গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র পেটেল আৰু ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি বিধেয়ক গৃহীত হোৱাৰ প্ৰতি সমৰ্থন জনোৱা সকলো বিধায়কক অভিনন্দন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক উমৈহতীয়া আইন নিশ্চিত কৰাটো আমাৰ দলৰ আৰম্ভণিৰে পৰাই এক প্ৰতিশ্ৰুতি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দলৰ ৰাজ্য চৰকাৰসমূহে এই দিশত নিৰন্তৰ আগবাঢ়ি আছে

মই আনন্দিত যে উত্তৰাখণ্ডৰ পিছত গুজৰাটেও উমৈহতীয়া দেৱানী বিধি বিধেয়ক গৃহীত কৰাৰ ঐতিহাসিক কাম সম্পূৰ্ণ কৰি নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে

দেশখন তুষ্টিকৰণৰ ভিত্তিত নহয়, সকলো নাগৰিকৰ বাবে সমান আইনৰ জৰিয়তে পৰিচালনা কৰা উচিত-এয়া আমাৰ অগ্ৰাধিকাৰ আৰু আমাৰ প্ৰতিশ্ৰুতি দুয়োটাই

পোষ্ট কৰা হৈছে: 25 MAR 2026 2:34PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র পেটেল আৰু ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি বিধেয়ক গৃহীত হোৱাৰ প্ৰতি সমৰ্থন জনোৱা সকলো বিধায়কক অভিনন্দন জনায়।

এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এখন উমৈহতীয়া আইন নিশ্চিত কৰাৰ বাবে আমাৰ দল আৰম্ভণিৰে পৰাই প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দলৰ ৰাজ্য চৰকাৰসমূহে এই দিশত নিৰন্তৰভাৱে আগবাঢ়ি আছে। মই আনন্দিত যে উত্তৰাখণ্ডৰ পিছত গুজৰাটেও উমৈহতীয়া দেৱানী বিধি বিধেয়ক গৃহীত কৰাৰ ঐতিহাসিক কাম সম্পূৰ্ণ কৰি নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। মই মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র পেটেল আৰু এই বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সকলো বিধায়কক অভিনন্দন জনাইছো। দেশখনক তুষ্টিকৰণৰ ভিত্তিত নহয়, বৰঞ্চ সকলো নাগৰিকৰ বাবে সমান আইনৰ জৰিয়তে পৰিচালনা কৰা উচিত-এয়া আমাৰ অগ্ৰাধিকাৰ আৰু আমাৰ প্ৰতিশ্ৰুতি দুয়োটাই।’

***

RK/PR/PS/SK/NB


(ৰিলিজ আই ডি : 2245109) অতিথি কক্ষ : 12