদানসমূহ হ’ল-
(ক) বিমানকোঠৰ উন্নয়ন (CAPEX)
সংশোধিত উড়ান আঁচনিৰ অধীনত আগন্তুক আঠ বছৰত মুঠ ১২,১৫৯ কোটি টকা ব্যয়ৰে আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু ভাৰতবৰ্ষক বিশ্বজুৰি প্ৰতিযোগিতামূলক বিমান পৰিবহণ পৰিৱেশতন্ত্ৰলৈ ৰূপান্তৰিত কৰাৰ বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে ১০০টা বিমানবন্দৰ উন্নয়ন সাধনৰ প্ৰস্তাৱ দিয়া হৈছে।
(খ) বিমানকোঠৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ
আঞ্চলিক সংযোগ আঁচনি (আৰচিএছ)-ৰ পৰা অহা বিমানবন্দৰৰ বাবে উচ্চ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ খৰচ আৰু সীমিত ৰাজহৰ প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি, আঁচনিখনে প্ৰতি বিমানবন্দৰত বছৰি ৩.০৬ কোটি টকা আৰু প্ৰতি হেলিপ’ৰ্ট/জল বিমানবন্দৰত বছৰি ০.৯০ কোটি টকাৰ সীমাৰেখাৰে তিনি বছৰৰ বাবে পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ খৰচ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এয়া ৪৪১টা বিমানকোঠৰ বাবে প্ৰায় ২,৫৭৭ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ।
(গ) আধুনিক হেলিপেডৰ বিকাশ
পাহাৰীয়া, দুৰ্গম, দ্বীপ আৰু নিৰ্দিষ্ট অঞ্চলত সংযোগৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আঁচনিখনে প্ৰতেকটোকে ১৫ কোটি টকাকৈ প্ৰদান কৰি ২০০টা আধুনিক হেলিপেড বিকশিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। যাৰ ফলত অহা আঠ বছৰত মুঠ ৩,৬৬১ কোটি টকাৰ প্ৰয়োজন হ’ব (মুদ্ৰাস্ফীতিৰ বিষয়টো ইয়াত জড়িত থাকিব), শেষ মাইলৰ সংযোগ আৰু জৰুৰীকালীন সঁহাৰি উন্নত কৰাৰ বাবে অগ্ৰাধিকাৰ দিয়া আৰু আকাংক্ষিত জিলাসমূহৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।
(ঘ) ভায়েবিলিটি গেপ ফাণ্ডিং (VGF)
আঞ্চলিক সংযোগ আঁচনিৰ অধীনত বিমান পৰিচালনা কৰাসকলে পথসমূহ পৰিচালনাৰ বাবে ভিজিএফৰ ৰূপত আৰ্থিক সহায় লাভ কৰিব। দীৰ্ঘদিনীয়া বজাৰ উন্নয়নৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি বিমান পৰিচালনা কৰাসকলক ভিজিএফৰ জড়িয়তে ১০ বছৰৰ ভিতৰত ১০,০৪৩ কোটি টকা প্ৰদান কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।
(ঙ) আত্মনিৰ্ভৰ ভাৰত বিমান
দুৰ্গম আৰু কঠিন ভূখণ্ডত চলাচলৰ বাবে প্ৰয়োজনীয় সৰু ফিক্সড উইং বিমান আৰু হেলিকপ্টাৰৰ অভাৱ দূৰ কৰিবলৈ আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ অৰ্থে পৱন হংসৰ বাবে দুখন এইচ এ এল ধ্ৰুৱ হেলিকপ্টাৰ আৰু এলায়েন্স এয়াৰৰ বাবে দুখন এইচ এ এল ডৰ্নিয়াৰ বিমান ক্ৰয় কৰাৰ প্ৰস্তাৱো আঁচনিখনে আগবঢ়াইছে।
পৃষ্ঠভূমি:
বিমান যাত্ৰা সুলভ কৰি তোলা আৰু টায়াৰ-২ আৰু টিয়াৰ-৩ চহৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ উদ্দেশ্যেৰে ২০১৬ চনৰ অক্টোবৰ মাহত মূল উড়ান আঁচনিখন আৰম্ভ কৰা হৈছিল। এই আঁচনি কাৰ্যকৰীকৰণৰ ন বছৰৰ ভিতৰত এনেবোৰ সুফল পোৱা গৈছে :
• ৯৫টা বিমানবন্দৰ, হেলিপৰ্ট আৰু জল বিমানবন্দৰত ৬৬৩টা পথ কাৰ্যকৰী কৰা হৈছে (২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে)।
• ৩.৪১ লাখতকৈ অধিক বিমান চলাচল কৰোৱা হৈছে, য’ত ১৬২.৪৭ লাখ যাত্ৰীয়ে যাত্ৰা কৰিছে।
• দূৰৱৰ্তী, পাহাৰীয়া আৰু দ্বীপ অঞ্চলত সংযোগ স্থাপন কৰা হৈছে, যাৰ ফলত পৰ্যটন, স্বাস্থ্যসেৱাৰ সুবিধা আৰু জৰুৰীকালীন সেৱা বৃদ্ধি পাইছে।
• এই আঁচনিখনে আঞ্চলিক বিমান সংস্থা আৰু বৈচিত্ৰ্যময় উৰণ পৰিচালনাৰ শক্তি বৃদ্ধিৰ পোষকতা কৰিছে, যিয়ে পৰিৱৰ্তিত উড়ান আঁচনিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।
***
MJPS/DM
(ৰিলিজ আই ডি : 2245369)
অতিথি কক্ষ : 10